ফটাঢোল

মোৰ স্বৰ্গদৰ্শন–মানস শইকীয়া

কিবা হিচাপত আউল লাগিল হবলা! মোক নিবলৈ জয়-বিজয়ৰ দৰে দুজন দেৱদুত আহিছে৷ মনটো বিৰাট ভাল লাগি গ’ল৷ ভুল-শুদ্ধ যিয়েই নহওক মই অন্ততঃ সৰগলৈ যাম৷ কাষতে নিৰ্ভয়ে শুই থকা এওঁলৈ চালোঁ,কিবা এটা বুজাব নোৱাৰা শোকে খুন্দা মাৰি ধৰিলে৷ চেঃ ল’ৰা-ছোৱালীহালো দেখা নাপালো৷ চাই যাবলৈ মন অকণ আছিলে৷ কিন্তু, সিহঁতক চাবলৈ গলেই আইতাকে সাৰ পাই জেং কৰিব৷ মোৰ সৰগ যাত্ৰাত বাধা আহিব৷ মোবাইলটো অন কৰি সিহঁতৰ ফটোকেইখন চাওঁতেই এজনে মাত লগালে৷

“মহাশয়, আমাৰ যাবৰ হৈছে৷ অকণমান লৰালৰি কৰক৷”
ইমান মৰমসনা মিঠা স্বৰ্গীয় মাত৷ মনটো শাঁত পৰি গ’ল৷ ভাৱিলোঁ,ইয়াতেই ইমান ধুনীয়া ব্যৱহাৰ, সৰগতটো আৰু ভাল হব৷
একেজাপে বিচনাৰ পৰা নামি মোৰ পচন্দৰ ক’লা পেণ্টটো আৰু নীলা চাৰ্টটো পিন্ধি ললো। পাৰ্চটো আৰু মোবাইলটো অভ্যাসৱশত লৱ ধৰোতেই আনজনে গম্ভীৰ ভাৱে কলে-

“মহাশয়, এইবোৰৰ দেৱলোকত কাম নাই৷ এনেয়ে ভাৰ বান্ধিব নালাগে৷”
“তেন্তে,তাতনো কি চলে?”
“আপুনি গলেই সকলো গম পাব৷ যাওঁতে কিছু প্ৰশিক্ষণ আমি দুজনে দি যাম৷ তথাপিও, লব বিচাৰিছে যদি লওক৷”
এওঁক আকৌ এবাৰ চাই যাবলৈ ওলাওঁতেই আমাৰ শোৱনি কোঠাটো এখন আকাশীযানলৈ সলনি হ’ল৷ লাহে লাহে যানখন ওপৰলৈ উঠি এটা সময়ত তীব্ৰবেগত গতি কৰিলে৷ তাৰ লগে লগে ময়ো টোপনিৰ কোলাত ঢলি পৰিলো।

সামান্য কোলাহলত সাৰ পাই দেখো,এখন সুদৃশ্য তোৰণৰ সন্মুখত যানখন ৰ’ল৷ মোক আগবঢ়াই নিবলৈ সুন্দৰ চেহেৰাৰ কেইজনমান পাৰিষদ প্ৰকট হ’ল৷ মোক অভিবাদন জনাই আগবঢ়াই লৈ গৈ,এটা সুন্দৰ অতিথিশালা যেন সুৱৰ্ণ কুটীৰত বিশ্ৰাম কৰিবলৈ ক’লে৷

বহুসময় যাত্ৰাৰ পিছত মুখখন ধুৱ পৰাহেঁতেন বুলি ভাৱোতেই কক্ষৰ এটা অংশৰে নিজৰা এটা বৈ আহিল৷ মুখখন ধুই উঠোতেই এখন সুন্দৰ মুখমল যেন টাৱেল বতাহত ভাঁহি আহিল৷ থপিয়াই লৈ মুখখন মচাৰ পিছতেই নিজৰা,টাৱেল সকলো অন্তৰ্ধান হ’ল৷ ভয় লাগিল৷ এইয়া কি মায়া নেকি? নে অইন কিবা?
সাউতকৈ কক্ষটোৰ পৰা ওলাই আহিলোঁ৷ কেউফালে নিজম-নিটাল৷ কৰবাৰ পৰা কোনোবা ৰমণীৰ প্ৰাণচঞ্চল হাঁহি ভাঁহি আহিছে(মোৰ ভ্ৰমো হ’ব পাৰে) আৰু তাৰপিছত আকৌ নিস্তব্ধতা৷ গছবোৰত পক্ষীৰ এটা মাতো নাই৷ দুৰৈত দেৱতা দেৱতা যেন লগা দুই-এজন অহা যোৱা কৰিছে যদিও কাৰো মুখত কথা বতৰা নাই৷ নিৰ্লিপ্ত তেওঁলোকৰ মুখমণ্ডল৷ হাঁহিৰ লেখমানো চিনচাৱ নাই৷ অলপ ফুৰি লওঁ বুলি আগবাঢ়ি গলো।ঘৰবোৰ মোক থাকিবলৈ দিয়াটোৰ সৈতে একে৷ কোনো বিচিত্ৰতা নাই৷

অলপ দুৰ যোৱাৰ পিছত এটা বিশাল অট্টালিকা দেখা পালোঁ৷ অনুমান হ’ল- দেৱৰাজ ইন্দ্ৰৰ বাসস্থান৷ যাহওঁক সোমাই গলো। দ্বাৰ ৰক্ষী কেইজনে অভিবাদন জনাই যাবলৈ দিলে৷ সোমাই গৈয়েই প্ৰথমে ৰাজদৰবাৰ৷ সিংহাসনত স্বয়ং ইন্দ্ৰৰাজ বিৰাজমান৷ দেখাত আমাৰ চিৰিয়েলৰ দৰে অৱয়ব৷ কাষে কাষে পৱন,বৰুন,অগ্নি আদি দেৱগণ৷ সকলো পুতলাৰ দৰে বহি আছে,নীৰৱে৷ মই নমস্কাৰ জনোৱাত ইন্দ্ৰদেৱে আশীৰ্বাদ দিয়াৰ দৰে সামান্য হাত দাঙিলে৷ বাকীসকলৰো ৰিয়েকশ্যন একেই৷ গুৰু গম্ভীৰ মাতেৰে ইন্দ্ৰদেৱে সুধিলে-
“বৎস,কেনে লাগিছে মোৰ এই অমৰাৱতী?”
“প্ৰভু,ভালেই লাগিছে৷ কিন্তু,ইমান নিস্তব্ধ ইয়াৰ পৰিৱেশ৷ কাৰো মাতবোল,হাই উৰুমি নাই৷ এটা পক্ষীৰ কাকলিও শুনা নাই৷ কাৰো মুখত লেখমানো হাঁহি নাইা ইয়াৰ কাৰণ কি প্ৰভু?”

ইন্দ্ৰদেৱে নাহাঁহিলে নহয় ভাৱত সামান্য হাঁহি মাৰি কলে-
“বৎস,এইখন অমৰাৱতী৷ ইয়াত সকলোতে সুখেই সুখ৷ কিন্তু মৰ্তৰ দৰে ইয়াত হোৱাই নোহোৱাই যিকোনো কথা কৈ কোনেও আমণি নকৰে৷ তোমাৰ কাৰোবাৰ লগত কথা পাতিবলৈ মন গ’লে তেওঁ গম পাব আৰু তেতিয়াহে তেওঁ কথা পাতিব৷ সেই কথাবাৰ্তা আনে শুনা নাপাব৷ তোমাক এই গুণ তোমাৰ অভিবাদন অনুষ্ঠানৰ পিছতেই প্ৰদান কৰা হ’ব৷ সেয়েহে, তুমি এতিয়া একো শুনা নাই৷ নিৰ্দিষ্ট কেইজন মানৰহে শুনা পাইছা৷ পক্ষীবোৰে ইয়াত শুৱলা গীত গাই৷ তাতো আকৌ তুমি শুনিবলৈ মন কৰিলেহে শুনিবা৷ আৰু এটা কথা ইয়াত তোমালোকৰ ফটাঢোলৰ মানুহবোৰৰ দৰে হোৱাই নোহোৱাই হাঁহি নাথাকে৷”
“প্ৰভু, এটা কথা সোধো, মোৰ কোঠাত কোনো নাই দেখোন? মোৰ ভোক আদি লাগিলে কোনে দিব?”
তেওঁ আগৰ দৰে হাঁহি ক’লে-
“তুমি গম পোৱা নাই জানো? যেতিয়াই যি বিচৰা তোমাৰ ওচৰত পাবা৷”

এইবাৰ লাজ লাজকৈ সুধিলোঁ-
“প্ৰভু,ইয়াত বোলে ৰম্ভা,মেনকা, উৰ্বশী নৰ্তকীগণে নৃত্য কৰে,গন্ধৰ্বগণে গীত গায়৷ মই বাৰু দেখিমনে?”
“নিশ্চয় বৎস,তোমাৰ অভিবাদন অনুষ্ঠানত তেওঁলোক থাকিবই৷ ইয়াৰ পিছতো,তোমাৰ চাবৰ মন গলে নিজেই দেখা পাবা,যেনেকৈ অলপ আগতে নিজৰা দেখিছিলা৷”
‘বাঃ বঢ়িয়া হ’ব’ মনতে ভাৱিলোঁ৷
“বৎস,এতিয়া তুমি তোমাৰ কক্ষত শয়ন কৰাগৈ৷”

ময়ো ইন্দ্ৰদেৱক সেৱা জনাই আহি নিজৰ অট্টালিকাহেন কক্ষত শুই পৰিলোঁ৷

“হেৰি, দেওবাৰ বুলিনো ইমান শুৱেনে? উঠক৷ মুচৰি দুখন চাৰ্ফত দি থৈছোঁ৷ ঠাণ্ডাদিনৰ বেলি৷ উঠক হে…………..৷”
☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *