ফটাঢোল

ষ্টাইল মে ৰেহনে কা – মনালিছা পাঠক নেওগ

লৰালৰিকৈ কামবোৰ শেষ কৰিলোঁ। ভাত খাই বাচন ধুই কাপোৰ পিন্ধিবলৈ লৈছোঁ হে, মানুহজনৰ আৰম্ভ হলেই।

: হেৰা.. হ’লনে তোমাৰ অ’টো মাতো নে?

: আৰে..ৰে ৰ’বা হে ড্ৰেছ কৰিবলৈ আহিছোঁ হে। তুমি দুঠেঙীয়াটো এক চেকেণ্ডত পিন্ধি এতিয়া মোক লৰালৰিখন নকৰিবা দেই। মই পাঁচমিটাৰখন মেৰিয়াও মানে দহ মিনিট লাগিব।

ক’ৰনো দহ মিনিট লাগে! দুই মিনিটতে সেইখন মেৰিয়াই পিন্ধিব পৰা কেপাচিটি আছে অমুকীৰ। (সেইবুলি পিছে অলপো অহংকাৰ নাই দেই) তাৰ পিছত চকুৱে, ওঁঠে ৰং লগাওঁতেহে মোৰ দেৰি হয়। দেৰি হ’ল বুলি চকুত ৰংকণ নলগোৱাকৈ আহিম নেকি। ওঁঠৰকণটো নলগোৱাকৈ দুৱাৰৰ বাহিৰ নহওঁ। লাগিলে ট্ৰেইন মিছ হৈ যাওঁক কোনো দুখ নাই। নতুনকৈ মেট ৰেড এডাল কিনি থৈছোঁ এলেপাটো দস্তুৰমত লগামেই লগাম।

আকৌ এবাৰ বেল বাজিল।

: হ’লনে তোমাৰ?

: হ’ল হ’ল হে যাওঁক অ’টো আনক।

তেওঁৰ কিবা ইস্পৰ্টিং এজনী বেগত সোমাবলৈ থাকিল। মোক খাতিৰ কৰিলে। মোৰ ডাইৰেক্ট কথা, মই নোৱাৰো দেই মোৰ বহুত বাকী আছে বুলি মিছা মাতি সেই ইস্পৰ্টিং ভৰোৱা সময়কণ আইনাজনীকে চালোঁ। নিজকে তামাম ধুনীয়া দেখিলো পাই। দীঘলকৈ মিচিকিয়া এটা মাৰি আইনাজনীক হাঁহি মাৰি বিদায় জনালোঁ-‘বাই, বাই!’

দুয়ো ওলাই আহিলোঁ। বিহু বুলি ঘৰলৈ আহিছো। বাহিৰলৈ ওলাই দেখিলোঁ- আৰে, বতৰ চোন বেয়া ক’লা কৰি আহিছে।

মনতে ভাবিলোঁ ট্ৰেইনত উঠাৰ পাছত যিমান বৰষুণ দিয়ে দিয়ক তাৰ আগতে নিদিলেই হ’ল। খোজ আগুৱালোঁ। আৰে ইমান আন্ধাৰ মুন্ধাৰ দেখিছোঁ। মূৰ ঘুৰাইছে বুলি চিৰিবোৰত লাহে লাহে খোজ দিলোঁ। এওঁ মোক পিছ পেলাই আগ বাঢ়িল। অটোত বহিলোঁ নিজৰ হাতখনলৈ চকু গ’ল। আৰে ইমান বগা হাতখন ক’লা নিচিনা দেখিছোঁ যে। মোৰ গুৰুতৰ কিবা এটা হৈছে বুলি চিয়ৰ হলো। মানুহটোক কোন সতেৰে কওঁ বাৰু এতিয়া যে তেওঁৰ মৰমৰ মানুহজনীৰ কিবা এটা হৈছে। গাটো বেয়া লাগি গ’ল। মনে মনে বহি আহিলোঁ। ক’ত মনে মনে আহিব পাৰি। তেওঁ কাটিং এটা মাৰিলেই নহয়-
: কি হে আজি এফ এম বন্ধ কৰি থৈছা যে?
যেনে তেনে সঁচা কথাটো লুকুৱাই ক’লোঁ –
: ৰ’বাচোন বতৰটো ক’লা দেখি চিন্তা লাগিছে।
তেওঁৰ যি কথা কোৱাৰ সুৰ!
: কিবা এটা হৈছে নেকি তোমাৰ? ক’ত বতৰ…. বুলি কৈ মোৰ মুখলৈ চাই ৰৈ গ’ল।

হাঁহি এটা মাৰি তেওঁ ফোনজনী লৈ ব্যস্ত হৈ পৰিল। মই মনতে ভাবিলোঁ – হাঁহিছা ন? হাঁহি লোৱা, কাইলৈ মোৰ কিবা এটা হ’লেনো কাক হাঁহিবা। দুখ মনেৰে ষ্টেচনৰ চিৰি বগাই গৈ থাকিলোঁ ভৰি দুটা চালো এবাৰ ভৰি দুটাও ক’লা লাগিল। মোৰ যে নিৰ্ঘাত কিবা এটা হৈছে ধৰি ললোঁ। যেনে তেনে ঘৰ পালেগৈ হল আৰু তাকে ভাবিলোঁ। তেওঁ টিকেট কৰিবলৈ গল আৰু মই দুখ মনেৰে ৰৈ থাকিলোঁ ক’লা ক’লা বতৰটো চাই। মূৰটো কিবা কিবি লাগিল। এওঁ আহি মাতি আছিল মোৰ কাণসাৰেই নাই। ওচৰলৈ আহি ‘কি হ’ল হে তোমাৰ?’ বুলি কোৱাত হে গম পালোঁ। মিহিকৈ ক’লো-‘হেৰা মোৰ গাটো বহুত বেয়া গম পাইছা নে? চকুৰে কিবা দেখিছোঁ ‘

… মোৰ কথা শেষ হবলৈ নিদি তেওঁ কৈ উঠিল-‘কি আঙ বাঙ গাই আছা হে। চকুৰ পৰা সেইজোৰ খুলি লোৱা চব ঠিক হৈ যাব’

হে হৰি! চকুত হাত দি হে গম পালোঁ মানুহজনৰ লগত মিলাই তেওঁৰ দৰে একেই ক’লা গ্লাছ জোৰ পিন্ধি আহিলোঁ লৰালৰিকৈ। বৰ লাজ পালোঁ দেই।

গ্লাছ খুলি দেখিলোঁ, বাহিৰত প্ৰখৰ ৰ’দ! খাওঁ খাওঁ মূৰ্তি ধৰি আছে!

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *