ফটাঢোল

আংকল –উজ্জ্বল দিপ্লু গগৈ

আগৰ চাকৰিটোত মানে ‘ষ্টেট বেংক অব ইণ্ডিয়াত’ যোগদান কৰিছোহে৷ ন-শিকাৰু তেতিয়া; বেংকৰ ছিনিয়ৰবোৰে কাম শিকাই থকা সময়ৰ কথা ক’বলৈ লৈছো৷

গুৱাহাটী আদাবাৰীৰ পাণ্ডু পৰ্ট শাখাৰ গ্ৰাহক মিত্ৰত বহাই থৈছিল মোক৷ ৰাতিপুৱাৰপৰা আবেলিলৈকে গ্ৰাহকৰ পাছবুক আপডেট কৰা, চেক ক্লিয়াৰিংত পঠিওৱা, এ.টি.এম. কাৰ্ডৰ আৱেদন লোৱা, এছ.এম.এছ. কানেক্টিভিটি দিয়া ইত্যাদি খুচুৰা কামত মোক বহাই থৈ দিছিল মেনেজাৰে৷

বহুত কষ্টৰ বলত যোগাৰ কৰি লোৱা চাকৰিটোৰ বিনিময়ত মানুহৰ ধন্যবাদ আৰু গালিৰ মাজতে কামবিলাক যিমান পাৰো কৰিবলৈ চেষ্টা কৰি যাওঁ৷ তেনেকুৱা এটা দিনৰে দুপৰীয়াৰ কথা; বেংকৰ কেণ্টিনত পাৰ্টী এটা আছিল৷ গধূৰ ভোজন এটা কৰাৰ পিছত নিজৰ গ্ৰাহক মিত্ৰ কাউণ্টাৰত এঙামুৰি এটা দি বহি আছিলো৷ মানুহৰ ভীৰ একেবাৰে কম আছিল৷ মন কৰিলো বেংকৰ গেটেখনেৰে দুজনী ছোৱালী সোমাই আহিছে৷

সন্দিকৈ কলেজৰ ইউনিফৰ্মত আছিল দুয়োগৰাকী৷ ডেকা ল’ৰাৰ বয়স মোৰ; কৰ্মস্থলীত থাকিলেও আঁৰ চকুৰে হ’লেও দুয়োজনীলৈ চকু গ’ল৷ ধুনীয়া ছোৱালী দুয়োজনী৷ অলপ সময় ইফাল-সিফাল কৰি থাকি দুয়োজনী মোৰ কাউণ্টাৰৰ ওচৰলৈ আহিল৷ মোৰো মনটো বেয়া নালাগিল; পাৰ্যমানে গহীন হৈ বহিলো৷ সেই সময়তে মোৰ ওচৰত বেংকৰ পিয়নজনো ৰৈছিলহি৷ কি কৰো নকৰোকৈ এজনীয়ে মাত লগালে,

-“আংকল৷”

মই লগে লগে পিয়নজনলৈ চালো; খঙো উঠিল মনতে ‘হেৰৌ ডেকা ল’ৰা এটা সাইলাখ সন্মুখত বহি থাকোতে বুঢ়া পিয়নজনকহে মাত লগাব লাগেনেকি?’ তামোল খাই ওঁঠ ৰঙা হৈ থকা পিয়নজনেও মাত দিলে,

-“কোৱাচোন মাই৷”

লগে লগে আনজনীয়ে মাত দিলে,

-“নাই নাই খুড়া আপোনাক মাতা নাই, এই আংকলকহে মাতিছো৷”

চক খাই মই দুয়োফালে চালো; পিয়নজন আৰু মোৰ বাহিৰে তাত বেলেগ কোনো তৃতীয় ব্যক্তি নাছিল৷ মাত লগালো মই,

-“কাক মাতিলা?”

উত্তৰ টপাটপ আহিল,

-“আপোনাকে মাতিছো আংকল, আমাৰ দুয়োজনীৰে এছ.এম.এছ. চাৰ্ভিচ এক্টিভ কৰিব লাগে ম’বাইলত, কৰি দিয়কনা৷”

বুজি পালো মোকেই আংকল বুলিলে আৰু পিয়নজনক খুড়া৷ ডেস্কটপটোলৈ মুখখন ঘূৰাই এপ্লিকেচন দুখন ল’লো৷ মনটোত দুখ লাগি আহিছিল; ইতিমধ্যে দুয়োজনীয়ে আকৌ কৈছিল,

-“থেংক ইউ আংকল, কামটো কেতিয়ালৈ হ’ব বাৰু?”

★★★★

One comment

Leave a Reply

Your email address will not be published.