ফটাঢোল

গোলাৱী দৰ্দ – উত্তৰা শৰ্মা বৰুৱা

“বক্ৰতুন্দ মহাকালে সূৰ্য্যাকৌটি সমপ্ৰভঃ, নিৰ্ভিঘ্নে কুৰ্মে গৌৰী নাৰায়ণে নমো নমঃ” –পৰ্দাত গণেশৰ মূৰ্তি দেখুওৱাৰ লগে লগে বাজি উঠিল গণেশ বন্দনা….. (তাৰ পিছতেই পৰ্দাত দেখা যাব…) “ফটাঢোল” ক্ৰিয়েচনৰ নিবেদন ….   “গোলাৱী দৰ্দ“   প্ৰথম দৃশ্যঃ এগছি বন্তিত নিবদ্ধ কেমেৰা লাহে লাহে ৱাইদ এংগোলত যায়.. কেমেৰা ফ’কাছ হয় এক বৃহৎ কালী মূৰ্তিৰ মুখখনত… বেকগ্ৰাউণ্ডত বাজি আছে,- “য়া দেৱী সৰ্ব্ব ভূতেস্যু শক্তি ৰূপেনঃ সংস্থিতা……..“ কালী মূৰ্তিৰ পৰা কেমেৰা এইবাৰ ঘূৰে, দৃষ্টিগোচৰ হ’ল লাল শাড়ী পিন্ধি ওৰণিৰে মূৰ ঢাকি তললৈ মূৰ কৰি ধ্যানত

Read more

সঁচা কথা – ব্ৰজেন বৰদলৈ

জিনা মাষ্টৰণী আৰু এই অভাগী একে বিদ্যালয়ৰ শিক্ষক হিচাপে আছোঁ। মই অসমীয়া পঢ়ুৱাওঁ। জিনায়ে আকৌ দ্বিতীয় শ্ৰেণীৰ অংক পঢ়ায়। ওচৰত থকা ক্লাচ বাবে ছাত্র-ছাত্ৰীকেইজনক কিবা এটা লিখিবলৈ দি কেতিয়াবা জিনাৰ ক্লাচৰ মুখতে ৰৈ থাকোঁ। এদিন জিনায়ে অংক পৰীক্ষা লৈ আছে। মই হুলস্থুল নাই বাবে গৈ চালোঁ। এটা ল’ৰাই থিয় হৈ এঘণ্টা অংক কৰি আছে। আকৌ এবাৰ গৈ দেখা পালোঁ যে সেই ল’ৰাজনেই পথালি হৈ টেবুলত অংক কৰিছে। কথাটো কি! ভালকৈ চাই দেখিলোঁ যে ব’ৰ্ডত বাইদেউৱে লিখি থৈছে, ১/থিয়কৈ যোগ কৰা।

Read more

ওকণি – মণ্টু কুমাৰ ডেকা

মূৰটো মাজে-মাজে খজুৱাই থাকে। খজুৱাই খজুৱাই আমেজ লওঁ। কিবা কামত গভীৰ ব্যস্ত থাকিলে কেতিয়া খজুৱাওঁ, কেনেকৈ খজুৱাওঁ এইবোৰৰ ধ্যান নাথাকে। মুঠতে খজুৱাই দিওঁ, সেয়া লাগিলে মানুহৰ মাজত কাণত সৰু আঙুলিটো ভৰাই বিন্দাছ খজুৱাই আমেজ লোৱাই নহওঁক কিয়, খজুৱাই দিওঁ। বিহাৰী এজনক চছমাৰ ফ্ৰেমৰ কাণত হেঁচি ধৰা এডালকে কাণত ভৰাই এটা চকু বন্ধ কৰি আনটো সৰুকৈ মেলি খুব আমেজেৰে কাণ চাফা কৰি থকাটো প্ৰায়ে দেখো। একো নাই “স্বচ্ছ ভাৰত”। মানুহ চাফা হ’ব লাগে। ৰাস্তা-ঘাট চাফাকৈ ৰখাৰ দৰে কাণ-চাণো চাফাকৈ ৰাখিব লাগে।

Read more

…….. – অমিতাভ মহন্ত

– হেল্লো নিনাদ…. – হুমম…. – টাইৰ দাম কিমান জাননে? – কি??? – টাই টাই। তহঁতে যে ডিঙিত বান্ধি ফুৰ সেয়া টাই। নিনাদে কাণৰ পৰা ম’বাইলটো গুচাই স্ক্ৰীণত সময় চালে৷ তাৰ পিছত চকুৱে মুখে চুড়ান্ত বিৰক্তি একগোট কৰি লৈ চিঞৰি উঠিল, – অই বান্দৰী, পাগল হ’লি নেকি তই? এই ৰাতি তিনিটা বজাত টাইৰ দাম?? মাথা নষ্ট হোৱা নাইতো তোৰ?? নিনাদৰ বিৰক্তিক নামমাত্ৰও গুৰুত্ব নিদিয়াকৈ কন্বকীয়ে আকৌ সুধিলে, – অ’ পাগলেই হৈছোঁ বুজিছ৷ দাম কিমান? – কি দাম? – টাইৰ৷ –

Read more

ডাক্তৰ: ডা° পাৰ্থসাৰথি ভূঞা

বৰ্তমান অসমত ডাক্তৰ সকলৰ প্ৰতি বহুতৰে ভাল ভাব নাই। এসময়ত ভগৱানৰ শাৰীত ৰখা ডাক্তৰ সকলক এতিয়া বহু মানুহে অহংকাৰী, বেপাৰী, ডকাইত আদি শব্দৰে গালি পাৰিয়েই থাকে, যিটো ছচিয়েল মিডিয়াত বেছিকৈ দেখা যায়। মোৰ দেউতাও এজন চিকিৎসক, তেওঁলোকৰ দিনত অত্যাধুনিক যন্ত্ৰপাতি বা পৰীক্ষা আদি নাছিলেই। ষ্টেট’স্কপ আৰু প্ৰেচাৰ জোখা যন্ত্ৰৰেই ৰোগীৰ ৰোগ অনুমান কৰি ঔষধ পাতি দিয়াৰ পাছতো যদি ৰোগী নাবাচে, মানুহে কৈছিল, ডাক্তৰে যত্ন কৰিছিল কিন্তু আয়ুসত চাউল নাই আৰু! তেতিয়া ডাক্তৰ এজনক সকলোৱে যথেষ্ট সন্মান কৰিছিল। গাঁৱৰ ডাক্তৰক, গাঁৱত

Read more

কণপিতৌৰ সমস্যা- বেদব্ৰত বৰা

ভেকুলীৰ টোৰটোৰণি মাৰ নৌযাওঁতেই নামঘৰত ডবাৰ কোব পৰিল। কণপিতৌৱে খৰকৈ খোজ দিলে। আজিও প্ৰাৰ্থনা পলম হ’লে ডিম্বেশ্বৰ দাইটিৰ গালি শুনিব লাগিব। এই মানুহজনে খালি গালি পাৰোঁ পাৰোঁকৈ থাকে। সুবিধা পালেই ক’বলৈ আৰম্ভ কৰে,“কণপিতৌ তোৰ আৰু নহ’ব। আজিও পলম কৰিলিনে? জীৱনত কেতিয়াবা সময়মতে কাম কৰি পাইছনে? সেইকাৰণে এতিয়ালৈকে তোৰ ঘৈণীয়েৰৰ সন্তান হোৱা নাই বুজিলি”। এই গালিটো পাৰিলে তাৰ চুলিবোৰ ঠিয় হৈ যায়। কাণ দুখন ৰঙা পৰি যায় আৰু দুয়োখন কাণেৰে হো হোকৈ কিছুমান শব্দ ওলাবলৈ ধৰে। অলপ দেৰিলৈকে সি একো নুশুনা

Read more

দিয়াচলাই : মনালিছা

বৰাই নতুন কেমেৰা ল’লে৷ DSLR যে সেইটো৷ ফটো উঠাবলৈ টাউনত শিকিও আহিলগৈ এক মাহ মান৷ লৈছে যেতিয়া দুটকামান ইনকাম কৰাও ভাল৷ বিশেষ একো নাই৷ যাক ফটো উঠাব তেওঁৰ মাইণ্ডটো চেট কৰিব পাৰিব লাগিব৷ যেনে- আপুনি কিন্তু বৰ ধুনীয়া৷ হাঁহি এটা মাৰি দিলে আৰু ভাল লাগিব, অলপ আৰু অকণমান চাইদ হৈ দিয়কচোন, মূৰটো অলপ আৰু অলপ পোন কৰি দিয়ক৷এইবোৰ কৰি কৰি বৰাই হাত খৰচ উলিয়ালে দেই অলপ চলপ৷ বৰানীয়েও বোলে মোক ভালকৈ দুকপিমান উঠাই দিয়া দেই ফেবুত দিওঁ ’জ্বলক অলপ পায়িজাত

Read more

হালি- নিৰ্মালী বৰমুদৈ

বিভিন্ন ক্ষেত্ৰত বিভিন্নজনৰ নানান অভিজ্ঞতা হয়। এই অভিজ্ঞতা সমূহে বাস্তৱ জীবনত বাৰুকৈয়ে প্ৰভাৱ পেলায়। মোৰ ক্ষেত্ৰতো এনেকুৱা বহুত কিছুমান অভিজ্ঞতাই জীবনটো শুদ্ধ ৰূপত চলাই নিয়াত সহায় কৰিছে। অলপ দিনৰ আগৰ ঘটনা। কৰ্মসুত্ৰে নগাঁৱত থাকোঁ। ভাড়াঘৰত থাকোঁ, লগৰ এগৰাকীৰ লগত। ৰুমটোৰ ওচৰে পাজৰে দোকান বজাৰ উভৈনদী। সদায় একেখন দোকানৰ পৰা বজাৰ কৰাৰ কাৰণে দোকানীজন চিনাকিয়ে হৈছেগৈ। এদিনাখনৰ কথা। ৰুমমেট গৰাকী ঘৰলৈ গৈছিল। স্কুলৰ পৰা আহি থাকোঁতে ভাবিলোঁ এতিয়াতো গৈ পেটৰ কেচু-কুমতিবোৰ মাৰিব লাগিবগৈ। ৰাতিপুৱাও মেগীহে ভক্ষণ কৰি আহিছোঁ (সাধাৰনতে অকলে থাকিলে

Read more

কাউৰী, মাছৰ পেটু, নাৰিকলৰ বাকলি ইত্যাদি-ইন্দুকল্প শইকীয়া

চৰাইৰ ভিতৰত কাউৰীৰ গুৰুত্বই অসমীয়া সমাজত প্ৰায় ক্ষেত্ৰতে “কলৰে পাততে কাউৰী পৰে” গীতটোৰ সীমাৱদ্ধতা পাৰ কৰিবলৈ অসমৰ্থ হয়। কেতিয়াবা অতিথি অহাৰ আগজাননী পাবলৈ এই পক্ষীটিৰ অৱস্থিতিক সামাজিকভাৱে কিছু গুৰুত্ব দিয়া দেখা যায়। পিছে পূর্ব ভাৰতৰপৰা যিমানেই দক্ষিণলৈ আহি থাকিব কাউৰীৰ গুৰুত্বও সিমানেই বাঢ়ি গৈ থকা দেখিবলৈ পাব। প্রথম চেন্নাইলৈ আহি যেতিয়া ইয়াৰ লোকসকলে কাউৰীক মৰমতে ভাত খাবলৈ দিয়া দেখিছিলো আচৰিত লাগিছিল। লাহে লাহে কাউৰী যে দক্ষিণৰ বাবে এক পবিত্র পক্ষী সেয়া মানি ল’বলৈ ধৰিছিলো। কিন্তু তথাপিও কেতিয়াবা কিছুমান ঘটনাই অলপ

Read more

গান দুটামান গালোঁ – ইফতিখাৰ হুছেইন

কাৰ্যালয়ৰ ডাঙৰ হলটোত অস্থায়ী মঞ্চ সাজি বিশ্বকৰ্মা পূজাৰ দিনা আবেলি সাংস্কৃতিক অনুষ্ঠান পতা হৈছিল। সকলোৱে ভাল গাইছে। হলৰ ভিতৰত চকীত বহি থকা মানুহখিনিৰ উপৰিও খিৰিকীৰ বাহিৰৰ পৰাও কিছুমানে থিয় হৈ অনুষ্ঠান চাইছিল। দৰ্শকৰ আনন্দত মইও মঞ্চত নাচি বাগি আপোন পাহৰা হৈ গ’লোঁ। মোৰ অনুষ্ঠান শেষ হোৱাৰ পিছত অফিচৰ এজনে ক’লে – “ছাৰ, আপোনাৰ গান শুনি খিৰিকীৰ মুখত ঠিয় হৈ থকা ছোৱালীজনী পলাল। কিয়?” “মই তেতিয়া গাই আছিলোঁ – মেৰে চামনেৱালী খিৰকী মে, এক চান্দ্ কা টুকৰা ৰেহতা হে!” ধেৎ তেৰি!

Read more
1 24 25 26 27 28 115