ফটাঢোল

ধতুৰা আৰু গোলাপৰ বিলৈ – অসীমা শইকীয়া দত্ত

সৰস্বতী ঘূৰি গ’ল। এইবাৰ মৰ্ত্যলৈ সাজু ধতুৰা আৰু গোলাপ। ফেচবুকত আগতেই আপডেট, এইবাৰ ধতুৰা আৰু গোলাপৰ তয়াময়া যুঁজ হ’ব। তাকে চাই দুই ফুলৰ গুৰুৱে নিজৰ চেকআপ এটা কৰি ল’লে। ত্ৰিশুলত ধাৰ দিয়া হৈ গ’ল। চিলিমটোৰহে আগডোখৰ ভাঙি আছে। শিৱজীয়ে ভঙা চিলিমটো পত্নীক ফুলৰ টাব কৰিবলৈ দিলে। মৰ্ত্যত নতুন এটা ল’ব। পিচে মন মৰা তেওঁৰ পত্নীৰ। চেনী বিভাগৰ বিয়াগোম লিডাৰ জনো এইবাৰ শিৱৰ লগত অসমলৈ যাব। বিদেশীটোৰ আগৰ নাম নজনা অসমত তেওঁৰ নামত এতিয়া মহোৎসৱ হয়। পাৰ্বতীৰ চিন্তা একেদিনাই দিৱস পৰিল

Read more

চৰ – কৌশিক দাস

: চেণ্ডেল আছে না….খুড়া ? : কাই কছানু ? “ :মই তৰুণ “ : অ অ অ, আছেই আছেই, ঘৰ’ৰ চলতু হৈ এমান দেৰি কৰাহনা অ’ তই! ৰাইজে নি সাঙেই কৰব’ ইথান! দিনটোত এয়ে প্ৰথম মিঠা মাতষাৰ ওলাল কৰিমুলৰ। ছাগলী মাংস কাটিবলৈ এৰি হৰদম বাজি উঠা ফোনটোৰ আগত চৰম বিৰক্তিৰে একেটা প্ৰশ্নৰ উত্তৰ দি ভাগৰি গৈছে সি। সোঁহাlখনৰ আঙুলিতো দাৰ ঘাপ এটা পৰিছিল। জোৰেৰে লাগিলেতো ছিঙিয়েই গ’লহেতেন! তাৰ ম’বাইল স্ক্ৰীণত থৰথৰে নাচি থকা অচিনাকি নম্বৰৰ আঁৰৰ  মানুহবোৰক জগতৰ অবাইছ মাতেৰে

Read more

ৰস-সম্ৰাজ্ঞী চেতনা দাসৰ সৈতে এক অন্তৰংগ আলাপ

অসমীয়া ছবি আৰু অভিনেত্ৰী চেতনা দাস- এই দুয়োটা নামেই ইটোৱে-সিটোৰ লগত ওতঃপ্ৰোতঃভাৱে জড়িত। ক’বলৈ গ’লে যেন একেটি মুদ্ৰাৰ ইপিঠি-সিপিঠি। নিজকে মঞ্চ অভিনেত্ৰী বুলি অভিহিত কৰিলেও অসমীয়া ছবি জগতলৈ চেতনা দাসৰ অৱদান যে অপৰিসীম সেয়া অসমীয়া ছবিজগতৰ লগত জড়িত শিল্পী-কলা-কুশলীকে আদি কৰি সমগ্ৰ অসমবাসীয়ে অন্তঃকৰণেৰে সমৰ্থন কৰে। বিগত কেবাদশক ধৰি অসমৰ মঞ্চ তথা ছবিজগতত নিজৰ অস্তিত্ব বৰ্তাই অহা চেতনা দাস কেৱল অভিনয়ৰ লগত জড়িত শিল্পী বুলি ক’লে ভুল কোৱা হ’ব। তেওঁক অসমৰ মানুহে যেতিয়াই বিচাৰে কাষতে পায়। সেয়ে তেওঁ কৰ্মক্ষেত্ৰলৈ অহা-যোৱাৰ

Read more

প্ৰিয়া মোৰ তুমি অবুজন – মানবেন্দ্ৰ কুমাৰ শৰ্মা

‘আহানা!’ তেওঁৰ আহ্বানত মোৰ উখল-মাখল লাগিল৷ তথাপি মই যেন একো শুনাই নাই, এনে ভাৱত কৰি থকা কামটোতেই মন দি থাকিলোঁ৷ ‘এতিয়াই আহা৷’ মোৰ খেলি-মেলি লাগিল। কি কৰা যায়! ‘এতিয়া, এই মুহূৰ্ততেই আহা৷’ মই অস্থিৰ হৈ উঠিলোঁ৷ তেওঁৰ মাজত কিবা এটা যে মায়াময় যাদু আছে সেইটো সঁচা৷ সেই ৰহস্যময় মণি-মুকুতাৰ মাজত নিজকে বিলীন কৰি মোৰো অমিয়া পান কৰাৰ মন৷ মোৰ মনটোৱে মনা নাই, নিজকে সংযত কৰিব পৰা নাই, এতিয়া গৈয়েই যেন সেই ৰহস্যময়ীতাত ডুব দিম, তেনে লাগিল৷ পিছে মই হ’লো সাংসাৰিক

Read more

পুনৰ নিৰ্মাণ হওক যুক্তি আৰু বিনয়ৰ বাট – ড০ অমৰজ্যোতি চৌধুৰী

মানুহ এজাকৰ বাট হেৰাইছে৷ পৰুৱাই পোৱা মানুহৰ দশা হৈছে তেওঁলোকৰ৷ তেওঁলোকৰ আচাৰ ব্যৱহাৰত পৰিস্ফুট হৈ উঠিছে আত্মম্ভৰিতাৰ ছবি৷ক্ৰমান্বয়ে  বিৰল হৈ আহিছে বিনয়ৰ দৃষ্টান্ত৷ এনে অনুভৱ হৈছে যেন সোঁচৰা বেমাৰৰ দৰে বিয়পিছে এই অহংকাৰৰ বীজাণু৷ এইচাম  মানুহৰ ৰাজহুৱা জীৱন এইদৰেই আজি এক অৱক্ষয়ৰ গ্ৰাসত৷ সেয়ে স্বাভাবিকভাবেই  মৰ্মাহত হৈছে সহৃদয় মানুহ৷ বিভ্ৰান্ত হৈছে সাধাৰণ মানুহ৷ মাজে মাজে এক প্ৰহসন বা উদ্ভট নাটকৰ নিচিনা লাগি গৈছে এই ছবিখন৷ এৰা, ৰাজনীতিৰ সৈতে জড়িত সকলৰ একাংশই এনে ব্যৱহাৰ কৰিবলৈ লৈছে যেন তেওঁলোক সৰ্বজ্ঞ৷ তাৰেই প্ৰতিফলন

Read more

কৃষ্ণ-ৰূপ – হৰেকৃষ্ণ ডেকা

মোৰ জন্মৰ সময়ত কৃষ্ণ কৃষ্ণ বুলি নেদেখাজনৰ নাম সোঁৱৰিবলৈ মোৰ আইতাই হেনো মোৰ নামটোৰ মাজত কৃষ্ণক সুমুৱাই থৈছিল৷ তেওঁ কৃষ্ণ কৃষ্ণ বুলি মাতিছিল৷ কিন্তু কোন অময়াপুৰীত কৃষ্ণক তেওঁ পাইছিল সেই কথা হ’লে জনা নহ’লগৈ৷   আমাৰ শিশুপাঠৰ কৃষ্ণ এটি দুষ্ট শিশু আছিল৷ আমি সেইজন দুষ্ট কৃষ্ণক বিচাৰি ফুৰিছিলোঁ৷ আৰু মাৰ গল্পৰ আর্চিত নিজকহে দেখিছিলোঁ৷ আমাৰ যৌৱনত কৃষ্ণক বিচাৰিবলৈ আমাৰ ওচৰে-পাজৰে ক’তো কদমৰ গছ নাছিল৷ মোৰ নামটোৰ ৰন্ধ্রেৰে ভুমুকিয়াই চাওঁতে কেতিয়াবা চকা-মকাকৈ কৃষ্ণক দেখা পাইছিলোঁ৷ সিমানেই৷ কিন্তু যৌৱনৰ তেজত আন কিবা

Read more

এখনি ফটা ৰচনা : গা – খগেশ সেন ডেকা

ঘপহকৈ ‘গা’ বুলি নোকোৱাই ভাল৷ ক’লে সাংঘাটিক সমস্যা হোৱাৰ প্ৰৱল সম্ভাৱনা৷ গান গাওঁ গাওঁ কৰি উচপিচাই থকা কোনোবাই ‘গা’ বুলি কোৱাৰ লগে লগে একোকে নাচাই কাণৰ পৰ্দা ফাটি যোৱাকৈ কণ্ঠত গৰ্দভ ৰাগ তুলিব পাৰে৷ তেতিয়া কিন্তু হাই বিপি বা হৃদৰোগীয়ে নিজক চম্ভালা টান হৈ পৰিব৷ গতিকে ’গা’ হৈছে আগ-পিছ চাই বুজি উচ্চাৰণ কৰিবলগীয়া অসমীয়া ভাষাৰ এটা বিশেষ শব্দ৷ সকলো কথাৰে দুটা দিশ থাকে৷ আমাৰ ঢোলটো ফটা হ’লেও তাৰো নিঃসন্দেহে দুটা দিশ আছে৷ এফালত মাৰিৰ কোব আৰু আনফালত আঙুলিৰ বুলন৷ তালৰ

Read more

কৌতুক –  শিল্পাশ্ৰী দাস

(১) অনুভৱ ব্যক্তিগত চেনেলৰ সাংবাদিকসকলক দেখিছে নহয়?  সেইযে, পানীত পৰি মৃত্যু হোৱা ডেকাল’ৰাটোৰ মাকে নদীৰ পাৰত বহি হাউলি-বাউলি হৈ কান্দি থকা অৱস্থাতো যে সোধে,- “আপোনাৰ ল’ৰাটোৰ এই মৃত্যুক আপুনি আত্মহত্যা নে হত্যা বুলি ভাৱে?” নাইবা,  অঞ্চলটোত দুৰ্ঘটনাত পতিত হৈ বা ঘৰত বিদ্যুৎ পৃষ্ট হৈ নিহত হোৱা ব্যক্তিৰ পৰিয়ালবৰ্গক ডিঙিৰ সিৰ ফুলাই প্ৰশ্ন কৰে,-  “আপোনাৰ অনুভৱ এই মূহূৰ্তত কেনেকুৱা?” তেনেকৈ সুধি চেনেলৰ টি আৰ পি বঢ়োৱা সাংবাদিক এজনৰ বয়স ভাটি দিয়া কালত বিয়া। যথাসময়ত বিয়া কৰাবলৈ কইনাঘৰ পাই গম পালে যে,

Read more

সম্পাদকীয় – গীতিকা শইকীয়া

বিশ্বজনীনতাৰ ভাষা হাঁহি ~~~~~~~~~~~~~~~~~~~ বিশ্ব চিনেমাৰ মহান অভিনেতা, ছবি নিৰ্মাতা চাৰ্লি চেপলিনৰ মতে হাঁহি অবিহনে এটা দিন কটোৱাটোও মানুহৰ জীৱনত সেই দিনটো অবাবতে খৰচ কৰাৰ দৰে হয়। মানুহক হহুঁৱাবৰ বাবে তেখেতে জীৱনজোৰা কৰা প্ৰয়াসক লৈ কৈছিল,- “কোনোবা ৰাজনীতিবিদ হোৱাতকৈ মই কেৱল এটা, কেৱল মাত্ৰ এটাই হ’ব বিচাৰোঁ, সেয়া হ’ল মানুহক হহুঁওৱা ক্লাউন। অন্ততঃ ৰাজনীতিবিদতকৈ নিজকে ওপৰৰ স্থানত পাম।” ব্যংগৰ জৰিয়তে সমাজলৈ একোটি বাৰ্তাৰে আগবঢ়োৱা চাৰ্লি চেপলিনৰ ছবিসমূহৰ সফলতাৰ মূল চাবি-কাঠি আছিল মানুহৰ বিভিন্ন মানসিক স্থিতিৰ সহজ-সৰল উপস্থাপন। দৰ্শকে ছবিবোৰ চাওঁতে

Read more
1 99 100 101 102 103 115