তেল নিদিওঁ, তেজো নিদিওঁ – শংকৰ শৰ্মা
নৰেনে ৰাতিপুৱাই এমুঠি খাই বৈ সাজু হ’ল। আজি সিহঁতৰ সংগঠনৰ ধৰ্ণা কাৰ্য্যসূচী আছে। তৈলক্ষেত্ৰ নিলামৰ প্ৰতিবাদত সিহঁতে গুৱাহাটীত ধৰ্ণা দিব আৰু উপায়ুক্তৰ কাৰ্য্যালয় ঘেৰাও কৰিব। সি দাড়ীয়া বৃদ্ধ ছাত্ৰজনৰ নেতৃত্বত থকা সংগঠনটোৰ সদস্য। নৰেনে খাই বৈ উঠি ৰমেনৰ বাবে অপেক্ষা কৰিলে। দুয়ো একেলগে যোৱাৰ কথা। ৰমেনৰ পলম হোৱা বাবে তাৰ পেটে পেটে খং উঠিল। নিৰ্দিষ্ট সময়তকৈ সিহঁতৰ আধা ঘণ্টা পলমেই হ’ল। এনেতে সিহঁতৰ ঘৰৰ কলিং বে’লটো বাজি উঠিল। ফোঁপাই জোঁপাই ৰমেন আহি হাজিৰ। সি আহিয়েই পলম হোৱাৰ পুৰাণখন মেলিব ধৰিলে। নৰেনে বাধা দি ক’লে – “তোৰ ‘পলম পুৰাণ’ থ। এতিয়া আৰু পলম কৰিব নালাগে। তাৰা-তাৰি ব’ল।”
দুয়ো মটৰ চাইকেলেৰে গন্তব্যস্থানলৈ ৰাওনা হ’ল। কিছুদুৰ যোৱাৰ পিছত ৰমেনে ক’লে – “নৰেন, তই এটা কথা লক্ষ্য কৰিছ নে? ধৰ্ণা, ঘেৰাও আদি কাৰ্য্যসূচীবোৰত আমাৰ দাড়িয়া বছ হ’লে উপস্থিত নাথাকে।”
“আৰে কিয় থাকিব ভাই। পুলিছৰ লাঠিচালনা হ’ব পৰা সম্ভাব্য কাৰ্য্যসূচীত বছবোৰ উপস্থিত নাথাকে নহয়। তেওঁলোকে মৌন সমদ’ল, অৱস্থান ধৰ্মঘট আদি কাৰ্য্যসূচীত আৰু কেমেৰাৰ সন্মুখত ক’ব লগা হ’লেহে আবিৰ্ভাৱ হয়। নেতাৰ কথাই সুকীয়া ভাই” – নৰেনৰ যথাযথ উত্তৰ।
দুয়ো কথাৰ মহলা মাৰি গৈ থাকোতে কেতিয়া লক্ষ্যস্থানত উপনীত হ’ল গমেই নাপালে। গৈয়েই মটৰ চাইকেলখন থানথিত লগাই কাৰ্য্যসূচীত যোগ দিলে। অৱশ্যে তেতিয়ালৈকে কাৰ্য্যসূচী আৰম্ভ হোৱাই নাই, প্ৰস্তুতিহে চলি আছে।
‘তেজ দিম, তেল নিদিওঁ’ লিখা থকা প্লে’কাৰ্ডবোৰ মাজে মাজে একাংশ সদস্যক হাতে হাতে ল’ব দিয়া হ’ল। নৰেন আৰু ৰমেনেও দুখন প্লে’কাৰ্ড হাতত ল’লে। সকলো প্ৰস্তুতি সম্পূৰ্ণ, কিন্তু কাৰ্য্যসূচী আৰম্ভ হোৱাই নাই।
এজনে ক’লে – “টিভি কেমেৰাবোৰ আহি পালেই আৰম্ভ কৰিম।”
আজিকালি টিভি কেমেৰা নহ’লে কোনো কামেই নহয়। ৰাইজে চোৰ ধৰি ৰৈ থাকে, কেমেৰা আহি পালেই পিটন আৰম্ভ কৰে। কোনো সংগঠনে ৰাস্তা মেৰামতি কৰিব, কেমেৰা আহি পোৱালৈ বাট চাই থাকে। আহি পালেই কাম আৰম্ভ, যেন একেৰাতিৰ ভিতৰতে গড়হে বান্ধিব! দুৰ্ঘটনা, অগ্নিকাণ্ড, হত্যাকাণ্ড আদি হ’লেও ৰাইজে প্ৰথমে টিভি কেমেৰাকহে খবৰ দিয়ে। টিভিত ওলোৱাৰ কিযে বাসনা! কান্ধত মোনা লোৱা আৰু হাৱাই চেণ্ডেল পিন্ধাজনৰটো কেমেৰা দেখা পালেই নাটক আৰম্ভ হৈ যায়। মুঠতে আজিকালি কেমেৰা নহ’লে কোনো কামেই নিসিজে।
যি কি নহওঁক, অৱশেষত এঘণ্টা পলমকৈ কেমেৰা আহি পালে। লগে লগে কাৰ্য্যসূচী আৰম্ভ। “ইনকিলাব জিন্দাবাদ” “তেজ দিম, তেল নিদিওঁ” আদি চিয়ঁৰবোৰ ফুল ভলিউমত বাজি উঠিল। গলৰ সিৰ ফুলাই সমস্বৰত চিয়ঁৰবোৰ চলি আছে। কেমেৰাৰ ওচৰ পালেই চিয়ঁৰবোৰ তীব্ৰতৰ হয়। ইফালে আগৰ পৰা সষ্টম হৈ থকা পুলিচ বাহিনীয়ে ৰাইজৰ ‘তেজ দিম, তেল নিদিওঁ’ অভিযানত বাধা আৰোপ কৰিলে। দ’লটোক আৰু আগলৈ যাবলৈ নিদিয়ে। কিন্তু আন্দোলনকাৰীসকলো নাচোৰবান্দা, যাবই। পুলিচ আৰু তেওঁলোকৰ মাজত খকা-খুন্দা আৰম্ভ হ’ল। প্ৰায় ডেৰ-দুই ঘণ্টা ৰাজপথতে শ্লোগান চলি থাকিল। এনেতে পুলিচ বিষয়া এজনলৈ এটা ফোন কল আহিল। সম্ভৱতঃ কোনোবা শীৰ্ষ বিষয়াই কিবা নিৰ্দেশ দিছে। তাৰপিছতে কেইজনমান পুলিচে ‘তেজ দিম, তেল নিদিওঁ’ প্লে’কাৰ্ড লোৱা সদস্যসকলক আৰু আগত শ্লোগান দি থকা কেইজনমানক বাচি বাচি এখন বাচত উঠাই জোৰ জৱৰদস্তি লৈ গ’ল। পুলিচে নিয়া দ’লটোৰ মাজত নৰেন আৰু ৰমেনো আছে।
নৰেনে ৰমেনৰ কাণত ফুচফুচাই ক’লে – “এতিয়া আমাক কোনোবা থানালৈ নি আৱদ্ধ কৰি থ’ব।”
কিন্তু নৰেনৰ ভাৱনা সঁচা নহ’ল, বাচখন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ ফালেহে গতি কৰিলে।
তেতিয়া ৰমেনে ক’লে – “প্ৰথমে আমাৰ স্বাস্থ্য পৰীক্ষা কৰি ল’ব, তাৰপিছতহে থানালৈ নিব। এইটো আৰক্ষীৰ নিয়ম।”
বাচখন গৈ জিএমচিএইচৰ চৌহদত ৰ’ল। পুলিচে এজন এজনকৈ সকলোকে নামিবলৈ নিৰ্দেশ দিলে। তাৰপিছত দ’লটোক হস্পিটেলৰ ব্লাড বেংকৰ সন্মুখত শাৰী পাতিবলৈ ক’লে এজন পুলিচ বিষয়াই। সকলো আচৰিত হ’ল। স্বাস্থ্য পৰীক্ষাৰ বাবে আকৌ ব্লাড বেংক কিয়?
পুলিচ বিষয়াজনে এইবাৰ কিছু কৰ্কশ মাতেৰে ক’লে – ” এনে তেজ দিয়া কেইটা ওলাইছে। চাওঁ নহয়, কোনে কোনে তেজ দিয়ে। তেজ দিম, তেল নিদিওঁ বুলি চিয়ঁৰিছিলি নহয়। এতিয়া ব্লাড বেংকত এজন এজনকৈ তেজ দে। অন্তত তহঁতৰ তেজেৰে কোনোবা দুখীয়া-নিচলাৰ জীৱন ৰক্ষা পৰিব। যদি ইমানেই তেজ দিয়া ওলাইছ, ৰাজপথত নালাগে, ব্লাড বেংকত দে।”
গলৰ সিৰ ফুলাই তেজ দিম বুলি চিয়ঁৰা ল’ৰাহঁতৰ এইবাৰ সাৰ-সুৰ নোহোৱা হ’ল। ঘটনা বিষম দেখি এজনে চিয়ঁৰিলে – ” তেল নিদিওঁ, তেজো নিদিওঁ”। তাকে দেখি বাকীসকলেও তেওঁৰ লগতে কোৰাচ জুৰিলে – “তেল নিদিওঁ, তেজো নিদিওঁ”
☆★☆★☆
11:16 pm
উচ্চমানৰ ব্যংগ, ভাল লাগিল পঢ়ি
10:48 pm
তামাম লাগিল৷ টিভি কেমেৰা নহলে কোনো আন্দোলনৰ আৰম্ভনি নহয়, একদম গোকাট সচা কথা৷
11:06 pm
মজা লাগিল দেই৷ শেষৰ খিনি তামাম৷ তেজো নিদিও তেলো নিদিও৷