ফটাঢোল

অফলাইন চাট- চাহিন জাফ্ৰি

শ্ৰেণীকোঠাত টোপনিৰ বাবে বিখ্যাত হৈ পৰা এই ধুনু আপীজনীৰ আৰু এটা ইণ্টাৰেষ্টিং কেছ ক’বলৈ ওলাইছো দেই ৰাইজ৷ দায়-দোষ ক্ষেমিব৷ সেইদিনা ছাৰৰ কথাত মোৰ অকণমানি নাকটোত লাজ অকণমান লগাত পিছদিনাখন অলপ কণ্ট্ৰ’ল কৰি ক্লাছলৈ গ’লোঁ৷ সঁচাকৈয়ে সেইদিনা মই অকণো টোপনি মৰা নাছিলোঁ৷ হঠাৎ মোৰ পৰিৱৰ্তন দেখি লগৰমখা আচৰিত হোৱাৰ লগতে হতভম্বও হ’ল৷ মোৰ নলে-গলে লগা বৰপেটীয়া আপীজনীয়ে মোক সুধিয়েই পেলালে- -“কি হ’ল এ তৰ্ আজি? টোপ্নি মৰা নাই জি?“ -অ’ ৰ’ব এটা কথা ক’বই পাহৰিছো, আমি আকৌ তেতিয়া খুব অফলাইন চাট্

Read more

দুষ্প্ৰাপ্য হাঁহি – হেমন্ত কাকতি

হাঁহি মানুহৰ জীৱনৰ এক অভিন্ন তথা অবিচ্ছেদ্য অংগ৷ মানুহে বিচাৰি ফুৰা হাঁহিৰ লগতে জড়িত হৈ আছে মনৰ সুখানুভূতি৷ সুখী মানুহৰ মুখায়ৱত হাঁহি অনৱৰতে বিৰিঙি থকা বুলি অনুভৱ হলেও সুখ হ’ল দুষ্প্ৰাপ্য৷ গতিকে অকল হাঁহিৰেই এজন মানুহক সুখী বুলি কব পাৰি জানো? মানৱ ইতিহাসৰ ক্ৰম বিকাশ আৰু বিৱৰ্তনৰ লগে লগে বহু কথাই সলনি হৈছে, তাৰ লগতে সলনি হৈছে মানুহৰ হাঁহিটোও৷ আগতে মানুহে কেনেকৈ হাঁহিছিল তাৰ বিষদ বিৱৰণ নেপালেও মহাভাৰত ৰামায়ণৰ সময়ত মানুহে যে দিল খুলি হাঁহিছিল সেয়া বিভিন্ন নাটক, চিনেমা বা

Read more

ফৌজী ৱাইফ্ v/s ঘড়ীৰ কাঁটা – পৰী শ্যামলী ভূঞা

টুঁ টুঁ টুঁ টুঁ … ৰাতিপুৱাই বিকট শব্দ কৰি এলাৰ্মটো বাজি উঠিল৷ কাণৰ ভিতৰত যেন ৰণশিঙাহে বাজি উঠিল! বিকট শব্দটোত মই টোপনিৰপৰা ধৰফৰাই উঠি ’চাবধান’ হৈ বহি গলোঁ৷ উস! কি অশান্তি! শব্দকেইটা মুখৰ পৰা জোৰকৈ ওলাই আহিল৷ মোৰ কাণত যেন জুইৰ ফিৰিঙতিয়েহে জঁপিয়াই ফুৰিছেহি! অন্য দিনবোৰৰ দৰেই ৰাতি শোৱাৰ আগতে সময়খিনি জুখি-মাখি এলাৰ্মটো চেট কৰি টোপনি গৈছিলোঁ৷ সদায় ৰাতি শোৱাৰ আগতে গন্তি কৰি কৰি সময় মিলাই এলাৰ্মটো চেট কৰি টোপনি যোৱাতো বিয়াৰ পাছৰ পৰাই মোৰ অন্য কামবোৰৰ দৰেই এক নিত্য

Read more

গাৰ্লফ্ৰেণ্ড – মিৰাজুল ৰছিদ

বিন্দাচ লাইফ কটোৱা হিৰো টাইপ ল’ৰা নহয় মই, লগৰবোৰে দেৱদাস বা দুখী আত্মা বুলিয়েই মাতে মোক, ময়ো একো নকওঁ৷ বচ্‌ নিজকে “দুখ নাথাকিলে ক’ত আহি জিৰাবহি সুখৰ চৰাই৷ “টাইপ কবিতা ভালপোৱা ভদ্ৰ ল’ৰা বুলি সান্ত্বনা দিওঁ৷ কলেজত খোজ দিয়াৰ পিছত এটা কথা অনুভৱ কৰিছিলো যে জীৱনত কিবা থাকক নাথাকক গাৰ্লফ্ৰেণ্ড বোলা বস্তু বিধ থকাটো অত্যন্ত প্ৰয়োজনীয়, যেন ই কলেজীয়া ছাত্ৰৰ মৌলিক প্ৰয়োজন৷ কিন্তু গাৰ্লফ্ৰেণ্ড পাবলৈ গাৰ্ল লাগিব ন’? মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰৰ বাবে গাৰ্ল বোলা সম্পদ বিধ লুপ্তপ্ৰায়৷ সেয়া মেকানিকেল ব্ৰাঞ্চ

Read more

দ্য এক্সচেঞ্জ–জন লেংফৰ্ড (অনুবাদ- ৰিণ্টুমণি দত্ত)

: হেল্ল’ ছাৰ, নমস্কাৰ। মই আপোনাক কিদৰে সহায় কৰিব পাৰো? : কিছুদিন আগতে আপোনালোকৰ দোকানৰ পৰা মই এলাৰ্ম দিয়া ঘড়ী এটা কিনিছিলো৷ সেইটোকে ওভতাই দিবলৈ আহিলো৷ : ঘড়ীটোৰ অসুবিধাটো কি জানিব পাৰো নে? : এলাৰ্মটোৱে কাম কৰা নাই, এলাৰ্মৰ কোনো শব্দ নহয়। : আপুনি তাৰ মেনুৱেলখন পঢ়ি ভাল কৰিবলৈ চেষ্টা কৰিছিল নে? : হয়, চেষ্টা কৰিছিলো। কিন্তু সফল নহ’লো। : ঠিক আছে, অনুগ্ৰহ কৰি ঘড়ীটো কিনাৰ ৰচিদখন দিয়ক৷ : অহ! সেইখন মই ক’ৰবাত হেৰুৱালো। সেইখন বৰ্তমান মোৰ লগত নাই৷ :

Read more

ফটা অভিজ্ঞতা – সুজাতা বৰুৱা

আমি নৱমমান শ্ৰেণীত পঢ়ি থকা দিনৰে কথা এয়া৷ স্কুল ছুটিৰ পাছত পাছবেলা ইংৰাজী বিষয়ৰ টিউশ্যন এটা থাকে৷ আমি কেইজনীমান ছোৱালী একেলগে চাইকেল লৈ গোটেই ৰাস্তাটোকেই আমাৰ কৰিলৈ খিলখিলাই গৈ থাকোঁ৷ বাটত ফিল্ড এখন পোৱাৰ ঠিক আগে আগে আমাৰ লগত দুজনী খোজকাঢ়ি যোৱা পাৰ্টনাৰ লগ লাগেহি৷ প্ৰায় এক কিলোমিটাৰ মান বাট সিহঁতৰ সৈতে সদায় হাফ পেডেল মাৰি মাৰি নাইবা চাইকেলখন ঠেলি ঠেলি যোৱাৰ আমেজ লওঁ৷ ফিল্ডখনত আকৌ বয়জ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ল’ৰা কেইটামানে ক্ৰিকেট খেলে সদায়৷ অহা যোৱা কৰোতে সেই ঠাইকণত

Read more

আপদীয়া পদ্য– বিস্মিতা শৰ্মা

(১) ভাওনা আজি আমি কেইজনে চাওঁ? চিনেমা চাবলৈ হ’লে দৌৰি দৌৰি যাওঁ। নামঘৰৰ পদূলিত ভৰিকে দি নাপাওঁ গোড়ামি কৰি সমাজক পিছে লুটি-পুতি খাওঁ ধাৰ্মিক বুলি কঁপালত ফোঁট লৈ জগতক জহাওঁ। (২) ধুতী, চাদৰ-মেখেলা পিন্ধিবলৈ নকৰোঁ মন পাহৰিলোঁ চেলেং, ৰিহা, এৰীয়া চাদৰখন চৌদিশে চলিছে যে এতিয়া মডাৰ্ণ ফেশ্বন। দেহা নঢকা চুটি কাপোৰে সমাজলৈ আনিছে ওভোতা বিৱৰ্তন। (৩) বৰগীত এৰিলোঁ, বন গীত এৰিলোঁ ফিউজন কৰিলোঁ বিহু বিয়া নাম, দিহা নাম পাহৰিয়েই পেলালোঁ ডি জেৰ তালত হনি সিং অৰ গীত গাম ভৱিষ্যতে বিহুমঞ্চত

Read more

চচমা–মমিতা দাস

গাৱঁৰ ধনী মানুহ এজনে তেওঁৰ কেইজনমান বন্ধুৰ লগত তেওঁৰ নিজৰ গাড়ীৰে বনভোজ খাবলৈ গ’ল। মানুহজনে গাড়ী নিজে চলাইছিল। লগৰ বন্ধু কেইজনে সম্মুখৰ গ্লাছ খনেৰে একো দেখা পোৱা নাছিল । কিন্তু মানুহজনে বাটটোৰ গাত বোৰৰ পৰা বচাই আৰামত গাড়ী খন চলাই নিছিল। বন্ধু কেইজনে আচৰিত হৈ মানুহ জনক সুধিলে। বন্ধু , সম্মুখৰ আইনা খনেৰে আমি একো দেখা নাই । তুমি ইমান ধুনীয়াকৈ কেনেকৈ গাড়ী চলাইছা ? মানুহজনে কলে “কি ক’ম বন্ধু , মোৰ এই পাহৰি যোৱা স্বভাৱটোৰ বাবে এতিয়ালৈকে প্ৰায় ৯৫১

Read more
1 2 3 4 5 7