ফটাঢোল

হাই-ফাইভ – অমিতাভ মহন্ত

ডেচমণ্ড হেইনচ্ ক্ৰীজত৷ ভাৰতীয় বলিং আক্ৰমণক তচ্‌নচ্ কৰি আকৌ এটা অৰ্ধশতকৰ দিশে অগ্ৰসৰ হৈছে৷ কপিলদেৱৰ নতুন অভাৰৰ প্ৰথম ব’লটোতেই এটা দৃষ্টিনন্দন স্কোৱেৰ কাট্,  ব’ল বীটচ্ দ্যা ফিল্ডাৰ ফৰ য়েট এনাদাৰ ফ’ৰ৷ অভাৰৰ দ্বিতীয়টো ব’ল,  হেইনচ্‌ৰ ক্ৰছ শ্বট্,  বল বতাহত৷ শ্ৰীকান্ত বলৰ পিছে পিছে দৌৰিছে,  এণ্ড ইটচ্ এ চুপাৰ্ব কেটচ্৷ হেইনচ্ আউট৷ ভাৰতীয় দল আনন্দত আত্মহাৰা৷ সকলো প্লেয়াৰ পথাৰৰ মাজলৈ দৌৰি আহিছে৷ শ্ৰীকান্ত আৰু কপিলদেৱে দুই হাত তুলি উভয়ৰে হাতৰ তলুৱাত জোৰে মাৰি দিলে৷ অলপ ডাঙৰ হ’লো৷ গম পালোঁ তেনেকৈ মৰাটোক

Read more

আপদীয়া পদ্য – হেমেন ডেকা

(১) কোৰোণাৰে হোৰা-হোৰে চপাইছে বহু ধন ক’ত লম ক’ত থম কৰি দোমোজাত মন। কিছু পুতিলে গাঁতত, বাকী পেলালে বাটত যোগ্য ভোগ্য ধৰিত্ৰীৰ তেৰা কুবেৰনন্দন| (২) খাটি অসমীয়া আমি খাওঁ খাৰ-খৰিচা, বহিৰাগতক কৃষিভূমি বেচি পাৰি দিওঁ দলিচা কুটীৰ শিল্প-তাঁতশাল জাবৰ জোঁথৰ-জঞ্জাল বহি:ৰাজ্যৰ কৃপাত সস্তাতে পাইছো ফুলাম গামোচা| (৩) অতি বীৰদৰ্পে আগবাঢ়িছিল যুৱশক্তি দল আদবাটতে জিৰণি ললে বান্ধিবলৈ গাত বল, কৰিলে পান-ভোজন মাতিলে ভীমৰ বচন যুঁজ নৌহওঁতেই বিজয়োৎসৱৰ উলিয়ালে সমদল| (৪) সৰ্বসাধাৰণ জনতাৰ মন দেখোন বিমৰ্ষ সৰ্বদিশ বিষবাষ্পই ছানি হৰিলে হৰ্ষ দানবৰ

Read more

দি দৌৰ – ৰাজদ্বীপ বৰা

দৌৰ! জীৱন কালত সকলো প্ৰাণীয়ে দৌৰিব লগাত পৰে।  কেতিয়াবা যদি খাদ্যৰ সন্ধানত, কেতিয়াবা আকৌ আত্মৰক্ষাৰ তাড়নাত। কেতিয়াবা আকৌ নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈকে প্ৰাণীয়ে দৌৰিব লগাত পৰে। জন্ম লৈয়ে গৰু পোৱালী এটাই ইফালে-সিফালে দৌৰা-দৌৰি কৰি এই বিশাল বিশ্বক তাৰ আগমনৰ বাৰ্তাহে যেন জনায়! মানুহেতো গোটেই জীৱন কেৱল দৌৰিয়ে থাকিব লগাত পৰে, হকে-বিহকে। দৈনন্দিন জীৱনৰ প্ৰতি খোজতে মানুহৰ দৌৰা-দৌৰি, ৰ’বলৈ যেন কাৰোৰে সময় নাই। দৌৰ বন্ধ কৰিলেই যেন সকলো স্তব্ধ হৈ পৰিব। কোনোবাই আকৌ দৌৰি দৌৰিয়ে জগত বিখ্যাত হয়। কাৰ্ল লুইৱিছ, ওচেইন

Read more

কবি নৱকান্ত বৰুৱাৰ কবিতাত প্ৰেম – চাহিন জাফ্ৰি

আধুনিক অসমীয়া সাহিত্যৰ এগৰাকী সফল কবি নৱকান্ত বৰুৱাৰ জন্ম হৈছিল নগাঁৱত ১৯২৬ চনত। তেওঁৰ পিতৃৰ নাম স্বৰ্গীয় নীলকান্ত বৰুৱা আৰু মাতৃ স্বৰ্ণলতা বৰুৱা। সাহিত্যৰ প্ৰায় আটাইকেইটা দিশৰেই জীৱনজোৰা সাধনা কৰা নৱকান্ত বৰুৱা বহুকেইটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হৈছিল। মূলতঃ কবি হিচাবে জনপ্ৰিয় যদিও তেওঁ কবিতা,  গীত,  উপন্যাস,  আলোচনামূলক গ্ৰন্থ,  ভ্ৰমণ বৃত্তান্ত,  নাটক,  শিশু সাহিত্য,  অনুবাদ সংকলন আৰু সম্পাদনা এই সকলোবোৰতে দক্ষতাৰ পৰিচয় দিছিল। বাঁহী,  জয়ন্তী,  ৰামধেনু,  মনিদীপ  আদি আলোচনীৰ পাতত তেওঁৰ কবি জীৱনৰ উন্মেষ আৰু বিকাশ ঘটিছিল। তেওঁৰ দ্বাৰা

Read more

এনেকৈয়ে বাধা দিব লাগিব বিয়াৰ অযথা খৰচক (মূল- য়্যেছে ৰোকে শাদী কি ফিজুল খৰ্চে, লেখক- ড° বেদপ্ৰ্তাপ বৈদিক) – অনুবাদ- পৰিস্মীতা গগৈ

ভাৰতীয় সমাজত তিনিটাক বৰ ডাঙৰ খৰচ বুলি ধৰা হয়। জন্ম,  মৃত্যু আৰু বিবাহ! যিমানেই দুখীয়া নহওক লাগে,  তেওঁৰো মনত হেঁ‌পাহ থাকে যে যদি তেওঁৰ সন্তান জন্ম হয় বা কাৰোবাৰ বিয়া পাতিব লগা হয়, নহ’লে কোনোবা বয়োজ্যেষ্ঠজন ঢুকাই তেন্তে তেওঁৰ সকলোবিলাক সম্পৰ্কীয় মানুহক নিমন্ত্ৰণ কৰি কমচে কম ভোজনটো কৰাবই। এই হেঁ‌পাহটো নিশ্চয় ভুল হ’ব নোৱাৰে। এইয়াতো স্বাভাৱিক মানৱীয় ইচ্ছা। কিন্তু এই ইচ্ছাই কেতিয়াবা সীমা অতিক্ৰম কৰে আৰু প্ৰায় মানুহেই নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিবলৈ ধৰে। নৱজাত শিশুৰ আগমণত মানুহে ইমান ডাঙৰ

Read more

দৈনন্দিন – অনন্ত বৰা

চাকৰিৰ পৰা ঘৰলৈ গ’লে মানুহজনীয়ে কাপোৰ সোপা খুলি গা-ধুই আহক, গোটেইখন তেল তেল গোন্ধাইছে বুলি খেং খেঙাই উঠে। তেলৰ চাকৰি কৰা মানুহ, অলপতো গোন্ধাবই! :”সেইৰা,  তুমিতো আগতে এনেকুৱা নাছিলা। ফুড ভিল্লাৰ মিঠাই সোপা লৈ সন্ধিয়া তোমালোকৰ ঘৰলৈ অহা-যোৱা কৰোঁতে একেবাৰে কাষ চাপি বহিছিলা। তেতিয়াও দেখোন কেতিয়াবা ডিউটিৰ পৰা বাহিৰে বাহিৰে তোমালোকৰ ঘৰ পাইছিলোগৈ! তেতিয়া কি গোন্ধ পোৱা নাছিলা!” : হ’ব হ’ব গা নোধোৱাকৈ ছোৱালীজনী কোলাত ন’লব । ৰাতিলৈও সেই একেই কাহিনী। মুঠতে ইটো-সিটো,  সৰু-সৰু কথাতে কেটেৰা-জেঙেৰা। এক জানুৱাৰীত বোলে আমাৰ

Read more

হাই-ফাই – জ্যোতিৰূপম দত্ত

ৱাও! হাই-ফাই কাৰবাৰ দেখোন! যেনিয়েই চকু যায় তেনিয়েই হাই-ফাই কাৰবাৰ! মানে সকলোফালেই চকু চাৎ মাৰি ধৰা কাৰবাৰ! ৰাস্তা-ঘাটবোৰ হাই-ফাই! এয়াৰপৰ্টৰ পৰা ভিআইপি অতিথি অহা-যোৱা কৰা পথবোৰৰ কথাই সুকীয়া৷ এই খিনি একেবাৰে অমৰাৱতী৷ পিছে আনবোৰহে গেলা-পচা অমৰাগুটি! চহৰৰ কিছুমান পথৰ কাষে কাষে ক’লা-বগা ধুনীয়াকৈ ৰঙ সনা৷ আমিও এইবোৰতেই টাৰ্গেট প্ৰেকটিছ কৰো৷ মানে কৰবাত অলপ চিকচিকিয়া যেন দেখিলেই মুখত জমা হোৱা পিকখিনি পিৰিককৈ মাৰি পঠিয়াও৷ ক’লা ৰঙ সনাখিনিয়েই টাৰ্গেট, পিছে বেছিভাগ সময়তেই টাৰ্গেট মিছ হয়! মানে পিকখিনি বগা অংশটোত পৰি একেবাৰে জিলিকি

Read more

ইতি – ঈশানজ্যোতি বৰা

অইনদিনা পুৱা শোৱাপাটীৰ পৰা উঠি শ্ৰীযুত বীৰেশ্বৰ পাটগিৰিয়ে “নাৰায়ণ”, “নাৰায়ণ” বুলি তিনিবাৰ মন্ত্ৰোচাৰণ কৰে। পদ্মাসনত বহি মন্ত্ৰোচাৰণ কৰি থকা সময়ত তেওঁৰ দুয়োটা নয়ন পবিত্ৰ ভাৱনাত জাপ খাই থাকে, আনহাতে নমস্কাৰৰ ভংগীমাত থকা দুয়োখন হাতে কঁপালৰ গাঁঠি স্পৰ্শ কৰি থাকে। নেদেখাজনৰ ওচৰত ভকতিৰ ভাৱ পূৰামাত্ৰাই নিবেদন কৰি লোৱাৰ পাছতহে তেখেতে দিনটোৰ বাকী কামবোৰত হাত দিয়ে। পিচে আজি দেখোন হাইঠা মাটিত পৰিল! নাৰায়ণ, পদ্মাসন, ভকতি- এইবোৰৰ  আজি কাষেই নাচাপিল শ্ৰীযুত পাটগিৰি। দুৰন্তগতিৰে গৈ তেওঁ হাঁহৰ গঁড়ালকেইটাৰ সন্মুখত থিয় হ’ল। এটা-এটাকৈ আঙুলিৰ মূৰত

Read more
1 2 3 4 5 6 9