ফটাঢোল

সমস্যা – বৈদুৰ্য্য বৰুৱা

ৰাধিকা বৰ্মনৰ সমস্যা বেছি নাছিল। কেতিয়াও জীৱনত কল্পনা কৰা নাছিল যে তেওঁৰ ঘৰত কেতিয়াবা স্কুটাৰ এখন সোমাব। গতিকে তেওঁ বাৰাণ্ডালৈ উঠি যোৱা খটখটিটোৰ মাজত হেলনীয়াকৈ পকাৰে স্কুটাৰ উঠাব পৰা চিষ্টেমটো বনোৱা নাছিল। তেওঁৰ ৰেলী চাইকেলখন দাঙিয়েই ভিতৰলৈ সোমোৱাইছিল। ৰাজীৱ সৰু হৈ থাকোতে তেওঁ চাইকেলখন খিৰিকি এখনৰ গ্ৰীলত বান্ধি থৈছিল যাতে কচুগুটিটোৰ গাত নপৰে। ৰাজীৱক ৰাধিকা বৰ্মনে সেই সময়ত চাইকেলখনৰ আগফালে গাৰু এটা বান্ধি তাতে বহাই ফুৰাবলৈ নিছিল। ৰাজীৱ কলেজত থকাৰ সময়ত ৰাধিকা বৰ্মনৰ ঘৰৰ কাষত যিবোৰ ঘৰ নতুনকৈ সজা হৈছিল

Read more

নতুন বছৰত পুৰণি কথা – কুল শইকীয়া

‘বহুত কথা লিখি পেলাব পৰা যায়’ অংকুৰে লিখাৰ বিষয়বস্তুৰ ওপৰত মোক পৰামৰ্শ দি ক’লে,’এটা এৰি অহা বছৰৰ ওপৰত চাবলৈ গ’লে,যিটোৰ পৰিসৰ কম নহয়,৩৬৫ টা দিনৰ সমাহাৰ,তেনে এটা বছৰত ঘটি যোৱা বিভিন্ন ঘটনাৰ ওপৰতে তই টিপ্পনী মাৰিব পাৰ’ মোৰ ভাবৰ সোঁতৰ অনাবিল গতিত বাধা দি অংকুৰে ক’লে,’নহ’লে নতুন বছৰৰ সংকল্পৰ তালিকা এখনকে বনাই দে আৰু দুই-এজনৰ স্বাক্ষৰ ল।সেইখনকে দলিমাৰি দে কাকতৰ গোষ্ঠীলৈ,প্ৰকাশ হৈ যাওক নতুন আশা বিচাৰি বুদ্ধিজীৱীৰ আবেদন বা তেনে কিবা সুখদায়ক লেখা হৈ।’সি নৰ’ল,কৈ গ’ল,’তেনে আবেদন -নিবেদনতে আমাৰ ইয়াত

Read more

সংখ্যাটোৰ আঁৰৰ কথা – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

‘ফটাঢোল’ ই-মেগাজিনখনৰ সপ্তম সংখ্যাটোৰ আঁৰৰ প্ৰধান কথাটো ‘বাওনা হৈ চন্দ্ৰলৈ হাঁত মেলা’ৰ দৰেই কথা এটা। মোৰ দৰে মুৰুখমতি এজনক সম্পাদকৰ দায়িত্ব দিয়া বা লোৱা বা সুকলমে দায়িত্ব পালনৰ চেষ্টা কৰাৰ আৰঁত যে কেইজনমান ব্যক্তিৰ প্ৰত্যক্ষ সহযোগ আছে সেয়া নিশ্চয় সকলোৱে অনুমান কৰিব পাৰিছেই। সাহিত্যৰ পথাৰৰ এই বাওনাজনকো সম্পাদকৰ দায়িত্ব দিয়াৰ আঁৰত জ্যেষ্ঠ ভাতৃসদৃশ দুজন ব্যক্তি আছিল, যাৰ নিশ্চিত অভয়বাণী আছিল যে আমি আছো তোমাৰ লগত, তুমি মাথো ‘হা’ কোৱা। মৃদুল কুমাৰ শৰ্মা আৰু ৰিণ্টুমনি দত্তৰ সেই অনুঘটকৰ দৰে কাম কৰা

Read more

আপুনি বুদ্ধিজীৱী হ'ব খোজে নেকি? AKA Buddhijivee for Dummies – অভিজিত কলিতা

আপুনি বুদ্ধিজীৱী হ’ব খোজে নেকি? বিচাৰে নেকি যে আপুনি প্ৰতিটো চেনেলৰ, প্ৰতিটো টিভি শ্ব’তে আমন্ত্ৰিত হওক, অসমৰ ৰাইজে আপোনাৰ কথা ধ্ৰুৱসত্য বুলি ধৰি লৈ আনকি নিজৰ প্ৰাণো দিবলৈ সাজু হওক। মনুষ্য জাতিয়ে ভাবিবপৰা সকলো বিষয়তে আপোনাৰ বিদগ্ধ পাণ্ডিত্য দেখি ৰাইজৰ চকু অমৰাগুটীয়া হওক। টিভিৰ নিউজ মুখফটা এংকৰসকলকো আপুনি বাকপটুতাৰে বাকৰূদ্ধ কৰি দিয়ক। আপোনাৰ বাবেই চেনেলৰ টি আৰ পি বাৰিষাৰ দিনত লাইজাবৰি শাক বঢ়াদি বাঢ়ক। আপোনাৰ চহৰৰ সকলো সভা সমিতিতে আপুনি বিশিষ্ট অতিথি হওক, উপদেষ্টা হওক, আপোনাক ‘বিগ বজাৰত’ দেখিলে দুই

Read more

ওস্তাদি– জয়ন্ত শৰ্মা

জীৱনত কৰাৰ ভিতৰত আটাইতকৈ বেছিকৈ চাগৈ ‘ওস্তাদি’কে কৰিছো। জনা কথাটোততো কৰোৱেই নজনাটোতো মুখেদি বা চকুৱেদি এনেকুৱা এটা ভাৱ দি থাকো যে, এইটোনো কিবা কথা হ’লনে! আমিতো আগতেই জানো। কওঁতাজনেহে শেষত ভাবিবলৈ বাধ্য হয় যে, ইচ্, কাৰ আগত কি কৈ আছো! জীৱনত যি দুই এবাৰ লিখিবলগীয়া হৈছে তাতে হবি ‘খেল’ বুলি লিখিছো যদিও আচলতে মনটোৱে হবি ‘ওস্তাদি’ বুলি লিখিবলৈহে উচতাই থাকে। কিন্তু ‘ওস্তাদি’টো ‘হবি’ত পৰে নে নপৰে নাজানো। তাতে আগতে কাকো লিখাও দেখা নাই বুলিহে। মই তেতিয়া ‘ইদলী দোচা চম্বৰ’ৰ দেশ

Read more

সম্পাদকীয় – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

হাঁহি! তেতিয়াৰ আৰু এতিয়াৰ: বিশ্ববিখ্যাত অভিনেতা চাৰ্লি চ্যাপলিনৰ ভাষাত দুখ উপশমৰ মহৌষধ হৈছে হাঁহি (Laughter is the tonic, the relief, the surcease for pain. – Charlie Chaplin)৷ হাঁহিয়েই জীপাল কৰিব পাৰে জীৱন, ঘূৰাই দিব পাৰে হেৰাই যাব ধৰা জীৱনৰ ৰং, জীৱনৰ মাদকতা৷ শ্বেক্সপীয়েৰৰ ভাষাত যি হাঁহিব নোৱাৰে বা নাজানে সি চয়তান৷ কৃপাবৰ বৰবৰুৱাই কৈছিল, “মোৰ বোপাইহঁত! তহঁতে হাঁহ৷ ভয় নকৰিবি৷ পূব, পশ্চিম, উত্তৰ, দক্ষিণ, য’ত যি আছহঁক হাঁহ৷ হাঁহ আৰু হাঁহ৷ ল’ৰাই হাঁহ, বুঢ়াই হাঁহ, আদহীয়াই হাঁহ! আনকি দাঁত নাইকিয়া

Read more

 সলিউশন এক্স (একাংকিকা নাটক) (২য় খণ্ড) – মূল: বাদল সৰকাৰ, অনুবাদ- ডঃ প্ৰণৱ ঢেকিয়াল ফুকন

শম্ভুনাথঃ এইয়া ,বি-ফোৰ আহি গ’ল? ফিফটি চি.চি.টকৈ অলপ কম যেন লাগিছে৷ হ’ব এয়াই চলি যাব৷ (সোমেনৰ প্ৰৱেশ) সোমেনঃ আহিলে ছাৰ৷ শম্ভুনাথঃ হয়, বৰ পলম হৈ গ’ল৷ চশমাখন বিচাৰি পোৱা নাছিলোঁ৷ সোমেনঃ চশমাখন দেখোন আপোনাৰ চকুতে অনবৰত লাগি থাকে৷ শম্ভুনাথঃ পাঞ্জাবীটো খোলাৰ সময়ত ক’ত ৰাখিছিলো জানো? (হৰিৰ প্ৰৱেশ৷ কান্ধত একলহ পানী, হাতত এটি এপ্ৰন৷ সোমেনক এপ্ৰনটি দিয়ে৷ ) হৰিঃ মাজীয়ে আপোনাক দিবলৈ দিছে৷ শম্ভুনাথঃ সেই কলহটো কিহৰ? হৰিঃ মাজীয়ে কৈছে টেঙ্কীত পানী নাই কিজানি, সেইবাবে (হৰিয়ে টেঙ্কীৰ ঢাকনি খুলি কলহৰ পানীখিনি

Read more

মাই ৱাইফ ইজ এ চুপাৰষ্টাৰ – ঈশানজ্যোতি বৰা

“ইমান পৰ লাগেনে ! সামান্য হৰিণ এটা ধৰি আনোতে ইমান পৰ লাগেনে ! হাই বিধি ! বোলো পূবৰ বেলি কোন কেতিয়াবাই গৈ মূৰৰ ওপৰত উঠিল ৷ বাহিৰত মোকলাই দিয়া সমস্ত কাপোৰ-কানি শুকাই শিলহেন টান হৈ পৰিল৷ অথচ এতিয়ালৈকে এটাৰো দেখা-দেখি নাই৷ ক’ত যে কি কৰি ফুৰিছেগৈ !” ছীতাৰ প্ৰচণ্ড খং উঠিছে৷ এনেকৈ আৰু কাম হয় নেকি ! শত্ৰু-সন্ধানত সহায়ক হ’ব বুলি দুয়োটাৰে ধনু-কাঁড়ত জিপিএছ-টিপিএছ ইনষ্টল কৰি দিলো;তথাপিও এইকেইটাৰ স্কিলৰ বিকাশ হোৱায়েই নাই৷ চৰ্বানন্দই স্কিল ডেভেল’পমেণ্টৰ চাকৰিটো বাদ দিয়াৰ পিছত দেশখন

Read more

মাটিৰ তলৰ তাবিজ – সঞ্জীৱ মজুমদাৰ

আত্মীয় স্বজন, পৰিয়ালৰ পৰা আঁতৰি থকাৰ যে কি বেদনা সেইয়া মাথো ভুক্তভোগীয়েহে জানে৷ আৰু যদিহে ভুক্তভোগীজন আমাৰ দৰে ডঙুৱা হয় তেতিয়া হলেতো কথাই নাই, ঘৰখনলৈ অন্তত খোৱাৰ সময়ত মনত পৰিবই পৰিব৷ গুৱাহাটীৰ পৰা শিৱসাগৰৰ দুৰত্ব আজিৰ দিনত হয়তো বেছি যেন নালাগিব পাৰে কিন্তু আজিৰ পৰা পঁচিশ বছৰ আগতে যেতিয়া চুবুৰীত এটা মাথো লেণ্ডলাইন ফোন, পিচিঅ’ত দীঘল দীঘল লাইন অথবা পত্ৰৰ মাধ্যমেৰে যোগাযোগ কৰাৰ প্ৰথা তেতিয়াও একেবাৰে শেষ হোৱা নাছিল, সেই সময়ত বৰ দূৰ যেন লাগিছিল৷ সময় কটাবলৈ আজিৰ দৰে স্মাৰ্ট

Read more
1 108 109 110 111 112 115