ফটাঢোল

জীৱৰ বিলাই – ৰেখা ডেকা

ইলুটি সিলুটি পাভলুটি
মাৰো বুলিয়েই মাৰি দিয়ে,
কি প্ৰজা কি ৰজা।

মুকলিৰপৰা চুক-কোণলৈ
সর্বজান্তা সর্বনিয়ন্তাৰ দপদপনিত
প্ৰজাই চাই ৰয় বেঙা মেলি,
ভাবি ৰয় আহি আছে
মন্থৰ গতিত সুখৰ ক্ষণ
মোৰ পদূলিলৈ বুলি।

চল চাই কঠিয়া পৰাৰ হাতত
ভালৰো ভাল পুঠি খলিহণা মুঠি মুঠি,
ওখ ওখ দালানৰ বৰষুণৰ প্ৰকোপত
জীৱনে শোৱে ডুবন্ত তৰা লেখি লেখি।

দুদিনীয়া বাব তাতেই গপতে গংগাটোপ,
নাম উপনামৰ ধামখুমীয়াৰ কোবাল সোঁতত
জীয়া ছন্দ জীৱনৰ উটি যায়,
চৌপাশে সুখ বিচাৰি ফুৰা
জীৱৰ বিলাই
নিজকে নিজে জুমি নাচায়।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *