ফটাঢোল

এনেকৈয়ে বাধা দিব লাগিব বিয়াৰ অযথা খৰচক (মূল- য়্যেছে ৰোকে শাদী কি ফিজুল খৰ্চে, লেখক- ড° বেদপ্ৰ্তাপ বৈদিক) – অনুবাদ- পৰিস্মীতা গগৈ

ভাৰতীয় সমাজত তিনিটাক বৰ ডাঙৰ খৰচ বুলি ধৰা হয়। জন্ম,  মৃত্যু আৰু বিবাহ! যিমানেই দুখীয়া নহওক লাগে,  তেওঁৰো মনত হেঁ‌পাহ থাকে যে যদি তেওঁৰ সন্তান জন্ম হয় বা কাৰোবাৰ বিয়া পাতিব লগা হয়, নহ’লে কোনোবা বয়োজ্যেষ্ঠজন ঢুকাই তেন্তে তেওঁৰ সকলোবিলাক সম্পৰ্কীয় মানুহক নিমন্ত্ৰণ কৰি কমচে কম ভোজনটো কৰাবই। এই হেঁ‌পাহটো নিশ্চয় ভুল হ’ব নোৱাৰে। এইয়াতো স্বাভাৱিক মানৱীয় ইচ্ছা। কিন্তু এই ইচ্ছাই কেতিয়াবা সীমা অতিক্ৰম কৰে আৰু প্ৰায় মানুহেই নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিবলৈ ধৰে।

নৱজাত শিশুৰ আগমণত মানুহে ইমান ডাঙৰ সমাৰোহৰ আয়োজন কৰে যে বহুত শিশু জন্মগতভাৱেই ধৰুৱা হৈ পৰে। বিয়াবোৰত মানুহে ইমানেই খৰচ কৰি পেলাই যে ভৱিষ্যৎ জীৱনত নৱ-দম্পতীৰ জীৱনেই বিভীষিকাময় হৈ পৰে। মৃতকৰ ভোজৰ ধাৰ শুজুতে শুজুতে জীয়াই থকাখিনিও তিল-তিলকৈহে জীয়াই থাকেগৈ। এই বেমাৰটো আগতকৈ বহু গুণে বৃদ্ধি পাবলৈ ধৰিছে। আজিকালি নিমন্ত্ৰণী পত্ৰ ছপাওঁতেও হাজাৰ হাজাৰ টকাৰ খৰচ কৰি পেলায়। আজিৰ যুগ দাম্ভিকতাৰ যুগ। প্ৰত্যেক মানুহেই নিজৰ তুলনা নিজতকৈ মালদাৰ মানুহৰ লগত কৰিব বিচাৰে। বেলেগক দেখি দেখি নিজেও বিচাৰ বিবেচনা নকৰাকৈ খৰচ কৰে। এই খৰচবোৰ পূৰ্ণ কৰিবলৈ সহজ সৰল মানুহবোৰে হয়তো ধাৰ কৰে, নহ’লে মাটি-সম্পত্তি বিক্ৰী কৰি দিয়ে। আৰু প্ৰতিপত্তিজনে মুক্তচিত্তে ভ্ৰষ্টাচাৰত ডুবিবলৈ ধৰে। যদি সকলোবোৰ উপাই বিফল হয় তেন্তে কইনাৰ ঘৰলৈ বুলি আশাৰ ভাৰ ভেঁ‌টি বান্ধে। নিজৰ ইচ্ছা আকাংক্ষাৰ পূৰণৰ বোজা তেওঁলোকে যৌতুকৰ ৰূপত কইনাৰ পক্ষলৈ বুলি থেলি দিয়ে।

এনে প্ৰৱৃত্তিবোৰক কাবু কৰিবলৈকে চৰকাৰে যৌতুক বিৰোধী এনেকুৱা কিছুমান আইন বনোৱাৰ কথা ভাবিছে,  যাৰ দ্বাৰা বিয়াৰ অযথা খৰচবোৰত বাধা-আৰোপ কৰিব পাৰি। তেনে এটা আঁ‌চনি হ’ল,  মানুহৰ আমদানি আৰু খৰচৰ তুলনামূলক অনুপাত। কিন্তু এই আঁ‌চনি নিৰ্বাচনৰ সময়ত খৰচৰ মাত্ৰাত কৰা বিৰোধৰ দৰে নিস্ফল হ’ব। কিন্তু এটা কাম কৰিব পাৰি। মানুহক অতিথিৰ সংখ্যা আৰু অনুষ্ঠানত বিতৰণ কৰা খাদ্যক সীমিত কৰিবলৈ আদেশ দিব লাগে। ইয়াৰ দ্বাৰা কিঞ্চিতহে প্ৰভাৱ পৰিব কিন্তু ইয়াতকৈ অধিক প্ৰভাৱ পৰিব যদিহে য’তেই অযথা লাখ লাখ টকাৰ খৰচ হোৱা যেন দেখে তাতেই চৰকাৰে বিয়া চলি থাকোতেই তালাচী চলাই আৰু দৰা-কইনা পক্ষৰ সম্পৰ্কীয় সকলক গ্ৰেপ্তাৰ কৰাৰ লগতে ইমানবোৰ পইচা খৰচ কৰিবলৈ ক’ত পালে বুলি সোধ পোছ কৰে। এনেকৈ যদি এক ডজনো তালাচী হয় তেন্তে অযথা খৰচ কৰা সকলৰ ঘাঁ‌ম বাহিৰ হ’বলৈ বেছি সময় নালাগিব।

☆★☆★☆

 

One comment

  • হেমন্ত কাকতি

    হা হা তামাম দেখোন! মানুহবোৰো জানো কম? মানৱাধিকাৰ হনন হোৱা বুলি চুপ্ৰীম ক’ৰ্টত কেচ থুকি দিব!

    ভাল লাগিল অনুবাদটো৷ ভাবিব লগীয়া কথা৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *