ভাবেই ভক্তি – পূৰৱী এম কটকী
কথাটো মোৰ বিয়াৰ কেইদিনমানৰ আগৰ, যিটো কথাই বিয়াৰ পাছটো সকলোকে ভাল ৰস দিছিল। মোৰ বিয়া ফাগুনত আছিল, বিয়াৰ কেইদিনমানৰ আগতে ঘৰৰ কিছুমান পুৰণা কাপোৰ মই চিজিল কৰোঁ বুলি ডিভানখন খুলিলো , খুলি দেখোঁ কম্বল এখন নিগনিয়ে কুটি থৈছে। কেচাঁ ঘৰ আছিল যদিও নিগনি নাছিলেই, সেইজনহে কৰ পৰা ওলালহি জানো। কম্বলখন কুটি পেলোৱা দেখি মনটো অলপ বেয়া লাগিল, ভালকৈ চায় দেখোঁ …মহান নিগনিজনা তাত সেইসময়টো উপস্থিত আছিল। দাদাক চিঞৰি মাতিলো, দাদা আৰু দাদাৰ লগৰ লৰাদুটা আহি নিগনিটোক ধৰিলে। এইখিনিতে এটা কথা কৈ থওঁ, আমাৰ দাদা আকৌ বৰ কচু টাইপ আছিল, সৰু সৰু দুষ্টামি বা ধেমালিবোৰ কৰি ভাল পাইছিল। নিগনিটো ধৰি দাদায়ে এচিয়ান্ট পেইন্টৰ বগা ৰঙটো ধুনীয়াকৈ সানি দিলে, আৰু নেগুৰত সৰু সূতা এদালত “আজিৰ পৰা বদমাচি নকৰোঁ” বুলি কাগজ এখনত লিখি দিলে আৰু মূৰত ৰঙা ফোঁট এটা ৰঙা ৰং দি এৰি দিলে।
সময়ৰ লগে লগে সেই কথাটো আমি পাহৰি গ’লো, মোৰ বিয়াৰ প্ৰায় এমাহ মানৰ পাছত মই ঘৰলৈ যাওঁতে মায়ে মোক বুন্দিয়া লাড়ু, প্ৰসাদ আৰু কিবাকিবি খাবলৈ দিছে। খাবলৈ দি কৈছে, “খুৰাহঁতৰ ভাৰাঘৰৰ পূৰ্ণিমা যে তাই গণেশপূজা পাতিছিল…খা, মই তই আহিবি বুলি গম পায় তোলৈ থৈ দিছিলো।” অৱশ্যে তেনেকৈ কৈ মায়ে আগদিনা ছুটী লৈ অহা দাদাৰ ফালে চায় মিচিক মাচাককৈ হাঁহি আছে। মই সেৱা কৰি প্ৰসাদ খাৱলৈ লোৱা দেখি, দাদাই জোৰকৈ হাঁহি দিলে।
মই বোলো -“কথাটো কি,…কিয় হাঁহিছ?”
মায়ে আৰম্ভ কৰিলে, “মামু তোৰ মনত আছে , জোনে যে বগা ৰং কৰি দিছিলে নিগনিটো…?”
“অঁ, আছেতো…।”
“দুসপ্তাহ মানৰ আগৰে পৰা পূৰ্ণিমাহঁতৰ ঘৰত নিগনিটো ওলাল, ৰঙা ফোঁট লগুন লৈ…পূৰ্ণিমাৰ মানুহটোৰো গাটো সিমান ভাল নাছিল কেইদিনমানৰ আগৰে পৰা, নিগনিটো ওলোৱা দুদিনমানৰ পাছতেই মানুহটো স্বাস্থ্য ভাললৈ আহিল…তাহাঁতে ভাবিলে গণেশ দেৱতাই কিবা আশীৰ্বাদ কৰিছে , গতিকে যোৱাকালি ধুমধামেৰে গণেশপূজা পাতিলে….। নিগনিটোক ভোগ আগবঢ়ালে পূজাৰ মাজতে…মোকো মাতিছিলে। দেখিলো জোনে ৰং কৰা নিগনিটো।”
“বেলেগ নিগনিও হ’ব পাৰে বগা ৰঙৰ।”
“নহয় অ, সেইটো নিগনিয়েই ৰঙা ফোঁট…আনকি নেগুৰত বান্ধি দিয়া সূতাদালো আছে…।”
“কাগজখন?”
“কাগজখন ফাটি গ’ল চাগে”
“আপুনি কৈ নিদিলে কিয়, যে সেইটো আচলতে বগা ৰং কৰা নিগনিহে ?”
“প্ৰথমে ভাবিছিলো কৈ দিওঁ বুলি, কিন্তু তাহাঁতৰ শ্ৰদ্ধা ভক্তি দেখি মন নগ’ল…ভাবেই ভক্তি দেচোন, দুখীয়া মানুহ ইমান কষ্ট কৰি, আনন্দমনে ধুমধামে পূজাভাগি পাতিছে…মোৰ কথাটোৱে তাহাঁতৰ অন্তৰত দুখ দিব নহয়। আৰু এটা কথা এটা সাধাৰণ নিগনিয়ে ক’ত ইমান সেৱা পালেহেঁতন, তাক ৰং কৰি দিয়াৰ বাবেহে। আচলতে তাৰ ওপৰত স্বয়ং গণেশ দেৱতাৰ কিবা কৃপা আছিল বুইছ।”
ইয়াকে কয় ভাবেই ভক্তি বুইছ…।
মই তেতিয়া গণেশ পূজাৰ বুন্দিয়া লাড়ুটো চোবাই আছিলোঁ…!
☆★☆★☆