লিমাৰিক – চিদানন্দ বৰা
(১)
নিশিকুটুম্ব লেখাৰুদেৱৰ, চৰণতে শিৰ থৈ
মাহৰ শেষৰ দিনতে হ’লেও, দিলোঁহি সমাৰ মৈ
দেখাক দেখি সিঁচিলো গুটি
নাজানো কি-নো ওলাব ফুটি
ধানৰ ঠাইত ওলালেহে পতান, গেলিব চম্পাৰ দৈ।
[* চম্পা — সম্পাদক ( ফটাঢোল অভিধান)]
(২)
মুখপুথিৰ ৰাইজৰ কথা, কি-নো আৰু ক’ম
চাব খোজা যদি ৰিজনতে, চাবাচোন জ্বলা মম
এনেই থাকে ঠিকেই জ্বলি
বা লাগিলেহে মৰে গলি
অৰ্ণৱ-আস্থাক সুধিলেই, সকলো পাবা গম।
(৩)
ন-কৈ বলিছে পচোৱা এজাক, অসমীয়াগিৰি নাম,
সোণবৰণীয়া যদিও দেখাত, ভিতৰি কিন্তু তাম
কান্ধত চালানী গামোচা
পিঠা বুলি খায় চামোচা
ইংৰাজী মাধ্যমত পঢ়োৱায় ছ’লিক, খায় হুইস্কি ৰাম।
(৪)
পা-পাচলি বজাৰ কৰাত, কনটিলৌৰ বৰ চখ
জৈৱ অজৈৱৰ পায় তলানলা, হেচুঁকিলেই হেনো নখ
জুম দেখিলেহে লাগে লেঠা
হেৰায় নখৰ গিয়ানৰ আঠা
জৈৱ বুলি অজৈৱকে কিনি, গুচাই মনৰ খখ
(৫)
ঐক্য শান্তি প্ৰগতিৰ জখলা ডালে, কৰিলে ডেৰকুৰি পাৰ
হাজাৰ শ্বহীদৰ সপোনো বগাই, চুলেগৈ সৰগী দ্বাৰ
দেখি সৰগত প্ৰজাৰ মুচন
লগায় টিকাত জালিমলোচন
ভিৰাই লউৰে যমপুৰীলৈ, পাব বুলি তাতে হে সাৰ
[মুচন – কথিত এটি ৰূপ; ৰেহৰূপ; লউৰে – দৌৰে]
From Chroma Note: https://goo.gl/ScG4Hc
☆★☆★☆