ফটাঢোল

পত্নী – চাও খুন শিৱ ডেকা

আজিৰ পৰা কিমান হাজাৰ কোটি বছৰৰ আগতে পত্নী নামৰ সম্পদ বিধৰ সৃষ্টি হল জনা নাযায়। কিন্তু মানৱ সভ্যতা নামৰ নুবুজা সংসাৰখনৰ উৎপত্তিৰ লগত এই শব্দটি সমসাময়িক বুলি জীৱ বিজ্ঞানী তথা চিন্তাবিদ সকলে মতপোষণ কৰে।

পত্নী অনান্য মানুহৰ দৰে এবিধ ডমেষ্টিক এনিমেল হলেও কিছু আচৰিত লক্ষণ দেখা যায়, যেনে পত্নীৰ চকু ছটা। তাৰে দুটা লৰা-ছোৱালী, দুটা ঘৰ-বাৰী আৰু দুটা পতি বা স্বামীৰ ওপৰত থাকে। আধুনিক মোবাইলৰ যুগত তেওঁলোকৰ আৰু দুটা চকু আছে বুলি বহুতে যুক্তি দাঙি ধৰে যদিও ঘৰ-বাৰী চোৱা চকুকেইটাহে ডিজিটেল স্কিনত ব্যস্ত থাকে বুলি প্ৰমাণ পোৱা গৈছে। আনহাতে পত্নীৰ হাত কেইখনো সময়, পৰিস্থিতি আৰু প্ৰয়োজন সাপেক্ষে বঢ়া টুতা কৰিব পৰা গুণ আছে। যেনে শান্ত, শিষ্ট ন কইনা ৰূপত পত্নীৰ হাত দুখন, ল’ৰা – ছোৱালীৰ পঢ়া, শুনা, ঘৰৰ টকা সিকা হিচাপৰ সময়ত তেওঁলোকৰ হাত চাৰিখন বুলি পৌৰাণিক যোগেতেই মা লক্ষ্মী আৰু সৰস্বতীৰ ৰূপত দাঙি ধৰিছে। খংত একো নাই হ’লে পত্নীৰ হাত যে দহখন হ’ব পাৰে তাৰ কথানো কি কম আও, জয় মা কালী, জয় মাতা দি। ঠিক তেনেকৈ বচন অনুযায়ী পত্নীৰ প্ৰকাৰ, চন্দ্ৰমুখী, সূৰ্যমুখী, জ্বালামুখী এই তিনি ভাগত মনীষী সকলে কেতিয়াবাই বিভক্ত কৰি গৈছে।

আগৰ দিনত ৰজা মহাৰাজ সকলে কোনো যুদ্ধ জয় কৰিলে বিভিন্ন উপহাৰৰ লগতে পত্নীৰূপে দীপলিপ কুঁৱৰী একোটা লাভ কৰিছিল। তেনেকৈ বহুপত্নী যুক্ত একোটা কাৰেং সুন্দৰ হৈ পৰিছিল। কিন্তু কালক্ৰমত এই বহুপত্নীৰ ৰীতি প্ৰায় নোহোৱা হোৱাৰ দৰেই। কথাতে কয় বোলে “ৰামো নাই, অযোধ্যাও নাই”, অৰ্থাৎ ৰজা দশৰথৰ বহুপত্নীৰ বাবে হোৱা ৰামায়ণ কাণ্ডই বহু বীৰ পুৰুষৰ মনত ত্ৰাসৰ সৃষ্টি কৰাতেই এই ৰীতি লুপ্তপ্ৰায়। বৰ্তমান সময়ত যদিও বহুপত্নী থাকিব পাৰে নে নাই তাৰ কোনো আইনী সিদ্ধান্ত নাই, তথাপি প্ৰতিষ্ঠিত পত্নীৰ বেলনা মাৰিৰ ভয়তে ইচ্ছা থাকিলেও বহু বীৰে নিজকে সামাজিক ভাৱে সম্বৰণ কৰে। অৱশ্যে তাৰ মাজতো পালিত পত্নী বা বাহৰৱালী থকাৰ কথা “প্রেমা নিউজ”ত আজিকালি সঘনাই দেখিবলৈ পোৱা যায়। সেই বীৰ পুৰুষ সকলক সাহসীকতাৰ বঁটা দি বিলুপ্ত প্ৰায় প্ৰথাটো জীয়াৰ ৰাখিবলৈ বৰ্তমান চিন্তাৰ সময় আহি পৰিছে।

সময় সদায় একে নাথাকে, নাথাকে কোনো বস্তুৰ একে সমীকৰণ। সময়ৰ সোঁতত যেনেকৈ সভ্যতা-সংস্কৃতি গতিশীল, ঠিক তেনেকৈ পৰিবৰ্তন হৈছে পত্নীৰ চাল-চলন তথা আচৰণ। অতীতত পত্নীয়ে পাকঘৰ, চু ঘৰৰ বাদে বাহিৰৰ কামত হাত দিব লগা হোৱা নাছিল। পুত্ৰ-পুত্ৰী,পতিদেৱতা তথা শাহুৰ-ননদ লৈ ব্যস্ত থাকিব পাৰিছিল। লাহে লাহে আধুনিক ব্যবহুলতা তথা যান্ত্ৰিক জীৱন যাত্ৰাত তেওঁলোকেও পুৰুষৰ সমানে কৰ্ম তৎপৰ হৈ পৰিল। ইমান দিনে পুৰুষে সকলো ক্ষেত্ৰতে দেখাই অহা কামৰ দক্ষতাত পত্নী সকলো সমানে আগবাঢ়ি গ’ল ; গ’ল মানে এভাৰেষ্টৰ পৰা মহাকাশলৈকে, “চশমা পিন্ধা বাইদেউ”ৰ পৰা “ইউ আৰ এ ডাক্তৰ”লৈকে, ক’ৰ্ত কাছাৰীৰ পৰা হস্পিটেলৰ লৈকে, সৰ্ব ব্যাপী এভেল ভেল নাৰী শক্তি তথা পত্নী।যাৰ বাবে পতিদেৱতাৰ মুক্ত বিচৰণত বাধা প্ৰাপ্তি হৈছে, নিজে ল’ৰা ছোৱালীৰ দায়িত্ব ল’ব লগা হৈছে, আনকি পেপাৰে পত্ৰই পোৱা খবৰ অনুসৰি পতিদেৱে নিজৰ গৰ্ভত সন্তান ধাৰণৰ গৱেষণা ইতিমধ্যে বিজ্ঞানী সকলে চিন্তা কৰিছে আৰু সফলতাৰ মুখো দেখিবলৈ পাইছে। এয়া অনাগত দিনত পতি সকলৰ বাবে এক ভয়াবহ ‘ডমেষ্টিক ভাইলেন্স’ হ’বলৈ গৈ আছে।
সময় আহি পৰিছে পতিয়ে নিজক এই ভয়াবহ নিৰ্যাতনৰ পৰা ৰক্ষা কৰাৰ কৌশল নিৰূপণ কৰাৰ। ‘পুৰুষে কান্দিব নোৱাৰে’, পুৰুষে মহিলাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে সমাজে হাঁহিব,ইত্যাদি প্ৰবচনৰ সুবাদতে আনে দেখাকৈ প্ৰতিবাদ কৰিব নোৱাৰি। তেনে উপায় কি ! কেনেকৈ সম্ভৱ নিজকে এই ধৰ্ম সংকটৰ পৰা উদ্ধাৰ কৰা? মাত্ৰ এটা উপায় আছে বুলি বিজ্ঞসকলে গৱেষণাৰ অন্তত নিশ্চিত হৈছে। সেয়া হৈছে বৃত্তি অৰ্থাৎ জীৱিকা ভিত্তিত পত্নী নিৰ্বাচন।
বৃত্তিগতভাৱে পত্নী কেনে হোৱাটো পতিৰ বাবে প্ৰয়োজনীয়, এই সম্পৰ্কে তলত কিছু আলোচনা কৰা হৈছে। পুৰুষ সকল যদি অবিবাহিত তেন্তে ঠিক কৰক আপোনাক কি লাগে, সেইমতে নিৰ্বাচন কৰক আপোনাৰ পত্নীক। আৰু ইতিমধ্যে পতি হোৱা সকলে তেওঁলোকৰ বাবে অন্য এগৰাকী মনে বিচৰা পত্নী নিৰ্বাচন কৰি জীৱন বাকী খিনি সময় মনে বিচৰা ধৰণে উপভোগ কৰা লগতে বহু পত্নী প্ৰথাটো জীয়াই ৰখাৰ বাবে সংগাম কৰিব পাৰে।

১)শিক্ষয়িত্ৰী: নক’লেও হয় পতি শান্তি প্রিয় প্ৰাণী,আন হাতে পত্নীৰ মুখ মানে ধান খুন্দা মিল। চলিলে চলিয়েই থাকে। যদি আপুনি এনে শব্দ প্ৰদূষণৰ পৰা পৰিত্ৰাণ পাব বিচাৰে তেনে শিক্ষয়ত্ৰী পত্নী নিৰ্বাচন কৰক অথবা পত্নীক টেট পাছ কৰোৱাৰ ব্যৱস্থা কৰক। দিনটো শিষ্য,সহ শিক্ষকৰ লগত মেচিন চলাই থাকোতে ইন্ধন কম হৈ ঘৰত কমকৈ বাজে, পতিয়ে কাণত হেডফোন নলগালেও হয়। উদাহৰণ হাঁহ মহন্ত।

২)অভিযন্তা: কৃপণ আৰু সৌন্দয্যৰ পূজাৰী সকলৰ বাবে উপযুক্ত পত্নী অভিযন্তা। পতিৰ হাতুৰি-বটালী ধৰাৰ অভ্যাস নাথাকিলে, পত্নীয়ে ট্ৰেইনিং দি সুনিপুন কৰিব, ঘৰৰ বাহিৰৰ মানুহে মৃস্ত্ৰী হৈ ঘৰৰ ধন সৰকাব নোৱাৰিব। ঘৰৰ ডিজাইন, জোখ-মাপ সকলোৰে খুটি নাতি আঁকি সুন্দৰকৈ সজায়। বিল যদি টেবুলৰ তলেৰে পাৰ কৰিব পাৰে তেতিয়াটো কথাই নাই, পতিয়ে ভিন্ন উপহাৰ পোৱাৰ সুযোগ পাব। অৱশ্যে হাতুৰী-বটালিৰ পৰা ৰক্ষা পাবলৈ পতিয়ে হেলমেট ধাৰণ কৰাটো অনিবাৰ্য।

৩)ডাক্টৰণী: পতি জন যদি খাই ভাল পোৱা হয় তেন্তে তেখেতৰ খাদ্য ৰুচিত বাধা দিয়াৰ একমাত্ৰ শত্ৰু গৰাকী হ’ল ডাক্টৰণী পত্নী। সেয়া লাগে চেনিয়ে হওক বা টনিকেই হওক। অৱশ্যে ডাক্টৰণী পত্নীৰ হ’লে বিদেশত তীৰ্থ ভ্ৰমণ, পৰিয়ালৰ ফ্ৰী ট্ৰিটমেণ্ট বোনাছ হিচাপে পাই বুলি জানিব পৰা গৈছে।

৪)এয়াৰ হোষ্টেজ: এওঁলোক হৈছে আটাইতকৈ ভয়ংকৰী পত্নী। কেতিয়া কোন মুহূৰ্তত কোন দেশত থাকে, মাটিত থাকে নে আকাশত থাকে পতিয়ে গম পাব নোৱাৰে। পতীদেৱতাৰ সেৱা শুশ্ৰূষা বাদেই, কেতিয়াবা যদি ভুলতে ঘৰলৈ আহে পতিয়েহে তেওঁলোকক পূজা-অৰ্চনা কৰিব লগা হয়। এনে পত্নীৰ পতি হ’লে গোটেই জীৱন বৰলা হৈ থকাৰ দৰে হয়।

৫)অধিবক্তা: এওঁলোক অলপ বেলেগ প্ৰজাতিৰ পত্নী। কথাৰ পাকত কেতিয়া ক’ত পতিদেৱক ধৰাশায়ী কৰিব লাগে তেওঁলোক পাকৈত। গতিকে এনে পত্নী গ্ৰহণ কৰাৰ পাছত পতিয়ে নিজৰ শব্দ ভাণ্ডাৰ হেৰাল অথবা আনৰ শব্দৰে নিজক চলোৱা প্রেক্টিছ কৰিব লাগিব। খুটখাট লাগিব পৰা পৰিস্থিতি কেতিয়াও উদ্ভৱ নকৰাকৈ হয় হুজুৰ হ’বা পাৰিলেহে এনে পত্নী মংগল জনক।কেনেবাকৈ খুটখাট লাগিলে পত্নীৰ যিমানে দুখ নাথাকক লাগিলে সকলো নিজৰে ভুল বুলি যদি মানি ল’ব নোৱাৰে তেনে সপৰিয়ালক ৰঙা ঘৰ চিনাকি কৰাই দিব পাৰে। ইয়াতকৈ বেছি তথ্য আছে যদিও এওঁলোকৰ কথা বাহিৰত বেছিকৈ কোৱাত অসুবিধা আছে।
৬)পুলিচ: পত্নী যদি কেনেবাকৈ পুলিচ হয় পতি চোৰ হ’বই লাগিব। মানে আপুনি কলৈ গৈছে , ক’ত আছে, কি কৰিছে সকলো চোৰৰ দৰে কৰিব লাগিব। যদি আপুনি কয় বজাৰত আছে আৰু প্ৰমাণ পাই যে আপুনি বন্ধুৰ লগত ৰাহিলা বাইৰ ঘৰতহে আছিল তেনে অঘোষিত লাঠিচাৰ্য হোৱাটো নিশ্চিত। গতিকে দেহৰ হাড় যদি ২০৬ তকৈ বেছি কৰিব বিচাৰে তেনে পুলিচ পত্নী হ’ব উত্তম উপায়।

৭) হাউচ ৱাইভ: লাষ্ট এণ্ড মষ্ট কুৱালিফাইড পত্নী আছিল হাউচ ৱাইফ বা গৃহিণী। আগৰ গৃহিণী বুলিলে চকুৰ আগত “সৰু বোৱাৰী” জনীয়ে ভাঁহি আহিছিল। আগতেই উল্লেখ কৰা হৈছে যে আযি কালি পত্নীৰ চাল চলন সলনি হৈছে, গতিকে গৃহিণী সকলো যে সলনি হৈছে নতুন কৈ নক’লেও হ’ব। বিজ্ঞ সকলে ক’ব খোজে যে টিভিৰ চিৰিয়েল আৰু বন্ধন গোটৰ স্মাৰ্ট ফোনৰ কবলতে সুগৃহিনীৰ পত্নী বিলুপ্তিৰ পথত। আগৰ দৰে তেওঁলোকে পতি পূজন নকৰে। তাঁতৰ পাতত নিজৰ কাপোৰ নিজে প্ৰস্তুত নকৰে, ওকনি চাই বিয়নি মেল নাপাত্ৰ।গধূলি পাকঘৰলৈ চিৰিয়েল চাইহে সোমাই,তাৰ বাবেই বহু পতিৰ স্বাস্থ্য ভাগি পৰিছে বুলি ‘বিশ্ব স্বাস্থ্য সংস্থা”ৰ শেহতীয়া গৱেষণা পত্ৰত প্ৰকাশ পাইছে। আনকি পতিয়ে যদি ফুৰ্তি পানীকন খাই গধূলি সময়ত গানএটাও ডাঙৰকৈ বজাই ঘৰুৱা পৰিবেশ বিনস্ত কৰা বুলি সামাজিক মাধ্যমত প্ৰকাশ কৰাৰ ভাবুকি দিয়া হৈছে গৈ। এতিয়া কিদৰে নিজ পত্নীক সুগৃহিনী কৰি ৰাখিব পাৰি তাৰ উপায় মাত্ৰ এটা।পত্নীক টিভি আৰু
মোবাইল ফোনৰ পৰা দূৰত ৰাখক আৰু নিজকে সুগৃহিনীৰ পতি ৰূপে পৰিচয় দিয়ক।
বিষদ গৱেষণা আৰু আলোচনাৰ অন্তত এতিয়ালৈকে কেৱল মাত্ৰ এইকেইটা বৃত্তিৰ পত্নীহে চিনাক্ত কৰা হৈছে যদিও আৰু বহু বৃত্তিগত পত্নীৰ ওপৰত আলোচনা কৰাৰ থল আছে। তাৰ ভিতৰত বেংকিং, ব্যৱসায়ী, বিউটিছিয়ান ইত্যাদিয়ে প্ৰধান।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *