ফটাঢোল

‘দুই নাৰী’ এটি আলোচনা – চবিনা ইয়াচমিন

আধুনিক কথা সাহিত্যত চুটি গল্পৰ এক বিশেষ স্থান আছে৷ বাস্তৱ জীৱনক আধাৰ হিচাপে লৈ চুটি গল্পত প্ৰয়াস কৰা হয় জীৱনৰ একোটি সত্যক সংক্ষিপ্ত ৰূপত তুলি ধৰিবলৈ৷ চুটি গল্পত লৌকিকতা বা বাস্তৱতা থকাটো বাঞ্ছনীয়৷ কাৰণ অলৌকিকতা বা অবাস্তৱ কথাই চুটি গল্পক সাধুৰ পৰ্যায়লৈ লৈ যায়৷

এতিয়া কথা হ’ল গল্প পৰ্যালোচনা মানেনো প্ৰকৃততে কি? গল্পটোৰ বিষয়ে সম্যক আলোচনাই হৈছে গল্পৰ পৰ্যালোচনা৷ সচৰাচৰ পঢ়িবলৈ পোৱা পৰ্যালোচনা সমূহত বহুক্ষেত্ৰত গল্প এটা পঢ়ি আমাৰ যি অনুভৱ হয়, তাৰে থূলমূল আভাস এটাৰ মাজতে সীমাবদ্ধ হৈ থকা দেখা যায়৷ কিন্তু পৰ্যালোচনাৰ ক্ষেত্ৰত দুটিমান সুকীয়া দিশো আমি আলোচনা কৰিব পাৰোঁ৷ এইটো আলোচনাতো দুটামান অন্য দিশৰ ওপৰত গুৰুত্ব দিবলৈ প্ৰচেষ্টা কৰা হৈছে৷

আলোচনা কৰিবলৈ লোৱা গল্পটো হ’ল ‘দুই নাৰী’৷ গল্পটিৰ লেখক হ’ল পঞ্জাৱী সাহিত্যৰ প্ৰভাৱশালী কবি ও গল্পকাৰ অমৃতা প্ৰীতম৷ গল্পটি অসমীয়ালৈ অনুবাদ কৰিছে নীৰাজনা মহন্ত বেজবৰাই৷ আলোচনাটিত গল্পটোৰ নিৰ্মাণগত আৰু প্ৰকাৰগত দিশৰ বিষয়েহে ফঁহিয়াই আলোচনা কৰিবলৈ চেষ্টা কৰিম৷

গল্পটোৰ মূল কাহিনীভাগ থূলমূলকৈ এনেধৰণৰ৷ ‘দুই নাৰী’ গল্পটিত মূলতঃ এগৰাকী পোন্ধৰ বছৰীয়া কিশোৰীৰ মানসিক অৱস্থাৰ বিশ্লেষণ গল্পকাৰে অতি সুন্দৰকৈ ডাঙি ধৰিছে৷ গল্পটিত ছোৱালীজনীৰ অদ্ভুত মনস্তত্ত্ব প্ৰকাশ পাইছে৷ এক বিক্ষিপ্ত অনুভৱৰ দ্বাৰা পৰিচালিত কল্পনাৰ প্ৰাচুৰ্য্যৰ শিখৰত অৱস্থান কৰা এজনী ছোৱালীৰ যৌন মনস্তত্ত্বৰ এক বিকৃত দিশ গল্পটোত দেখিবলৈ পোৱা গৈছে৷

কিশোৰীগৰাকী থকা চুবুৰীটোতে নতুনকৈ এটা ভাৰাঘৰত থাকিবলৈ আহিছে এগৰাকী মহিলা৷ পেশাত তেওঁ টেলিভিছনৰ বাতৰি পঢ়োঁতা৷ দৈহিক গঠন, ৰূপ, সৌন্দৰ্য সকলোৰে ফালৰ পৰা মহিলাগৰাকী আছিল অতুলনীয়৷ এবাৰ এখন বিয়াত মহিলাগৰাকীক ছোৱালীজনীয়ে দেখিছিল৷ তাই মন কৰিছিল মহিলাগৰাকীৰ আগমনত বিবাহথলীৰ পৰিৱেশ যেন হঠাৎ সলনি হৈ গৈছে৷ সকলো মানুহৰ দৃষ্টি যেন মহিলাগৰাকীয়ে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ সকলো মহিলাই যেন হৈ পৰিছিল নিষ্প্ৰভ আৰু সকলো পুৰুষ যেন হৈ পৰিছিল মুগ্ধ৷ এই সকলোবোৰ দেখি কিশোৰীগৰাকীৰ মনত ভাব হৈছিল যি সন্মান আদৰ মহিলাগৰাকীয়ে পাইছে সেয়া আচলতে তাইহে পাব লাগিছিল৷ ভগৱানে ভুলতেহে তাই পাবলগীয়া সকলোবোৰ মহিলাগৰাকীক দি দিলে নাইবা তেওঁ নিজেই সকলো অধিকাৰ তাই পৰা চোৰ কৰি লৈ গৈছিল৷ এনে ভাব মনত পোষণ কৰাৰ লগে লগেই তাই মহিলাগৰাকীক আঁতৰাই মানসিকভাৱে বিধস্ত কৰি বিশেষকৈ পুৰুষৰ আকৰ্ষণীয় হ’বৰ বাবে তেওঁৰ স্থান নিজে অধিকাৰ কৰিবলৈ এটাৰ পিছত আন এটা অপৰাধ কৰি গ’ল৷

তাই কাল্পনিক কাহিনীৰে নিজৰ প্ৰতি সেই যুৱতীগৰাকীৰ সহানুভূতি আদায় কৰিবলৈ লৈছিল৷ নিজৰ উদ্দেশ্য সিদ্ধিৰ বাবে তাই যুৱতীগৰাকীৰ ওচৰলৈ অহা পুৰুষসকলৰ শাৰীৰিক সাহচৰ্যলৈয়ো আহিছিল৷ ঈৰ্ষাৰ তাড়নাত ইমানেই অন্ধ হৈ পৰিছিল যে তাই মহিলাগৰাকীৰ অধিকৃত জগতখনত প্ৰৱেশ কৰাৰ উপৰিও মহিলাগৰাকী আৰু তাইৰ মাজত দ্বিতীয় অস্তিত্বকো সহিব নোৱৰা হৈছিল৷ আনকি যুৱতীগৰাকীৰ প্ৰেমিকজনকো তাই পাবলৈ বিচাৰিছিল৷ যুৱতীগৰাকীক তেওঁৰ প্ৰেমিকৰ অন্য নাৰীৰ লগত সম্পৰ্ক আছে বুলি আৰু প্ৰেমিকজনকো যুৱতীগৰাকীৰ অন্যৰ লগত সম্পৰ্ক থকা বুলি মনে সজা কাহিনী কৈ বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছিল৷ কিন্তু পুৰুষজনৰ প্ৰচেষ্টাত আচল সত্য উদ্ঘাটন হয়৷ অৱশেষত ছোৱালীজনীৰ মিছা কথাৰ শাস্তি স্বৰূপে তাইক যুৱতীগৰাকীয়ে তেওঁৰ জীৱনৰ পৰা চিৰ দিনলৈ বহিষ্কাৰ কৰে৷

‘দুই নাৰী’ গল্পটো প্ৰথমপুৰুষত ৰচিত৷ ইয়াত গল্পকাৰ নিজেই বক্তা৷ চুটি গল্পৰ এটা বৈশিষ্ট্য হৈছে, গল্পকাৰে বৈচিত্ৰ্যপূৰ্ণ মানৱসমাজত সংঘটিত হোৱা কোনো এক বিশেষ ঘটনাৰ পৰিপেক্ষিতত এটা সম্পূৰ্ণ জীৱনৰ সত্য প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰে৷ ‘দুই নাৰী’ গল্পটিতো বক্তাই বিয়া খাবলৈ গৈ পূৰ্ণযৌৱনা সুন্দৰ চেহেৰাৰ আকৰ্ষণীয় ব্যক্তিত্বৰ মহিলাগৰাকীক দেখি, মনত যি নাৰী সুলভ ঈৰ্ষাৰ সঞ্চাৰ ঘটিছে তাৰ মাজেৰে তাকেই বুজাব খুজিছে৷ সুন্দৰী নাৰীগৰাকীৰ প্ৰতি কিশোৰী বক্তাৰ মনত যি ঈৰ্ষা আৰু অনিশ্চয়তাই ঘৰ কৰিছে সেয়া হৈছে সকলো নাৰীৰ মনত সৃষ্টি হোৱা এক সাৰ্বজনিন চিন্তা৷ উদাহৰণস্বৰূপে- “…তেনেতে হঠাৎ তেওঁ সোমাই আহিল কোঠালৈ৷ তেওঁৰ আগলৈকে যিমানবোৰ নতুনকৈ কোনোবা মহিলা সোমাই আহিছিল, সকলোৰে চকু নবাগতাৰ সাজ-পাৰৰ পিনেহে গৈছিল৷ কিন্তু তেওঁ সোমাই অহাৰ লগে লগে আটাইৰে চকু তেওঁ মুখৰ পিনেহে গ’ল৷ কোঠাত থকা পুৰুষসকলৰ, মহিলাসকলৰ আৰু মোৰো৷ আৰু তেওঁ সোমাই অহাৰে পৰা এনেকুৱা হ’ল যেন কোঠাটোত একমাত্ৰ তেওঁৰখনেইহে মুখ আছে, বাকীবোৰ সব কাপোৰ৷”

ঘটনা, চৰিত্ৰ সৃষ্টি আৰু কল্পনাৰ দিশত গল্পকাৰে এক সংযম ৰক্ষা কৰিবলৈ সক্ষম হোৱা দেখা যায়৷ গল্পটোত অনাৱশ্যক চৰিত্ৰ, বৰ্ণনা আৰু ঘটনাৰ অনুপস্থিতিয়ে গল্পটোক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে৷ গল্পটো পঠন যোগ্য হোৱাৰ ইয়ো এক অন্যতম কাৰক৷ ব্ৰেণ্ডাৰ মেথিউজে কৈছিল- “চুটি গল্পত প্ৰতিফলিত হয় এচকল জীৱন৷” এই দিশৰ পৰা চাবলৈ গ’লে ‘দুই নাৰী’ গল্পটিৰ বৰ্ণনা বাহুল্য নহয়৷ একেবাৰে সংক্ষিপ্তৰূপত গল্পকাৰে সম্প্ৰতি দেখা দিয়া এটা গুৰুতৰ সমস্যাৰ ওপৰত আলোকপাত কৰিছে৷ নাৰীৰ প্ৰতি নাৰীৰ মনত সৃষ্টি হোৱা ঈৰ্ষা আৰু আকৰ্ষণৰ এক মিশ্ৰিত অনুভৱ গল্পটিত দেখিবলৈ পোৱা গৈছে৷ এগৰাকী কিশোৰীৰ যৌন মনস্তত্ত্বৰ এক বিকৃত দিশ, সমকামী চিন্তাধাৰা, নাৰী সুলভ ঈৰ্ষা আদি দিশবোৰ এক ভয়ংকৰ ৰূপত পাঠক সমুখত তুলি ধৰা হৈছে৷ এই সকলোবোৰ কথাই হৈছে গল্পটিৰ মূল উপজীব্য৷ মিছা সহানুভূতি আদায় কৰিবৰ বাবে মিছা কথাৰ আশ্ৰয় লৈ, সেয়া হৈ পৰিছিল শেষত কিশোৰীগৰাকীৰ আত্মবিনাশৰ মূল কাৰণ৷ তেনে সিদ্ধান্তই ভৱিষ্যতে যে কিশোৰীগৰাকীক কেৱল এক অন্ধকাৰ জগতৰহে সন্ধান দিব সেই কথা তেওঁ সেই সময়ত উপলব্ধি কৰিব পৰা নাছিল৷

‘দুই নাৰী’ গল্পটিত মাত্ৰ এটা ধাৰণাইহে আত্মপ্ৰকাশ কৰিছে৷ অৰ্থাৎ ইয়াৰ কাহিনীভাগ একমুখী৷ এটা বিশেষ পৰিস্থিতিৰ বিষয়েহে ইয়াত বৰ্ণনা কৰা হৈছে৷ সীমিত চৰিত্ৰই ‘দুই নাৰী’ গল্পটোৰ ৰস বৃদ্ধি কৰিছে৷ কেৱল বক্তা হিচাপে কিশোৰীগৰাকীৰ মুখেৰে গল্পটিৰ কাহিনী উপস্থাপন কৰা হৈছে আৰু ইয়াৰ দ্বাৰাই গল্পকাৰে সমাজলৈ এক বাৰ্তা প্ৰদান কৰিবলৈ চেষ্টা কৰিছে৷

কিশোৰীগৰাকীৰ মানসিক জগতত তোলপাৰ লগোৱা ঘটনাৰাজিক কেৱল কিশোৰীগৰাকীৰ দ্বাৰাই গল্পকাৰে প্ৰকাশ কৰিবলৈ সক্ষম হৈছে৷ গল্পটোৰ এক শক্তিশালী দিশ হ’ল ইংগিতধৰ্মী সংলাপ৷ বক্তব্যৰ লগত সংগতি নথকা কোনো সংলাপ বা চৰিত্ৰ ‘দুই নাৰী’ গল্পটিত দেখিবলৈ পোৱা নগ’ল৷ ইয়ো গল্পটিৰ এটা ইতিবাচক দিশ৷ বিষয়বস্তুৰ দিশৰ পৰা লক্ষ্য কৰিলে ‘দুই নাৰী’ এটি মনস্তত্ত্ব মূলক চুটি গল্প৷ কাৰণ গল্পটোত চৰিত্ৰৰ মনস্তাত্বিক বিশ্লেষণৰ মাজেৰে জীৱনৰ এক সত্যক গল্পকাৰে সুন্দকৈ উদ্ঘাটন কৰিছে৷ আনহাতে ৰচনাৰীতিৰ ফালৰ পৰা ‘দুই নাৰী’ হ’ল কাহিনী প্ৰধান গল্প৷ কাৰণ ‘দুই নাৰী’ গল্পটিত কাহিনীয়েই বক্তব্য প্ৰকাশত কেন্দ্ৰীয় ভূমিকা গ্ৰহণ কৰিছে৷

এতিয়া আহোঁ শিৰোনামৰ কথালৈ৷ গল্পটোৰ শিৰোনামটো ‘দুই নাৰী’ দিয়াৰ অন্তৰালত এটা কাৰণেই চকুত পৰিল৷ ‘দুই নাৰী’ নামটিৰ এক প্ৰতীকী ব্যঞ্জনা আছে৷ এগৰাকী কিশোৰীৰ সুন্দৰী যুৱতী গৰাকীৰ প্ৰতি থকা ঈৰ্ষা আৰু আকৰ্ষণে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টিৰ কৰি শেষত দুগৰাকী নাৰীৰ সম্পৰ্কৰ যতি পেলালে৷ দুগৰাকী নাৰী মনস্তত্ত্বৰ বিষয়ে সুন্দৰকৈ গল্পকাৰে পাঠকক অৱগত কৰিব খুজিছে৷ গতিকে গল্পটোৰ শিৰোনামেও সাৰ্থকতা লাভ কৰিছে৷

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *