ফটাঢোল

ফটা অভিজ্ঞতা – সুজাতা বৰুৱা

আমি নৱমমান শ্ৰেণীত পঢ়ি থকা দিনৰে কথা এয়া৷ স্কুল ছুটিৰ পাছত পাছবেলা ইংৰাজী বিষয়ৰ টিউশ্যন এটা থাকে৷ আমি কেইজনীমান ছোৱালী একেলগে চাইকেল লৈ গোটেই ৰাস্তাটোকেই আমাৰ কৰিলৈ খিলখিলাই গৈ থাকোঁ৷ বাটত ফিল্ড এখন পোৱাৰ ঠিক আগে আগে আমাৰ লগত দুজনী খোজকাঢ়ি যোৱা পাৰ্টনাৰ লগ লাগেহি৷ প্ৰায় এক কিলোমিটাৰ মান বাট সিহঁতৰ সৈতে সদায় হাফ পেডেল মাৰি মাৰি নাইবা চাইকেলখন ঠেলি ঠেলি যোৱাৰ আমেজ লওঁ৷ ফিল্ডখনত আকৌ বয়জ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ল’ৰা কেইটামানে ক্ৰিকেট খেলে সদায়৷ অহা যোৱা কৰোতে সেই ঠাইকণত আমাৰ যেন হাঁহি মাৰ নাযাবই আৰু৷ মোৰ চকুৰ আগত খেলত ব্যস্ত থাকে হেণ্ডচাম৷ এদিনাখন হেণ্ডচামে শব্দবান মাৰি পঠিয়ালে “হাঁহিচম্পা ৷“ আয়ৈ একেবাৰে চাৰিশ চল্লিছ ভল্ট পাৰহৈ গ’লেই নহয়৷ চকুৱে চকুৱে মিছিকি হাঁহি৷ বুকুৰ কপৌ চৰাইটোৰ যিহে ঢপঢপনি, নকৈছোহে আৰু৷ এদিন ক্ৰিকেট বলটোকে ইচ্ছা কৰিয়েই মাৰি পঠিয়ালে৷ এই গাত লাগো লাগো আৰু, কথমপিহে নলগাকৈ ৰ’ল৷ হেণ্ডচাম আৰু হেণ্ডচামৰ বন্ধুৱে দৌৰি আহি ক্ষমা খুজিলেহি৷ যি হয় দেখা যাব বুলি দিলো এৰি মিছিকিয়া বিজুলীবান বাপেকে৷

পিছদিনা হেণ্ডচামৰ বন্ধুৱে দৌৰি আহি ক’লেহি “অলপ ৰবা নেকি? “ হেণ্ডচামৰ বন্ধুৱে জেপৰপৰা কাগজ এটুকুৰা উলিয়াই মোক দিলে৷ বুকুৰ কপৌ চৰাইটোৰ ঢপঢপনি ইমানেই বাঢ়ি গ’লযে একেবাৰে মানে নিজৰ কাণেৰে শুনা পাই গলো আৰু৷ “মানে হেণ্ডচামে মোলৈ“ বুলি ভাবিবলৈ সময় পালো কি নাপালো ঠিক নাই, “এইখন তোমাৰ লগৰ পাহিক দি দিবাছোন৷ বহুতদিনৰেপৰা তাইক কিবা এটা কম বুলিও কব পৰা নাই৷ “ আয়ৈ প্ৰভু! কিনো শুনিলো আৰু এয়া৷ একেবাৰে মানে আকাশৰ পৰা উফৰি আহি মাটিতে ধুপুচকৈ পৰিলোহি৷ খেটেং ঠেং ঠেং ঠুং কৈ কলিজাতোও টুকুৰা হওঁ হওঁ আৰু৷ নহ’ল যেনিবা৷ ৰ’ব কাহিনীটো ইমানতে শেষ হোৱা হ’লেও এটা কথা আছিল৷ কুমলীয়া অন্তৰখনে আৰু এটা আঘাত পাবলৈ বাট চাই আছিল৷ পিছদিনাখন আৰু তাৰ পাছৰ কেবাদিনো গা বেয়া বাবে মই টিউশ্যন নগলো৷ এদিন টিউশ্যনৰপৰা ঘূৰি আহোঁতে হেণ্ডচামৰ বন্ধুৰ ভনীয়েকজনী ঘৰৰপৰা দৌৰি আহি ৰাস্তা পালেহি৷ মোক কলে “ৰ’বাছোন, আমাৰ দাদাৰ পাছত তুমি আৰু নেলাগিবা৷ নহ’লে কথা বেয়া হব কিন্তু, কৈ দিলো৷ “

☆★☆

3 Comments

  • Zulfiker Titu

    কিহৰ পৰা কি হৈ গ’ল! বহুত মজা লাগিছে।

    Reply
  • হেমন্ত কাকতি

    কৃষ্ণ! বুকুখন হমহমাই গ’ল অ’ ৷
    ভাল লাগিল পঢ়ি ৷

    Reply
  • Pabitra

    হেন্দচম কোন ৷ ৷ …মই জানো বাৰু

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *