ফটাঢোল

কৌতুক –  শিল্পাশ্ৰী দাস

(১) অনুভৱ

ব্যক্তিগত চেনেলৰ সাংবাদিকসকলক দেখিছে নহয়?  সেইযে, পানীত পৰি মৃত্যু হোৱা ডেকাল’ৰাটোৰ মাকে নদীৰ পাৰত বহি হাউলি-বাউলি হৈ কান্দি থকা অৱস্থাতো যে সোধে,-

“আপোনাৰ ল’ৰাটোৰ এই মৃত্যুক আপুনি আত্মহত্যা নে হত্যা বুলি ভাৱে?”

নাইবা,  অঞ্চলটোত দুৰ্ঘটনাত পতিত হৈ বা ঘৰত বিদ্যুৎ পৃষ্ট হৈ নিহত হোৱা ব্যক্তিৰ পৰিয়ালবৰ্গক ডিঙিৰ সিৰ ফুলাই প্ৰশ্ন কৰে,-

 “আপোনাৰ অনুভৱ এই মূহূৰ্তত কেনেকুৱা?”

তেনেকৈ সুধি চেনেলৰ টি আৰ পি বঢ়োৱা সাংবাদিক এজনৰ বয়স ভাটি দিয়া কালত বিয়া।

যথাসময়ত বিয়া কৰাবলৈ কইনাঘৰ পাই গম পালে যে,  আগৰ পৰাই ফিটিং হৈ থকা এজনৰ লগত কইনা পলাল। ঠিক তেনে সময়তে বৰযাত্ৰীসকলৰ কৰ্মকাণ্ডত অতিষ্ঠ হোৱা ওচৰৰে ডম্বৰু কাইটিয়ে সুধি পেলালে,-

“বোপা, এই মূহূৰ্তত তোমাৰ অনুভৱ কেনেকুৱা?  কইনা কাৰ লগত পলাই গ’ল, কিবা হ’লেও অনুমান কৰিব পাৰিছা নেকি?  এইক্ষেত্ৰত তোমাৰ কোনোবা শত্ৰুপক্ষৰ হাত আছে বুলি ভাৱা নেকি?”

(২)

বুলেট

এইবাৰ মাঘ বিহুৰ সময়ৰ কথা। পদুমী জেঠাই আহিছে কেইদিনমান থকাকৈ। ৰাতিপুৱাৰ ভাগত জেঠাই আৰু মই কোমল ৰ’দজাকৰ উম লৈ লৈ কথা পাতি আছোঁ। ঠিক তেনেতে ৰাস্তাৰে পাৰ হৈ গ’ল বুলেট এখন। তাৰ পিচত আৰম্ভ হোৱা মোৰ আৰু জেঠাইৰ কথোপকথনৰ কিয়দাংশ আপোনালোকলৈ আগবঢ়ালোঁ,-

জেঠাইঃ হৰি হৰি, কৃষ্ণ কৃষ্ণ!

মইঃ কি হ’ল জেঠাই?

জেঠাইঃ কিয়, তই শব্দ শুনাই নাই নেকি?

মইঃ অ’ জেঠাই,  মই বুলেটৰ শব্দৰ বাহিৰে বেলেগ শব্দ শুনা নাই হ’লে।

জেঠাইঃ ও সেইটোৰ নাম বুলেট হে নেকি?  হৰি হৰি,  ক’ৰ ইমান অধাচাৰী ওলাল ঐ! বিহু বুলি হাঁহে মাহে,  পিঠাই-লাড়ুই সোপাকে খাই এতিয়া ইমান ডাঙৰ ডাঙৰকৈ শব্দ বাজ (বাহিৰ) কৰি আছে ও। আমাৰ ঘৰত কোনোবাই এৰিলেও গোটেই ঘৰখনেই নুশুনো। এইটোৱে ৰাজ্যখনকে শুনালে,  কৃষ্ণ! ইমান ডাঙৰকৈ শব্দ শুনিছোঁ যেতিয়া তহঁতৰ ঘৰৰ ওচৰৰে হ’ব পায়। যাচোন,  অকণমান নিমখৰ সৈতে আদা অলপ লৈ আহ। জাৰি দিওঁ,  তই দি আহিবি। (উৰহী গছৰ ওৰ তেতিয়াহে পালোঁ,  পাছত যেতিয়া জেঠাইয়ে আগতে কোনোদিন বুলেটৰ শব্দ নুশুনা বুলি কৈছিল।)

☆★☆★☆

 

5 Comments

  • হেমন্ত কাকতি

    আলোচনীত কৌতুক দুটা প্ৰকাশ হোৱাৰ পিচত আপোনাৰ কেনে অনুভৱ হৈছে?
    বৰ মজা লাগিল৷ বিশেষকৈ প্ৰথমটো৷

    Reply
  • ৰাজীৱ শৰ্মা

    পিছৰ কৌতুকটোৰ অনুভৱখিনি মনতে ভাবি ইমান যে ভাল লাগিছে।

    Reply
  • Rajdeep Borah

    ফটাঢোলৰ অন্যতম প্ৰতিভা সম্পন্ন লেখিকা শিল্পাশ্ৰী । এওঁৰ পৰা পাব লগিয়া ঢেৰ আছে । সকলোৱে মাৰ্ক কৰিব কথাটো ।

    Reply
  • পাৰবীন

    লেটাৰ মাৰ্ক দিলো শিল্পা । মজা লাগিল

    Reply
  • বিজিত

    ভাল লাাগিল । বিশেষকৈ প্ৰথমটো ,!!!
    আগলৈও সুন্দৰ সুন্দৰ আৰু কৌতুক পাম বুলি আশা কৰিলো ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *