ফটাঢোল

ফেচবুক গ্ৰুপৰ সদস্য আৰু এদমিন – ধূৰ্জতি কাকতি

এটা মৌ বাঁহত যেনেকৈ বিভিন্ন ধৰণৰ কাম কৰা কৰ্মী মৌ থাকে ফেচবুকৰ গ্ৰুপ এটাতো তলত দিয়া বিভিন্ন ধৰণৰ সদস্য থাকে।

ৰাণী মৌ: এওঁলোক হ’ল গ্ৰুপৰ এদমিন৷ গ্ৰুপ এওঁলোকৰ মতেই চলে৷ তেওঁলোকৰ বিষয়ে বেলেগকৈ তলত বিস্তাৰিতভাবে আলোচনা কৰা হৈছে৷
সেনাপতি: এওঁলোক হৈছে গ্ৰুপৰ মদাৰেটৰ, ক্ষমতা থাকিলেও শেষত ৰাণী মৌ বা এদমিনৰ মতে চলিব লাগে ৷ বিশেষ ক্ষমতা নাই৷ এওঁলোকৰ চাকৰি এদমিনৰ ওপৰতহে নিৰ্ভৰ কৰে।
বিশিষ্ট সদস্য: এওঁলোক গ্ৰুপৰ একো পদবীত নেথাকিলেও গ্ৰুপৰ বিশিষ্ট সদস্য৷ লিখে মেলাৰ টেলেন্ট আৰু ফেচবুকৰ পপুলাৰিটিৰ কাৰণে স্বয়ং এদমিনেও এওঁলোকক তেল মাৰিব লাগে, কোনো বেলেগ সদস্য আৰু বিশিষ্ট সদস্যৰ মতভেদ হলে এদমিনে সাধাৰণতে বিশিষ্ট সদস্যৰ ফালেই মাত দিয়ে।
সাধাৰণ সদস্য: এওঁলোক গ্ৰুপৰ পোষ্ট চাই, নিজৰ ভাল লগাবোৰত লাইক কমেন্ট কৰে৷ সাধাৰণতে লবিজিমত নপৰে৷
নিৰপত্তা ৰক্ষী সদস্য: এওঁলোকে গ্ৰুপৰ অন্ধ সমৰ্থক৷ কিবা কথাত কিবা অলপ খেলি মেলি হলেই কাজিয়া কৰাত আটাইতকৈ আগ ভাগ লয়৷ আনকি বেলেগৰ প্ৰফাইলত গৈও গ্ৰুপৰ হৈ কাজিয়া লাগে৷ লাগিলে গ্ৰুপৰ বিৰোদ্ধে একো নকৱকেই৷ কেতিয়াবা এদমিনে নিবিচাৰিলেও বেলেগৰ লগত গ্ৰুপৰ হৈ এওঁলোকে কাজিয়া কৰে৷ এদমিনৰ কাৰণে এওঁলোক সদায় দুমুখীয়া তৰোৱাল৷প্ৰতিৰক্ষাৰ কাৰণে প্ৰয়োজনীয় কিন্তু কেতিয়াবা বিনা কাৰণক কাজিয়া লাগি গ্ৰুপৰ ক্ষতিও কৰে৷
চোৰাংচোৱা সদস্য: এওঁলোকৰ মূল কাম স্ক্ৰীনশ্বত অনা নিয়া কৰা৷ গ্ৰুপৰ কথা কোনোবাই কিবা বেয়াকৈ কৈছে বুলি গ্ৰুপ বা এদমিনক স্ক্ৰীনশ্বত দি সদায় এদমিনৰ আস্থা ভাজন হব খোজে আৰু গ্ৰুপত নিজৰ প্ৰতিপত্তি বঢ়াব খোজে৷
দাবল এজেন্ট: এওঁলোকৰ কাম স্ক্ৰীনশ্বত দিয়া যদিও, এওঁলোকে গ্ৰুপত কাৰোবাৰ কথা আলোচনা কৰিলে সেই স্ক্ৰীনশ্বত মানুহজনকহে দি দিয়ে৷ এওঁলোকৰ গ্ৰুপৰ প্ৰতি বিশেষ একো আকৰ্ষণ নাই৷ কিনো হৈ আছে চাবলৈহে গ্ৰুপত থাকে
সক্ৰিয় সদস্য: এওঁলোকে গ্ৰুপত সাংঘাটিক এক্টিভ পোষ্টবোৰত লাইক কমেন্ট দিয়ে, নিজে বহুত পোষ্ট দিয়ে, নিজৰ ফালৰ পৰা গ্ৰুপত মেম্বাৰ যোগ দিয়াই৷ পোষ্টবোৰত এওঁলোকৰ বন্ধুবৰ্গক মেনচন কৰি দিয়ে৷ এওঁলোকৰ গ্ৰুপৰ ভিতৰত নিজা চাব গ্ৰুপ বনে আৰু এওঁলোক সদায় বিশিষ্ট সদস্য হবৰ চেষ্টা কৰে৷
আপত্তিবাদী সদস্য: এওঁলোকে সদায় আপত্তি কৰি থাকে যে গ্ৰুপত লবিজিম চলে৷ গ্ৰুপত কিছুমান নিৰ্দ্দিষ্ট মানুহৰ ক্ষেত্ৰত লাইক কমেন্ট বেছি আহে আৰু এদমিনেও তেওঁলোকক বেছি গুৰুত্ব দিয়ে বুলি৷ কেতিয়াবা অভিযোগ সঁচাও হয় বাৰু৷
নিষ্ক্ৰিয় সদস্য: গ্ৰুপৰ 90% সদস্য এনেকুৱাই৷ কোনোবাই সোমাই দিয়াৰ কাৰণে থাকে, কিন্তু গ্ৰুপত কেতিয়াও এক্টিভ নহয়

এতিয়া প্ৰথমবিধ সদস্য বা এদমিনৰ বিভন্ন প্ৰকাৰ তলত বিস্তাৰিত ভাবে আলোচনা কৰিছো:

সক্ৰিয় এদমিন: এওঁলোক গ্ৰুপক লৈ বহুত চিৰিয়াচ৷ নি:স্বাৰ্থ ভাবে গ্ৰুপৰ উন্নতি বিচাৰে৷ গ্ৰুপত সক্ৰিয় থাকে, পোষ্ট এপ্ৰুভ কৰে৷ পোষ্টবোৰত লাইক কমেন্ট কৰি উৎসাহিত কৰে৷ এওঁলোকক প্ৰায় মেম্বাৰবোৰে ভাল পায়৷
নিষ্ক্ৰিয় এদমিন: এওঁলোক ইমান নিষ্ক্ৰিয় যে, এওঁলোক গ্ৰুপৰ এদমিন মানুহে পাহৰিয়েই যায় ৷ লাইক কমেন্ট কেতিয়াবাহে কৰে, পোষ্ট এপ্ৰুভ প্ৰায় নকৰেই৷ কোনোবাই এদমিন মণ্ডলীত সোমোৱাই দিলে কাৰণে সোমাই আছে৷
গহীন এদমিন: এওঁলোকে গ্ৰুপত বেছি চেলবেলাই নেথাকে৷ কিন্তু নিজৰ কাম খিনি নিয়াৰিকৈ কৰি যায়৷ লবী কাজিয়া আদিৰ পৰা দূৰত থাকে৷ নিজৰ ষ্টেণ্ডাৰ্দ এটা মেইনটেইন কৰে৷আবেগতকৈ বেছি যুক্তিত গুৰুত্ব দিয়ে৷
চেলেপু এদমিন: এইবিধ এদমিনে গ্ৰুপত কত কি কব লাগে নেজানে৷ যত তত যি তি কৈ ষ্টেণ্ডাৰ্দ লাঘব কৰে৷মহিলা সদস্যৰ তাতো কি কমেন্ট কৰিব লাগে নেজানে৷ ৰাতি ফূৰ্ত্তি পানীৰ প্ৰভাৱত এওঁলোকৰ উৎপাত আৰু বাঢ়ে।
ভিআইপি এদমিন: এইবিধ এদমিন প্ৰায় মন্ত্ৰী আইএএচ লেভেলৰ৷এওঁলোকে এদমিন হোৱাৰ পাচত বাকী সকলোকে সাধাৰণ সদস্য বুলিয়ে গণ্য কৰে৷সকলো সদস্য তেওঁলোকৰ মতে চলাটো বিচাৰে৷ তাৰ বাবে লবী ৰাজনীতিও কৰে৷ তেওঁলোকক তেল মাৰি থকা মানুহবোৰৰ তাতহে লাইক কমেন্ট কৰে৷ সৱেই তেল মাৰি থাকিলেহে ভাল পায়৷ কাজিয়া লাগিলেও প্ৰায় নিজেই চিধা কাজিয়া নকৰে, তেল মাৰি থকাবোৰকহে এদমিনৰ বিৰোধী লগত কাজিয়া লাগিব দিয়ে৷ এওঁলোকৰ কথাৰ বিৰোধ কৰা মানেই কিবা কিবি হৈ গ্ৰুপৰ পৰা খেদা খোৱা৷
যোদ্ধা এদমিন: এই প্ৰকাৰৰ এদমিনে কাজিয়া কৰি বৰ ভাল পায়৷ গ্ৰুপেই হওক বাহিৰতেও হওক পুৰাদমে কাজিয়া লাগে৷ কিন্তু কাজিয়া লাগিলেও পলিটিক্স, গ্ৰুপৰ পৰা খেদা খেদি এইবোৰ নকৰে৷ কাজিয়া কৰিয়েই এওঁলোকে সকলো আনন্দ বিচাৰি পায়৷তাতকৈ বেছি মাঠা নেমাৰে।
চেনী এদমিন: এওঁলোক বাকি কৰবাত লাইক কমেন্ট কৰক নকৰক মহিলা ছোৱালী সকলৰ তাত লাইক কমেন্ট কৰিবই৷ woman empowermentয়েই এওঁলোকৰ জীৱনৰ মূল লক্ষ্য৷ পুৰুষক কেতিয়াও উৎসাহিত নকৰিলেও সকলো নাৰীকে কমেন্ট লাইক দি উৎসাহিত কৰিবই
হিংসুক এদমিন: এওঁলোকৰ আকৌ গ্ৰুপত কোনো সদস্যই এওঁলোকতকৈ বেছি পপুলাৰিটি পালে হিংসা হয়৷ এওঁলোকে ভাবে আটাইতকৈ বেছি পপুলাৰ তেওঁলোকেই হ’ব লাগে৷ তেওঁলোকতকৈ পপুলাৰ কোনো হ’ব নেলাগে৷ এক বিশেষ প্ৰকাৰৰ গ্ৰুপত এনে এদমিন বেছি থাকে৷

ইয়াৰ উপৰিও আৰু এক প্ৰকাৰৰ এদমিন আছে৷ শংকিত এদমিন৷ এওঁলোকৰ সদায় শংকাত থাকে, এওঁলোকৰ ভয় হয় তেওঁলোকৰ গ্ৰুপটো কোনোবাই অনিষ্ট কৰিব বিচাৰি আছে, ক্ষতি কৰিব বিচাৰি আছে, ভাঙিব বিচাৰি আছে৷ গ্ৰুপৰ বিৰুদ্ধে কোনোবাই ষড়যন্ত্ৰ ৰাজনীতি কৰি আছে৷এই ভয়ৰ ফলত এওঁলোকে কি কৰি থাকে নিজেই নেজানে৷

☆★☆★☆

3 Comments

  • Rintumoni Dutta

    আকৌ এবাৰ পঢ়িলো, বঢ়িয়া কাকতী

    Reply
  • Nilakshi Devi Deka

    ফেচবুকৰ গ্ৰুপ সমূহৰ আৰু সদস্যসকলৰ বাবে এই লিখনিটো পঢ়াটো বাধ্যতামূলক কৰিব লাগে বুলি দাবী জনালোঁ।

    Reply
  • ৰাজু কুমাৰ নাথ।

    সঠিক মুল্যায়ণ কৰিলে।সকলোৱে এবাৰ হ’লেও পঢ়া উচিত।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *