ফটাঢোল

বলীউড টাইপৰ প্ৰেম কাহিনী – সোণটো ৰঞ্জন বৰুৱা

এইটো মোৰ জীৱনৰ বলিউড টাইপৰ প্ৰেম কাহিনী৷ কাৰণ ইয়াত হিৰ’ ভি আছে, হিৰ’ইন ভি আছে আৰু ভিলেইন ভি আছে৷ চ’ হেয়াৰ আই গ’….. সেইদিনা আনদিনাৰ দৰেই কলেজৰ পৰা বাছেৰে হোষ্টেলৰ সন্মুখত নামিলোহি৷ হোষ্টেলৰ সন্মুখৰ টিউবৱেলটোতে মুখৰ ধূলি ধুই থাকোতেই আন এখন বাছ আহি ৰ’লহি৷ চিনাকি বাছ৷ অন্য অঞ্চলৰ লগতে হোষ্টেলৰ কাষৰ গাওঁখনৰ ল’ৰাখিনিও সেইখনেই স্কুললৈ অনা নিয়া কৰে৷ হঠাতে বাছখনৰ এখন খিৰিকীত চকু থৰ হৈ গ’ল৷ ৰাজকুমাৰী হেন লগা মৰমলগা ছোৱালী এজনী খিৰিকীৰ কাষৰ চিটত৷ বয়স ১৮-১৯ বছৰীয়া হ’ব লাগে৷

Read more

মোৰ স্বৰ্গদৰ্শন–মানস শইকীয়া

কিবা হিচাপত আউল লাগিল হবলা! মোক নিবলৈ জয়-বিজয়ৰ দৰে দুজন দেৱদুত আহিছে৷ মনটো বিৰাট ভাল লাগি গ’ল৷ ভুল-শুদ্ধ যিয়েই নহওক মই অন্ততঃ সৰগলৈ যাম৷ কাষতে নিৰ্ভয়ে শুই থকা এওঁলৈ চালোঁ,কিবা এটা বুজাব নোৱাৰা শোকে খুন্দা মাৰি ধৰিলে৷ চেঃ ল’ৰা-ছোৱালীহালো দেখা নাপালো৷ চাই যাবলৈ মন অকণ আছিলে৷ কিন্তু, সিহঁতক চাবলৈ গলেই আইতাকে সাৰ পাই জেং কৰিব৷ মোৰ সৰগ যাত্ৰাত বাধা আহিব৷ মোবাইলটো অন কৰি সিহঁতৰ ফটোকেইখন চাওঁতেই এজনে মাত লগালে৷ “মহাশয়, আমাৰ যাবৰ হৈছে৷ অকণমান লৰালৰি কৰক৷” ইমান মৰমসনা মিঠা স্বৰ্গীয়

Read more

গণিত পুৰাণ – অনুভৱ আকাশ

শুনা শুনা অকণিহঁত মেম্বৰ দাইটিৰ কথা। গণিত বিষয় টান বুলি ভাৱি নলবা মনত বেথা।। সৰল অংকৰ বদমাচ ৰুল ক্ৰমমতে চাই লোৱা। ব্ৰেকেট, অৱ, ডিভিজন, মাল্টিপ্লিকেচন, এডিচন, চাৱট্ৰেকচন কৰা।। বীজগণিতৰ কথা শুনা কওঁ সমীকৰণৰ মুল। চিনৰ মাথো ভুল ব্যৱহাৰে লগাই গণ্ডগোল।। এ প্লাছ বি হোলস্কোৱাৰ টাইপ সূত্ৰ য’তেই পাবা। এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ প্লাছ টুৱাইছ.এ.বি. লিখি দিবা।। এ মাইনাছ বি হোলস্কোৱাৰ হ’লেও উত্তৰ একেটাই হয়। টুৱাইছ.এ.বি. আগত যোগৰ সলনি বিয়োগ চিন মাথো ৰয়।। এ প্লাছ বি হোলকিউবক দেখিলে নাখাবা ভয়।

Read more
1 113 114 115