ফটাঢোল

কৌতুক – কমল নেওগ

শইকীয়া চাৰে দ্বিতীয় শ্ৰেণীত যুক্তাক্ষৰ শিকাই ৷ আজিও তিনিটা  বিশেষ যুক্তাক্ষৰ আৰু সেই সেই  যুক্তাক্ষৰযুক্ত বিশেষশব্দ আৰু শব্দকেইটাৰ অৰ্থ সম্বন্ধে ল’ছোৱালীহঁতক সুন্দৰকৈ শিকালে। যুক্তাক্ষৰকেইটা হৈছে
শ + ৱ = শ্ব    অশ্ব , অশ্ব মানে ঘোঁৰা।
ব + জ = ব্জ  অব্জ , অব্জ মানে পদুম।

আৰু আনটো যুক্তাক্ষৰ হৈছে – মইবয়াম  ম্ব,
ম + ব = ম্ব  ডিম্ব , ডিম্ব  মানে  কণী।

ইমানখিনি লৈকে ঠিকেই আছিল। পয়মালখন লগালেহি নাভুত-নাশ্ৰুতকৈ SI চাৰ ভাটিবেলা স্কুল চাবলৈ আহি। SI চাৰ ৰুমত সোমোৱাত বহিবলৈ নিজৰ চকীখন এৰি দি  লগে লগে শইকীয়া চাৰে ব্লেকবোৰ্ডত লিখি থোৱাখিনিও মচি পেলালে। ইয়াৰ পিছত SI চাৰৰ লগত সৌজন্যমূলক দুই- চাৰিআষাৰ কথা পাতিলে।
শিক্ষাবিভাগৰ দায়িত্বশীল ব্যক্তি হিচাপে SI চাৰে ছাত্ৰ-ছাত্ৰী কেইটাৰ শৈক্ষিক অগ্ৰগতি পৰীক্ষা কৰিব  বিচাৰিলে।

অশ্ব মানে ঘোঁৰা, ডিম্ব মানে কণী – ছাত্ৰ-ছাত্ৰীকেইটাই টপককৈ ক’লে;
কেণা লাগিল ‘অব্জ’ক লৈহে।

কেণা লাগিবৰে কথা দিয়ক। সময়টো চাওকচোন MDM ৰ পিছত; হাৰিয়ানাৰ পৰা অহা চাউলৰ ভাত আৰু অন্ধ্ৰপ্ৰদেশৰ পৰা অহা চালানী কণীৰ তৰকাৰীৰে উদৰ পূৰাই একথাল খাই দিয়াত ছাত্ৰ-ছাত্ৰীহঁতৰ আমস্তক স্নায়ুমণ্ডলী সেইথালি জীণ নিয়াবলৈকে চাগৈ ব্যস্ত হৈ আছিল। গতিকে শইকীয়া চাৰে শিকোৱা দুই-এটা শব্দ-অৰ্থ সিহঁতৰ মগজুৰ জপনা বাহিৰতে ঘূৰি-পকি আঁতৰি গ’ল।

কথা বিষম যেন দেখি শইকীয়া চাৰে চেগবুজি SI চাৰৰ পিঠিৰফালে অৱস্হান লৈ হাতৰ ইংগিতেৰে ছাত্ৰ-ছাত্ৰীহঁতক খিৰিকিৰে বাজলৈ চাবলৈ কৈছে আৰু ৰাস ভাওনাৰ শ্ৰীকৃষ্ণই যে হাত দুখনেৰে বিকশিত পদ্মাকৃতিৰ লেখিয়া মূদ্ৰা এটা দিয়ে শইকীয়া চাৰেও নিজৰ হাত দুখনৰ মণিবন্ধ  লগলগাই পদুমৰ আকৃতিটো বুজাবলৈ যত্ন কৰি কৰি মাজে মাজে আকৌ বাজলৈ আঙুলিয়াই থাকে। সেইপিনে আক’  ফুলি থকা পদুম ভৰ্তি এটা পুখুৰী আৰু স্কুলৰ ফালৰ পাৰটোতে এটা ঘোঁৰা চৰি আছিল।ছাত্ৰ-ছাত্ৰীকেইটাই চাৰৰ এই অভুতপূৰ্ব নৃত্য কেতিয়াও দেখাই নাছিল। সিহঁতে আঁ কৰি মুখ মেলি চাৰৰ কাৰবাৰটোহে চাই থাকিল।  ছাত্ৰ কেইটাৰ মাজৰে অঘাইটং বুলি সৰ্বচৰ্চিত ছাত্ৰটোৱে চাৰৰ অভুতপূৰ্ব নৃত্যটোৰ তাৎপৰ্য্য টং কৰিব পাৰিলে। তাৰ চকু বাৰে বাৰে চাৰৰ হাতৰ মুদ্ৰা আৰু পুখুৰীৰ পাৰত চৰি থকা ঘোঁৰাটোৰ  শৰীৰত । সি  চাৰৰ মুদ্ৰা আৰু ঘোঁৰাৰ হেৰিৰ মাজত কিবা এটা সাদৃশ্য উলিয়াই পেলালে। বিজ্ঞানীসকলে বছৰ বছৰ পাত কৰি কৰা গৱেষণাৰ অন্তত নতুন কিবা এটা আৱিষ্কাৰ কৰি আত্মহাৰা হোৱাৰ দৰেই সিও তেনে এটা অনুভৱেই কৰিলে। সি চকুদুটা SI চাৰৰ চকুত থলে। SI চাৰে তাৰ Body language টো বুজিব পাৰি তাকে ক’লে– কোৱা,  তুমিয়েই কোৱা, অব্জ মানে কি ?

অঘাইটংটোৱে টপৰাই উত্তৰ দিলে – “ঘোঁৰা কণী, চাৰ”!

SI চাৰৰ কাণৰ কাষেৰে যেন চুখই 36 যুঁজাৰু বিমান এখনহে বিকট শব্দেৰে পাৰহৈ গ’ল৷

SI  চাৰে ৰুমতে থকা ফিল্টাৰটোৰ পৰা নিজেই পানী এগিলাচ লৈ একে উশাহতে খালে আৰু একো নামাতাকৈ খিৰিকিৰে বাজলৈ চাই দেখিলে প্ৰকাণ্ড ঘোঁৰা এটা পুখুৰীটোৰ পাৰতে৷

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *