বিষয়:পতি – মনজিৎ
পৰিচয় :
পতি এবিধ অত্যন্ত ঘৰচীয়া, দুঠেঙীয়া, তেনেই নিমাখিত প্রাণী। দেখাত ঠিক মানুহৰ দৰেই।
স্থান :
দিনৰ ভাগত অফিছ নামৰ ‘য়েছ বছ’, ‘য়েছ বছ’ বুলি ভাইব্রেটিং ম’ডত মূৰ জোকাৰি থকা ঠাইডোখৰত আৰু ৰাতিৰ ভাগত “ৰিম’টতো এবাৰমান চুবলে পোৱা হ’লে” বুলি অসহায় ভাৱ এটা লৈ মনমোহন মুদত টিভিৰ সমুখত বহি থকা অৱস্থাত পোৱা যায়।
গঠন আৰু বৰণ :
পতি দুঠেঙীয়া হোৱাৰ লগতে এমূৰীয়া, এনকীয়া, দুকাণীয়া আৰু দুচকুৱা হয়। সদাজাগ্রত কাণ আৰু সদা জাপ খাই ৰোৱা ওঁঠেৰে পতিক সকলো সময়তে বেছ শান্ত আৰু অসহায় অৱস্থাত দেখা যায়। পতিৰ বৰণ সদায় অসহায় বৰণীয়া। ‘aircel’ৰ নেটৱর্কৰ দৰে বিৰল হৈ পৰা পতিক বন্ধুৰ আড্ডাতহে সতেজ আৰু সপ্রতিভ বৰণত দেখা পোৱা যায়।
জন্ম ৰহস্য :
পতিৰ কেতিয়াও পোনপটীয়াকৈ জন্ম নহয়। প্রথম অৱস্থাত মানুহ হৈয়ে জনম লয়। কিন্তু ব্যৱহাৰিক অর্থত ই এক জটিল ক্রমবিৱৰ্তনৰ ফচল হিচাপে পতিলৈ পর্যবসিত হয়। সোণালী শৈশৱ, ৰূপালী যৌৱন, হীৰা পান্না প্রেম ইত্যাদি পাৰ হৈ, বুঢ়া হৈ অহা মাতৃ পিতৃৰ নেৰা নেপেৰা খেছখেছনিকে আদি কৰি সৰু ডাঙৰ বহুকেইটা পর্যায়ৰ চেপা খুন্দাতহে মানুহৰ ৰূপটোৱে পতিৰ শ্যেপ লয়। টকাৰ হিচাপত অতি কমেও নগদ ৩/৪ লাখ টকাৰ গহনা গাঠৰিৰ ঘোছ দিলেহে যি কোনো মানুহৰূপী জীৱই পতি নামৰ ডেজিগনেছনটোৰ অধিকাৰী হ’ব পাৰে আৰু সেই ডেজিগনেছটোৰ ওপৰত ভিত্তি কৰিয়েই পোন প্রথমে পত্নী নামৰ কাহানিও ক্লজ নোহোৱা ফাইলটো হেন্দ অভাৰ কৰা হয়। যি বেছভাগ সময়তে সফলতাৰ গোটেই ভাগটো অকলে লৈ বিফলতাৰ বাবে পতিকেই দোষী সব্যস্ত কৰাত গোটেই জীৱন ব্যস্ত থাকে আৰু পৰাধীনতাৰ বিষাদ সুৰীয়া গানেৰে জীৱন উদযাপিত হয়।
বিশেষত্ব :
মাথো মূৰ জোকাৰিয়েই সংলাপ বিহীনভাৱে বেছি ভাগ সময় পাৰ কৰে। মানে ক’বলৈ গ’লে পতি আৰু স্প্লিট এ চি একেই। বাহিৰত যিমানেই ডাঙৰ শব্দ নকৰক কিয়, ভিতৰত কিন্তু একেবাৰে শব্দ নকৰাকৈ নিজৰ কাম কৰি থাকে। আনকি ঠান্দা দিনত বাচন ধুবলৈ গৰম পানীও নিজেই কৰি লয়। বেলনা মাৰি আৰু চকুপানী নামৰ পৃথিৱীৰ অন্যতম ভয়ংকৰ, মুহূর্ততে বিভীষিকা আনিব পৰা পাৰমাণৱিক অস্ত্র দুপাতৰ ওচৰত সেও হৈ পতিয়ে যুগ যুগ ধৰি পত্নীৰ তালিবানী শাসনক উপায়বিহীন হৈ মানি লৈছে। কিন্তু মনে প্রাণে বিছাৰে কেতিয়া মহ এটা আহি পত্নীৰ গালত পৰিব আৰু…………!
প্রকাৰ :
পতি সাধাৰণতে দুই প্রকাৰৰ
১) জ’ৰু কে গোলাম
২) জ’ৰু কে বাদশ্বাহ
কিন্তু দ্বিতীয় প্রকাৰৰ পতি প্রায় এতিয়া অর্কুটৰ দৰেই বিলুপ্তিৰ পথত। পাবলে নাই বুলি ক’লেও মিছা কোৱা নহ’ব। আনটো বাদেই আনকি চুলবুল পাণ্ডেৰ দৰে দবং ব্যক্তিয়েও ১ম শ্রেণীৰ পতিক হে “পতি-নিধিত্ব” কৰে।
প্রিয় ঠাই :
পত্নী মাকৰ ঘৰত থকা সময়চোৱাত সকলো সময় আৰু সকলো ঠায়েই প্রিয় হৈ পৰে।
প্রিয় ব্যক্তি :
পত্নীৰ লিগেল এডভাইজাৰ মানে শাহু আইক বাদ দি সকলো।
পত্নীৰ দৃষ্টিত পতি :
পত্নীৰ বাবে পতি এটা জীৱন্ত জিন। যি বিচাৰে যি অর্ডাৰ দিয়ে বিনাবাক্যে তাক ১০০% পালন কৰে বা পালন কৰাত অকনো ত্ৰুটি নাৰাখে।
পতিৰ দৃষ্টিত পত্নী :
পতিৰ বাবে পত্নী ঠিক ভৰ দুপৰীয়াৰ সূর্য্যটোৰ দৰেই, কাৰণ দুয়োলৈকে চকু তুলি চোৱা প্রায় অসম্ভৱ।
সামৰণি :
‘বিষয় পতি’-এটা কেতিয়াও সামৰণি মাৰিব পৰা বিষয় নহয়। এইয়া মাথো থুলমূল আভাষ এটা দিয়াৰ নিস্পাপ চেষ্টাহে। “কাৰণ নোকোৱাকেও থাকিব নোৱাৰো ফটা মুখ, ক’লেও লাগে ভকতৰ দোষ।” কিন্তু এটা কথা ঠিক, পতিৰ ওপৰত শাসন, দুঃশাসন চলিলেও পতি পত্নীৰ মাজত মৰম চেনেহ কিন্তু অপৰিসীম। দুয়ো যেন একেবাৰে হিমেশ ৰেছমীয়া আৰু তেওঁৰ টুপিটোহে। এটা ৰজনী আনটো তুলচী। বেলেগক দেখুৱাই কেটেৰা জেঙেৰা মাৰিলেও ভিতৰি কিন্তু অমিতাভ ৰেখা। টাইডাল মাৰি দিয়াৰ চলেৰে দিয়া পুৱাৰ মিঠা চুমাটোৱে দিনটো ফেছবুক কৰি ভাল লগাৰ দৰে জিপাল কৰি ৰাখে। উভতি আহি পাওঁতে ৱেলকাম বেক জনাই মৰা সেই মন পৰশা হাঁহিটোত কামৰ সকলো টেনচন মুহূর্ততে বজাৰলে ওলাই গ’লে হাজাৰ টকাখন উৰা দি উৰি যায় আৰু ৰাতি টেবুলত অটোমটোকাৰিকে সজাই দিয়া আন্তৰিকতা ভৰা সুস্বাদ্যু খাদ্য সম্ভাৰেৰে শৰীৰক দিয়ে প্রয়োজনীয় সকলো কার্বহাইড্রেট, প্রটিন, আইৰণ, কেলচিয়াম ইত্যাদি ইত্যাদি। লগতে দিয়ে ফাইভ ষ্টাৰৰ খানাতকৈও অধিক বেছি শক্তি আৰু সোৱাদ। নিশাৰ চেনেহী বার্তলাপত নিঃশেষ হয় দিনটোৰ সকলো অৱসাদ।
কবিতাৰ ভাষাৰে ক’বলৈ গ’লে :
“পতি পত্নী এহাল জুৰিয়া শালিকী
গোটেই জীৱন লাগি থাকে মৰমৰে খুটিয়া খুটি
পতি পত্নীৰ বাহিৰে কিন্তু নাই দুনীয়াত আন কোনো হিট যুটি।”
সর্বশেষত সকলো পতিলৈ এটি বিধিসন্মত সতর্কীকৰণ,
“পত্নীলৈ ভয় কৰা পতিয়ে স্বর্গত ঠাই পাই,
কিন্তু পত্নীলৈ ভয় নকৰা পতিয়ে পৃথিৱীতে স্বর্গ সুখ পাই।”
(অনুৰোধ : ই এটি তেনেই অনভিজ্ঞ লিখনি। ভুল ভ্রান্তি হ’লেও পতি, পত্নী বা আন কোনো তেওঁলোকৰ সম্বন্ধীয়ই মাৰিবলৈ খেদি নাহে যেন)
☆★☆★☆
11:51 am
এইটো মজাৰ লিখনি। লেখকৰ অভিজ্ঞতাৰ ফচল বুলি অনুমান কৰিছোঁ। ?
11:00 am
মজ্জা লিখিছা এইটো। অভিজ্ঞতাৰে পৰিপুষ্ট।
2:10 pm
অভিজ্ঞতাপুষ্ট লিখনী, তামাম মনজিত