ফটাঢোল

ছুইট হাৰ্ট স্বপ্না চৌধুৰী – পূৰৱী বৰুৱা

স্বপ্না চৌধুৰীক চিনি পায়নে? নাপায়?

সেই যে ‘বিগ বছ’ৰ স্বপ্না চৌধুৰী।

অ, অ, এতিয়া ঠিক ধৰিছে সেই যে ‘বিগ বছ’ত অংশগ্ৰহণ কৰিছিল হাৰিয়ানবি নাচনী গৰাকী। কি হ’ল হে, মুখত যে মিচিকিয়া হাঁহি ? এই বুঢ়া বয়সতো ‘দিল ঢক ঢক কৰনে লগা’ ন ? বৰলা ডেকা দঙুৱাবোৰৰ কৰিছে কৰক, আপোনাৰ দৰে বুঢ়া মানুহৰ নাপায় আৰু দেই।

বাৰু বাৰু বাদ দিয়ক মই সেই গৰাকী স্বপ্না চৌধুৰীৰ কথা ক’ব খোজা নাই। আমাৰ যে মানুহজনৰ মোবাইলত ফোন আহে ‘ছুইট হাৰ্ট স্বপ্না চৌধুৰী’ – সেই গৰাকীৰ বকলা হে মেলিব খুজিছো।

ঘৰৰ গৃহস্থই নতুনকৈ ব্যৱসায় আৰম্ভিছে । FMCG ( Fast-Moving Consumer Goods) ফাৰ্ম এখন খুলিছে। খাঁটি অসমীয়াত ক’বলৈ গলে খৰখেদাকৈ বিক্ৰী হোৱা বস্তুৰ ব্যৱসায়। ভুলতে আপোনালোকে ভাবি নল’ব আকৌ খৰকৈ খেদা মাৰি গৈ আনিব লগা বস্তু বুলি। যিবিলাক নিত্যপ্ৰয়োজনীয় সামগ্ৰী সোনকালে বিক্ৰী হয় সেইবিলাক FMCG ৰ আওতাত পৰে। যুটীয়া ব্যৱসায়।

আমাৰ পৰিয়াল ব্যৱসায়িক সংগীজনৰ পৰিয়াল লগতে আন কেইবাটাও পৰিয়াল লগ হৈ বনভোজ খাবলৈ ওলালোঁ। সিদ্ধান্ত হ’ল মাইকী মানুহখিনিয়ে কাটি কুটি দিব মতা মানুহখিনিয়ে ৰান্ধিব। যোগাৰ দি আজৰি হওঁতে সিজনাই আহি মোবাইলটো দি গ’ল জেপত লৈ কাম কৰিবলৈ অসুবিধা হৈছে বোলে। অমুকীয়ে ভালেই পালোঁ। নিজৰ মোবাইলত ফটো ভাল নুঠে, চান্সতে ডান্স মাৰি ওঁঠ জোঙা কৰি বগলীৰ ঠোঁট যেন কৰি ফ’টো উঠে যে, তেনে দুখনমান উঠি ল’লো। ফেচবুকৰ লাইক কমেণ্টৰ কথা আছে। পিকনিক খাবলৈ আহি ফ’টো নুঠিম তেনে কথা হব পাৰে নে ? বাজক ফোনটো তেনে সময়তে, মনে মনে ভোৰভোৰাই কৈছো- কোন মৰিবলৈ নেদেখাই কৰিছে ঔ !

কি দেখিছো বুলি চকু দুটা মোহাৰি ভালকৈ চাইছো ‘ছুইট হাৰ্ট কল্পনা চৌধুৰী কলিং’ !!

দুখে খঙে জৰ্জৰিত হৈ সিজনাক ফোনটো দিবলৈ গ’লোঁ। ভাবিছিলোঁ, লাজ পাব। উৱা, কি ধুনীয়াকৈ ফোনটো ৰিচিভ কৰি মোক পাত্তা নিদিয়াকৈ ‘হেল্ল হেল্ল’ কৰি আঁতৰি গৈ কথা পাতিবলৈ লাগিল। অলপ পাছত ঘূৰি আহি আকৌ দি গ’লহি ফোনটো। এইবাৰ ফ্ৰণ্ট কেমেৰা উলিয়াই নিজকে চাবলৈ ধৰিলোঁ। চাই চাই ভাবিলোঁ, লৈ লৰ মাৰিব লগা বিধৰ নহয় যদিও দলিয়াই পেলাব লগা বিধৰো নহয়। মাহেকত তিনিবাৰ মান ‘তই থাক মই যাওঁ’ কাজিয়া হয় যদিও ‘য়ে ফেভিকল কা মজবুত জুড়ি টুটেগা নেহি’ হৈ আছে আজিলৈকে। আজিহে এইজনী কোন ছুইট হাৰ্ট নে চুহ্ হাতী ওলাল মোৰ সংসাৰ চাৰখাৰ কৰিবলৈ!

মনতে ভাবিলো, ৰহ বেটা ঘৰ পাই লওঁগৈ মজা দিম। দুখে বেজাৰে কি নো খাম মুঠেই মাংস তিনিবাটি মাছ দুপিছৰ লগতে দমৰা গৰুৱে দেই যাব নোৱাৰা ভাত দুটামান ভাজি, আচাৰ, চাটনি ,পাপৰ, বেঙেনা ফ্ৰাই আদিৰে খালোঁ আৰু। কাজিয়া কৰিবলৈকে গাত শক্তি অলপমান নহ’লে হ’ব জানো কওকচোন। আহিবলৈ ওলোৱাৰ সময়তে সিজনাই বিজনেছ পাৰ্টনাৰ জনক ক’লে-‘হেৰা স্বপ্না ষ্টৰৰ পৰা চৌধুৰীদাই ফোন কৰিছিল। ছুইট হাৰ্টৰ কাৰ্টুন দহটা অৰ্ডাৰ দিছে’।

‘ হা??’ – মোৰ মুখ মেল খাই গ’ল। ছুইট হাৰ্ট (পাৰফিউম), স্বপ্না (ষ্ট’ৰৰ নাম), চৌধুৰী (মালিকৰ উপাধি)!
ধেৎতেৰি, দুখতে চকু পানী ওলাই গ’ল। কিয় জানেনে? আৰু দুবাটি মান মাংস আৰু মাছ খাব পাৰিলোঁহেতেন নহয়। মন বেয়া আছিল কাৰণে কমকৈ খালোঁ।

ইয়াৰ পাছৰবাৰ পিকনিকলৈ গ’লে ‘ফাৰ্ষ্ট লভ মাৰিয়া কলিং’ , ‘ডাৰলিং পিঞ্চি কলিং’ , ‘এটিটিউড ৰশ্মি কলিং’, ‘চিক্ৰেট পেশ্যন অনামিকা কলিং’ – মুঠতে যিমান যি কলিং আহিলেও ভালকৈ এপেট খাই হে আহিম বুলি মনতে শপত লৈ ঘৰলৈ ঘূৰিলোঁ।

☆★☆★☆

4 Comments

  • ডলী

    হাঃ হাঃ !বঢ়িয়া

    Reply
  • Anjan

    মজা দেখোন৷ ভাল লিখিছা

    Reply
  • হিৰণ্যজ্যোতি দাস

    মজা

    Reply
  • অভিজিত কলিতা

    ফেণটাষ্টিক। আজিহে পঢ়িলো।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *