ফটাঢোল নিউজ – হেমন্ত কাকতি
নমস্কাৰ,
এয়া ফটাঢোল নিউজ আগবঢ়াইছোঁ মই হেমন্ত কাকতি ওৰফে হেকাই৷ প্ৰথমে শুনক মুখ্য খবৰসমূহ!
সদ্য সমাপ্ত নিৰ্বাচনৰ পিচতে চচিয়েল মেডিয়াৰ সকলো “চৌকীদাৰ” আৰু “বেৰোজগাৰে” নিজৰ নামৰ আগত লগোৱা চৌকীদাৰ আৰু বেৰোজগাৰ শব্দ দুটা সলনি কৰি পুনৰ “এঞ্জেল” আৰু “প্ৰিন্স” কৰিবলৈ এক সৰ্বসন্মত সিদ্ধান্ত লোৱা হৈছে বুলি আমাৰ সংবাদদাতাক জানিবলৈ দিয়ে সদৌ অসম চৌকিদাৰ আৰু বেৰোজগাৰ সন্থাই৷ এই ইলেকচনত ফেচবুক, টুইটাৰ, হোৱাটচএপ গ্ৰুপ আদিৰ অনলাইন যুজাৰু সকলে নিজৰ নিজৰ অস্ত্ৰ সম্বৰণ কৰি পুনৰ চেলফি, জোক আৰু ৰিচিপিৰ ফটো আদি দিবলৈ লোৱাত “আম জনতা”ই স্বস্তিৰ নিশ্বাস লৈছে বুলি জানিব পৰা গৈছে৷ ইফালে সদৌ অসম আম জনতা সমিতিৰ অঘোষিত আৰু অবৈতনিক সভাপতি ফেবুশ্বৰ মহন্তই জনোৱা মতে- নিৰ্বাচনৰ সময়ৰ উত্তপ্ত পৰিস্থিতিৰ শাম কটাত আৰু কোনো নতুন বিতৰ্ক নাপাই বিতৰ্কপ্ৰেমী জনসাধাৰণৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে৷ জনৈক কাকতিয়ে কি কৰো, কি নকৰো হৈ নবনিৰ্বাচিত প্ৰধানমন্ত্ৰীজনকে উধাই মুধাই গালি দি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে৷ কিছু সংখ্যক ফেচবুক একটিভিষ্টে আশ্বৰ্য্যজনক ভাবে জে চি বি নামৰ যন্ত্ৰটোকে বাছি লৈছে মানুহক ট্ৰোল কৰিবলৈ৷ হঠাৎ জে চি বি নামৰ ব্ৰেণ্ডটোৱে লাইম লাইট দখল কৰাৰ আৰত এই কম্পেনীটোৱে নিজৰ ব্ৰেণ্ড প্ৰমোচনৰ বাবে কিছু বেৰোজগাৰক কামত লগাইছে বুলিও ভূৰখা মহলে সন্দেহ ব্যক্ত কৰিছে৷ ইতিমধ্যে প্ৰধান সেৱক গৰাকীয়ে শপত গ্ৰহন অনুষ্ঠানৰ ক্ষন্তেক পিচতেই কিছু নতুন আচনি ঘোষণা কৰি চচিয়েল মিডিয়াত সকলোকে ব্যস্ত ৰখা হব বুলি আশ্বাস দিয়াৰ পিচতেই কৰ্মবিমুখ জনতাৰ মনত কিছু আশাৰ ৰেঙনি দেখা যায়৷
এইখিনিতে আমালৈ অহা এটা ব্ৰেকিং নিউজ মতে প্ৰধান মন্ত্ৰীয়ে “অপনা টাইম আয়েগা” নামৰ এটা নতুন আচনি ঘোষণা কৰিছে৷ এই আচনি মতে সকলো ৰাজহুৱা টয়লেটৰ আগত এখন ডাঙৰ হৰ্ডিং লগোৱা হব, য’ত হিন্দী, ইংৰাজী আৰু অসমীয়াত লিখা থাকিব- “অপনা টাইম আয়েগা” ৷ প্ৰধান মন্ত্ৰীৰ মতে এই বাক্যটোৱে মানুহক ধৈৰ্য্য ধৰিবলৈ শিকাব আৰু নিজৰ নিজৰ টাইম নহালৈকে ৰাজহুৱা টয়লেটৰ বাহিৰতে নিজকে কণ্ট্ৰোল কৰিব নোৱাৰি য’তে ত’তে অপকৰ্ম কৰাৰ পৰা সাধাৰণ জনতাক বিৰত ৰাখিব৷ “সকলো শুভ চিন্তাৰ উদয় শৌচালয়ৰ পৰাই হয়” এই আপ্তবাক্যশাৰীৰ লগত সংগতি ৰাখি এই আচনিৰ উদঘাটন কৰা হৈছে৷
“অপনা টাইম আয়েগা” আচনিখনৰ জনপ্ৰিয়তা দেখি এচ বি আই আৰু অন্যান্য চৰকাৰী বেংকসমূহ, আধাৰ কাৰ্ডৰ কাউণ্টাৰ, শ্বপিং মলৰ বিলিং কাউণ্টাৰ, পাচপৰ্ট অফিচ, চৰকাৰী হস্পিটাল আদিতো লগাবলৈ বিষয়া সকলক নিৰ্দেশ দিয়া হৈছে৷ হৰ্ডিং আদি ডিচপ্লে কৰাৰ লগতে সকলো টিভি চেনেলৰ কমাৰ্চিয়েল ব্ৰেক আৰু বিশেষকৈ এচ বি আইৰ লান্স টাইমতো ‘অপনা টাইম আয়েগা’ গানটো এড হিচাবে দিয়াৰ আয়োজন কৰিব বুলি জনা গৈছে৷
ইফালে অসমৰে এগৰাকী যুৱতী এঞ্জেল মন্দোদৰীয়ে কেবাদিনো গভীৰ নিশা ফেচবুকৰ ষ্টেটাচ আপডেটত ‘OMG I just can’t sleep’, ‘Error 404, sleep not found.” আদি লিখি এখন হৈ চৈৰ সৃষ্টি কৰে৷ তেওঁৰ এটা “নিদ্ৰাহীনতা”ৰ ওপৰত দিয়া আপডেটত প্ৰায় ছশ সাতানব্বৈজন ‘ফ্ৰেণ্ডে’ “ওৱাও” ৰিয়েকচন দি বিভিন্ন কমেণ্টেৰে যুৱতীগৰাকীক ব্যতিব্যস্ত কৰি তোলাত কেইটামান স্ক্ৰীনচট দি পুনৰ ক্ষন্তেক পিচতেই “মি-টু” কেচত ফচাই দিম বুলি যুৱতীগৰাকীয়ে ওলোটা ভাবুকি দিয়াত সমস্যাটো গম্ভীৰ হৈ পৰে৷ উল্লেখনীয় যে তেওৰ “ইটচ কমপ্লিকেটেদ” ৰিলেচনশ্বিপ ষ্টেটাচ আৰু তাত থকা মেইল আই দি ৰ পম খেদি আমাৰ ইনভেষ্টিগেটিভ জাৰ্নেলিষ্ট ছোটা চিআইদি ওৰফে টিংকু চৰ্মাই এই মূহুৰ্তত কিছু তথ্য আহৰণ কৰিছে৷
আমাৰ সংবাদদাতাৰ বিশেষ অনুসন্ধান ৰিপ’ৰ্ট অনুসৰি যুৱতীগৰাকী দিনটোৰ বেছিভাগ সময়ত শুই কটাই অকল ৰাতিহে ফেচবুক মেচেঞ্জাৰ আদিত নিজকে নিমজ্জিত কৰি ৰাখে বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে বহু যুুবকৰ নিদ্ৰাহৰণ কৰি হাৰাশাস্তি কৰাৰ পিচত প্ৰিন্স দিপাংকৰ নামৰ যুবক এজনে ছোৱালীৰ মাকক কমপ্লেইন কৰে৷ এঞ্জেলক বহু বুজাই বঢ়াই মাকে অৱশেষত মনোৰোগ বিশেষজ্ঞ এজনৰ ওচৰলৈ নিয়াতহে “Attention Seeking Disorder” বা চমুকৈ ASD বুলি ৰোগ এবিধৰ চিকাৰ হোৱা বুলি ধৰা পৰে৷ মনোৰোগ বিশেষজ্ঞজনৰ মতে এঞ্জেল মন্দোদৰী আহি আহি ASD ৰ শেষ পৰ্য্যায়ত উপনীত হৈছে৷ ৰোগৰ পৰবৰ্তী পৰ্য্যায় হৈছে এটেনচন নাপালে তেওঁ যাকে তাকে কামুৰিবলৈ খেদি যাব পাৰে৷ এই ৰোগৰ লক্ষনসমূহ বহুলোকে “মাই গুগুল চিম্পটম” হিচাবে চেক কৰি চোৱাৰ পিচত এই ব্যধিটো ব্যপক হাৰত মহামাৰীৰ ৰূপ লব পাৰে বুলি সচেতন মহলে আশংকা প্ৰকাশ কৰিছে৷ এই বিষয়ত নৱনিযুক্ত স্বাস্থ্যমন্ত্ৰীৰ মতামত জানিব বিচৰাত তেওঁ আমাৰ সংবাদদাতাক এটা চকুটিপ মাৰি এই ৰোগৰ উপশমৰ বাবে “চুমা বাবা” বুলি এগৰাকী বিখ্যাত বাবাৰ শৰণাপন্ন হবলৈ উপদেশ দি সেই স্থান পৰিত্যাগ কৰে৷
নিৰ্বাচনৰ পিচতে বিভিন্ন হোৱাটচএপ গোটৰ সদস্য সকলৰ মাজতো বাহি বিয়া সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাত দুই এজন সদস্য ডিপ্ৰেচনৰ চিকাৰ হোৱা বুলি জনা যায়৷ “জকাইচুক লায়নচ্” নামৰ হোৱাটচএপ গ্ৰুপ এটাৰ এডমিন শ্ৰীপাপু বেৰোজগাৰ নামৰ ব্যক্তি জনে তেওঁৰ হোৱাটচ এপ কলাটোক বিকশিত কৰাৰ স্বাৰ্থতে কিছু অভিনৱ পন্থা উদ্ভাৱন কৰি উলিয়ায়৷ বিজুলীৰ ত্বৰিৎ গতিৰে মিনিটতে শ শ ফেক মেচেজ, ফটো, গুড মৰ্নিং, গুড ইভিনিং মেচেজ আদি পঠোৱাৰ কলা কৌশল আদি আয়ত্ব কৰাৰ ওপৰত বিভিন্ন কৰ্মশালা আয়োজন কৰি হোৱাটচ এপক এটা নতুন স্তৰলৈ লৈ যায়৷ এই কৰ্মশালাত ভাগ লৈ বেৰোজগাৰ সন্থাৰ বহুলোক উপকৃত হোৱা বুলি জানিব পৰা গৈছে৷ ৫২ বছৰীয়া অভিনৱ বৰ্মন নামৰ লোক এজনে কোৱামতে তেওঁলোকৰ এই কলা ইমানে বেছিকৈ আয়ত্ব কৰিব ধৰিছে যে এই মুহুৰ্তত তেওঁলোকে লিমকা অথবা গিনিচ বুক অৱ ৱৰ্ল্দ ৰেকৰ্ডৰ বাবেও নাম অন্তৰ্ভূক্ত কৰিব পাৰিব বুলি দাবি কৰে৷
নগাৱৰ ৰহিলা গাঁও নিবাসী সদ্য বিবাহিত ফেচবুকীয়ান শ্ৰীমনোজ্বল বৰা নামৰ লোকজন এক জটিল সমস্যাৰ সন্মুখীন হোৱা বুলি জনাইছে আমাৰ নগাৱস্থিত সংবাদদাতাই৷ জীৱনত কোনো দিনেই জন্মদিন আদি পালন কৰি নোপোৱা শ্ৰীবৰাই নৱবিবাহিত পত্নীক জন্মদিনৰ দিনা মাজনিশা বাৰ বাজি পোন্ধৰ মিনিট যোৱাৰ পিচতো “বাৰ্থদে উইচ” নকৰাত তেওঁৰ পত্নীয়ে ডাইভ’ৰ্চ নটিচ ফাইল কৰিছে বুলি জনা গৈছে৷ সমস্যাৰ গুৰুত্ব উপলব্ধি কৰি তেওঁ পিচদিনা ক্ষমাভিক্ষা বিচাৰে যদিও মানুহজনীয়ে মাফ কৰিলে নে নাই এই পৰ্য্যন্ত জনা যোৱা নাই৷ আমাৰ ফেবু স্থিত সংবাদদাতা ৰিমঝিমে জনোৱামতে জন্মদিনৰ দিনা মানুহজনীয়ে দিয়া পোষ্টত প্ৰায় দেৰহেজাৰ অন্য লোকৰ ‘লাইক’ আৰু ‘কমেন্ট’ অহাৰ পিচতো মনোজ্বলৰ মেচেজ নহাত সমস্যাটোয়ে বৰ্তমানৰ ৰূপ লয়৷ জ্বলা জুইত ঘি ঢলাৰ কাম কৰে তেওঁৰ বন্ধুবৰ্গই৷ স্বপ্না জেদ জি ডাক্সজ নামৰ মানুহজনী ডাইভ’ৰ্চৰ সিদ্ধান্তত এতিয়াও অটল আছে বুলি জনা গৈছে৷
ওপৰোক্ত ঘটনাটো আমাৰ সংবাদদাতাই পোহৰলৈ অনাৰ পিচত প্ৰধানমন্ত্ৰী কাৰ্য্যলয়ে suo moto ভাবে হস্তক্ষেপ কৰি আমাক জনাইছে যে “মন কী বাত, চিজন ১২” ৰ জৰিয়তে এই ধৰনৰ পাৰিবাৰিক সমস্যাসমূহ চিৰদিনৰ বাবে নাইকিয়া কৰিবলৈ শীঘ্ৰেই এক নতুন আচনি যুগুত কৰি উলিওৱা হব৷ সকলো লোকৰ জন্মদিন আৰু বিবাহ বাৰ্ষিকীৰ দিন সমূহ আধাৰ কাৰ্ড আৰু ফেচবুকৰ লগত সংলগ্ন কৰি স্বয়ংক্ৰিয় ভাবে মেচেজ পঠোৱাৰো ব্যৱস্থা ৰখা হব৷ যাৰ যি বাৰ্তা পঠাবলগীয়া আছে সেই ৰেডীমেট মেচেজ সমূহ আগতীয়াকৈ প্ৰধানমন্ত্ৰী কাৰ্য্যলয়ত জমা দিবলৈ নিৰ্দেশ দিয়ে৷ প্ৰথম বাৰ ভোটত নাম আহিব লগীয়া বহু সংখ্যাক ন ভোটাৰৰ “লাভ-লাইফ”ৰ প্ৰতি লক্ষ্য ৰাখি নতুন মন্ত্ৰীসভাত এই ধৰনৰ বাৰ্তা আদান প্ৰদান কৰাৰ নিমিত্তে নতুন দপ্তৰো মুকলি কৰা হব বুলি জানিবলৈ দিয়ে৷ চৰকাৰৰ এজন মুখপাত্ৰই জনোৱামতে এইখন চৰকাৰেই “সবকা সাথ সবকা গাৰ্লফ্ৰেণ্ড” নামৰ ‘ধ্বনি’ প্ৰথমবাৰৰ বাবে দি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ অৱশ্যে বিৰোধীয়ে লগে লগে ইয়াক “ঝুমলা” বুলি আখ্যা দি কয় যে ভাৰতবৰ্ষত ফেচবুক, হোৱাটচ এপ আদি তেওঁলোকৰ চৰকাৰৰ দিনতহে অনা হৈছিল৷ নতুন চৰকাৰে মুখ্য ‘মুদ্দা’বোৰৰ পৰা ভোটাৰৰ মন আতৰাবলৈ এনে যোজনা আনিছে বুলি কৈ প্ৰচণ্ড গৰিহনা দিয়ে৷
সদৌ শেষত এটা চনচনীখেজ খবৰেৰে আজিৰ বাতৰি সামৰিছোঁ৷
ফেচবুকৰ মাই-বাপ মাৰ্ক জুকাৰবাৰ্গ কিছুদিনৰ বাবে অসম ভ্ৰমনলৈ আহিছে৷ অসমত ফেচবুক ব্যাৱহাৰকাৰীৰ সংখ্যা অভাৱনীয় ভাবে বৃদ্ধি হোৱাত তেওঁ সন্তোষ প্ৰকাশ কৰে৷ আমাক জনায় যে ২০২১ চনত ফেচবুকৰ দ্বাৰাই অসমত চৰকাৰ গঠন কৰাৰ প্ৰক্ৰিয়া এটা কৰাৰ ওপৰত নতুন বিকল্প এটা লৈ তেওঁ চৰকাৰক অনুৰোধ জনাব৷ তেওঁ প্ৰচুৰ আশাবাদী যে চৰকাৰী পক্ষই তেওঁৰ প্ৰস্তাৱটো সাদৰেৰে গ্ৰহণ কৰিব৷ আপোনালোকৰ একান্ত বিশ্বাসী এই নিউজ ৰিডাৰৰ লগত হোৱা এক আচুতীয়া গোপন মেলত অন ডা ৰকচ্ বহি তেওঁ এক দুৰ্বল মুহুৰ্তত সদৰি কৰি কয় যে- “মা কামাখ্যাৰ কচম কৈছোঁ, মোৰ কথা কোনেও না কৰাৰ হিম্মত নাই৷ মোৰ লগত সবৰে ইনবক্স, হোৱাটচ এপ চেটৰ ইমান ডাটা আছে যে, সবৰে পৰ্দা ফাচ কৰি দিম!” তেওঁ আৰু ঢেৰ কিবাকিবি কৈছিল যদিও লাহে লাহে বাক্যবোৰত ইংৰাজী শব্দৰ আধিপত্য বাঢ়ি যোৱাত বিশেষ ৰিপোৰ্ট যুগুতাব পৰা ন’গ’ল৷ জুকাৰৰ এই ধমকিভৰা কথা উজাগৰ হোৱাৰ পিচতেই ৰাজনৈতিক মহলত যথেষ্ঠ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বহুজনলৈ ইনবক্সত “হাই কি ক্ৰিছা?”, “তুমি বহুত বহুত ধুনীয়া”, আদি মেছেজ দিয়া, ৰাতি হলেই মেচেঞ্জাৰত কল কৰি মহিলাৰ নিদ্ৰাহৰণ কৰা চেলিব্ৰিটিও ভয়ত ত্ৰাহি মধুসুদন দেখিছে বুলি জনা যায়৷
আজিৰ বাতৰি ইমানতে সামৰিছোঁ৷ পৰবৰ্তী বাতৰিৰ বাবে চাই থাকক ফটাঢোল নিউজ, একমাত্ৰ আমাৰ চেনেলত৷
☆★☆★☆
1:39 pm
ধুই দিছে দাদা। কি বুলি ক’ম ভাবি আছো। “আপ্লুত হ’লো” আৰু “চুই গ’ল”। সদ্যহতে ইয়াকেই কৈ থৈছ
2:25 pm
ভুত, ভুত,ভুত ভাল লাগিল! আপ্লুত হলো৷ চুই গ’ল! মজ্জা! ভাল দিলে এইচাট! ফালি দিলে! 🙂
2:32 pm
দিম বুলি দিয়া এইটোকে কয়, হয়নে দাদা।
2:36 pm
চুই গল ?
4:44 pm
বঢ়িয়া দেই দাদা৷
6:49 pm
বঢ়িয়া দিলে দেই এইটো।
9:27 pm
আপোনাৰ নিউজ সদায়েই ঝাক্কাছ ৷ এইটো সুকীয়া স্ৱাদ হৈছে ৷
9:28 pm
কাকতিদা ফালি দিলে এইচাট।
11:44 am
পঢ়ি চোৱা সকলোকে ধন্যবাদ