ফটাঢোল

সমস্যা – বৈদুৰ্য্য বৰুৱা

ৰাধিকা বৰ্মনৰ সমস্যা বেছি নাছিল। কেতিয়াও জীৱনত কল্পনা কৰা নাছিল যে তেওঁৰ ঘৰত কেতিয়াবা স্কুটাৰ এখন সোমাব। গতিকে তেওঁ বাৰাণ্ডালৈ উঠি যোৱা খটখটিটোৰ মাজত হেলনীয়াকৈ পকাৰে স্কুটাৰ উঠাব পৰা চিষ্টেমটো বনোৱা নাছিল। তেওঁৰ ৰেলী চাইকেলখন দাঙিয়েই ভিতৰলৈ সোমোৱাইছিল। ৰাজীৱ সৰু হৈ থাকোতে তেওঁ চাইকেলখন খিৰিকি এখনৰ গ্ৰীলত বান্ধি থৈছিল যাতে কচুগুটিটোৰ গাত নপৰে। ৰাজীৱক ৰাধিকা বৰ্মনে সেই সময়ত চাইকেলখনৰ আগফালে গাৰু এটা বান্ধি তাতে বহাই ফুৰাবলৈ নিছিল। ৰাজীৱ কলেজত থকাৰ সময়ত ৰাধিকা বৰ্মনৰ ঘৰৰ কাষত যিবোৰ ঘৰ নতুনকৈ সজা হৈছিল সেইবোৰ ঘৰৰ বাৰাণ্ডাৰ খটখটিত সেই হেলনিয়া চিষ্টেমটো পৰিপাটিকৈ সাজি লৈছিল। সেইকেইঘৰ লোকে স্কুটাৰ এখন কিনাৰ কথা কল্পনা কৰিছিল চাগে।
ৰাজীৱে প্ৰথম চাকৰিটো পাই স্কুটাৰ এখন কিনিছিল। বাৰাণ্ডাৰ খটখটিত সেই চিষ্টেমটো নথকাৰ বাবে প্ৰথম কেইদিনমান এখন কাঠৰ তক্তা হেলনিয়াকৈ খটখটিটোত পেলাই স্কুটাৰখন কিছু দূৰৰপৰা দৌৰি যোৱাদি ঠেলি নি বাৰাণ্ডাত উঠাবলগীয়া হৈছিল। খাট খাটকৈ নিশা চাৰে দহমান বজাত ওচৰ চুবুৰীয়াই নিৰ্জনতা ভেদি অহা দুটা শব্দ শুনিছিল। আগচকাটো আৰু পাছচকাটো যে সুকলমে বাৰাণ্ডাত উঠিল শব্দটোৱে চুবুৰীয়াক বুজাই দিছিল। ওচৰ চুবুৰীয়াই এইটোও বুজিছিল যে ৰাজীৱে আহোতে সিং ধাবাত বহি আহিছে। ৰাধিকা বৰ্মনেও বুজিছিল কিন্তু নুবুজাৰ দৰে আছিল।
কেতিয়াবা খাটকৈ মাত্ৰ এটা শব্দ হ’লে চুবুৰীয়াই বুজিছিল যে পিছৰ চকাটো পাৰ হোৱা নাই। স্কুটাৰখন আকৌ পিছলৈ চলি আহিছে।
নুৰুল মিস্ত্ৰীয়ে এদিন সেই স্কুটাৰ উঠাৰ চিষ্টেমটো বনাই থৈ গ’ল। খাট খাট শব্দটো তেতিয়াৰপৰা চুবুৰীয়াই নুশুনা হ’ল আৰু ৰাধিকা বৰ্মনৰ সেই উৱলি যোৱা কামিজ এটাত নতুন টাই এডাল মৰাৰ দৰে খটখটিটো দেখিলে সকলোৱে ন দি ক’ব পৰা হ’ল যে বৰ্মনে কল্পনা নকৰা সদস্য এজন ঘৰত সোমাল।
ৰাধিকাৰ পুতেক ৰাজীৱে যেতিয়া মাৰুতী কাৰ এখন কিনাৰ কথা কল্পনা কৰিছিল তেতিয়া ওচৰে পাজৰে নতুনকৈ সাজি থকা ঘৰবোৰ আচাম টাইপো নাছিল আৰু বাৰাণ্ডালৈ স্কুটাৰ উঠাব পৰা চিষ্টেমটোও নাছিল। তাৰ সলনি চিৰিৰ কাষত এটা গাড়ী ৰখা গেৰেজ একেলগে সাজি পেলাইছিল। ৰাধিকা বৰ্মনেতো বাৰাণ্ডাৰ সেই হেলনিয়া চিষ্টেমটোৰ কথাই কল্পনাই কৰা নাছিল! চাৰি চকাৰ আলহীজনৰ বাবে আগফালে তৰ্জা বেৰ আৰু টিনেৰে এটা গেৰেজ সজা হ’ল।
নিশা চাৰে দহমান বজাত নিৰ্জনতা ভেদি অহা ফুল ভলিউমৰ ডিং ডাং ডিং ধিচহ্ মিউজিকটো যেতিয়া হঠাতে বন্ধ হৈ যায় ওচৰ চুবুৰীয়াই গম পাই যায় যে গেৰেজত মাৰুতী কাৰখন সোমাল। চুবুৰীয়াই বুজে ৰাজীৱে ব্লু ডাইমণ্ডত বহি আহিছে। ৰাধিকা বৰ্মনেও বুজে। নুবুজাৰ ভাও ধৰে।
ৰাজীৱৰ নিজৰ ঘৰ সজা বহুদিন হ’ল। কিন্তু এতিয়া ৰাজীৱ এটা সমস্যাত পৰিছে।ৰাজীৱে কল্পনা নকৰা কথা এটা ঘটিছে। যিটোক লৈ পত্নী সুমিতায়ো একো প্লেন নকৰাকৈয়ে ঘৰটো সজাৰ বাবে মাজে মাজে বকি থাকে।

ৰাজীৱৰ নতুন দীঘল গাড়ীখন গেৰেজটোত থ’লে গাড়ীখনৰ টিকাটো দুফুটমান বাহিৰলৈ ওলাই থাকে।

☆★☆★☆

4 Comments

  • অভিজিত কলিতা

    বাহ! কি অপুৰ্ব !!

    Reply
  • হেমন্ত কাকতি

    সচাকে সমস্যাৰ অন্ত নাই দেই, ভাল লাগিল!

    Reply
  • জাহ্নৱী গগৈ

    সুন্দৰ

    Reply
  • সমীৰণ

    পঢিছিলোঁ আগত ৷ বৈদুৰ্য্য বৰুৱা মোৰ বৰ প্ৰিয় ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *