ফটাঢোল

মহাপলায়ন পৰ্ব – অভিজিত কলিতা

(তৃতীয় খণ্ড) হিমালয় যাত্ৰাৰ প্ৰস্তুতি — অৱশেষত বহুতো গুণা গঁঠা আৰু আলোচনা, লগতে ইৰাণীৰ নেৰা-নেপেৰা প্ৰচেষ্টাত ফটাঢোলৰ ৰাইজৰ এভাৰেষ্ট অভিযানৰ সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হ’ল। আচলতে সৰ্বসন্মতিক্ৰমে বুলি ক’ব নোৱাৰি, প্ৰায়বিলাকেই নিস্ক্ৰিয়ভাৱে গতি-গোত্ৰহে চাই থাকিল, না কোনো লাইক, না কমেণ্ট, না খবৰ-খাতি। তেওঁলোক হাঁহেৰেও ৰাজি মাহেৰেও ৰাজি। কেৱল কেইজনমান লোকে নেৰানেপেৰা প্ৰচেষ্টাৰে এই সিদ্ধান্তৰ লগতে যাত্ৰাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিলে। সকলোকে জগিং আদি কৰি নিজকে সক্ষম কৰি তুলিবলৈ ইৰাণীৰ নেতৃত্বত এক আন্দোলন গঢ়ি উঠিল। কেইজনমান তালৈয়ো নগ’ল। তেওঁলোকে হেনো এনেই

Read more

খকুৱা পুটুকন – অভিজিত কলিতা

পুটুকনৰ বাঁ‌ও হাত ক’ৰ পৰা শুকাব? সিদিনা পূজাত লগ পাই বোলে, : ককাই, আজি পূজা বুলি কিবা এটা খুৱাওক। মোৰো মনটো ভাল আছিল, ক’লোঁ, : খোৱা, কি খাবা! : হাঁ‌হৰ মাংসৰে ভাতকে খাই দিওঁ বলক। মই ভাল দোকান এখন চিনি পাওঁ। তামাম বনাই হাঁ‌হ। : ব’লা তেনে, খাই লওঁ। দুইজন গৈ অস্থায়ী দোকান এখন পালোঁ, আৰু টেটুগুৰিলৈকে দকচি দিলোঁ। বিল ময়েই দিলোঁ বাৰু, কথা দিয়া আছিল। খাই বেয়া নেলাগিল অৱশ্যে! আজিহে পুটুকনৰ ককায়েকে আচল কথাটো ক’লে। সেইখন বোলে পুটুকনৰ নিজৰে

Read more

ফটা-প্ৰশ্ন

১/ খাণ্ডিল্য নয়ন শইকীয়া: প্ৰশ্নত থকা ‘প’ সদায় লেবেল মাৰি ৰথ‌ত উঠি কিয় আহে ? উত্তৰ: ৰথত উঠি ‘প’ ভায়াই প্ৰশ্ন পকাই যায়, ফটহুৱে উত্তৰ বিছাৰি হাবাথুৰি খায়, উত্তৰ বিছাৰি ঘূৰি ফুৰোঁতে চেণ্ডেল ক্ষয় গ’ল, তথাপি কিন্তু ‘প’ ৰ লেবেল জিলিকিয়ে ৰ’ল! সেই লেবেল আজিও মেইণ্টেইন কৰিছে বোলে। ২/ চুইট লেনা দাস: কোৱা হয় যে পুৰুষ জাতি ভোমোৰা জাতি, গোবৰৰ দমতো কটাই ৰাতি। এই কথাষাৰ কিমান দূৰ সঁচা? উত্তৰ: একেবাৰে গোকাট মিছা, মিছাৰো মিছা আও মিছা, সঁচাৰ সৈতে এই কথাষাৰৰ

Read more

অসমীয়া হাস্য ব্যংগ ৰচনা – ড° বসন্ত কুমাৰ ভট্টাচার্য

আধুনিক গদ্য সাহিত্যৰ এটি বিশিষ্ট সংলাপ হ’ল ৰস ৰচনা অথবা ৰম্য ৰচনা। ৰীতি-প্রকৃতিৰ দিশৰ পৰা এইবিধ সাহিত্য নির্মাতিক ব্যক্তি নিষ্ঠ লঘু ৰচনা বা হাস্যব্যংগাত্মক ৰচনাও বুলিব পৰা যায়। অসমীয়া সাহিত্যত এইবিধ ৰচনাৰ উন্মেষ আৰু বিকাশ ঘটিছিল প্রধানতঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ হাতত। নক’লেও হ’ব যে এইবিধ ৰচনাত কৃতিত্ব অর্জন কৰিবলৈ সমৰ্থ হোৱাৰ বাবেই বেজবৰুৱাক ‘ৰসৰাজ’ বিভূষাৰে ভূষিত কৰা হৈছে। বেজবৰুৱাই কৃপাবৰ বৰুৱা ছদ্মনামত ‘জোনাকী’(১৮৮৯) আলোচনীত হাস্যব্যংগাত্মক যিবিলাক প্রবন্ধ ৰচনা কৰিছিল, সিবিলাকৰ এটি সংকলন প্রকাশ পায় ১৯০৪ চনত, সংকলনটোৰ নাম কৃপাবৰ বৰুৱাৰ

Read more

আইনষ্টাইন বেজবৰুৱা – ঈশান জ্যোতি বৰা

(১) কৃষ্ণগহ্বৰ আইনষ্টাইন বেজবৰুৱা নিৰুদ্দেশ৷ বীৰেনৰ মুখত খবৰটো শুনিয়েই মোৰ মূৰটো আচন্দ্ৰাই কৰাদি কৰিলে৷ ভাগ্য ভাল, কাষতে বাঁহৰ খুঁটাটো থম্‌থম্‌কৈ ৰৈ আছিল৷ তাকেই ধৰি এইবেলি সংকটৰ পৰা বাচিলোঁ৷ নহ’লে কথা গহীনেই হ’লহেঁতেন৷ পিচে দুৰ্ভাগ্যৰ কথা, বেজবৰুৱা মানুহজননো কেনেকৈ নাইকিয়া হ’ল-তাৰ সবিশেষ বীৰেনে মোক দিব নোৱাৰিলে৷ তাৰ পৰিৱৰ্তে সি অইন দুটামান তথ্যহে দি গ’ল৷ নমস্য মানুহজন অদৃশ্য হোৱাৰ খবৰটো শুনি তেওঁৰ গুণমুগ্ধ, ছাত্ৰ আৰু অনুৰাগী সমাজ শোকস্তব্ধ আৰু একেসময়তে বিস্ময়ত হতবাক হৈ পৰিছে৷ কোমল মনৰ দুজনমান ‘ডাই হাৰ্ড ফেন’ খবৰটো শুনি

Read more

তেল নিদিওঁ‌, তেজো নিদিওঁ‌ – শংকৰ শৰ্মা

নৰেনে ৰাতিপুৱাই এমুঠি খাই বৈ সাজু হ’ল। আজি সিহঁতৰ সংগঠনৰ ধৰ্ণা কাৰ্য্যসূচী আছে। তৈলক্ষেত্ৰ নিলামৰ প্ৰতিবাদত সিহঁ‌তে গুৱাহাটীত ধৰ্ণা দিব আৰু উপায়ুক্তৰ কাৰ্য্যালয় ঘেৰাও কৰিব। সি দাড়ীয়া বৃদ্ধ ছাত্ৰজনৰ নেতৃত্বত থকা সংগঠনটোৰ সদস্য। নৰেনে খাই বৈ উঠি ৰমেনৰ বাবে অপেক্ষা কৰিলে। দুয়ো একেলগে যোৱাৰ কথা। ৰমেনৰ পলম হোৱা বাবে তাৰ পেটে পেটে খং উঠিল। নিৰ্দিষ্ট সময়তকৈ সিহঁতৰ আধা ঘণ্টা পলমেই হ’ল। এনেতে সিহঁতৰ ঘৰৰ কলিং বে’লটো বাজি উঠিল। ফোঁ‌পাই জোঁ‌পাই ৰমেন আহি হাজিৰ। সি আহিয়েই পলম হোৱাৰ পুৰাণখন মেলিব ধৰিলে।

Read more

চক্ৰবেহু – ৰাজীৱ শৰ্মা

ফটা পোষ্টাৰ বেনাৰ প্ৰেজেণ্ট্চ চক্ৰবেহু প্ৰযোজনাঃ গীথিকা এছ পৰিচালনাঃ ৰাজীৱ শৰ্মা আৱহ সংগীতঃ ৰাজীৱ শৰ্মা দৃশ্য সংযোজনঃ সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য এডিটিং এণ্ড গ্ৰাফীক্চঃ উৎপলা শইকীয়া দৃশ্য (১) কেমেৰা শ্লৌ’ লী ঘূৰিব…..পুৱতি নিশাৰ শ্বট থাকিব….লাহে লাহে কেমেৰা আহি আহি ঘৰ এটাৰ ভিতৰৰ দৃশ্যত দেখা যাব…বেডৰুমত এখন কিং চাইজৰ বিছনাত শুই থকা অৱস্থাত দুটি সন্তান, পতি-পত্নীৰ সৈতে এটি পৰিয়াল। শুই থকাৰ পৰা লাহে লাহে মানুহজন উঠি বহে। হাতত সাৰে ভৰিত সাৰে মানুহজন, মূল চৰিত্ৰ অভিমন্যু শোৱাৰ পৰা উঠি টোপনিত লালকাল ল’ৰা-ছোৱালী দুটা

Read more

এচিড মাইনাৰ প্ৰেম – তৃষ্ণা টি ভূঞা

কলেজীয়া জীৱনটো বাৰু কাৰ অপ্ৰিয়৷ বিশেষকৈ মোৰ নহয় দেই৷ ইউনিভাৰছিটি যাওঁ যদিও এতিয়া গৱেষণাকাৰী হিচাবে চিৰিয়াছ মহিলাৰ ভাও ধৰি থাকিব লাগে, তথাপিও মনটো সেই বিছ একৈছ বছৰীয়া ছাত্ৰী যেনেই৷ বাংক্ মাৰি চিনেমা চাবলৈ যোৱা, পৰীক্ষাৰ সময়ত লাইব্ৰেৰীত গ্ৰুপ ষ্টাডিৰ নামত আড্ডা মাৰা, কলেজ হোষ্টেলৰ ৰোমাঞ্চক কাহিনী, কেণ্টিনৰ সাতুৰিব পৰা পনীয়া দাইল, আৰু কত কি যে মিছ কৰোঁ! যোৱাকালি ছেমিনাৰৰ কাৰণে ইউনিভাৰছিটি গৈ যেন স্মৃতিৰ সোপাটো আকৌ খোল খালে৷ আছলতে মাজে সময়ে থেচিচৰ কামত যাওঁ যদিও বি.এ., এম. এ. ৰ ছাত্ৰ

Read more

মাত্ৰ বাইছ চৰ – গায়ত্ৰী গোস্বামী

অভিযন্তা প্ৰশান্ত বাল্যবন্ধুসহ গড়আলিত পূজা চাই আছে। এজন বন্ধু এতিয়াও আহি পোৱাহি নাই। সেই লৈ উত্তেজিত ৰাজে ফোন কৰিলে, : এই তই আহিবিনে নাহ, এইখন তোৰ চেম্বাৰ বুলি ভাবিছ নেকি। আমি ডাক্তৰলৈ বোন্দাপৰ দি ৰৈ থাকিম হাঁ? উত্তৰলৈ বাট নাচাই ৰাজে ফোনটো কাটি, কাষতে থিয় হৈ থকা প্ৰশান্তক প্ৰশ্ন কৰিলে, : এই প্ৰশান্ত, তোৰ মনত আছেনে এই ডাক্তৰ গোলোকে মুঠতে সেইদিনা কেইচৰ খাইছিল। হাঃ হাঃ হাঃ! উপস্থিত বাকী চাৰিটাই সমস্বৰে চিঞৰি উঠিল, : মাত্ৰ বাইছ চৰ, কপাল ভাল আছিল, বাইছ

Read more
1 12 13 14 15 16 115