ফটাঢোল

ফটাঢোলৰ ছোৱালী – প্ৰাণজিৎ বৰুৱা

ধৰুৱাৰ হেনো ক’তো সুখ নাই,
ফটাঢোলৰ ছোৱালীৰ সমান কাৰো ধুনীয়া মুখ নাই।

পায়স বনালে দিবা তেজ পাত,
ফটা ঢোলৰ ছোৱালী সদায় জিন্দাবাদ।

ৰামায়ণৰ ৰচক বাল্মীকি মুনি,
ফটা ঢোলৰ ছোৱালী বোৰ গুণী জ্ঞানী।

সাহসক ইংৰাজীত brave কয়,
ফটাঢোলৰ ছোৱালীয়ে কাকো নকৰে ভয়।

গোলাঘাটৰ নামবৰ হাবি,
ফটাঢোলৰ ছোৱালীক নোজোকাবি।

নদী দ্বীপ মাজুলী সৰ্ববৃহৎ,
ফটাঢোলৰ ছোৱালীক পিছ পেলাবি কিহত।

সূৰ্য এতিয়া যিমান গৰম,
ফটাঢোলৰ ছোৱালীৰো সিমান মৰম।

পাকিস্তানে বিশ্বকাপত যিমান বিচাৰে মৌকা,
ফটাঢোলৰ ছোৱালীয়ে প্ৰেমিকক সিমান দিয়ে ঢৌকা।

কিমান পঢ়িব আৰু চেনী সিঙৰ বাণী,
ফটাঢোলৰ ছোৱালী সঁচাই মহাৰাণী।

বিশ্বাস নকৰিলে ফটাঢোলৰ কমেণ্টবোৰ পঢ়ি চাওক,
ফটাঢোলৰ ছোৱালীৰ গৰিমা কেনেকুৱা গম পাই যাওক।

শেষত ,
যদি খাব মন আছে কাৰোবাৰ ঘৰত মাংস ভাত,
সমস্বৰে চিঞৰক ফটাঢোলৰ ছোৱালী জিন্দাবাদ।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *