ফটাঢোল

সংখ্যাটোৰ আঁৰৰ কথা – চবিনা ইয়াচমিন

ব্যংগ লেখা সকলোৰে বাবে সম্ভৱ নহয়৷ দেখাত সহজ যেন বোধ হ’লেও ই আচলতে অতি জটিল বিষয়৷ হয়তো ব্যংগ লিখিবলৈ সেয়েহে মই অপাৰগ৷ আজিৰ পৰা চাৰিমাহ পূৰ্বে দৈনন্দিন জীৱনৰ ব্যস্ততা আৰু কেতিয়াবা বিৰক্তিকৰ হৈ পৰা সময়বোৰৰ মাজত হাঁহিৰ খোৰাক বিচাৰিয়েই ফেচবুকৰ হাস্য-ব্যংগ গোট “ফটাঢোল”ৰ সদস্য হৈছিলো৷ এই গোটৰে মাহেকীয়া আলোচনীখনৰ তৃতীয় সংখ্যাটি সম্পাদনা কৰাৰ গুৰু দায়িত্ব অৰ্পণ কৰা হ’ল মোৰ ওপৰত৷ ইয়াৰ বাবে সম্পাদনা সমিতিৰ ওচৰত মই কৃতজ্ঞ৷

ভয় আৰু শংকাৰ মাজেৰে আলোচনীখন সম্পাদনাৰ দায়িত্ব পালন কৰাৰ পথত এয়া মোৰ অপৈণত খোজ৷ প্ৰস্তাৱনা সংখ্যা আৰু দ্বিতীয় সংখ্যাৰ জনপ্ৰিয়তা আৰু মানদণ্ড অটুত ৰাখি সত্য আৰু নিষ্ঠাৰে কাম কৰি যাবলৈ মন বান্ধিলো৷ কৰ্মৰ আৰম্ভণিৰ দিনৰে পৰা অসম্ভৱ যেন লগা কামবোৰ সহজ হৈ আহিছিল লাহে লাহে৷ এয়া সম্ভৱ হৈছিল মোৰ প্ৰতিটো অপৈণত খোজত সহায় কৰা সম্পাদনা সমিতিৰ প্ৰতিজন সদস্য আৰু “ফটাঢোল” গোটৰ প্ৰতিজন সদস্যৰ বাবে৷ এই ক্ষেত্ৰত সকলোৰে ওচৰত মই কৃতজ্ঞ৷

আলোচনীখনৰ বিভিন্ন দিশ সমূহৰ লগত বিশেষ ভাবে জড়িত জ্যোতিৰূপম দত্তৰ সহায়ৰ অবিহনে হয়তো মই এই পথত অগ্ৰসৰ হ’ব নোৱাৰিলোহেতেন৷ তেওঁৰ ওচৰত মই চিৰ কৃতজ্ঞ৷ কাৰিকৰী দিশৰ বিভিন্ন কথাবোৰ পুংখানুপুংখৰূপে বুজাই দি বিশেষভাবে সহায় কৰাৰ বাবে মৃদুল কুমাৰ শৰ্ম্মা আৰু ৰিণ্টুমনি দত্তক কৃতজ্ঞতা জনালো৷ আলোচনীখনৰ অলংকৰণ, অংগসজ্জা, বেটুপাত, শুভংকৰ আদিৰে এক আকৰ্ষণীয় ৰূপ দিয়াৰ বাবে ঋতুপৰ্ণ বৰাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলো৷ ইয়াৰ ওপৰিও আলোচনীখনৰ বিভিন্ন দিশত সক্ৰিয়ভাবে সহায় আগবঢ়োৱা হেমন্ত কাকতি, অভিজিত কলিতা, ভাস্কৰজ্যোতি বৰুৱা, বিজয় মহন্ত, মেঘালী দিহিঙীয়া, সোণটো ৰঞ্জন বৰুৱা, অৰ্চনা কলিতা, অঞ্জলি গগৈ বৰগোহাঞি, অনামিকা দত্ত, নৱজিৎ বৈশ্য, লিপিকা কৌশিক, সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, অমিতাভ মহন্ত, মৌচুমী দাস, দিম্পল কলিতা, বিকাশ শইকীয়া সকলোৰে ওচৰত মই চিৰ কৃতজ্ঞ হৈ ৰ’লো৷

মোৰ কৰ্মসমূহত ভাতৃপ্ৰতীম অভিজিৎ মেধি আৰু সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্যৰ অৰিহণাৰ বিষয়ে বৰ্ণনা কৰাৰ ক্ষেত্ৰত আজি মোৰ ওচৰত শব্দৰ অভাৱ৷ মাথো ইয়াকে ক’ব পাৰোঁ “ফটাঢোল”ৰ তৃতীয় সংখ্যাৰ সম্পাদনা কৰাৰ দিশত যদি আজি মই সফল হৈছো সেয়া অভিজিৎ আৰু সঞ্জীৱৰ বাবেই৷ তেওঁলোকক মই কৃতজ্ঞতা জ্ঞপন কৰিলো৷

সম্পাদনা কক্ষৰ বাহিৰত থাকি মোক বিশেষ ভাবে সহায় কৰা দুজনমান ব্যক্তিক কৃতজ্ঞতা নজনালে মোৰ কৰ্ম আধৰুৱা হৈ ৰ’ব৷ বৰ্ণাশুদ্ধিকৰণৰ ক্ষেত্ৰত মোক বিশেষ ভাবে সহায় কৰা ঋতুপৰ্ণা মহন্তক কৃতজ্ঞতা জ্ঞাপন কৰিলো৷ বিভিন্ন দিশত পৰামৰ্শ আগবঢ়োৱা আৰু মোক মানসিক ভাবে সবল কৰি তোলাৰ বাবে হিমাংশু ভাগৱতী আৰু ৰামানুজ গোস্বামীক ধন্যবাদ জনালো৷

আলোচনীখনৰ কামত বহুবাৰ এনে মুহূৰ্ত আহিছিল যেতিয়া মই কিছু মানসিক চাপ অনুভৱ কৰিছিলো৷ হয়তো আলোচনীখনৰ মানদণ্ড উন্নত কৰাৰ এক আপ্ৰাণ চেষ্টাই মোৰ মনলৈ শংকা কঢ়িয়াই আনিছিল৷ এনেবোৰ মুহূৰ্তত মোক মোক পূৰ্ণৰূপত সহায় কৰিছিল মোৰ জীৱন সংগী নেকিব আহমেদে৷ তেওঁ ওচৰত মই চিৰ কৃতজ্ঞ৷

“ফটাঢোল” ই-আলোচনীৰ তৃতীয় সংখ্যা সম্পাদনা কৰাৰ সময়ত মোক উৎসাহ যোগোৱা “ফটাঢোল” গোটৰ প্ৰতিজন সদস্যলৈ কৃতজ্ঞতা জ্ঞাপন কৰি পাঠক সমাজলৈ আলোচনীখনৰ তৃতীয় সংখ্যা আগবঢ়ালো৷ আপোনাসৱৰ আশীষ আৰু শুভেচ্ছা মোৰ চিৰ কাম্য৷

চবিনা ইয়াচমিন
সম্পাদিকা, “ফটাঢোল” চেপ্তেম্বৰ সংখ্যা, ২০১৭

★★★★

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *