…….. – অমিতাভ মহন্ত
– হেল্লো নিনাদ….
– হুমম….
– টাইৰ দাম কিমান জাননে?
– কি???
– টাই টাই। তহঁতে যে ডিঙিত বান্ধি ফুৰ সেয়া টাই।
নিনাদে কাণৰ পৰা ম’বাইলটো গুচাই স্ক্ৰীণত সময় চালে৷ তাৰ পিছত চকুৱে মুখে চুড়ান্ত বিৰক্তি একগোট কৰি লৈ চিঞৰি উঠিল, – অই বান্দৰী, পাগল হ’লি নেকি তই? এই ৰাতি তিনিটা বজাত টাইৰ দাম?? মাথা নষ্ট হোৱা নাইতো তোৰ??
নিনাদৰ বিৰক্তিক নামমাত্ৰও গুৰুত্ব নিদিয়াকৈ কন্বকীয়ে আকৌ সুধিলে,
– অ’ পাগলেই হৈছোঁ বুজিছ৷ দাম কিমান?
– কি দাম?
– টাইৰ৷
– নাজানো, ফোন ৰাখ৷
– সঁচাই নাজান দাম?
– নাজানো অ’ মোৰ মা৷ প্লিজ ফোন ৰাখ৷ পুৱাই ক্লাছ আছে৷ তয়ো শুই লছোন৷ ৰাতিপুৱা কামুৰিবি আকৌ৷
– আৰে শুয়েই আছিলোঁ ৰে৷ সপোনত দেখিলোঁ নিবিড়দাই এদাল টাই মাৰিছে৷ কি যে হেণ্ডছু লাগিছে নহয়!
– তাতে কি হ’ল?
– কি হ’ল মানে? টাই কিনিম আকৌ৷ মস্তি লাগিব কাইলৈ৷
নিনাদৰ মূৰটো এইবাৰ ভকভককৈ গৰম হ’বলৈ ধৰিলে৷ অলপ সময় মনে মনে থাকি লাহেকৈ ক’লে,
– ফোন ৰাখ৷ তোৰ নিবিড়দাৰ বিষয়ে এই ৰাতি কথা পতাৰ কোনো ইচ্ছা নাই মোৰ।
কন্বকীয়ে কিবা-কিবি কৈয়েই আছিল৷ নিনাদে সেইবোৰ নুশুনাকৈ খঙতে ফোনটো কাটি দিলে৷ এই ৰাতি বুলিয়েই নহয়, দিনটো এই ‘নিবিড় গাথা’ শুনিবলৈ তাৰ মুঠেও ভাল নালাগিব৷
কন্বকীক কেতিয়াবা বৰ অদ্ভুত লাগে নিনাদৰ৷ কলেজৰ প্ৰথম দিনটোৰ পৰাই চিনাকি দুয়ো৷ এতিয়া অভিন্ন বন্ধু৷ পিচে নিনাদৰ যে বন্ধুতকৈ বেছি কিবা হোৱাৰ মন৷
ছেকেণ্ড ইয়েৰত এদিন হঠাৎ কন্বকীয়ে নিনাদক ৰেষ্টুৰাঁললৈ মাতি নিলে, – বুজিছ নিনাদ, মোৰ লাগিছে মই চাগে তোক বন্ধুতকৈ বেছি কিবা বুলি ভাবি লৈছোঁ৷
নিনাদৰ হাৰ্টবিট বন্ধ হোৱাৰ উপক্ৰম৷ কোনোমতে সুধিলে,
– কি বুলি ভাবিছ??
প্ৰকাণ্ড মম’ এটা মুখত সুমুৱাই লৈ কন্বকীৰ চিধিচিধি উত্তৰ,
– বেষ্ট ফ্ৰেইণ্ড আকৌ৷
সেইদিন ধৰি বেষ্ট ফ্ৰেইণ্ড হৈয়েই ৰৈ গৈছে নিনাদ৷ বহুদিন চেষ্টা কৰিও পাগলীজনীক মনৰ কথা কোৱাৰ সাহস নহ’ল তাৰ৷
এসপ্তাহৰ আগতে কন্বকীয়ে ফুচফুচাই তাক ক’বলৈ ধৰিলে,
– তোক বহুদিনৰ পৰা কথা কম বুলি ভাবি আছোঁ৷
আকৌ নিনাদৰ হাৰ্টবিট বন্ধ হোৱাৰ উপক্ৰম৷ কোনোমতে মাত দিলে, – কি কথা৷
– নিবিড় দাই মোক প্ৰপ’জ কৰিছে৷
মূৰটো গৰম গৈ গ’ল নিনাদৰ৷ চুড়ান্ত খঙত চিঞৰি উঠিল সি,
– থাপ্পৰ লগাই দিবি তাক৷ কি বুলি ভাবে সি নিজকে?
– ছিঃ ছিঃ কি কৈছ৷ থাপ্পৰ কিয় মাৰিম বাৰু? ইমান কিউট নিবিড় দা৷
– তাৰমানে?? তাৰমানে তই হা কৈ দিলি তাক? তই পাগল হৈছ নেকি?
– আৰে নাহ৷ লগে লগে হাঁ ক’লে মোৰ ডিমাণ্ডটো ক’ত থাকিব৷ দুদিনমান যাব দেচোন৷
নিনাদৰ কিবা ক’বলৈ ভাষা নোহোৱা হৈ পৰে৷ অবাক হৈ সি কন্বকীলৈ চাই ৰয়৷ এইবোৰ কথা কোৱাৰ সময়ত সাধাৰণতে ছোৱালীবোৰে চকু নমাই লাজ লাজকৈ কয়৷ এইজনীয়ে পিচে লাজ মান নোহোৱাৰ দৰে নিনাদলৈ তেলতেলকৈ চাই আছিল৷
মুখৰ ভাষাত আহত হৈ নিনাদৰ বোধকৰো তাইৰ চকুৰ ভাষা পঢ়াৰ ধৈৰ্য্য নাছিল সেইদিনা…
এছ এম এছৰ শব্দত নিনাদ বাস্তৱলৈ ঘূৰি আহিল৷ কন্বকীয়ে কিবা পঠিয়াইছে৷
“বেয়া নাপাবি তোক এই ৰাতিখন দিগদাৰ দিছোঁ৷ এটা কথা জনাবলৈ মেছেজ কৰিলোঁ৷ সপোনত আচলতে কাকো স্পষ্টকৈ দেখা নাই৷ কিন্তু এটা কথা ঠিক, টাইৰ ৰংটো নীলা আছিল …….. “
মেছেজটো বাৰে বাৰে পঢ়িলে সি৷ ডট কেইটাৰ ফালে বাৰে বাৰে চকু গৈছে তাৰ৷ মুঠ আঠটা ডট৷ কিয় জানো তাৰ ভাবিবলৈ মন গৈছে যে আৰু কিছু সময় চাই থাকিলেই এই আঠটা ডট নিজে নিজেই আঠটা ইংৰাজী বৰ্ণ হৈ উঠিব৷
ৰাতি তিনি বাজি বিশ মিনিট গৈছে৷ নিনাদে কিবা ভাবি ৰাহুলক ফোন লগালে৷
– হেল্লো ৰাহুল৷
– হুমম৷
– টাই এডাল আছে নহয় তোৰ, নীলা ৰঙৰ টাই এডাল?
– হুমম, অ’ আছে৷ কি হ’ল?
– মোক সেইদাল দিবি এদিনৰ কাৰণে?
– কামুৰিবলৈ সময় নাপালি?? কেইটা বাজিছে দেখা নাই?
– কাইলৈ ভাই টাইডাল লাগিব হাঁ৷
ৰাহুলে ফোনটো কাটি দিলে৷ ছেঃ, কাইলৈ বা দিয়েনে নিদিয়ে টাইডাল!
একেজাপে উঠি নিনাদে নীলা টাইৰ লগত মিলি যোৱা চাৰ্ট বিছাৰিবলৈ ধৰিলে৷ পচন্দৰ চাৰ্ট এটা লৈ ইষ্ট্ৰি কৰাত লাগি গ’ল নিনাদ৷ সময়ৰ কাম সময়ত কৰিব লাগে….
হঠাৎ যেন কিবা এটা মনত পৰিল নিনাদৰ৷ গণি গণি এঘাৰটা ‘ডট’ লিখি কন্বকীলৈ মেছেজটো পঠিয়াই দিলে সি৷ এনেও কন্বকী তাতকৈ বহুত স্মাৰ্ট, চোকা, বুধিয়ক৷
বুজি পাব চাগে!!!
☆★☆★☆
11:07 am
“ডট” ৰ মাহাত্ম্য, শিৰোনামাটো দেখি আচৰিতেই হৈছিলো।
চুপাৰ্ব
11:32 am
কি সাংঘাতিক! খুব কম শব্দত বহুত কথা কোৱা এটি মনোমোহা গল্প
12:25 pm
ইমান ধুনীয়াকৈ expressed কৰিলে ..
10:09 pm
ধুনীয়া।
10:33 pm
বৰ ভাল লাগিল । দুবাৰ পঢ়িলো ।
8:04 am
অমিতাভ বিদ্যা গল্পটোৰ অন্তৰ্নিহিত কথাটো বুজিবলৈ সময় লাগিল৷ অগতানুগতিক একদম৷
12:44 pm
ডটৰ মহাত্ম্য। অৰ্থপূৰ্ণ। বুজিবলৈ সময় লাগিল। বুজি উঠি ভাল লাগিল।
8:09 pm
ভাল লাগিল অ’ গল্পটো !