ফটাফট – টুইংকল পাঠক
পদুমী দৌৰি গৈ খুৰীয়েকৰ ওচৰ পালে। খৰকৈ উশাহ লৈছে তাই খুৰীয়েকৰ ওচৰ পায়। খুৰীয়েকে তাইক দেখি ক’লে,
: কি হ’ল অ’ ইমান দৌৰি কিয় আহিছ? লাহে লাহে আহিলে নহয়নে তোৰ?
: নহয় খু বৰ ডাঙৰ কথা, মায়ে তোক মাতিছে আমাৰ ঘৰলৈ।
তাই খৰ খৰকৈ উশাহ লৈ উত্তৰ দিলে।
: কিয় মাতিছে অ’? কাৰোবাৰ কিবা হ’ল নেকি?
: ধেৎ একো হোৱা নাই, আমাৰ ৰঙিলী বাইক চাবলৈ দূৰৈৰ পৰা ল’ৰা এজন ঘৰৰ মানুহৰ লগত আহিছে। তোক মাতিছে বায়ে কি কি কথা কেনেকৈ ক’ব ল’ৰাৰ আগত সকলো শিকাই দিবলৈ। আহ সোনকাল।
কথাষাৰ কৈয়ে পদুমী খুৰীয়েকৰ উত্তৰলৈ বাট নোচোৱাকৈ আকৌ দৌৰি গুচি গ’ল।
খুৰীয়েকেও তাইৰ পিছে পিছে খোজ ল’লে সিহঁতৰ ঘৰলৈ। গৈ দেখে ইতিমধ্যে ল’ৰা ঘৰৰ মানুহ আহি পাইছেই। চাহপানীৰ যোগাৰত ব্যস্ত মাক আৰু ৰঙিলী। খুৰীয়েকক দেখি ৰঙিলী দৌৰি ওচৰলৈ আহিল,
: খুৰী অ’ ভয় হে লাগিছে মোৰ দেখোন। কি ক’ম বাৰু কিবা সুধিলে, অলপ শিকাই দে না।
চাদৰৰ আচলটো আঙুলি এটাত মেৰিয়াই মেৰিয়াই কঁপা কঁপা মাতেৰে খুৰীয়েকক ৰঙিলীয়ে ক’লে।
: হেৰ’ মৰতী, এতিয়া এইখিনি সময়ত তোক মই কি শিকাম বাৰু। আগতে ক’ব পৰা নাছিলি তহঁতে মোক? মুঠৰ ওপৰত ল’ৰা ঘৰৰ মানুহে যি কথা সোধে ফটাফট্ কৈ দিবি, লাজ নকৰিবি।
অৱশেষত সময় আহিলত ৰঙিলী গৈ তেওঁলোকৰ ওচৰত থিয় হ’ল। ল’ৰাৰ মাহীয়েকে তাইক ওচৰতে বহুৱাই লৈ সুধিলে,
: তোমাৰ নামটো কি মাজনী ?
: ফটাফট্ ।
মানুহজনীয়ে নুবুজিলে কি নাম এইটো, তথাপিও আজিকালিৰ নাম যে এনেকুৱা হ’বও পাৰে সেয়েহে আকৌ সুধিলে,
: পঢ়া শুনা কিমান তোমাৰ ?
: ফটাফট্ ।
এইবাৰো অবাক মাহীয়েক, কি কৈছে ধৰিব নোৱাৰি আকৌ সুধি গ’ল,
: তোমাৰ আমাৰ ল’ৰাক কেনেকুৱা লাগিছে ?
: ফটাফট্
: তুমি বৰ ধুনীয়া মাজনী।
: ফটাফট্
: তুমি কি কৈ আছা মই বুজা নাই মাজনী ।
: ফটাফট্
শেষত মাহীয়েক অতিষ্ঠ হৈ কথা সোধা বন্ধ কৰিলে আৰু চাহপানী খাই তেওঁলোক গুচি গ’ল। তিনিদিন পিছত মাকক তেওঁলোকে ফোন কৰি কলে “আপোনাৰ ছোৱালীজনীৰ অলপ মানসিক বিকৃতি আছে, আমি বিয়াখনত সন্মতি দিব নোৱাৰিম।”
ইমানখিনি সন্মান কৰা পিছতো কিয় বিয়াখন ভাঙিল মাকে একো বুজিবই নোৱাৰিলে। তাৰ পিছত ৰঙিলীক সুধিলে,
: তই তোক সোধা প্ৰশ্নবোৰৰ উত্তৰ ভালকৈ দিছিলিনে?
: দিছিলোঁ ভালকৈ
: কি কি কৈছিলিনো ?
: ফটাফট্ বুলি দিব দিছিল নহয় খুৰীয়ে, সেয়েহে সকলো উত্তৰ ফটাফট্ ক’লো মা।
মাকে তাইৰ কথা শুনি মূৰে কপালে হাত দি বহি পৰিল।
☆★☆★☆
1:45 pm
ফটাফট পঢ়িলো ৷ ব্যতিক্ৰমী লেখা ৷ ভাল লাগিল ৷