ফটাঢোল

বাৰুদ – নিশান্ত বৰদলৈ

(এক)

অসমৰ বাৰুদ বিজ্ঞানী নগেনে জাপানৰ বিজ্ঞানীটোক নদীলৈ দলিয়াই দিলে। আধা ঘন্টা সময় পাৰ হৈ গ’ল, চাৰিওফালে হুৱাদুৱা লাগিল। কন্দা-কটা আৰম্ভ হ’ল।

বিজ্ঞানী নগেনে মৌমিঠা মাতেৰে ঘোষনা কৰিলে- ‘লেডীচ এণ্ড জেন্টলমেন, এইটোৱে সেইটোকে প্ৰমাণ কৰে যে মানুহ পানীত দ্ৰৱনীয়।’

(দুই)

অসমৰ বাৰুদ বিজ্ঞানী নগেনক আত্মহত্যাৰ ভাষণ দিবলৈ কোৱা হ’ল। এনেয়ে বাৰুদৰ লগত খেল কৰা মানুহ, কোৱাৰ লগে লগে উত্তেজনা বাঢ়ি গ’ল……

শ্ৰদ্ধাৰ ৰাইজ, হেণ্ডগেনেডৰ শপত, আত্মহত্যা নকৰিব, আত্মহত্যা মহাপাপ, আত্মহত্যা কৰাৰ সলনি নিজক নিজে গুলিয়াই দিব।

(পূৰ্বে পঢ়া কৌতুকৰ ছাঁ পৰিছে)

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *