ফটাঢোল

বান – জুমি ভূঞা বৰা

মোবাইলৰ ভাইব্ৰেশ্যনত অৰূপৰ টোপনি ভাগিল। গেট গাৰ্ড মতিৰ ফোন “ছাৰ পানী সোমাল।”
– কি ???
কাষতে শুই থকা পপীও খপজপকৈ উঠি বেলকনিলৈ ওলাই আহি তললৈ চাই দেখে ইতিমধ্যে সিহঁতৰ প্ৰকাণ্ড ঘৰটো জলমগ্ন। কোটি টকীয়া মাটিখিনি কিনোঁ‌তে সিহঁতে প্ৰথম পানী সোমাই নে নাই এইখিনিত বহুতকে সুধি লৈছিল। পিছে…

চৰকাৰক, হোৱাই নোহোৱাই ঘৰ বনাই টকাৰ বাহাদুৰী দেখুওৱা মানুহক, অৰূপক কথা শুনাই শুনাই বিছনালৈ গ’ল পপী। অৰূপ বেলকনিতে ৰ’ল। আকাশলৈ চালে গুৰু পূৰ্ণিমাৰ জোনটোৰ কোনো চিন চাব নাই। ক’লা ডাৱৰে আৱৰি আছে গোটেইখন। কিবা এটা ঘপকৈ মনত পৰি ফোনৰ কল লিষ্টখনত ভায়েক অনুপৰ নামটো বিচাৰিলে। মুঠ চাৰিটা মিছকল দুদিন আগৰ। লগতে এটা ইনবক্স মেছেজ ‘দাদা গাঁওখন ডুবিল ৰাতিয়েই। আমি মথাউৰিলৈ আহিছোঁ। ফোন এটা কৰিবি।”

কৰা নহ’ল ভায়েকলৈ ফোন, মিটিঙত আছিল অৰূপ। চৰকাৰী উচ্চপদস্থ বিষয়াৰ মিটিং, বান সাহায্যৰ। নিজৰ হিচাপ-নিকাচখিনি কৰোঁতেই এই কেইদিন গৈছে সিহঁতৰ দৰে বহু বিষয়াৰ। ক’ত ৰাজ্যৰ একোণত পানীত বুৰ যোৱা কেইবাবছৰৰ আগতে এৰি অহা গাওঁখনলৈ অৰূপৰ মনত পৰিব, ফোন কৰি এটা খবৰ ল’ব?

ৰাতিৰ প্ৰায় দুই বাজিবৰ হ’ল, জলমগ্ন মহানগৰখন শুই আছে নিচিন্তমনে। ষ্ট্ৰীট লাইটৰ পোহৰত পানীবোৰ জিলমিলাইছে। মতিয়ে এটা এটাকৈ গাৰ্ডেন টাববোৰ আতঁৰাইছে। সি জানে এইবোৰ টাবৰ যে মূল্য বহুত বেছি। বেছি পানী পালে মৰি যাব আভিজাত্যৰ প্ৰতীকী এই গছবোৰ।
☆★☆★☆

One comment

  • Anonymous

    অশেষ ধন্যবাদ জনালোঁ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *