ফটাঢোল

অৰিজিনেল চাৰ্টিফিকেট — বৰ্ণালী ফুকন

অৱশেষত ৰূপহীয়ে চাৰ্টিফিকেটখন বিচাৰি পালে। কম বিচাৰ-খোচাৰ নকৰিলে নে এইখনৰ কাৰণে! পাছত ট্ৰাংকৰ তলতেই পাল। কিন্তু এইখনতো অৰিজিনেল নহয়।
– উফ প্ৰভু৷ কি হ’ব এতিয়া!
ৰিটায়াৰ হোৱাৰ এমাহ আগৰপৰা ধৰফৰাই উঠিছিল তাই৷ ইফালে স্কুলৰপৰা তাগিদা আহিছে চাৰ্টিফিকেটৰ জেৰক্স কপিটোৰ লগতে অৰিজিনেলটোও জমা দিব লাগে৷ তেতিয়াহে লাগিল গোটেই খেলিমেলিটো৷ আজি অত বছৰে তাই জেৰক্স কপিৰে কাম চলাই আছিল৷ যিমানেই জেৰক্স কৰিছে লাহে লাহে সিমানেই আখৰবোৰ অস্পষ্ট হৈ আহিছে৷
জেৰক্স কৰি দিয়া ল’ৰাটোৱে সুধিছিল,
– ক্যা বাইদেউ আপুনি দিয়াখনেই ইমান অস্পষ্ট৷ জেৰক্স কৰিলে আখৰবোৰ নুঠিবই নেকি!
এনেই খং উঠি আছে ৰূপহীৰ। বাৰ মাহৰ তেৰটা দিনেই ক্লাৰ্কজনে তেওঁক চাৰ্টিফিকেটৰ কপি বিচাৰে৷ দিছিলোঁ নহয় যোৱা মাহত বুলি ক’লে পুকীয়া দাঁতকেইটা উলিয়াই ধেকধেকাই হাঁহি ক’ব,
– জানো পাই বাইদেউ ক’ত ৰাখিলোঁ! এতিয়া বিচাৰি হাবাথুৰি খাইছোঁ৷ দিবই লাগে বোলে অফিচত কাগজবোৰ৷
এইবাৰ পেন্দুৱাকে চালে ল’ৰাটোলৈ৷ মনতে ভাবিলে হিন্দীভাষীয়ে হ’ব৷ হিন্দীৰ ওপৰত তাইৰো দখল আছেতো৷ সময় সুবিধা পালে তাৰ সদ্ব্যৱহাৰ কৰি পেলাই তাই৷ নহ’লে অনভ্যাসে হত বিদ্যা হ’ব৷ গতিকে ভবা মতে কাম।
– আম চে মতলব হে নে পেৰ গিনিবলৈ মতলব হে?

সৰুতে আখৰ জোটাই পঢ়া হিন্দীৰ মুহাবৰেখন মাজে সময়ে কামত লগাই গৰ্ব অনুভৱ কৰে ৰূপহীয়ে৷ ল’ৰাটোৱে তাইৰ হিন্দীৰ জ্ঞানৰ দৌৰ দেখি থতমত খালে৷
– মানে বাইদেউ৷ মই অসমীয়া……

তাই তাক কথা সম্পূৰ্ণ কৰিবলৈ নিদি ক’লে,
– হাম জানতাহে তুম আচৰিত হৈ গিয়া হামাৰা হিন্দী চুনকে ন?
মুৰটো খজুৱালে ল’ৰাটোৱে৷ ৰূপহীয়ে কৈ থাকিল,
– হম হিন্দী ইস্কুলমে পঢ়াতা থা৷
ল’ৰাটো সেইফালে মূৰ্ছা যাওঁ যাওঁ।
– আপুনি হিন্দী পঢ়াইছিল!
– ধেই কিনো অকৰা লৰকা হে তুম! হাম চুটা থা তব৷
– অহ তাকে কওক৷ হ’ব হ’ব দিয়ক মেদাম। আপুনি বৰ ধুনীয়া হিন্দী কয়৷
– সেইটোৱে অথনিচে হম বুঝা ৰহা হে৷
– হ’ব বাইদেউ৷ আপুনি অসমীয়াকে ক’ব৷ আচলতে মই অসমীয়াই হয়৷
– আউ! অথনিৰেপৰা হিন্দীত দাঁত ভাঙিছোঁ৷ কোৱা নাই কিয়?
– মানে বাইদেউ আপুনি মোক ক’ত ক’বলৈ সুবিধা দিছে?
– হ’ব হ’ব, মেৰা কাগজ দেও৷ অহ দিয়া দিয়া কাগজ৷
জেৰক্স কৰা কপিটোকে হাতত লৈ ৰূপহী স্কুললৈ বুলি ওলাল৷
– এহ বাইদেউ, অৰিজিনেল, অৰিজিনেলখনহে বিচাৰিছোঁ৷
চিঞৰিয়ে ক’লে ক্লাৰ্কজনে৷ ওচৰতে বহি থকা হেডবাইদেউৱে ধমক লগালে৷
– ইমানকৈ কিয় চিঞৰিছে হে বৰুৱা?
ক্লাৰ্কজনে যিমান পাৰি সৰুকৈ ক’লে,
– চাকৰিৰপৰা ৰূপহী বাইদেউ ৰিটায়াৰ হ’বলৈ পালেহে, কাণখনেও ৰিটায়াৰমেণ্ট ল’লে যেন পাইছোঁ৷ বুজাওঁ কিবা, বুজে কিবা৷
– অকণমান স্ল’লাৰ্ণাৰ আচলতে৷
হেডবাইদেউৱে ফুচফুচাই ক’লে।
অৱশ্যে কোনো দিনে অফিচত বা স্কুলত তাইৰ অৰিজিনেল নথিপত্ৰ বিচৰা নাই৷ সেইবুলি যেনিবা তাই ডাঙৰ সকাহ পাইছে৷ বাপেকেই এদিন জেৰক্স কপিটো তাইৰ হাতত জইন কৰিবলৈ যাওঁতে দিছিল৷ তাইও কোনোদিনে অৰিজিনেল কপিটো প্ৰয়োজন নোহোৱাৰ বাবে দেউতাকক বিচৰাও নাই৷ দেউতাক ঢুকুৱাৰ আজি দহ বছৰেই হ’বৰ হ’ল৷ ট্ৰাংকটো আকৌ খুলি চালে তন্ন তন্নকৈ৷ দেউতাকে তেওঁৰ দৰকাৰী নথিপত্ৰ ইয়াতে ৰাখে৷ হঠাৎ চকু গ’ল বাকচটোৰ ঢাকনিখনত এটা খাপ৷ ভালকৈ নাচালে ধৰিব পৰাৰ সাধ্য নাই৷ খুচৰি চাই ভাজ কৰা কাগজ এখন উলিয়াই আনিলে৷

– উফ! ৰক্ষা৷ চলিব চলিব৷ এইখনেৰেই কাম চলিব৷
ওপৰলৈ চাই অদৃষ্টক সেৱা কৰিলে৷

তাই সেইবাৰ মেট্ৰিক দিয়াৰ কথা৷ টেষ্ট দি উঠি ঘৰতে মাকক ইটো সিটো কৰি দিয়ে৷ এদিন সিহঁতৰ স্কুলৰ হেডমাষ্টৰ বুধিন শৰ্মা ঘৰ ওলালহি৷ নঙলা মুখত হেডচাৰক দেখি অন্তৰাত্মা কঁপি উঠিল ৰূপহীৰ৷ তাই চাগে টেষ্টত বেয়া কৰিলে৷ সেইকাৰণে মাক দেউতাকৰ আগতে ধমক দিবলৈ আহিছে৷ পিছফালৰ জেওৰা পাৰ হৈ পলাবলৈ লওঁতেই দেউতাকে পিছফালৰপৰা চিঞৰিলে,
– ৰূপহী আগফালে হেডচাৰ আহিছে৷ যা চাহ তামোল অকণমান যাচগৈ৷ সেৱা এটা কৰ৷ আৰ্শীবাদ লগৈ, আগত পৰীক্ষা আহি আছে৷

তাই বুজিলে পলোৱাৰ কোনো উপায় নাই৷ এখোজ দুখোজকৈ তাই ঘুৰি আহিল ঘৰলৈ৷ মাকৰ ওচৰ পালেগৈ৷ মাকে পাকঘৰত দুপৰীয়া সাজৰ বাবে মাছৰ আঞ্জা পাতি দিছে৷ ধনীয়া পাতৰ ফুৰফুৰীয়া গোন্ধ এটা তাইৰ নাকত লাগিলহি৷ মাকে তাইক দেখাৰ লগে লগে চিঞৰি উঠিল,
– তোক কিবা এটা কৰিবলৈ দিছিলোঁ নহয়, কাম বন এৰি ক’লৈ গৈছিলি? হেডচাৰ আহিছে। যা সেৱা এটা কৰি চাহ এটোপা বনা৷
– নাহ! মই নাযাওঁ৷ মোক নক’বি দেই সেইবোৰ কৰিবলৈ৷
– ৰূপহী, কথা ক’লে শুনিবি৷
দেউতাক তেনেকুৱাতে পাকঘৰ পোৱাহি দেখি তাই লৰালৰিকৈ দেউতাকৰ কাষৰে পাৰ হৈ বাহিৰ পালেগৈ৷ বুধিন চাৰ সম্বন্ধত সিহঁতৰ বৰদেউতাক৷ তথাপি তাই ভূত দেখাদি দেখে বুধিন চাৰক৷ তাই হাওলি বুধিন চাৰৰ ভৰিকেইটা স্পৰ্শ কৰিলে৷ বুধিন শৰ্মা কোমল হৃদয়ৰ মানুহ৷ যিটো কথা তাইক ক’ম বুলি আহিছিল নক’লে তেওঁ৷
– দেউতাৰক মাত বাহিৰলৈ৷ মোক বহিবলৈ দি ক’ত হেৰাল৷
– বহক চাৰ৷ মই দেউতাক পঠিয়াই দিছোঁ৷
এইবুলি গহীন খোজেৰে তাই তাৰপৰা আঁতৰি আহিল৷
– দেউতা, চাৰে মাতিছে আপোনাক৷
দেউতাক খৰখেদাকৈ বাহিৰ পালেগৈ৷
– কওকচোন ককাইদেউ, কি সকামত আমাৰ দৰে নিঃকিনৰ ঘৰত পদধূলা দিলে৷ আমাৰ এই কিবা অথন্তৰ লগালে যেন পাওঁ৷
– এইৰ কথাকে ক’বলৈ আহিছোঁ৷ তাইৰ আখৰপানী বেচ ধুনীয়া৷ কিন্তু পঢ়াশুনাহে মূৰত সোমোৱাব নোৱাৰে তাই৷ তুমি অলপ চাবা তাইক, পঢ়া শুনা ঠিকমতে কৰিছে নে নাই৷ তুমি সেই অফিচটোতে সোমাই ইন্সপেক্টৰজনক তোষামোদ কৰি থাকিলে ছোৱালী ফাইনেলত গৈ ৰৈ যাব কিন্তু৷ আমি বাৰু টেষ্টত উলিয়াই দিম৷ তাকে ক’বলৈ আহিলোঁ৷
তাৰপিছত তাইক বুজাই বঢ়াই চাহ তামোল খাই হেডচাৰ গ’লগৈ৷
দেউতাকেও মাকক ক’লে,
– মই অফিচলৈ যাওঁ৷ তুমি চাবা ছোৱালীয়ে পঢ়িছেনে নাই৷ তাই মেট্ৰিকটো পাচ কৰিলে চাৰক কৈ স্কুলতে সোমোৱাই দিয়াম৷
পৰীক্ষাৰ শেষৰ দিনা দেউতাকে ৰূপহীৰ প্ৰশ্ন কাকতকেইখন গোটাই লৈ বাৰান্দাত বহি ল’লে৷
– উম কচোন এই অসমীয়াখনত কিমান পাবি?
– পাচ কৰিব লাগে৷
তাইৰ উত্তৰত টিঙিচকৈ উঠিল খংটো৷
– কি ক’লি? পাচ কৰিব লাগে? এটা বছৰে কি কৰিছিলি?
ৰূপহীয়ে প্ৰমাদ গণিলে৷ দেউতাকৰ খং উঠা মানে ৰাতিৰ সাজ খাবলৈ পোৱাৰ আশা নাই৷ থাপ মাৰি দেউতাকৰ হাতৰপৰা প্ৰশ্ন কাকতখন চিলনীৰ দৰে চোঁ মাৰি আনি লৈ গণিবলৈ ধৰিলে৷
– ৰ’ব ৰ’ব মই গণি চাওঁ৷ এক দুই, দুইয়ে পাঁচে সাত৷ সাতে দুইয়ে ন৷ ন ন ………পঞ্চলিশ, পঞ্চলিশে পাঁচে পঞ্চাশ, সত্তৰ…নব্বৈ …এশ পাঁচ, পাঁচ পাঁচ এশ পোন্ধৰ৷
-এশ পোন্ধৰ?
দেউতাকে তাইলৈ পেন্দুৱাকে চাই থকা দেখি লাহেকৈ ক’লে।
– অহ! নাইবাবোৰো আচলতে কৰি দিলোঁ যে৷ একেবাৰে উজু পেপাৰ৷ অ’ মা ৰহ গৈ আছোঁ।
ভিতৰলৈ চাই চিঞৰিলে ৰূপহীয়ে৷ দেউতাকে আচৰিত হৈ এবাৰ তাইলৈ এবাৰ ভিতৰলৈ চালে৷

– কাক মাতিলি?
– মায়ে মাতিছে পাকঘৰলে৷
– মায়ে মাতিছে?
– অঁতো৷
– মাৰ দেখোন এই মাত্ৰ বৰানীৰ ঘৰৰপৰা আহোগৈ বুলি ওলাই গৈছে৷ তোক তোক মই……
এইবুলি চালত গুজি থোৱা এচাৰিডাল টানি উলিয়াই মানে ৰূপহী মাক যোৱাৰ বাটেৰে ভিৰাই লৰ মাৰিলে৷

সময়ত ৰূপহীহঁতৰ মেট্ৰিকৰ ৰিজাল্ট দিলে৷ আগদিনাৰপৰা ৰূপহীয়ে পেটৰ বিষ বুলি চকু মুদি বিচনাত পৰি আছে৷ ৰাতিপুৱাৰপৰা ৰূপহীৰ মাকৰ গাত তত নাই৷ জীয়েকৰ পৰীক্ষা খুব ভাল হৈছে বুলি পৰীক্ষা দি আহোঁতেই গম পাইছে৷ গতিকে সাজি কাঁচি আছে মাক৷ নিউজ চেনেলবোৰ আহেহে লাগে৷ সুধিলে কি ক’ব তাকে ৰিহাৰ্চেল কৰি থাকিল৷ মাজে মাজে জীয়েকৰ ওচৰলৈ আহি গাত ধৰি চাইহি৷
– আই ঔ! তোৰনো আজিহে গা বেয়া হ’ব লাগেনে? নিউজ চেনেলবোৰ আহিলে তই খপজপকৈ যিহকে তিহকে কৈ নিদিবি আই৷
বেৰৰ পিনে মুখ কৰি থাকি ৰূপহীয়ে প্ৰমাদ গণিলে৷ আজি কি হ’ব তাইৰ ঠিক নাই৷
– ঐ শুনিছনে নাই? কিমান ঘণ্টা পঢ়িছিলা বুলি ক’লে ক’বি বৰ বেছি দেৰি পঢ়া নাছিলোঁ। সাতৰপৰা দহঘণ্টাৰ ভিতৰত বুলি ক’বি বুজিছ৷ মই অলপ ঘৰটো লেতেৰা কৰি থৈছোঁ৷ ৱাল টিভিটো পিছফালে থকা ষ্টোৰ ৰুমত থৈছোঁ৷ পুৰণি চোফাযোৰ বাহিৰলৈ উলিয়াই দিছোঁ৷ তোৰ বক্স কাম পঢ়া টেবুলখনৰ ঠাইত হালোৱাটোৱে এখন বাঁহৰ টেবুল বনাই দিছে৷ তাতে তোৰ কিতাপবোৰ সজাই দিছোঁ৷ দিগদাৰটো হ’ল এই এচিডালক লৈ৷ কি যে কৰোঁ এইটো৷ তেতিয়াই কৈছিলোঁ কুলাৰ এটা লওক৷ এতিয়া ষ্টোৰ ৰুমতে লুকুৱাই থ’ব পৰা গ’ল হয়৷ এটা কাম কৰোঁ নেকি? তাৰ ওপৰতে কাপোৰ পাৰি ভগৱানৰ ফটো কেইখন ৰাখি ধুপ ধুনা দিয়াৰ ব্যৱস্থা কৰা বুলি দেখুৱালেই হ’ল৷ বাহিৰত তোৰ ওখ গোৰোহাৰ জোতাকেইযোৰৰ ঠাইত হালোৱাকাইৰ জীয়েকৰ ফটা চেণ্ডেলযোৰ ৰাখি থৈছোঁ৷ পাকঘৰলৈ নাহিব চাগৈ নিউজ চেনেলৰ মানুহ৷ আহিলেও একো নাই৷ ব’ন চাইনাৰ ঠাইত প্লাষ্টিকৰ থাল বাটি দুযোৰমান থৈ দিছোঁ৷ সিহঁতক খোৱাবলৈ বাৰীৰপৰা নেমুটেঙা আনিছোঁ৷ চেনি নোহোৱাকৈ দিম৷ চেনি কিনিবলৈকো পইচা নাই বুলি কম আক’৷

মাকৰ কথা শুনি ৰূপহীৰ অসহ্য লাগিল৷ মাকৰ মুখখন দেউতাকৰ বাদে বেলেগে বন্ধ কৰিব নােৱাৰে৷ দেউতাক অলপ আগতে বিচনাৰপৰা উঠিছে৷ তেওঁ ৰূপহীৰ মাকক চিঞৰিলে,
– হেৰা বাতৰি কাকতখন লৈ আহা৷ লগতে চাহ একাপ দিয়াহি৷

কিছু পৰৰ পিছতে মুগাৰ মেখেলাৰ খমখমনি শুনি তল মুখ কৰি নখ কাটি থকা দেউতাকে মূৰ তুলি চাই অবাক লাগিল৷
– হৌৰা কিহে পালে হে? পুৱাই সাজিকাচি যোৱা ক’লৈ? আৰু এই আওপুৰণি যশোদাক চাহ দিয়া কাপটোত চাহ দিলা যে? বাতৰি কাকতখনো দি যোৱা৷

চাহ কাপ থেকেচা মাৰি সন্মুখৰ টেবুলতে থৈ ভোৰভোৰাই ভোৰভোৰাই ৰূপহীৰ মাক আঁতৰি গ’ল৷ আকৌ জীয়েকৰ কোঠাটো অলপ পৰিপাটি কৰিবলৈ যত্ন কৰিলে৷
জীয়েকে হামিয়াই থকা দেখি আকৌ আৰম্ভ কৰিলে।
– কি যে এটা দেউতাক ঔ৷ জীয়েকৰ পৰীক্ষাৰ ৰিজাল্ট লৈ কোন মুহূৰ্তত নিউজৰ মানুহ পাইহি তাৰ ঠিক নাই৷ সেই ভগাধাৰিখনকে পিন্ধি বহি আছে৷
– হৌৰা চাহত চেনি নাই যে? পাঁচ কেজি চেনি কালি আনি দিলোঁচোন। মাকে জীয়েকে কিল’ হিচাবে খালা নেকি হে? আৰু বাতৰি কাকতখন?
ৰূপহীৰ মাক আকৌ দেউতাকৰ সন্মুখত থিয় হ’ল৷
– এতিয়াই অভ্যাস কৰক৷ অলপ পিছত মানুহবোৰ আহিলে পাঁচ কেজি চেনি অনাৰ চিঞৰটো নামাৰিব ৰাইজে জনাকৈ৷ বাতৰি কাকত এতিয়াও দিয়াহি নাই ল’ৰাটোৱে৷
– অহ! হয়তো৷ অলপ পৰৰ পিছতে শোক পালন কৰিবলৈ হ’বই যেতিয়া৷ চেনি নোহোৱা চাহৰ অভ্যাসটো কৰিয়েই লওঁ দিয়া৷
গিৰিয়েকৰ কথা শুনি উচাট মাৰি ৰূপহীৰ মাক আঁতৰি গ’ল৷
সময় বাগৰি বাগৰি এঘাৰ বাজিবৰ হ’ল৷ ৰূপহীৰ মাকে এবাৰ আগফাল এবাৰ পিছফাল কৰি থাকিল৷
– অতপৰে নিউজ চেনেলৰ মানুহবোৰতো আহিব লাগিছিল৷ অ’ ৰূপহী শুনিছনে? টিভিটোও এৰোৱাই থোৱা হ’ল৷ বাপেৰো দেখোন আহি পোৱা নাই৷ মিঠাই দুটামানো আনিবলৈ কোৱা নহ’ল৷ নিউজৰ মামাকেইজন আহিলে অন্ততঃ যাচিবলৈকে হ’লহেঁতেন৷
বাৰমান বজাত গহীন গহীন খোজেৰে ৰূপহীৰ দেউতাক ঘৰৰ ভিতৰলৈ সোমাই ড্ৰইংৰুমতে বহিলৈ ৰূপহীৰ মাকক চিঞৰিলে৷
-যমুনা, শুনিছানে? এই চোফাখন তুমি দেখোন মই ইমানকৈ কোৱাৰ পিছতো ষ্টোৰ ৰুমত থৈছিলা৷ আজি নতুনযোৰ আঁতৰাই এইযোৰ ৰাখিলা যে?
– সেইবোৰ শুনিবলৈ মোৰ ধৈৰ্য্য নাই৷ জীয়েৰে কি পজিছন পাইছে সেইটো কওক৷
– কি পাব? পজিছন? পাইছেতো আক’!
– তাকেইতো সুধি আছোঁ অথনিৰপৰা৷
– লিষ্টখনৰ শেষৰ ফালৰপৰা ফাৰ্ষ্ট হৈছে জীয়েৰ৷
– হেই! প্ৰহেলিকা নকৰিব হে৷ সঁচা কথাটো নকয় কিয়?
– ফেইল কৰিছে জীয়েৰাই৷ এতিয়া পাকঘৰলৈ গৈ ধুনীয়াকৈ গাখীৰ চাহকাপ লৈ আহা৷

দেউতাকৰ কথা শুনি ৰূপহীৰ মাকে ইনাই বিনাই কান্দোন আৰম্ভ কৰিলে৷ কান্দোনৰ তীব্ৰতা ইমানেই বাঢ়িল যে কিবা অঘটন ঘটিল বুলি কাষৰ হাজৰিকানী ধপলিয়াই আহিল৷ আহি মূৰ্ছা যাবলৈ লোৱা ৰূপহীৰ মাকৰ মূৰত তেল টেঙা দিয়াত কান্দোনৰ তীব্ৰতা কমিল৷ ৰূপহীৰ দেউতাকে তেতিয়াও বাতৰি কাকতখন চকুৰ টিপ নমৰাকৈ একে ধ্যানে পঢ়ি আছে৷ লাহে লাহে কান্দোন শুনি গোট খোৱা মানুহবোৰ এজন এজনকৈ ঘৰাঘৰি হ’ল৷ ভিতৰলৈ চাই ৰূপহীৰ দেউতাকে চিঞৰিলে,
– হেৰা, মাছ অকণমান ফ্ৰীজতে থৈ দিয়া আছে হে৷ ৰাতিৰ সাজটোৰ বাবে ঠিক কৰা৷
– ইমান বেয়া খবৰটোৰ পিছত বাপেকটো হৈ খোৱাৰ লোভটো সামৰিব পৰা নাই৷ মই মৰিলেও খাব আপুনি৷ পাচটোকে কৰাহেঁতেন ছোৱালীজনীয়ে৷ কিমান আশা আছিল মোৰ৷ পজিছন পাব আমাৰ ছোৱালীয়ে৷ নিউজ চেনেল আহিব৷ সবেইতো শুদ্ধকৈ কৰিছিল৷
ধেকধেকাই হাঁহিলে ৰূপহীৰ দেউতাকে৷
– যি দিনাই জীয়েৰাই এশ নম্বৰৰ প্ৰশ্ন কাকতত ডেৰশ নম্বৰ কৰি অহাৰ কথা ক’লে সেইদিনাই বুজিলো তাই কি কৰি আহিছে৷ আৰু এতিয়াহে বুজিছোঁ তুমি কিয় ঘৰৰ নক্সা বদলাইছিলা৷ তোমালোকৰ মাইকী মানুহবোৰৰ যে মূৰত কি বুদ্ধি ঘুৰি ফুৰে ক’ব নোৱাৰোঁ দেই৷
এইবুলি কৈ তেওঁ হাতত লৈ থকা বাতৰি কাকতখনত মনোযোগ দিলে৷ তাৰপিছতো ঘৈণীয়েক ভাত বনাবলৈ উঠি নোযোৱা দেখি লাহেকৈ ক’লে,
– আজিৰ দিনটো ৰোৱা৷ দুদিনমানৰ পিছত কিবা এটা কৰিম ৰ’বা৷ এতিয়া যোৱা ভাত মুঠি বনোৱা৷
ৰূপহীৰ মাকে জানে, কৈছে যেতিয়া মানুহটোৱে কিবা এটা কৰিব৷ তেওঁ গিৰিয়েকে কৰিব নোৱাৰা একো কাম নাই বুলিয়ে ভাবে৷ নিচিন্ত হৈ তেওঁ পাকঘৰত সোমাল৷
এদিন দুদিনকৈ এটা সপ্তাহ বাগৰিল৷ ৰূপহীৰ ঘৰ ভৰি পৰিল মানুহেৰে৷ মিঠাই লুচি খাই উগাৰি লৈ মানুহে মিঠাই খাবলৈ দিয়াৰ কাৰণ সুধিলে৷
হাঁহি হাঁহি ৰূপহীৰ মাকে জনালে,
– এইৰ ৰিজাল্ট ভুল হৈ আহিছিল৷ ৰি ছেক কৰালে দেউতাকে৷ এতিয়া তাই পাচ৷
সমবেত মানুহবোৰে ইটোৱে সিটোৰ মুখলৈ চোৱাচুই কৰিলে৷ ৰূপহীৰ জ্ঞানৰ দৌৰ অলপকৈ চুবুৰীয়াৰ কাণতো নপৰা নহয়৷
যি কি নহওক ৰূপহী মেট্ৰিক পাচ বুলি জনাজাত হ’ল৷ তাৰ কিছুদিনৰ পিছতে ৰূপহীক চাবলৈ দুৰণিবটীয়া দৰা এজন আহিল৷ ৰূপ দেখি ল’ৰাই একেষাৰে মত দিলে৷ ধুমধামেৰে তিনি মাহৰ পিছতে ৰূপহীক আন এখন ঘৰলৈ উলিয়াই দিলে৷ দিন বাগৰিল৷ ৰূপহীয়ে ধুনীয়াকৈ সংসাৰখন চম্ভালিছে৷ দেউতাকৰ ৰিটায়াৰ হোৱাৰ সময় চমু চাপিছে৷ ৰিটায়াৰ হোৱাৰ আগতে ৰূপহী আৰু জোঁৱায়েকক মাতি পঠিয়াই ক’লে,
– তোমাৰ আপত্তি নাথাকিলে তাইক কাষৰ এলপি স্কুলখনতে মাষ্টৰণীৰ চাকৰি এটাৰ ব্যৱস্থা কৰি দিব পৰা যায়৷ তুমি কি কোৱা?
ৰূপহীয়ে গহীনাই ক’লে,
– পাৰিম জানো মই! কিমানদিন হ’ল পঢ়াৰ লগত সম্বন্ধই নাই৷
সকলো কথাতে পিছ হুহুঁকি যোৱা ৰূপহীৰ এই অভ্যাসটোৰ বাবে দেউতাকৰ মাজে মাজে প্ৰচণ্ড খং উঠে৷
– তোৰ স্বভাৱৰ পৰিৱৰ্তন নহ’ল আৰু৷ কিবা এটা কাম যাচিলেই নোৱাৰোঁ মই বুলি ক’বলৈ নেৰিলি৷
জোঁৱায়েকে লাহেকৈ মাত দিলে,
– হ’ব দেউতা৷ পিছত বদলি কৰিব পৰা যাবতো?
– পাৰিবা পাৰিবা৷ সেইবোৰৰ ব্যৱস্থাও মই কৰি ৰাখিছোঁ৷
– তাই কিন্তু চাৰ্টিফিকেটবোৰ লৈ যোৱা নাই তালৈ৷
– হ’ব সেইবোৰ চিন্তা নকৰিবা৷
তাৰপিছত তেওঁ জীয়েকলৈ চাই ক’লে,
– কাইলৈ ওলাবি তেনে৷

পিছদিনা ৰূপহীয়ে কাষৰ স্কুলত জইন কৰিলে৷
কিছু মাহৰ পিছত স্বামীৰ চাকৰিৰ অজুহাতত বদলি হ’ল শাহুৱেকৰ ঘৰৰ কাষৰ এমভিখনলৈ৷ এতিয়া ৰূপহীৰ শাহুৱেক নাই৷ স্বামীৰ ট্ৰেন্সফাৰটোৰ পিছত তাই দেউতাকক আবদাৰ কৰিলে৷ স্বামীৰ জিলালৈ তাইকো বদলি কৰাই দিব লাগে৷ দেউতাকৰ ৰিটায়াৰমেণ্টৰ বেচ কিছু বছৰ হ’ল৷ তেওঁৰ লগৰ অফিচৰ মানুহবোৰো নোহোৱা হ’ল৷ আজিকালি বদলি কৰাও সহজ হৈ থকা নাই৷ বহুত পইচাৰ লেনদেন সেইবোৰ৷ ৰূপহীৰ হাহাকাৰ লাগিল। কি হ’ব এতিয়া? অৱশেষত টকা ত্ৰিশ হাজাৰ ধৰাই দি বদলি কৰাই ল’লে৷ তাই এতিয়া হাইস্কুলৰ শিক্ষয়িত্ৰী৷ গুৰুগম্ভীৰ খোজেৰে সাইলাখ শিক্ষয়িত্ৰী৷ মাত্ৰ অসুবিধা ওপৰৰ ক্লাছলৈ কাৰোবাৰ প্ৰক্সি ক্লাছ কৰাবলৈ হ’লে৷ তথাপি তাই খোকোজা নলগাকৈ অভিনয় কৰি গৈছে৷ সকলোবোৰ ঠিকেই আছিল৷ কেনেবাকৈ অৰিজিনেলখনো বিচাৰিলে কি হ’ব? মনত আশংকা লৈয়ে দিন কটাইছে৷ অৰিজিনেলখন এতিয়া তাই পাই ক’ত? ঘনাই দেউতাকলৈ মনত পৰিছে আজি৷ দেউতাকক সোঁৱৰিছে তাই ক’ত ফচাই গ’লা তুমি? দেউতাক থকা হ’লে কিবা এটা কৰি দিলেহেঁতেন৷ এতিয়া কিবাকৈ পেন্সনৰ পইচাকেইটা পালেই হয় আৰু৷ ভগৱানক চিন্তি দেউতাকে এৰি যোৱা ট্ৰাংকটোৰ তলৰ চাৰ্টিফিকেটখন তাই উলিয়াই আনিলে৷ ওলট পালট কৰি চালে তাই৷ দেখাত একেবাৰে অৰিজিনেলখনৰ দৰেই৷ কাৰো ধৰাৰ সাধ্য নাই সেইখন নকলি বুলি৷ কিন্তু যদি কোনোবাই সেইখন নকলি বুলি গম পাই যায় কি হ’ব? কিন্তু সেইখন নিদিলেওতো তাইৰ উপায় নাই৷ পেনচনৰ দৰে জীৱনজোৰা সুবিধাৰপৰা বঞ্চিত হ’ব৷ নাই নাই, তাই ইমান ভীৰু নহয়৷ শাস্তিৰ ভয়ত তাই মূৰ্খ হ’বলৈ নাযায়৷ দুৰুদুৰু বুকুৰে ৰূপহীয়ে চাৰ্টিফিকেটখন লৈ স্কুললৈ বুলি ৰাওনা হ’ল৷ তাই ভালকৈয়ে জানে ধৰা পৰিলে কি কৰিব লাগিব৷ বুদ্ধি জানিলে নোহোৱা কামো হ’ব৷ দেৰি হ’ব পাৰে। হ’লেও পেন্সনৰপৰা বঞ্চিত নহয় তাই৷ হাতৰ মুঠিৰ দুহেজাৰ টকাকেইটা জোৰত মুঠি মাৰি ধৰি তাই স্কুললৈ বুলি খোজ দিলে৷

☆★☆★☆

5 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *