গছ বিষয়ক – যতীন মিলি
গছৰ কোনো চলন অংগ নাই
ৰ’দে-বৰষুণে, ধুমুহা-বতাহে শিপা খামুচি থাকে
চোতালত বাৰীৰ ঢাপত পদপথৰ দাঁতিত
পথাৰত নদীত ঐদহে বৈদহে
থিয় হৈ থাকে গছ
গছ আইৰ দৰে
আইৰ নিৰ্ভেজাল দুগ্ধৰ দৰেই দিয়ে
অমল অক্সিজেন সুমিষ্ট ফলৰ ৰস
ৰ’দত ছাতি এটা হৈ
ছাঁ দিয়ে
কোনো কবিয়ে লিখি শেষ কৰিব নোৱাৰিলে
গছৰ সেউজীয়া কাহিনী
গছৰ বাবেই চিপকো আন্দোলন
গছৰ বাবেই বিখ্যাত শংকৰদেৱৰ সেই বাণী
‘ এক বৃক্ষ দশ পুত্ৰ সম ‘
গছৰ বাবেই যেন ভূমিষ্ঠ অৰণ্য মানৱ
যুগে যুগে গছে বহন কৰি আহিছে
সময়ৰ সাক্ষী
ইতিহাসৰ স্বাক্ষৰ
গছে কাৰো অপকাৰ নকৰে
হিংসা দ্বেষ তেওঁৰ সংবিধানত নাই
অথচ গছৰ হাত ভৰি বান্ধি
ডিঙি ৰেপি ৰেপি
অনাহুত মৃত্যুৰ উৎসৱ পাতে মানুহে ।
বাতানুকূল যন্ত্ৰ মানৱৰ কাণ্ড আকৌ এখোপ চৰা
লৌহ আঙুলিৰে গছে-বনে পৃথিৱী নাঙঠ কৰি নিৰ্মাণ কৰিছে
ওখ দালান অট্টালিকা ফ্লেট শাৰী শাৰীকৈ
হে’ একবিংশ শতিকাৰ বন্ধুগণ
গছৰ জীৱনক লৈ যিমান হেতালি খেলিবা
এদিন ৰ’দৰ জুইত দহি পুৰি মৰিবা
সকলো মানুহ গছৰ দৰে হোৱা হ’লে …
☆★☆★☆