ফটাঢোল

ফটাপ্ৰেম – মিৰাজুল ৰছিদ

‘প্ৰেম’ শব্দটো বৰ মিঠা। একেবাৰে চেনী টাইপ মিঠা। অ, চেনীৰ পৰা মনলৈ আহিছে মই কলেজৰ দিনত এতিয়াৰ দৰে চেনী নাছিলোঁ। ছোৱালীৰ ছাঁ দেখিলেই লাজতে  মৰিছিলোঁ। ছোৱালীৰ চকুত চকু থৈ কথা ক’ব পৰা সেই সাহস মোৰ তেতিয়া নাছিল। বন্ধুবোৰে যেতিয়া ছোৱালীৰ লগত কথা পাতে, ছোৱালী জোকাই ফুৰে মই মনতে ভাবোঁ‌ যে, আচলতে এইজনহে বীৰ। কি সুন্দৰ প্ৰতিভা এয়া। কাচ মোৰো এনে দিন অহাহেতেঁন। অৱশ্যে মোৰ মনৰ ভিতৰত কিন্তু সেই তেতিয়াৰে পৰাই চলমান খান টাইপ হিৰো এটা লুকাই আছিল। যদিও দেখিবলৈ কাঠৰ

Read more

বিভিন্নজনৰ একলম -ৰামানুজ গোস্বামী

বৰ্তমান যুগৰ যান্ত্রিক জীৱনৰ পৰা কিছু নিলগত অকৃত্রিমভাৱে অকণমান হাঁহি-ধেমালি কৰাৰ উদ্দেশ্যৰে, সততে ফেচবুকৰ গোট বা ৱালত হৈ থকা তৰ্ক-বিতৰ্কৰ পৰিৱৰ্ত্তে, এমুঠিমান সমভাৱাপন্ন মানুহ লগ হৈছিলোঁ ফটা ঢোল নামৰ ফেচবুকৰ গ্ৰুপ এটাৰ জৰিয়তে। ইজনে-সিজনক বিশেষ চিনি নোপোৱাৰ পিছতো তেওঁলোকৰ মাজত চলিছিল নিৰ্দোষ ধেমালি…সৰু সৰু ধেমেলীয়া পোষ্টবোৰে হাঁহিৰ খোৰাক জগোৱাৰ লগতে প্ৰত্যেকৰে মাজত বাঢ়ি আহিছিল আন্তৰিকতা। আচলতে এই গ্ৰুপটোত কোনো বিশেষ সাহিত্যিকো নাছিল, কিন্তু প্ৰায় ১০% মান সদস্য আছিল নৱ প্ৰজন্মৰ সাহিত্য চৰ্চা কৰা কিছু লোক। তেওঁলোকে মন কৰিলে যে ধেমালিৰ

Read more

প্ৰেম আৰু ৰ’দালিৰ কবি হীৰেন ভট্টাচাৰ্য — চাহিন জাফ্ৰি

সাম্প্ৰতিক অসমীয়া কাব্য জগতত “হীৰুদা” নামেৰে জনপ্ৰিয়তা অৰ্জন কৰা কবি হীৰেন ভট্টাচাৰ্যক সুগন্ধি পখিলাৰ কবি বুলিও জনা যায়। শব্দৰ যাদুকৰ হিচাবেও খ্যাত এইজনা কবিৰ কেইবাখনো কাব্য সংকলন প্ৰকাশ পাইছে। তাৰ ভিতৰত- ‘ৰৌদ্ৰ কামনা’ (১৯৬৪), ‘মোৰ দেশ আৰু মোৰ প্ৰেমৰ কবিতা’ (১৯৬৯), ‘বিভিন্ন দিনৰ কবিতা’ ‘কবিতাৰ ৰ’দ’, ‘শইচৰ পথাৰ মানুহ’ (১৯৯১) আৰু তেখেতৰ স্ব-নিৰ্বাচিত কবিতাৰ সংগ্ৰহ’ সুগন্ধি পখিলা’। ১৯৩২ চনত যোৰহাট জিলাত জন্ম গ্রহণ কৰা কবি ভট্টাচাৰ্যই ১৯৯২ চনত’ সাহিত্য অকাডেমি বঁটা’ আৰু ২০০০ চনত ‘অসম উপত্যকা সাহিত্য বঁটা’ লাভ কৰে।

Read more

মায়াময় সংসাৰ – নাজিয়া হাচান

“আমাৰে বাচাটো শুব এ, বাৰীতে বগৰী ৰুব এ, অয়ে.. অ’.. অ’.. অ’.. বাচা মোৰ টোপনি যায়ে.. অ’.. অ’.. টোপনি যাচোন অ’ ল’ৰা! টোপনি যা। অ’.. অ’.. অ’.. অয়ে.. বাচা মোৰ টোপনি যাই এ।” মানুহগৰাকীয়ে কেঁচুৱাটোক সন্ধিয়া সাতমান বজাৰপৰা এবাৰ কোলাত লৈ, এবাৰ বিচনাত ভৰি দুখন চিধাকৈ মেলি বহি, গাৰুটো ভৰিৰ পতাখনৰপৰা অলপ তলত লৈ, কেঁচুৱাটোক তাত শুৱাই ভৰি দুখন জোৰে জোৰে লেফ্ট ৰাইট কৰি আছে। পিছে নাই, কেঁচুৱা কিন্তু নুশুৱেয়। কন্দাও নাই সি। কোলাত লৈ থাকিলে অকণমানো আমনি নকৰে সি।

Read more

মূৰ্খ পণ্ডিত (মূল কাহিনী:- সন্তোষ মাহাতু ) – অনুবাদ:পূৰ্বী কটকী

বহুত দিনৰ আগৰ কথা, ৰামপুৰ নামৰ এখন গাঁৱত এজন মূৰ্খ ব্ৰাহ্মণ আছিল। তেওঁৰ পৰিয়ালটো বৰ দুখীয়া আছিল। সেইকাৰণে ব্ৰাহ্মণৰ পত্নীয়ে তেওঁক বাৰে বাৰে পঢ়িবলৈ আৰু কিবা শিকিবলৈ কৈছিল কিন্তু ব্ৰাহ্মণ বৰ এলেহুৱা আছিল বাবে ক’লৈকো যাবলৈ নিবিচাৰিছিল। এদিন তেওঁৰ পত্নীয়ে বেছিকৈ জোৰ কৰি ক’লে, “আজি তুমি শিক্ষা গ্ৰহণ কৰিবলৈ যাবই লাগিব।” পত্নীৰ খং দেখি ব্ৰাহ্মণ যাবলৈ মান্তি হ’ল। তেওঁ নিজৰ ঘৰৰ পৰা ওলাল থিকেই, কিন্তু ক’লৈকো নগৈ ঘৰৰ পাছফালে গৈ লুকাই থাকিল। অলপ পাছত ঘৰলৈ কিছুমান মানুহ আহিল  আৰু মানুহখিনিয়ে

Read more

ইয়াতকৈ বেদনা লাগেনে অ’ জানমণি – খনীন্দ্ৰ ভূষণ মহন্ত

যোৰহাটত থকা দিনৰ কথা। নতুনকৈ ‘চিনিয়ৰ’ হৈছোঁ তেতিয়া। গতিকে ‘ফটা-লেবেল’ এটা দি ফুৰাৰ বদ-অভ্যাসটো মোৰো গাতো লম্ভিছিল। সম্ভৱতঃ ক্লাচ আৰম্ভ হোৱাৰ সেইটো দ্বিতীয় দিন আছিল। আমি ৮-১০ জনীয়া দল এটা গঠন কৰি কেণ্টিনখনৰ সন্মুখৰ দেৱদাৰুজোপাৰ তলত ‘জুনিয়ৰ’বোৰৰ তথাকথিত পৰিচয় সোধাত ব্যস্ত আছিলোঁ (পৰিচয়ৰ গইনা লৈ কোনে কি প্রশ্ন সোধে সেইটো কিজানি কাকো নতুনকৈ বর্ণোৱাৰ প্রয়োজন নাই!)। সন্মুখেৰে পাৰ হৈ যোৱা ছোৱালীৰ জুমটোক উদেশ্যি লগৰ এজনৰ কঠোৰ বাক্যবাণ-“ঐ জুনিয়ৰ, এইফালে আহা।” গালে-মুখে ভয় আৰু কৌতুহলৰ আবিৰ সানি আমাৰ ফালে আহি থকা

Read more

গোপন সূত্ৰ – ঈশান জ্যোতি বৰা

“ভেজাল সুৰাৰ বিতৰ্কিত ব্যৱসায়ীকো লাগে বিধানসভাৰ টিকট ৷” অসমৰ সংবাদ, ২১ মাৰ্চ,বিহঢলাঃ এক গোপন সূত্ৰৰ তথ্য মতে,কেইবাটাও কেলেংকাৰিত জড়িত বিহঢলা অঞ্চলৰ সদাবিৰ্তকিত সুৰা-সম্ৰাট শ্ৰীযুত কালীৰাম কলিতাই এইবেলি জনপ্ৰতিনিধি হোৱাৰ মন মেলিছে ৷ বিধানসভাৰ টিকট বিচাৰি শ্ৰীযুত কলিতাই সঘনাই ৰাজধানীলৈ অহা-যোৱা কৰি থকাটো আমাৰ দৃষ্টিগোচৰ হৈছে ৷ কোৱা বাহুল্য যে এইজন কালীৰাম কলিতাৰ শিক্ষাগত অৰ্হতা মেট্ৰিক ফেইল৷ উচ্চতৰ মাধ্যমিক পৰীক্ষাত এবাৰ নকল প্ৰশ্নকাকতৰ যোগান ধৰি শিক্ষাৰ্থী আৰু স্থানীয় ৰাইজৰ লপা-থপা খোৱা শ্ৰীযুত কলিতাৰ গৰু চুৰিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰখনতো বিশেষ খ্যাতি আছে৷  উল্লেখ্য

Read more

বহুবল্কী-গীতিকা শইকীয়া

“বুইছ ন-ছোৱালী, আজি মানে খুৰায়েৰাই টিউচনৰ পৰা আহোঁতে বাটতে সিখন গাঁৱৰ কানাই মাছুৱৈয়ে দিলে নহয় এক্কেবাৰে জঁপিয়াই থকা নাৰ-ভাঙোন মাছ অলপ। মানে দুইকেজি মানেই হ’ব! খুৰায়েৰে আকৌ দিনৰ মাছ ৰাতিলৈ নাখায় যে! ৰাতিলৈ আনিবই, সেয়ে কণ বিলাহী-চিকৰা আলু দি এখন আঞ্জা বনালো, ঔটেঙা-খুদ চাউল পিচি লৈ তেলত পাঁচফুৰ, কেঁচা জলকীয়া ফালি দি বনোৱা জোলখন, আকৌ ভাবিলো চব দেখোন টেঙায়েই হ’ল, সউ ল’ৱাটোৱে নাখায়, সেয়ে ভাততে আলু দুটা সিজাই লৈ আদা-নহৰু-পিঁয়াজ, জালুক পটাত পিহি লৈ অকণমান খুদ চাউলৰ গুড়ি দি জালুকীয়া

Read more

গছ বিষয়ক – যতীন মিলি

গছৰ কোনো চলন অংগ নাই ৰ’দে-বৰষুণে, ধুমুহা-বতাহে শিপা খামুচি থাকে চোতালত বাৰীৰ ঢাপত পদপথৰ দাঁতিত পথাৰত নদীত ঐদহে বৈদহে থিয় হৈ থাকে গছ গছ আইৰ দৰে আইৰ নিৰ্ভেজাল দুগ্ধৰ দৰেই দিয়ে অমল অক্সিজেন সুমিষ্ট ফলৰ ৰস ৰ’দত ছাতি এটা হৈ ছাঁ দিয়ে কোনো কবিয়ে লিখি শেষ কৰিব নোৱাৰিলে গছৰ সেউজীয়া কাহিনী গছৰ বাবেই চিপকো আন্দোলন গছৰ বাবেই বিখ্যাত শংকৰদেৱৰ সেই বাণী ‘ এক বৃক্ষ দশ পুত্ৰ সম ‘ গছৰ বাবেই যেন ভূমিষ্ঠ অৰণ্য মানৱ যুগে যুগে গছে বহন কৰি আহিছে

Read more
1 48 49 50 51 52 115