ফটাঢোল

চীতা ঔৰ গীতা – গীতাৰ্থী গোস্বামী

সীতা আৰু গীতা যমজ ভগ্নী। যমজ হ’লেও দুয়োৰে স্বভাৱ সম্পূৰ্ণ ওলোটা। সীতা শান্ত-শিষ্ট আৰু গীতা মহাদুষ্ট।

কাহিনী-১
সীতা আৰু গীতা স্কুললৈ যোৱা পথটো কেঁচা। চাইকেল চলি চলি পথটোৰ মাজ অংশ বগা হৈছে। কাষত বন। বাৰিষা বনৰ মাজত বোকা সোমাই থাকে। কিবা কাৰণত সেই বোকাত হাৱাই চেন্দেল ফচিলে ফিটা নিচিগাকৈ উলিয়াই আনোতে কমেও দহ মিনিট লাগে।
এদিন সীতাই গীতাক ক’লে-
: বগাই বগাই যা।
গীতাই উত্তৰ দিলে-
: হয়নে? এই বোকাত বগাই বগাই গৈ মই কেতিয়া ইস্কুল পামগৈ? মই খোজকাঢ়ি যাম৷

কাহিনী-২
সীতা আৰু গীতাৰ কাপোৰ একেডাল আলনাত থাকে। এদিন নিজৰ কাপোৰ তিতি থকা বাবে সীতাই গীতাৰ সৰু কাপোৰ এটা পিন্ধিলে। কথাটো গম পাই গীতাই সীতাৰ তিতা কাপোৰবিধ ঘৰৰ সমুখৰ আম গছজোপাৰ ডালত সকলোৱে দেখাকৈ ওলোমাই থ’লেগৈ। ৰাস্তাৰ মানুহ যিয়ে দেখিলে ফিচিঙা ফিচিং কৰিবলৈ ধৰিলে। একোবত মিনু খুৰী আহি কাণ্ড দেখি চিঞৰি উঠিল-
: কোন হাইজাত জাতীৰ কাম অ’? মতাবোৰক দেখুৱাবলৈ এই কাপোৰকণ কোনে পদূলিত ওলোমাই থৈছ? এইটো কাৰ হয়নে?
বাৰাণ্ডাত বহি কিতাপ পঢ়ি থকা গীতাই মাত লগালে-
: সীতাৰ৷

কাহিনী-৩
গীতাই বাৰাণ্ডাত বহি কিতাপ পঢ়ি আছে। সীতাই ঘৰটো সাৰি আছে। তেনেতে জপনাখন ঠেলি গৰু এজনী সোমাই আহিল। সীতাই চিঞৰিলে-
: খেদ খেদ, দেউতাই দেখিলে পিটিব আমাক। লাওজোপা খাবগৈ এতিয়া৷
: তই নেখেদ কেলেই?
গীতাই সুধিলে ।
: মই ঘৰ সাৰি থকা দেখা নাইনি?
একো নামাতি গীতা উঠি গ’ল। গৰুজনীৰ ফালে নগৈ তাই জপনাখনৰ ওচৰলৈ গৈ জপনাখন ডাঙৰকৈ খুলি দিলে। লগে লগে পদূলিত ৰৈ থকা গৰুৰ জাকটো বাৰীলৈ সোমাই আহিল। এজাক গৰু দেখি ভয়তে গীতা জাঁপ মাৰি বাৰাণ্ডাত উঠিল। সীতাই জঁপিয়াবলৈ ধৰিলে।
: জপনাখন কিয় খুলি দিলি?
সীতাই চিঞৰিলে।
: দেখা নাছিলি গৰুজনী কিমান কষ্ট কৰি সোমাইছিল? তাই ভালকৈ ওলাই যাবলৈ জপনাখন খুলি দিছিলোঁ আক’।
-গীতাই গহীনাই ক’লে৷
দেতা, দেএএএএতা …
সীতাই চিঞৰিলে। গীতা পলাই পত্ৰং।

কাহিনী-৪
সীতা আৰু গীতা এদিন দোকানলৈ গৈ থাকোঁতে পথত এজন মদাহী লগ পালে৷ গীতাই সীতাক সুধিলে –
: এইজন কোন অ’?
: মদাহী, মদ খায়৷
সীতাই উত্তৰ দিলে।
কিছুদূৰ যোৱাৰ পাছত এজন যুৱকে ঠাণ্ডা পানীয়ৰ বটল এটা খাই খাই আহি থকা দেখিলে।
: ফেণ্টাচষ্টিক!
-গীতাই ক’লে ।
: এই পাগলৰ দৰে ল’ৰাটোক কি ফেণ্টাষ্টিক দেখিলি অ’?
সীতাই সুধিলে ।
: চা, মদ খালে যদি মদাহী হয়, ফেণ্টা খালে ফেণ্টাষ্টিক নহ’ব নেকি?
-গীতাই গহীনাই উত্তৰ দিলে ।

কাহিনী ৫
সেইবাৰ দেউতাকে ভাত খোৱা চাউল ডাঙৰ বিধৰ আনিলে। স্কুললৈ যাবলৈ ভাত খাওঁতে গীতাই বহুত সময় লৈছে ।

: সোনকাল কৰ। মোৰ অথনিয়েই খোৱা হ’ল। তোৰ ইমান দেৰি লাগেনে?

সীতাই ক’লে।

: ভাত খালে বেছি সময় নালাগে৷ টিউব লাইট সিজোৱা খালে সময়তো লাগিবই।

গীতাই ক’লে।

☆★☆★☆

2 Comments

  • Rintumoni Dutta

    ভাল লাগিল গীতাৰ্থীবা

    Reply
  • হিৰণ্যজ্যোতি দাস

    ভাল লাগিল

    Reply

Leave a Reply to Rintumoni Dutta Cancel reply

Your email address will not be published. Required fields are marked *