ফটাঢোল

? অগ্নিপুত্র ? – ৰামানুজ গোস্বামী

“কাঠমাণ্ডু টাইগাৰ্ছ” প্ৰডাকশ্যনৰ ৩য় নিবেদন —
? অগ্নিপুত্র ?
===========
নৰ্থ কেম্পাছ ; দিল্লী বিশ্ববিদ্যালয়।

ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লোৱা ছোৱালীজনী কৰুণ মুখেৰে ঠিয় দি আছে… সন্মুখত ৪-৫ টা মান মস্তান।অৱস্থান : ক’ৰিডৰৰ স্লেৱত আটাইকেইটা বহি লৈছে।

– হাঁ ত’ ৱ’ জংলীৱালা ডান্স লগাৱ বেবী!

– ন’… একচুৱেলি..আই ন’ অনলি বিহু ডেন্স..আই এম্ ফ্ৰম আছাম..ৱি হেভ্ ডেন্সেছ লাইক্ বিহু,চত্রীয়া..

– আব্বে চোড় বিহু ফিহু.. ছাল্লা ফ্ৰম আছাম!..নৰ্থ ইষ্ট হি হেই না! চ্চ’ল হুলুলুলু…জিংগলা-ফিংগলা কুচ্চ্ ভি চুৰু কৰ..

নৰ্থ ইষ্টাৰ্ণ ছোৱালীজনীৰ অসহায়বোধ চাৱনি চকুত পৰিল ক’ৰিড’ৰেৰে নিজ ক্লাছলৈ যোৱা যুৱক এজনৰ।দুখোজ পিছুৱাই আহি আকৌ চাই ল’লে তেওঁ পৰিস্থিতিটো..দেখাত চাউথ-ইণ্ডিয়ান হিৰ’ হেন লগা এই যুৱকজন আগুৱাই আহি, এই ৰেগিং গোটটো আৰু ছোৱালীজনীৰ মাজত থিয় হৈ গেং-অধিপতিক ক’লে –

– ক্যা ৰে? বোলা থা না তেৰেকো.. নৰ্থ ইষ্টাৰ্ণ কো টং নেই কৰনে কা!

– অয়ে!বেহেন লগতা হে ক্যা তেৰা??

টেংটেঙীয়া মাতৰ ৰঙা পাগুৰি পৰিহিত পাঞ্জাৱ পুত্তৰে,নাৰী ৰক্ষাৰ ৰূপত অৱতীৰ্ণ হ’ব খোজা চাউথ্ ইণ্ডিয়ান হিৰ’ক ফেপেৰি পাতি ধৰিলে।লগে লগে তৰ্কা-তৰ্কি…কিছু বাক্-বিতণ্ডা..চোলাত-কলাৰত খামুচি ধৰা.. মা-কা দুধক লৈ প্ৰত্যাহ্বানৰ পিছতেই এখন খণ্ডযুদ্ধ..কিন্তু অকলশৰীয়া চাউথ-ইণ্ডিয়ান হেন এই হিৰ’ই, উত্তৰ-পূব ভাৰতৰ নৱাগতা ছাত্রীগৰাকীক এনেদৰে ৰেগিঙৰ নামত তুচ্ছ-তাচ্ছিল্যৰে অসুবিধা দিয়া গুণ্ডা গোটটিক ধৰাশায়ী কৰে।কিন্ত পিছফালৰ পৰা অহা অতিৰিক্ত গুণ্ডাসদস্য জনে গোপনে প্ৰহাৰ কৰাৰ ঠিক আগমুহূৰ্ততে হিৰ’ই আচম্বিতে তাৰ হাতখন তড়িৎ গতিৰে নিজ হাতেৰে সজোৰে চেপি ধৰে।

চিৎকাৰ ভাহি উঠিল; হাতত চেপা খোৱা গুণ্ডাৰ।হাতৰ চেপাৰ প্ৰভাৱত মুখেৰে বিকট চিঞৰ মৰাৰ পৰত চেপি ৰখা হিৰ’ৰ হাতৰ আঙুলিৰ ফাঁকেৰে নিৰ্গত হ’ল ধোঁৱা..!ৰেহেম কৰি হাতখন এৰি দি, পুনৰ নিজ ৰাস্তালৈ ক’ৰিডৰেৰে ঘূৰিলে হিৰ’ই..

– হাথ্ হেই য়া কই আগ কি ভট্টি !!

সহযোগীৰ পুৰি যোৱা হাতখন চাই গুণ্ডানায়কে আশ্চৰ্য্যচকিত স্বগতোক্তি কৰিলে।

– অগ্নি…অগ্নি…অগ্নি…

চাৰি-পাঁচটা মান অদৃশ্য কণ্ঠৰ প্ৰতিধ্বনিৰ ঠেকা খোৱাৰ শব্দ আকৌ ভাহি আহিল..

..অগ্নি…অগ্নি…অগ্নি…

– থেংকিউ ভাইয়া!

নৰ্থ-ইষ্টাৰ্ণ ছোৱালীজনীৰ পৰা ধন্যবাদ পাই,নায়কে ঘূৰি চাই ছোৱালীজনীক মিচিকিয়াই সুধিলে-

– কি নাম তোমাৰ.. ?

– ড…ডলি… ডলি তালুকদাৰ..

– ঘৰ… ?

– ন.. নলবাৰীত দাদা.. দাদা, আপোনাৰ নাম?

– বিকি.. ফ্ৰম ওদালগুৰি ।

ডলীয়ে বিকিৰ কঁকালত ওলমি থকা ডি.ইউ.ৰ পৰিচয়পত্রখন চালে.. স্পষ্টভাৱে জিলিকিছে –

“বৈকুণ্ঠ বড়ো”..

******

২০ বছৰ আগত-
চুনাড়গড় গ্ৰাম, গজেন্দ্ৰগড় তালুক,গাদাগ জিলা,কৰ্ণাটক।

অগ্নিদগ্ধ হাউলীটোৰ সন্মুখত সমগ্ৰ গাঁৱৰ ৰাইজ…দাউ-দাউকৈ জ্বলা ভৱনটোৰ আকাশলঙ্ঘী লেলিহান অগ্নিশিখা…

সেই লেলিহান অগ্নিশিখাৰ নৃত্যৰত শৃংগত নেমকাষ্টিং আহি গ’ল –

Starring with –

সঞ্জীৱ ভট্ট – নায়ক – “অগ্নিপুত্র”
শ্ৰুতি হাছান – as চন্দ্ৰিকা
অনুষ্কা ছেট্টি – as নীলকমল
প্ৰকাশ ৰাজ – as সূৰ্য্যকমল
মুকেশ ঋষি – as হুকুম সিং
ৰামি ৰেড্ডি – as জ্বালা সিং
হেমন্ত কাকতি – as খাপলাং বড়ো
Scarlett Johasson – as জেষ্টিনা
মুকেশ খান্না – as বীৰেন্দ্ৰ বিক্ৰম
ডলী তালুকদাৰ – as মিচ্ ডলি
অতিথি শিল্পী – অগ্নিভ দত্ত

নিৰ্দেশক – ৰামানুজ জি.
সহকাৰী নিৰ্দেশক – ৰাজশ্ৰী শৰ্মা
কষ্টিউম / কৰিয়’ – ভাস্কো ডি.

…লেলিহান শিখাৰ উদ্ভ্ৰান্ত নৃত্য কমা নাই তেতিয়াও। সকলো ৰাইজে জানিলে, ..বুজিলেও..কিহৰ বাবে “অগ্নিলোক” নামৰ গ্ৰাম অধিপতিৰ ৰাজভৱন জ্বলাই দিয়া হৈছে।গ্ৰামাধিপতি বিশ্বকমলৰ দুইপুত্র সূৰ্যকমল আৰু চন্দ্ৰকমল..এক অতীৱ সুন্দৰী দুহিতা নীলকমল।একে আষাৰে কবলৈ গ’লে তেওঁলোক চূণাড়গড়ৰ ৰাজ পৰিয়াল । অগ্নিদেৱ তেওঁলোকৰ কুলদেৱতা;অৰ্থাৎ পৰিয়াল অগ্নি উপাসক। পিতা-পুত্র-পুত্রবধূ আছিল সদাচাৰী আৰু বিনয়ী।চূণাড়গড়ৰ আটাইতকৈ সন্মানীয় এই ঘৰখনৰ, তথা দুইভাতৃ চন্দ্ৰকমল-সূৰ্য্যকমলৰ একমাত্র ভগ্নী নীলকমল প্ৰেমত পৰিছিল চুবুৰীয়া নৌগড় গ্ৰামৰ অধিপতি জ্বালাসিঙৰ পুত্র বীৰেন্দ্ৰ বিক্ৰম সিং..

..যিটো মুঠেই পছন্দ নাছিল পিতৃ জ্বালাসিং আৰু জ্যেষ্ঠভ্ৰাতা হুকুম সিঙৰ।

..কাৰণ দুই পৰিয়ালৰ মাজত পৰিয়ালতান্ত্রিক দুৰ্ঘোৰ শত্রুতা আছিল। অমায়িক সূৰ্য্যকমল আৰু চন্দ্ৰকমলৰ বিপৰীতে, নৌগড়ৰ কুমাৰ হুকুম সিং আছিল অভদ্ৰ-অনৈতিক আৰু কুটিল।কিন্ত তেওঁৰ ভায়েক,অৰ্থাৎ জ্বালাসিঙৰ ২য় পুত্র আছিল শিক্ষিত আৰু নীতিপৰায়ণ। দুই ৰাজপৰিয়ালৰ শত্রুতা আছিল পুৰণি। লগতে দুয়ো গাঁৱকে চুই যোৱা স্বৰ্ণগঙ্গা নদীৰ পানীক লৈয়ো কিছুদিন আগৰেপৰা আৰম্ভ হৈছিল অন্য এখন কাজিয়া।

জ্বালাসিঙৰ ২য় /কণিষ্ঠ পুত্র বীৰেন্দ্ৰ-বিক্ৰমে শত্রুতাৰ বিপৰীতে দুয়োপক্ষৰ মাজত শান্তিৰ বাতাবৰণ বিচাৰিছিল,চেষ্টাও কৰিছিল।

এদিন আবেলি।

লোকচক্ষুৰ স্বৰ্ণগঙ্গাৰ পাৰত বহি প্ৰেমালাপ কৰি থাকোঁতেই হঠাৎ আহে তীব্ৰ বতাহ-বৰষুণ..বৰষুণৰ ভয়ত দূৰলৈ দৌৰা ঘোঁৰাটো নোপোৱাত দুয়ো এটা প্ৰাচীন ভগ্নগৃহত আশ্ৰয় ল’লেগৈ।বৰ্ষাসিক্ত শৰীৰেৰে অষ্টাদশী নীলকমল গাজনিৰ বিকট শব্দত ভয়াৰ্ত হৈ বিক্ৰমসিংহৰ বুকুত সোমাই পৰিল…কাষতে অকণমানকৈ জ্বলি থকা জুইকুৰা বেছিকৈ জ্বলি উঠিল…একেধৰণেই বৰষুণত অাশ্ৰয় ল’ব অহা কপৌহালে তেওঁলোকৰ কোঠাৰ কোণ এটাত বহি ঠোঁটে-ঠোঁটে খুন্দিয়ালে..বিক্ৰমসিংহৰ বলীষ্ঠ বাহুবন্ধনত থকা নীলকমলৰ অঙ্গবস্ত্র খহি পৰে…বৃষ্টিমুখৰ পলবোৰ যেন কামনা-বাসনাৰ পল-অনুপল হৈ ক্ষণবোৰ আগুৱাই গ’ল…

…আৰু,এসময়ত আকাশত বৰষুণৰ আৱৰণ সামৰি পূৰ্ণিমাৰ চন্দ্ৰটো ওলাই আহে।

কিছুদিন পিছত বীৰেন্দ্ৰ বিক্ৰমে গম পালে এক অনাকাংক্ষিত খবৰ, যে নীলকমলে স্বৰ্ণগংগাত কুমাৰী মাতৃত্বৰ লজ্জাৰ বাবে আত্মজাহ দিবলৈ গৈছে। বীৰেন্দ্ৰ বিক্ৰমে তাইক তৎপৰতাৰে গৈ বচায়, নৈতিকতা গাত পাতি লৈ, নীলকমলৰ পিতাক বিশ্বকমলৰ হাউলীলৈ গৈ নীলকমলক বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দি, নৌগড়লৈ ঘূৰি আহে।ইফালে পুতেকৰ এনে সিদ্ধান্তৰ কথা গম পাই খঙত জ্বলি পকি উঠিল পিতাক জ্বালাসিং আৰু ককায়েক হুকুমসিং।বিক্ৰমসিঙে গৈ নৌগড়ৰ সীমা পোৱাৰ আগতেই অন্য ৰাস্তাই সৰকি যায় জ্বালাসিং আৰু হুকুম সিং,লগত এপাল ভেৰোণীয়া ঘাতক বাহিনী।উদ্দেশ্য- বংশৰ শলিতা জ্বলিব নোৱাৰিব শতৰুৰ দুহিতাৰ গৰ্ভত…

আসুৰিক আক্ৰমণেৰে জ্বালাসিং বাহিনী সোমাই অহাত হতভম্ব হ’ল চূণাড়গড় বাসী।হাউলীৰ ৰাজকুমাৰস্বৰূপ দুই বীৰ চন্দ্ৰকমল-সূৰ্য্যকমল ওলাই আহিল তৰোৱাল লৈ,কাৰণ হুকুম সিঙে হুংকাৰ দিলে নীলকমলৰ গৰ্ভত থকা ‘চিৰাগ’ নুমুৱাই থৈয়েই যাব।দাক্ষিণাত্যৰ পাৰম্পৰিক “আঠু উৰ্ধাংশ” ধূতি উত্তোলন,উদ্যত দা লৈ উভয়পক্ষৰ মাজত কটা মৰা লাগি থাকোঁতেই হুকুমসিঙে নীলকমলৰ পিঠিত ছুৰিকাঘাত কৰে; ভগ্নীৰ মৃত্যুত দুই ভাতৃ হৈ পৰে বলিয়া!যুদ্ধোন্মত ভাতৃদ্বয় চন্দ্ৰকমল-সূৰ্য্যকমলৰ পৰা বাচিবলৈ অশ্বাৰোহী ভেৰোণীয়া গুণ্ডাৰ সহযোগত,হুকুম সিঙে হাউলীত জুই লগাই দিয়ে।ঘৰৰ ভিতৰে-বাহিৰে হাঁহাকাৰ লাগিল…গ্ৰামপতি তথা অগ্নিবংশীয়-অগ্নিদেৱ উপাসক বিশ্বকমলে বুজি পালে তেওঁৰ পত্নী,দুইপুত্র,পুত্রবধুকে ধৰি সকলোৰে অন্তিম ক্ষণ আহি পৰিল…

…সেয়ে পিতৃ-পিতামহৰ অব্যৰ্থ অগ্নিকবচ সূৰ্য্যকমলৰ তিনিবছৰীয়া পুত্রৰ ডিঙিত পিন্ধাই দিলে মৃত্যুৰ আগেয়ে…জুইৰ লেলিহান শিখাই যেতিয়া বিশ্বকমলৰ হাউলী ঘেৰি ধৰিলে,সমগ্ৰ পৰিয়াল দগ্ধ হৈ পৰিছে..সেই জ্বলন্ত অগ্নিকুণ্ডৰ পৰা তিনি বছৰীয়া শিশুটি ওলাই আহিল দেহত অকণো দাগ নলগাকৈ… গাঁওবাসীৰ মুখে মুখে উচ্চাৰিত হ’ল মাত্র এটি শব্দ –

অগ্নিপুত্র…অগ্নিপুত্র ! অগ্নিপুত্র…অগ্নিপুত্র ?

****

দিল্লী বিশ্ববিদ্যালয়,এনথ্ৰ’প’লজী বিভাগ।কঁকাললৈকে পৰা চুলিখিনিৰে লাৱণ্যময়ী নায়িকাই উভতি চাওঁতেই,তাইৰ ৰেছমী জুলফেই ২৭০° এঙ্গেলত এনেদৰে ঘূৰিল যে, তাইৰ চুলি-ফুলৰ সুগন্ধত গীটাৰৰ বি-মাইনৰ আৰু চি-মেজৰ কৰ্ড দুটা যেন একেলগে বাজি উঠিল, কিছু কাষতে ৰৈ থকা বিকিৰ বুকুত।

…ক্যা অদা ক্যা জলৱে তেৰে পাৰ’
দিল কে টুকৰে হো গয়ে হজাৰো…

ক’ৰবাৰ পৰা যেন এই গানটোৰ চঞ্চল বাঁহীৰ সুৰ এটা ভাহি উঠিল।…বিকিৰ লগত খুন্দা লাগি পৰি যোৱা ৰূপৱতী চন্দ্ৰিকাৰ কিতাপবোৰ, দুয়ো একেলগে উঠাই ল’লে।বিকিলৈ মিচিকিয়া হাঁহি মাৰি নৱাগতা চন্দ্ৰিকা আঁতৰি গ’ল।ঠাইতে ৰৈ থকা বিকিলৈ কিছু আঁতৰৰ পৰা ভৰযৌৱনা চন্দ্ৰিকাই আকৌ ঘূৰি চালে !বাঁহীৰ সুৰৰ সলনি এইবাৰ তাৰ ভিতৰৰ পুৰুষজনৰ কণ্ঠতেই যেন ডি.জে.ৰিমিক্সেৰে প্ৰাণ পাই উঠিল –

.. ক্যা অদা ক্যা জলৱে তেৰে পাৰ’!
অ’ পাআ ৰু!..
..দিল কে টুকৰে হো গয়ে হজাৰো!!

… ইয়াৰ পিছত দুয়োৰে মাজত গঢ়ি উঠিল প্ৰথম প্ৰেম..
গাৰ্লছ হোষ্টেলৰ চাঁদত পৰা কপৌ চৰাইটো দেখি,বিকিৰ কাণত যেন চন্দ্ৰিকাই গোৱাৰ দৰে বাজি থাকিল-

.. কপৌ তই যা যা যা
কপৌ তই যা যা যা…
প্ৰথম প্ৰেমৰ এই প্ৰথম চিঠিখন
তয়ে দি থৈ আহ্!
কপৌ তই যা যা যা..
কপৌ তই যা যা যা..

সময় আগবঢ়াৰ লগে লগে মধ্যম প্ৰেম.. তীব্ৰ প্ৰেম…

..ফুলনিৰ মাজে মাজে যেন দুয়োটাই নাচি-বাগি গান গোৱাৰ সপোন দেখিলে।..

… দেখিছো প্ৰঅ-থম বাৰ –
চেনাইৰ চকুত প্ৰেমৰ জোঁৱাৰ..
এতিয়াহে বু-উকুতে মোৰ..
উজলিছে আশাৰ সঞ্চাৰ..

..দিলৱৰ তুঝে মিলনে কো..
কব চে থা মে বেকৰাৰ…
দেখা হেই পেহলী বাৰ..

প্ৰেমৰ ফাঁকে ফাঁকেই এদিন স্নাতকোত্তৰৰ দিন শেষ হ’ল।চন্দ্ৰিকা তাইৰ নিজৰ গাঁৱলৈ উভতিল।বিকি দিল্লীতে থাকিল.. দুয়োৰে যোগাযোগ চলি থাকিল।..আৰু এদিন হঠাৎ ফোন আহিল চন্দ্ৰিকাৰ…দেউতাকে ল’ৰা ঠিক কৰিছে… তাইৰ বিয়া।প্ৰেম বিবাহত সন্মত নহয় তেওঁ, বৰঞ্চ তাইৰ প্ৰেমক হেনো দেউতাকে মুচৰিহে পেলাব।

বিকি অধৈৰ্য্য হৈ পৰিল।সি তাইৰ ঘৰৰ address টো SMS কৰিবলৈ কৈ ফ্লাইটৰ টিকট কৰিলে বাংগালোৰলৈ।ধাৱিত হোৱা ফ্লাইটত মোবাইল অফ্ কৰাৰ আগতেই বিকিয়ে সুপ্ৰিয়াৰ ঠিকনা চালে প্ৰাপ্ত SMS ত..

নৌগড়…
গজেন্দ্ৰগড় তালুক,
গাদাগ জিলা,কৰ্ণাটক!

ভাড়াত লোৱা বুলেটখনেৰে বিকি যেতিয়া চন্দ্ৰিকাৰ প্ৰাসাদোপম অট্টালিকাৰ চৌহদলৈ সোমাল,তাইৰ দেউতাক ধূতি কোঁচাই বাৰাণ্ডাতেই বহি আছিল..বিকিয়ে নিজৰ প্ৰেমৰ খাতিৰত বুঢ়াৰ জীয়েক চন্দ্ৰিকাক সাত দিনৰ ভিতৰত উঠাই নিম বুলি হুংকাৰ দিলে।..আৰু এই সাতদিনৰ ভিতৰতেই সকলো “ৰচম পুৰি” কৰিবলৈ দিলে।

ঔদ্ধত যুৱকৰ এনে স্পৰ্ধা দেখি আচৰিত হ’ল চন্দ্ৰিকাৰ দেউতাক…জীৱনত সূৰ্য্যকমল-চন্দ্ৰকমলৰ দৰে শতৰুক বধি অহা হুকুম সিঙে প্ৰমাদ গণিলে।এনে সাহস দেখোন জীৱনত এসময়ত চূণাড়গড়ৰ সূৰ্য্যকমলৰ বাদে কাৰো চকুত দেখা নাছিল।বিকি বাইক লৈ এনেই ওলাই গ’ল।বিখ্যাত গজেন্দ্ৰগড় তালুকৰ প্ৰাকৃতিক সৌন্দৰ্য্য চাই চাই এইবাৰ চূণাড়গড় পালেগৈ।কিন্তু তাৰ মানুহে বিকিৰ ডিঙিত অগ্নিকুণ্ডসদৃশ কবচটো দেখি আচৰিত হৈ পৰিল।দেখামাত্রেই মানুহবোৰে ইজনে সিজনৰ মুখলৈ চাই আচৰিত হোৱাদি কৈ দুয়োজনে কৈ উঠিল-

অগ্নিপুত্র…অগ্নিপুত্র ! অগ্নিপুত্র…অগ্নিপুত্র ?

পানী খাবলৈ হোটেল এখনত সোমোৱাত বিকিক বৃদ্ধ লোক এজনে সুধিলে-

– নিনু মাগা য়াৰু? ইদান্নু এল্লি কবচম্ পাদেয়ুত্তিৰি ??

একো নুবুজাত সৰু স্কুলীয়া ছোৱালী এজনীয়ে তাক বুজাই দিলে-

– আংকল, হু আৰ য়ু… হোৱেৰ ডু য়ু গেট দিছ্ কবচম্ ?

লাহে লাহে বিকি আচৰিত হ’ল..কবচটো সম্পৰ্কে একোৱেই নাজানে,মাকে কেতিয়াবা দিছিল,কেতিয়াবা ট্ৰাংকত থৈছিল..গাঁওবাসীৰ মুখত সি নীলকমল,হুকুমসিং,বীৰেন্দ্ৰ বিক্ৰম,অগ্নিলোক ভৱন.. সকলো কথা শুনিলে।এইটোও গম পালে যে হুকুম সিঙৰ জীয়েক চন্দ্ৰিকা, অবিবাহিত খুৰাক বীৰেন্দ্ৰ বিক্ৰমৰ লগতহে থাকি ডাঙৰ হৈ সু-সংস্কাৰ পাইছে।কাৰণ হুকুম সিঙে চন্দ্ৰিকাৰ জন্মৰ পিছতেই বেলেগ তিৰোতাৰ পাল্লাত পৰি,লক্ষ্মীস্বৰূপ পত্নীক জী চন্দ্ৰিকাসহ খেদি পঠিয়ায়।কিছুদিন পিছত চন্দ্ৰিকাৰ মাকৰ মৃত্যু হোৱাত বীৰেন্দ্ৰ বিক্ৰমেই ভতিজী চন্দ্ৰিকাৰ সকলো দায়িত্ব লৈ, নিজৰ ছোৱালীৰ দৰে ডাঙৰ-দীঘল কৰে।

“অগ্নিলোক” নামৰ বিধ্বস্ত ভৱনটিও বিকিয়ে চালে..একো মনত নপৰিল।

******

বিকিয়ে পিছ মুহূৰ্ততে ভাড়াতীয়া বুলেট ১০০ কাঁটাৰ স্পীডেৰে বাংগালোৰ যায়;গুৱাহাটীৰ ফ্লাইট ধৰি চিধাই উজান বজাৰৰ খাপলাং বড়োৰ ভাতৰ হোটেলত সোমায়।হোটেলৰ পিছফালে বড়োৱে টেবুলত বুট-পিয়াঁজ,পুঠিমাছৰ মূৰ ভজাখিনি মেলি লৈ,assam excise ৰ বটলটো খুলিছিলহে,বিকি সোমাই গৈ সৱ আছাৰি দলিয়াই চকু টেলেকা কৰি সুধিলে –

– তই ক’ৰপৰা উঠাইছিলি মোক সঁচা কথা ক..

– আহি পায়েই তই (অবাইচ ১) মোৰ মাল নষ্ট কৰি দিলি কুত্তা..তই দিল্লীত পঢ়িলি বুলি (অবাইচ ১)..

– চুপ্ থাক মদাহী বুঢ়া…(থাক্ কৈ লালৰ বটল এটা সন্মুখত থৈ)..দিল্লীত আছো বাবেই এইটো আনিছোঁ…খা টেঁটুলৈকে.. তই মোৰ দেউতা হ’ব পাৰ…কিন্তু তই যে এটা মহা বদমাইছ জিনিছ, সেইটো তয়ো জান…
…..মই জানো যে মই তোলনীয়া..কিন্তু তই কোৱামতে কৰিমগঞ্জৰ মিয়াঁপট্টিৰ পৰা মোক অনাটো সঁচা নে মিছা?..ক!… নহ’লে তোৰ (অবাইচ ১) আজি বাহিৰে হোটেল-ভিতৰে চুলাইৰ আড্ডা সৱ জ্বলাই দিম(অবাইচ ২).. ৰহ্ বুঢ়া…

– সেইবোৰ জুই-চুই জ্বলোৱাৰ কথা নক’বি ঔ বোপাই… যিকুৰাহে জুইৰ পৰা মই তোক উলিয়াই আনিছিলোঁ..(চাৰিঢোক মাক লাল কোঁউৎ-কোঁউৎ কৈ গিলি খাপলাঙে কৈ গ’ল সমগ্ৰ কাহিনী)…বাংগালোৰত থাকোঁতে কেনেকৈ তাক পুলিছে ধৰিছিল ছাগলী চুৰ কৰোঁতে,কেনেকৈ পুলিছে তাক ধৰি লৈ যাওঁতেই হাউলীত জুই লগাৰ খবৰ পাই পুলিছৰ গাড়ী থানালৈ নগৈ “অগ্নিলোক ভৱন”লৈ উধাও হৈছিল..পুলিছে ধৰে বুলি গঁঞাৰ হৈ-চৈ.. পুলিছে জুই নুমুৱাৰ চেষ্টা কৰি থাকে..

…তাৰ মাজতে অগ্নিকবচ পিন্ধি থকা বাচ্চাটোকে বন্ধক বনাই সি পুলিচৰ গাড়ীৰেই পলাইছিল..পুলিছৰ পৰা বচাৰ বাবে সি পুলিছৰ গাড়ীৰেই বিজয়ৱাড়া ৰেলষ্টেছন পায়গৈ…কিন্তু বাচ্চাটোৱে কন্দা-কটা কৰাত পাব্লিকে তাক “শিশু অপহৰণকাৰী” বুলি গৰুপিটন দিয়াত, সি সেইটো তাৰ বাচ্চা বুলি ৰাইজক পতিয়ন নিয়াই গুৱাহাটীমুখী ৰেলত উঠি, মানুহৰ পোৱালিটো লগতে লৈ আহিল..ৰঙিয়া ষ্টেছনত ৰৈ থকা খাপলাং পত্নীয়ে দুয়োকে ঘৰলৈ আনিলে…
…. -ছলি -পলি নাছিল বাবে মাৰে তোক ৰাখিলে…মই ভাৱিছিলোঁ তোক ভাতৰ হোটেলত পোৱালি হিচাবে ৰাখিম… কিন্তু তইতো (অবাইচ)..মেট্ৰিকত ষ্টেণ্ড্ কৰিলি.. “ফ’কাছ আছাম” নামৰ গ্ৰুপ এটাই তোক পঢ়ুৱালে.. আৰু তাৰপিছত তই দিল্লী ইউলিভাৰ্ছিটিলৈ..

– হ’ব হ’ব চুপ ছাল্লা ছাগলীচোৰ…বাপেক হৈয়ো তই মোৰ স্কলাৰশ্বিপৰ পইচাকেইটাই মদ খোৱা দিনাই আচলতে তোক ময়েই পিঠি বহলাব লাগিছিল..কিন্তু মাৰ কাৰণে.. ছাল্লা..

****

– হু..কু..ম… সিং!!

ধুমুহাৰ দৰে আগন্তুকৰ বজ্ৰনিনাদত হাতত বন্দুক লৈ ওলাই আহিল হুকুমসিং।চোতালত ৰৈ থকা বিকিলৈ চাই বন্দুক টোঁৱালে,যদিও কিহৰ বাবে সি বলিয়ালি কৰিছে সুধিলে।টেঁটু ফালি বিকিয়ে ক’লে-

– আঁখ মে দেখ্ কমীনে…দেখ মেৰে আঁখ মে! তুঝে আগ নজৰ আয়েগী… আজ মে তুঝে আজ জিন্দা জলাকৰ মাৰুংগা….জেইচে তুনে মাৰা থা মেৰে পিতাজী-দাদাজীকো বিচ চাল পেহলে…

– অ’….তো তেৰি ৰগো মে সূৰ্য্যকমল কা খুন..

– নে__ই…!! গৰম খুন হি নেই….আগ…চিৰ্ফ..আগ..দিল-দিমাগ-খুন মে চিৰ্ফ আগ হি আগ! জয় মহা অগ্নি কি…

বিকিয়ে সোঁভৰি ঠাইতে চাৰিবাৰ ৩৬০°ত ঘূৰালে..এক ঘূৰ্ণীবতাহ উদ্ভৱ হ’ল আৰু লগে লগে দা লৈ ভেৰোণীয়া ঘৰচীয়া গুণ্ডাবোৰে বিকিক ঘেৰি ধৰিলে।বিকিয়ে এটাক হাতৰ ইঙ্গিতেৰে মাতিলে..আৰু সুবিধা বুজি এক ঘোঁচা মাৰিলে..সি প্ৰায় উৰি যোৱাদি উফৰি গৈ খেৰৰ মেজি এটাৰ মাজৰ জোঙা বাঁহডালত শালি ধৰাৰ দৰে পৰিল।চুৰু হ’ল পৰম্পৰাগত দাক্ষিণাত্যৰ কাজিয়া.. প্ৰায় ১৭ মিনিটমান পিছত হুকুমসিং ৰণত পৰিল…বিকিৰ হাতত উদ্যত ৰক্তপিপাসু খোলা তৰোৱাল..

– বীৰেন্দ্ৰ! মেৰে ভাই…বচা মেৰেকো…

– কভি নেই…(গলগলীয়া কণ্ঠস্বৰেৰে বীৰেন্দ্ৰ-বিক্ৰম ওলাই আহিল)..কিউকি আজ মেইনে তুঝে মে বচা লিয়া.. ত’ এক ক্যা ! দো আত্মা মুঝে মাফ্ নেহী কৰেগা.. এক মেৰি নীলকমল…ঔৰ দুচৰা ৱ’ নেহী খিলতা হুৱা কমল…জ’ উনকী কোখ মে পলি থী..জ’ আজ তুমকো তাওজী বোলকে পুকাৰতা হোগা..(শেষলৈ মাতটো এক বলিয়া আৰ্তনাদলৈ পৰিণত হ’ল)

বিকিয়ে উদ্যত তৰোৱাল তাৰ পিতৃহন্তা-মাতৃহন্তাৰ বুকুত বহুৱাবলৈ উদ্যত হ’ল..কিন্তু প্ৰেমিকা চন্দ্ৰিকাক দেখি সি ৰৈ গ’ল..তাই দেউতাকৰ প্ৰাণ ভিক্ষা কৰি হাতযোৰ কৰিব লওঁতেই, ৩-৪ জনী মাইকী মানুহে লাঠি-লক্কৰ লৈ সোমাই আহিল..কন্নাড়ী ভাষাতে সিহঁতে চিঞৰিলে..

-মাৰ ইয়াক..ছাল্লা মাইকীপাগল..চন্দ্ৰিকা ঐ তোৰ মাৰক খেদি ই মোক আনিলে..দুটা বাচ্চা জনম দি মোকো খেদিলে..এইজনীক আনিলে..

– মোক আইনলি কি হ’ল? মৰণ নহাই ৩নং ছলিটো গাত থাকাতে ডাঙাৰ ছলি দুটা ৰাইখ্ বা লেগি আহা বৈনীটোকো নিজৰ কইৰল্লাক… ছাল্লা বাউদা বনৰা।

– তোৰ ভনীয়েৰহে..মোৰ আইৰ ঘৰৰ লিগিৰীজনীকো নেৰিলে। তাতেই গাত লেঠা লগাই আহিল..সেইজনীকো সতিনী পুহিছো…

হুকুমসিঙে সাত জনীমানৰ মাৰ খাই থাকোঁতেই, তাৰ মেইন চাথী এটাই বিকিক প্ৰচণ্ড গোৰ মাৰি ওফোৰাই পঠালে…খেদাখেদিত ঘৰৰ পিছফালে থকা হুকুম সিঙৰ কলা সাম্ৰাজ্যৰ ঘাটিটো বিকিৰ চকুত পৰে..সি খঙৰ ভমকত হুকুম সিঙক চোঁচৰাই আনি সেই ঘৰটোৰ ভিতৰত ভৰাই জুই লগাই দিয়ে…দাউ-দাউকৈ জ্বলে ঘৰটো..আৰু বিকি নিজে অগ্নিকুণ্ডৰ পৰা প্ৰচণ্ড শক্তিৰে জঁপিয়াই ওলাই আহে। বিপৰীত দিশৰ পৰা চন্দ্ৰিকা দৌৰি আহে..(বুজা গ’ল দুয়ো দুয়োকে সাৱটি ল’ব শ্ল’ মোচনত)..

– THE END –
..হ’ব বুলি হলত বহি থকা দৰ্শক যাবলৈ ঠিয়ও হ’ল।

…কিন্তু অন্য এটা ঘটনাহে ঘটিল।জুইৰ প্ৰচণ্ড বিস্ফোৰণত ওফৰি অহা কলহ এটা বিকিৰ ভৰিত পৰিলহি!সেইটো ভাঙি দুটামান স্বৰ্ণমুদ্ৰা ওলাই আহিল।বিকি বহি পৰি তাক সাৱধানেৰে নীৰিক্ষণ কৰিলে..

– পেট কটা ‘ৰ’…!!

সি স্তম্ভিত হৈ নিজকে কোৱাদি কৈ, মুদ্ৰাকেইটামান হাতত লৈ সি দৌৰিবলৈ ধৰিলে।এটা কম্পিউটাৰ মুখত বহা বিকিয়ে টাইপ কৰিলে – [email protected]

মুদ্ৰাবোৰৰ ফটো কিছুমান সি মেইলত পঠালে।তাৰ মুখত বিন্দু বিন্দু ঘাম বিৰিঙিল..মুকলি আকাশৰ তলত চিগাৰেটটো টানোতেই তাৰ ফোনটো বাজিল..স্ক্ৰীণত জিলিকিল-
Deputy Director, Archeology

– নীলাক্ষি বাইদেউ… হয়… হয়নে? হয়.. একদম স্পষ্ট পেটকটাৰ..

– সোতৰ আৰু ওঠৰ শতিকাৰ কনফাৰ্ম…হয়.. আমি তিনিজনেই চালোঁ..য়াহ্ .. ৰুদ্ৰসিংহৰতো হয়েই.. শিৱসিংহৰো হ’ব পাৰে.. অৱশ্যে ফুলেশ্বৰী বৰকুঁৱৰীয়ে ৰূপৰহে মুদ্ৰা বনাইছিল…

বিকিৰ মুখখন মেল খাই যায়। সৰুতে নামঘৰত দুঃশাসনৰ ৰক্তপানৰ আগে আগে সৌৰভ শৰ্মা বায়নে বজোৱা বীৰ-ৰসৰ খোল-তালৰ উদ্দাত্ত মূৰ্চ্চনা যেন তাৰ মন-মগজুত বাজিবলৈ ধৰিলে।চূনাৰগড়ৰ থানেদাৰক টকা দুহেজাৰ দি লক-আপত সোমাল বিকি,য’ত হুকুমসিঙৰ চাথীটোক গ্ৰেপ্তাৰ কৰি ভৰাই থোৱা আছিল। চাথীটোৰ পৰা তথ্য কিছুমান শুনি বিকিৰ চকু বহলহৈ যায় আৰু তাক বাইক এখন লৈ বাংগালোৰ অভিমুখী হাইৱেত দেখা পোৱা যায়।কাঁটা এইবাৰ ১১০-১২০!

*****

..আকাশমাৰ্গত এখন এৰোপ্লেন দেখা যায়… U.S. airlines -ৰ ফ্লাইটখন অৱতৰণ কৰে নৰ্মান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত।

Norman Intl Airport,San Jose,
Costa Rica, Central America!

গ’ল্ড মিডাছ্ মিউজিয়ামত সোমাই গ’ল বিকি…এগৰাকী মুদ্ৰা গৱেষক হিচাবে কৰ্ত্তৃপক্ষক চিনাকি দি বিকিয়ে ভিন্ ভিন্ মুদ্ৰা মনোযোগেৰে চোৱা-মেলা কৰিবলৈ ধৰিলে…দুদিন পিছতে বিকিৰ লগত চিনাকি হ’ল এজনী সুগঢ়ী তন্বী আমেৰিকান যুৱতী
-জেষ্টিনা!
জাৰ্ণেলিষ্ট জেষ্টিনা। যিকোনো পুৰুষৰ মনত পুলক জগাব পৰাকৈ আকৰ্ষণীয় জেষ্টিনা!!

লাহে লাহে দুয়ো গম পাবলৈ ধৰিলে যে দুয়ো গোপনেই সন্ধানত আছে অসমৰ পৰা কৰ্ণাটক হৈ চোৰাংকৈ অহা স্বৰ্ণমুদ্ৰাসমূহৰ।চল চাতুৰীৰে দুয়ো দুয়োৰে গোপন কথাবোৰ জানিবলৈ তৎপৰ হ’ল।গঢ়িব তুলিলে চতুৰালিৰে বন্ধুত্ব…এদিন নিশা এখন বাৰত, বন্ধুত্বৰ নামত দুয়ো সুৰাপান কৰি বিকিক তাই বাকচাতুৰীৰে তাইৰ নিজৰ কোঠালৈ লৈ যায়.. কোঠাৰ কম আলোকসজ্জাত জেষ্টিনাৰ চকুত কামনা বিহ্বল আহ্বান দেখি বিকিৰ সংযম হেৰায়।সু-সজ্জিত বিচনাই দুয়োকে যেন হাত বাউল দি মাতিলে।ওপৰলৈ মুখ কৰি বিচনাত শুই পৰা জেষ্টিনাৰ গালে-মুখে চুমা আঁকিবলৈ বিকি তৎপৰ হৈ থাকোঁতেই,জেষ্টিনাই তাক মৰমৰ তপ্ত আৱেগেৰে সাৱটি,তাক মুহূৰ্ততেই তললৈ বগৰাই নিজে তাৰ গাৰ ওপৰত বহি লয়..আৰু..
..কাল বিলম্ব নকৰি তাৰ মুখৰ ভিতৰত নিজৰ কলাফুলত লুকুৱাই অনা ৰিভলভাৰৰ নলী ভৰাই চিৎকাৰি উঠিল –

– CIA…! .. হোৱাই ডু য়ু নিড দ্যা কইনছ্ অৱ্ আছাম??

বিকি বিবুধিত পৰিল..মৃত্যু তাৰ সন্মুখত.. লগে লগে সি অলৰ-অচৰ-অটল হৈ ককাক বিশ্বকমলৰ আত্মাক ধ্যান কৰিলে… বুকুৰ অগ্নিকবচ সক্ৰিয় হৈ পৰিল। জেষ্টিনাৰ দেহাটোৱে যেন উত্তপ্ত কেৰাহী এটাৰ ওপৰত বহি থকা যেন পালে। তাই জঁপিয়াই পৰিল,সুযোগ ল’লে বিকিয়ে… তাৰ ফ্লাইং কিকত তাইৰ ৰিভলভাৰ উৰি গ’ল..তাই কুংফু বিদ্যাৰ প্ৰয়োগ কৰিলে..বিকিয়ে প্ৰতিহত কৰিলে।এনেতে পুলিছৰ চাইৰেনৰ শব্দ শুনা গ’ল…দুপদুপকৈ পুলিছ সিহঁতৰ কোঠাৰ ফালে উঠি আহিল।একে গোৰে দুৱাৰ ওফোৰাই পুলিছ সোমাই দুয়োৰে ফালে পিষ্টল টোঁৱাই কৈ উঠিল –

– FBI… য়’ৰ গেম ইজ্ অভাৰ ক্ৰিমিনেল চফিয়া! য়ু আৰ আণ্ডাৰ এৰেষ্ট!!

চফিয়া মানে জেষ্টিনা আচলতে CIA নহয়,এজনী চোৰাং পৌৰাণিক মুদ্ৰা সৰবৰাহকাৰী গোট এটাৰ সদস্য আছিল…হুকুমসিঙে এটা স্বদেশী আৰু এটা বিদেশী নেটৱৰ্কেৰে শিৱসাগৰৰ পৰা এনেবোৰ কিছু মুদ্ৰা উঠাই, ডুবাই হৈ ক’ষ্টা-ৰিকালৈ চালান দিছিল..FBI য়ে তাইক গ্ৰেপ্তাৰ কৰাত সহায় হোৱাৰ বাবে বিকিক ধন্যবাদ জনালে…কিন্তু ভুৱা গৱেষকৰ পৰিচয়ৰে আমেৰিকা চৰকাৰক গুমৰাহ কৰাত তাকো জেলত ভৰালে।

***

-বৈকুণ্ঠদা!

জেলৰ ভিতৰত তলমূৰকৈ বহি থকা বিকিয়ে ছোৱালী এজনীৰ মাতত উচপ খাই উঠিল।

– মোক চিনি পোৱা নাই দাদা?
(মৰমলগা ছোৱালীজনীয়ে বৰ আত্মীয়তাৰে সুধিলে।)… দাদা, মই ডলী তালুকদাৰ.. দিল্লী য়ুনাভাৰ্চিটিত যে…

– অ’ ডলী! নলবাৰীৰ যে! কিন্তু ইয়াত কেনেকৈ ভণ্টি?

– দাদা, মই আজিকালি India Today ত কাম কৰোঁ,আমেৰিকান সংবাদদাতা। মই আপোনাৰ সকলো কথা…মানে ৰুদ্ৰসিংহৰ মুদ্ৰাবোৰ ঘূৰাই নিয়াৰ চেষ্টাৰ কথা খবৰ পালোঁ… চিন্তা নকৰিব..সেইবোৰ এতিয়া পুলিছৰ জিম্মাত.. মই চৰকাৰীভাৱে সকলো চম্ভালি ল’ম।

– হয় ডলী.. এইখিনি আমাৰ জাতীয় সম্পদ..মই কৰ্ণাটকী হোৱাৰ লগতে তোমাৰ দৰে অসমীয়াও..

ইয়াৰ পিছত ডলীয়ে দক্ষিণ আফ্ৰিকাত থকা প্ৰভাৱশালী অসমীয়া অগ্নিভ দত্তৰ লগত ফোনেৰে যোগাযোগ কৰি সকলো বিৱৰি কয়…শাসনাধিষ্ঠ চৰকাৰৰ লগত সু-সম্পৰ্ক থকা বাবে, তেওঁ বৈদেশিক মন্ত্রালয়,আমেৰিকান দূতাবাসৰ লগত যোগসূত্র স্থাপন কৰাই অসমৰ ঐতিহাসিক স্বৰ্ণমুদ্ৰাবোৰ গুৱাহাটীলৈ নিয়াৰ ব্যৱস্থা কৰে।বিকিৰ চেষ্টাক সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমযোগে শ্ৰীযুত দত্তই ভূৰি-ভূৰি প্ৰশংসা কৰে। …টক্ শ্বো-ত বহা বুদ্ধিজীৱি কিছুমানক তুলা-ধূনা দি, বিকিৰ উদাহৰণেৰে “জাতীয়তাবাদ”-ৰ লগত “ৰাষ্ট্ৰবাদ”ক এডাল এনাজৰীৰে বান্ধিবলৈ উঠি অহা যুৱ সমাজক আহ্বান জনায়।

.. LGB বিমানবন্দৰত নিজেই উপস্থিত হয়গৈ মুখ্যমন্ত্রী ডাঙৰীয়া..অসমৰ ঐতিহাসিক ৰাজসম্পত্তি উদ্ধাৰ হোৱা হেতু,উৎফুল্লিত হোৱা সমূহ ৰাইজৰ হৈ তেওঁ অগ্নিপুত্র ওৰফে বৈকুণ্ঠ বড়ো ওৰফে বিকিক উষ্ণ আদৰণি জনাই কয়,

– আপুনি কেৱল “অগ্নিপুত্র”ই নহয়..”অসমপুত্র”ও..

পুৰাতত্ব আৰু সাংস্কৃতিক দপ্তৰৰ দ্বৈত দায়িত্বত থকা সচিব কাবেৰী মহন্তই বিকিৰ লগতে কৰ্ণাটকী চন্দ্ৰিকাকো ফুলাম গামোছাৰে সম্বৰ্ধনা জনায়।

তিনিদিন পিছত এক বৰ্ণাঢ্য কাৰ্য্যসূচীৰে খানাপাৰাৰ ভেটেনেৰী ফিল্ডত বৈকুণ্ঠ বড়োক “অসমপুত্র” উপাধি প্ৰদান কৰে..লগতে ডলী তালুকদাৰক প্ৰদান কৰা হয় “কামৰূপ তনয়া” সন্মানেৰে..

মঞ্চত বহি থাকোঁতেই অসমপুত্রৰ মোবাইলত এটা SMS আহিল..তেওঁ লাহেকৈ খুলিলে –

…”তই যি পুত্র হৱ হৈ থাক,কিন্তু তই মোৰেই পুতেক..চাৰ্টিফিকেটত মোৰেই নাম থাকিব… বঁটা-বাহনৰ লগত দুপইচামান দিয়েও হেনো.. লাল আনিবিয়েই আজি। দুটা”…

— দ্যা এণ্ড —
☆★☆★☆

36 Comments

  • ডলী তালুকদাৰ

    চুপাৰ্ব

    Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

    জেমচ বণ্ড যেন লাগি গ’ল নিজকে।বাই দ্যা ৱে,চফিয়া ক’ত আজিকালি।

    Reply
    • ৰামানুজ

      চফিয়া পলা জেলৰ পৰা… ?

      যোৰহাট ত আছে… লগ পাব পাৰা

      Reply
  • Anjan sadhanidar

    কপৌ তই যা যা যা
    কপৌ তই যা যা যা…
    এনেকুৱা চুপাৰ্ব লিখনিৰ কমেণ্ট এটা
    তয়ে দি থৈ আহ্!
    একবাৰতে পঢ়ি দিলো দেই৷ মজা লাগিল৷

    Reply
    • ৰামানুজ

      ধন্যবাদ দাদা….

      Reply
  • Rintumoni Dutta

    তোমাৰ অদ্ভুত কল্পনা শক্তিৰ বাবে এদিন তোমাৰ ব্ৰেইনটোক লৈ গৱেষণা হ’ব বৰাৰ পো।

    বাকী কি মন্তব্য দিম, চেলুট এটাকে দিছো ব্ৰাডাৰ

    Reply
    • ৰামানুজ

      আপোনালোক দুজনমানৰ আশীৰ্বাদ…
      আপোনাৰ তাগিদা ইত্যাদি তে কিবা অলপ লিখা হয় দাদা…

      বহুত মৰম আৰু সন্মান সদায়

      Reply
  • Bhaskar Jyoti Sarma

    বাঃহ ৰামানুজ দা কি লিখিছে একদম চুৰ্পাব। আপোনাৰ লগত কথা পাতি থাকিলেও গম নাপায় ইমান innocent মুখৰ আঁৰৰ এই কল্পনাশক্তিক। আপোনাৰ লগতে চম্পাকো ধন্যবাদ ইমান ধুনীয়া লিখাৰ বাবে।

    Reply
  • দাদা মানিছো আপোনাৰ কল্পনাশক্তিক৷বহুত ভাল লাগিল৷

    Reply
    • ৰামানুজ

      নীলাক্ষি…তোমালোকৰ কমেণ্টেই উৎসাহ ।
      ধন্যবাদ অশেষ

      Reply
  • তৃষ্ণা সো

    তামাম বঢ়িয়া কাহিনী দাদা, আপোনাৰ কল্পনা শক্তি সচাকৈয়ে তুলনাবিহীন।

    Reply
    • ৰামানুজ

      ধন্যবাদ তৃষ্ণা….বৰ ভাল লাগিল কমেন্ট পাই

      Reply
  • Jyotirupam Dutta

    সেইদিনাই বিয়লিলৈ খানাপাৰাত অসমপুত্ৰ অগ্নিপুত্ৰক SHOP OPEN এখনৰ আগত থিয় হৈ থকা দেখিছিলো৷ হাতত দুটা 50 মাইক্ৰনৰ বগা পলিথিনৰ পেকেট!

    Reply
    • ৰামানুজ

      হাঃ হাঃ…. সেয়া তেও ৰ পিত ৃভক্তি…

      Reply
  • অভিজিত কালিতা

    বেনাৰখন বেছি ভাল হৈছে!! 🙂 🙂 মজা মজা!

    Reply
  • মানসী বুদ্ধ

    আপোনাৰ কল্পনাক মানিছো ।।???

    Reply
  • Pratim Pallab Goswami

    ৱাহ। তাম্মাম লিখিছে দেই। অগ্নিভ দায়ো উপাধি এটা পাব লাগিছিলে।

    Reply
  • কমল তালুকদাৰ

    কল্পনাশক্তি কিন্তু তামাম •••

    সুন্দৰ চিনেমা
    কপৌ তই যা যা •• হা হা , মজা লাগিল

    Reply
  • ৰাজশ্ৰী শৰ্মা

    আপোনাৰ কল্পনা শক্তিৰ তুলনা নাই দাদা। সঁচাকৈয়ে জিনিয়াচ বুলি যে কয়।আৰু একো নকও।সেৱাহে।

    Reply
  • নীলাক্ষি

    এটাই শব্দ কম চেল্যুট ! ভাষা, কল্পনাশক্তি, প্লট আদিৰ এক অতীৱ সুন্দৰ যুগলবন্দী! অনবদ্য লিখনি!

    Reply
  • Anonymous

    আপুনি নাটক চিনেমা লিখা কৰক , সচাকৈ কৈছো। নতুন ৰসৰ প্ৰয়োজন হৈছে ৰাইজৰ যিটো আপুনি দিব পাৰিব।

    Reply
  • Mridula

    সাংঘাতিক আপোনাৰ কলম । বৰ ভাল লাগিল

    Reply
  • পূৰ্ণময়ী

    সাংঘাটিক দাদা

    Reply
  • Gitarthi Goswami

    সাংঘাতিক লিখিছে দেই

    Reply
  • কাবেৰী মহন্ত

    ৰহিত চেট্টি কৰন জ’হাৰ উৰি যাব হে তোমাৰ চিত্ৰনাট্যৰ ওচৰত ! কি অদ্ভুত কল্পনা তোমাৰ আৰু স্ৱাক্ষুস বৰ্ণনা… এই মাহৰ আলোচনীৰ one of d best !

    Reply
  • ৰামানুজ

    মানসী বুদ্ধ….অভিজিতদা..ৰাজশ্ৰী .নীলাক্ষি..পূৰ্ণময়ী …মৃদুলা…কমল তালুকদাৰ…গীতাৰ্থী গোস্বামী…কাবেৰীবাইদেউ..
    . .আটাইকে ধন্যবাদ

    Reply
  • ববিতা শৰ্মা

    বৰ বেল্লেগ লিখিলে দেই ৰামানুজ দা

    Reply
  • অৰ্চনাময়ী বড়া

    পঢ়িলো ,পঢ়ি যাওঁতে সঁচাকৈ চিনেমাখন চায় থকাৰ দৰে লাগিল,ভাল হৈছে.

    Reply
  • চেল্যুট দাদা।

    Reply
  • deepjyoti Handique

    অপূৰ্ব । কি কল্পনা শক্তি আপোনাৰ । কবলৈ ভাষা নাই ।

    Reply
  • জয়ন্ত দাস

    বলেত’ চুপাৰ ডুপাৰ হিট৷ অওৰ একবাৰ ফিডা হ’ গিয়া৷

    Reply
  • মন্দিৰা

    বৰ সুন্দৰ লিখিছে দাদা। কল্পনা,বৰ্ণনা সাংঘাতিক। লগতে গানৰ অনুবাদ সোণত সুৱগা। মুঠতে মজ্জা।

    Reply
  • চিদানন্দ বৰা

    আজিহে শেষ কৰিলো ! নাটিকা ভাগ অতি-শ্ৰীঘ্ৰেই এন এচ ডিৰ মুখ্য উপদেষ্টা অভিৰামায়া কলিপ্পা লৈ পঠোৱাৰ দিহা কৰি আছো !!

    Reply
  • গীতিকা শইকীয়া

    তোমাৰ কল্পনা শক্তিয়ে মিছাইলৰ স্পীডকো চেৰ পেলাব। মানিছোঁ দেই! এনে কল্পনা শক্তি বহুতৰে নাথাকে। সঁচাকৈয়ে ভাল লাগিল পঢ়ি।

    Reply
  • হেমন্ত কাকতি

    ফাটাফাটী ৰামানুজ৷ সঁচাকৈ মাৰ্ভেলাচ বনালা এইখন

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *