অপমৃত্যু– দেৱ প্ৰতীম হাজৰিকা
নাজানো মোক দেখি সৰু ছোৱালীজনীয়ে কিয় চিঞৰে। উচপ খাই উঠিলো মই। মোক দেখি চিঞৰাৰ কিবা কাৰণ আছে বুলি নাভাবো। আগতেও চিঞৰিছে তাই। তাইৰ চিঞৰ শুনি একেকোবে সেই ঠাই পৰিত্যাগ কৰিলো। ল’ৰা এটা অহা দেখিছিলোৱেই। মোক দেখাহেঁতেন কিজানি কথা বিষম হ’লহেঁতেন।
নাজানো কিয় চিঞৰে…দেখাতো ইমান বেয়া নহয় মই। বিয়া পতাৰ আগতে মোৰ পিছত মাইকী এসোপাৰ লাইন লাগিছিল। বিয়া পতাৰ পিছতহে অলপ বুঢ়া যেন হৈছো বাৰু, কিন্তু সেইবুলি মোক দেখি চিঞৰাৰ কোনো কাৰণ নাই। লাহে লাহে ঘৰ সোমালোহি মই। ঘৈণী বহি আছিল মোৰ অপেক্ষাত।
-“ইমান দেৰি হ’ল যে?”
-“কি ক’বা আৰু, সকলো ঠিকেই চলি আছিল। ছোৱালী এজনীয়ে চিঞৰি সকলো গণ্ডগোল লগাই দিলে। তথাপি তাই অহাৰ আগতেই বস্তুকেইটা আনিব পাৰিলো।”
আজি ৰাতি আকৌ অভিযান চলাব লাগিব। মনে মনে ভাবিলো। ঘৈণীক কথাটো নকওঁ বুলিয়েই ভাবিলো। এনেয়ে বৰ চিন্তা কৰি থাকে তাই।
ৰাতি হোৱাৰ লগে লগেই ঘৈণীক নোকোৱাকৈ ঘৰৰ পৰা ওলাই আহিলো। লাহে লাহে ঘৰটোত প্ৰৱেশ কৰিলো। নিজম নিশা, কোনো নাই। হয় আপোনালোকে ঠিক ধৰিছে, মই এটা চোৰ। কি কৰিব উপায় নাই, চুৰি নকৰিলে পেট নভৰে। আন্ধাৰৰ আশ্ৰয় লৈ লাহে লাহে ঘৰটোৰ পাকঘৰ পালোগৈ। কিবা অলপ খাই লোৱা যাওক। দেখিলো খোৱা টেবুলখনৰ ওপৰতেই এটুকুৰা ধুনীয়া কেক থোৱা আছে। লোভনীয় মনটোক শান্ত কৰিব নোৱাৰি লাহে লাহে কেকটুকুৰাৰ কাষ পালোহি। খাবলৈ আৰম্ভ কৰিলো। কেনে তৃপ্তি, ইয়াকেই কিজানি কয় মৰতত সৰগ পোৱা বুলি।
হঠাৎ মোৰ মূৰত কিবা এটা পৰা যেন লাগিল, যেন মূৰত কোনোবাই জোৰেৰে কোবালে; প্ৰচণ্ড বিষত কেঁকাবলৈ ধৰিলো। আকৌ কিবা এটা মোৰ পিঠিত পৰিল। তাৰ পিছত মোৰ একো মনত নাই।
ৰাতিপুৱা মীনাই খোৱা টেবুলখন চাফা কৰি আছিল।
-“বাইদেউ, টেবুলৰ ওপৰত থকা কেকটুকুৰা পেলাই দিওঁ নে?”
-“অঁ, পেলাই দে কেকৰ টুকুৰাটো। বেয়া হ’ল।”
মীনাই কেকৰ টুকুৰাটো লৈ বাহিৰৰ ডাষ্টবিনত পেলাই দিলে। তাই এইবাৰ পাকঘৰটো সৰাত লাগিল। তাইৰ ঝাৰুৰে ধূলিবোৰৰ লগতে সাৰি লৈ গৈছিল এটা মৃত পঁইতাচোৰাক।
★★★★