ফটাঢোল

হাঁহি – গীতিকা শইকীয়া

ৰ’ব ৰ’ব! হাঁহিৰ ওপৰত কিবা জ’ক্ হ’ব বুলি ভাবিছে নেকি? নে কিবা কাহিনী! নে হাঁহিৰ ওপৰত কিবা সৰস ৰচনা! তেনে একো নহয়। আমাৰ সকলোৰে জীৱনত আমৃত্যু পৰ্যন্ত হাঁহিৰ লগত এক এৰাব নোৱাৰা সম্বন্ধ আছে। তাৰেই ওপৰত সামান্যকৈ পৰ্যালোচনাৰ বাবে এই লিখনি। মানুহে হাঁহে কিয়…… মানুহে হাঁহে কিয়—এই প্ৰশ্নটোৱে যুগ যুগ ধৰি সমাজবিজ্ঞানী, মনোবিজ্ঞানী তথা নৃত্বত্ব বিজ্ঞানীসকলৰ মনোযোগ আকৰ্ষণ কৰি আহিছে। সকলো বয়সৰ আৰু সকলো সংস্কৃতিতে সকলো মানুহেই হাঁহে আৰু স্বীকাৰ নকৰিলেও সকলো মানুহেই জীৱনৰ বহুখিনি সময় এই হাঁহি-ধেমালিৰে কটায়। আনকি

Read more

মেৰা নাম জ'কাৰ -দিগন্ত কুমাৰ ভট্টাচাৰ্য

‘তই এটা ভাল ক’মেডী মানুহ আছে ৰে’ – ঘৰৰ ওচৰৰ গেলামালৰ দোকানী বিহাৰী মহাবীৰে এদিন মোক সৰু থাকোতে কৈছিল। এই ক’মেডী শব্দটো প্ৰথম শুনিছিলো তেওঁৰ মুখত। শব্দটোৰ অৰ্থ মই সেই সময়ত বুজা নাছিলো।মই আচলতে কি, কেনেকুৱা – ভাবিবলৈ চেষ্টা কৰিছিলো,যিটোৰ কাৰণে মহাবীৰে মোক ক’ব লগা হৈছিল মই হেনো ক’মেডী মানুহ’! মোৰ চকু দুটা দেখিলেই হেনো মই যে ‘এটা ক’মেডী মানুহ আছো’ সেইটো ধৰিব পাৰি। মোৰ হাঁহিটো বেয়া। হাঁহিলে মোক বেয়া দেখি। বেয়া দেখি বুলি নকওঁ, একেবাৰে অদ্ভূত দেখি। জোৰেৰে হাঁহিলে

Read more

জীৱনদায়িনী ঔষধ – অলকেশ ভাগৱতী

ৰাতিপুৱাই অন্তৰত খুব বেয়াকৈ আঘাত পালো ৷ টকাৰ কাৰণে মানুহবোৰ যে পশুতকৈও অধম হৈ গৈছে সেয়া আজি মৰ্মে মৰ্মে উপলব্ধি কৰিছো ৷ টকাৰ প্ৰয়োজন নিশ্চয় আছে ৷ কিন্তু টকাতকৈওতো ডাঙৰ বস্তু এটা পৃথিৱীত আছে ৷ আচলতে আছে নহয়, আছিল ৷ এতিয়া মানৱতাবোধ বুলি কোনো বস্তু কাৰোৱেই অন্তৰত নাই ৷ সকলো মাথো টকাৰ পিছত দৌৰিছে ৷ পৃথিৱীখনেই আজি দেখোন পণ্য !! টকা নাথাকিলেও টানি টুনি হ’লেও জীৱনটো কিবাকে চলাই আছো ৷ ভগৱানৰ কৃপাত আন বিশেষ একো দুখ নাই যদিও সামান্য এটা

Read more

লাভ-লেটাৰ অব ৱাই-টু-কে ! – জ্যোতিৰূপম দত্ত

দুহেজাৰ চনৰ কথা৷ তেতিয়া মই দিল্লীত৷ ৱেষ্ট পেটেল নগৰৰ ভাড়ালৈ লোৱা এজনীয়া ৰূম এটাত কোনোমতে মুৰ গুজি আছিলো৷ দিল্লীত থকাৰ উদ্দেশ্য আছিল দুটা৷ কম্পিউটাৰ নেটৱৰ্কিঙৰ এডভান্সড ক’ৰ্চ এটা কৰা আৰু লগতে কিছু অভিজ্ঞতা গোটোৱা৷ কেইমাহমানৰ ভিতৰতে সৰুকৈ চাকৰি এটাও যোগাৰ কৰি ললো৷ দিল্লীৰ সীমামূৰীয়া ৰোহিনী অঞ্চলৰ চেক্টৰ-চিক্সত চাকৰি৷ পুৱা ছয়বজাতেই ৱেষ্ট পেটেল নগৰৰ বাছষ্টপৰ পৰা ৰোহিনীৰ চেক্টৰ-৬ লৈ ৫৭০ নম্বৰৰ ডি.টি.চি. বা ব্লু-লাইনৰ বাছ ধৰিব লগা হয়৷ পুৱা সাতবজাৰ পৰা তিনিবজালৈ চাকৰি৷ গধুলিকৈ ক্লাছ৷ দিনবোৰ বাৰুকৈয়ে চলি গৈছিল৷ তাত থাকোতে

Read more

সমস্যা – বৈদুৰ্য্য বৰুৱা

ৰাধিকা বৰ্মনৰ সমস্যা বেছি নাছিল। কেতিয়াও জীৱনত কল্পনা কৰা নাছিল যে তেওঁৰ ঘৰত কেতিয়াবা স্কুটাৰ এখন সোমাব। গতিকে তেওঁ বাৰাণ্ডালৈ উঠি যোৱা খটখটিটোৰ মাজত হেলনীয়াকৈ পকাৰে স্কুটাৰ উঠাব পৰা চিষ্টেমটো বনোৱা নাছিল। তেওঁৰ ৰেলী চাইকেলখন দাঙিয়েই ভিতৰলৈ সোমোৱাইছিল। ৰাজীৱ সৰু হৈ থাকোতে তেওঁ চাইকেলখন খিৰিকি এখনৰ গ্ৰীলত বান্ধি থৈছিল যাতে কচুগুটিটোৰ গাত নপৰে। ৰাজীৱক ৰাধিকা বৰ্মনে সেই সময়ত চাইকেলখনৰ আগফালে গাৰু এটা বান্ধি তাতে বহাই ফুৰাবলৈ নিছিল। ৰাজীৱ কলেজত থকাৰ সময়ত ৰাধিকা বৰ্মনৰ ঘৰৰ কাষত যিবোৰ ঘৰ নতুনকৈ সজা হৈছিল

Read more

নতুন বছৰত পুৰণি কথা – কুল শইকীয়া

‘বহুত কথা লিখি পেলাব পৰা যায়’ অংকুৰে লিখাৰ বিষয়বস্তুৰ ওপৰত মোক পৰামৰ্শ দি ক’লে,’এটা এৰি অহা বছৰৰ ওপৰত চাবলৈ গ’লে,যিটোৰ পৰিসৰ কম নহয়,৩৬৫ টা দিনৰ সমাহাৰ,তেনে এটা বছৰত ঘটি যোৱা বিভিন্ন ঘটনাৰ ওপৰতে তই টিপ্পনী মাৰিব পাৰ’ মোৰ ভাবৰ সোঁতৰ অনাবিল গতিত বাধা দি অংকুৰে ক’লে,’নহ’লে নতুন বছৰৰ সংকল্পৰ তালিকা এখনকে বনাই দে আৰু দুই-এজনৰ স্বাক্ষৰ ল।সেইখনকে দলিমাৰি দে কাকতৰ গোষ্ঠীলৈ,প্ৰকাশ হৈ যাওক নতুন আশা বিচাৰি বুদ্ধিজীৱীৰ আবেদন বা তেনে কিবা সুখদায়ক লেখা হৈ।’সি নৰ’ল,কৈ গ’ল,’তেনে আবেদন -নিবেদনতে আমাৰ ইয়াত

Read more

সংখ্যাটোৰ আঁৰৰ কথা – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

‘ফটাঢোল’ ই-মেগাজিনখনৰ সপ্তম সংখ্যাটোৰ আঁৰৰ প্ৰধান কথাটো ‘বাওনা হৈ চন্দ্ৰলৈ হাঁত মেলা’ৰ দৰেই কথা এটা। মোৰ দৰে মুৰুখমতি এজনক সম্পাদকৰ দায়িত্ব দিয়া বা লোৱা বা সুকলমে দায়িত্ব পালনৰ চেষ্টা কৰাৰ আৰঁত যে কেইজনমান ব্যক্তিৰ প্ৰত্যক্ষ সহযোগ আছে সেয়া নিশ্চয় সকলোৱে অনুমান কৰিব পাৰিছেই। সাহিত্যৰ পথাৰৰ এই বাওনাজনকো সম্পাদকৰ দায়িত্ব দিয়াৰ আঁৰত জ্যেষ্ঠ ভাতৃসদৃশ দুজন ব্যক্তি আছিল, যাৰ নিশ্চিত অভয়বাণী আছিল যে আমি আছো তোমাৰ লগত, তুমি মাথো ‘হা’ কোৱা। মৃদুল কুমাৰ শৰ্মা আৰু ৰিণ্টুমনি দত্তৰ সেই অনুঘটকৰ দৰে কাম কৰা

Read more

আপুনি বুদ্ধিজীৱী হ'ব খোজে নেকি? AKA Buddhijivee for Dummies – অভিজিত কলিতা

আপুনি বুদ্ধিজীৱী হ’ব খোজে নেকি? বিচাৰে নেকি যে আপুনি প্ৰতিটো চেনেলৰ, প্ৰতিটো টিভি শ্ব’তে আমন্ত্ৰিত হওক, অসমৰ ৰাইজে আপোনাৰ কথা ধ্ৰুৱসত্য বুলি ধৰি লৈ আনকি নিজৰ প্ৰাণো দিবলৈ সাজু হওক। মনুষ্য জাতিয়ে ভাবিবপৰা সকলো বিষয়তে আপোনাৰ বিদগ্ধ পাণ্ডিত্য দেখি ৰাইজৰ চকু অমৰাগুটীয়া হওক। টিভিৰ নিউজ মুখফটা এংকৰসকলকো আপুনি বাকপটুতাৰে বাকৰূদ্ধ কৰি দিয়ক। আপোনাৰ বাবেই চেনেলৰ টি আৰ পি বাৰিষাৰ দিনত লাইজাবৰি শাক বঢ়াদি বাঢ়ক। আপোনাৰ চহৰৰ সকলো সভা সমিতিতে আপুনি বিশিষ্ট অতিথি হওক, উপদেষ্টা হওক, আপোনাক ‘বিগ বজাৰত’ দেখিলে দুই

Read more

ওস্তাদি– জয়ন্ত শৰ্মা

জীৱনত কৰাৰ ভিতৰত আটাইতকৈ বেছিকৈ চাগৈ ‘ওস্তাদি’কে কৰিছো। জনা কথাটোততো কৰোৱেই নজনাটোতো মুখেদি বা চকুৱেদি এনেকুৱা এটা ভাৱ দি থাকো যে, এইটোনো কিবা কথা হ’লনে! আমিতো আগতেই জানো। কওঁতাজনেহে শেষত ভাবিবলৈ বাধ্য হয় যে, ইচ্, কাৰ আগত কি কৈ আছো! জীৱনত যি দুই এবাৰ লিখিবলগীয়া হৈছে তাতে হবি ‘খেল’ বুলি লিখিছো যদিও আচলতে মনটোৱে হবি ‘ওস্তাদি’ বুলি লিখিবলৈহে উচতাই থাকে। কিন্তু ‘ওস্তাদি’টো ‘হবি’ত পৰে নে নপৰে নাজানো। তাতে আগতে কাকো লিখাও দেখা নাই বুলিহে। মই তেতিয়া ‘ইদলী দোচা চম্বৰ’ৰ দেশ

Read more
1 2 3 6