ফটাঢোল

ফটাপ্ৰশ্ন আৰু ফটহুকাইৰ উত্তৰ

১) দ্বিজেন তামূলী : ঢোলৰ লগত টেমকা বুলি আমি সকলোৱে কওঁ৷ মোৰ প্ৰশ্ন হ’ল, এই টেমকাটো কি বস্তু?

উত্তৰ : বাদ দিয়কহে টেমেকা, ভাল পুৰঠ কঁঠাল কাঠৰ ঢোলেই পাবলে নাইকিয়া হ’ল আজিকালি, টেমেকাটো জানিয়েই বা কি কৰিব?

২) নীলক্ষি কাকতি : ফটহুকাই ধৰি লওক আপুনি লটাৰীত এক কৌটি টকা জিকিলে৷ আপুনি প্ৰথমে কি কৰিব?

উত্তৰ : আই চি ইউত সোমাম। অৱশ্যে আই চি ইউৰ পৰা ওলাই অহাৰ পাছত সেই কোটিটো নেথাকিবগৈ বুলি হে সংশয় নহয়।

৩) (ক) জিতা ফুকন : চৰাইবোৰে মানুহৰ দৰে কথা ক’ব পৰা হ’লে কি হ’লহেঁতেন?

উত্তৰ : মতা চৰাইবোৰে আত্মহত্যা কৰিলেহেঁতেন। অকল চিৰিমতীৰ কা কা শুনিয়েই সিহঁত বেঙে মূতা গৰুটোৰ দৰে থাকে, ভাৱি চাওকচোন তেওঁ যদি অৰ্ণৱ গোস্বামীৰ দৰে কথা ক’ব পৰা হৈ যায়, বেচেৰা মতা চৰাইকেইটাৰ কি হ’ব?

(খ) মানুহে যদি মাটি এৰি পানীত বসবাস কৰিবলৈ লয় তেনেহ’লে কি হ’ব?

উত্তৰ : আনৰ কথা ক’ব নোৱাৰোঁ, ফটহু কিন্তু জলকুঁৱৰীহঁতৰ ওচৰে পাজৰে সাতুৰি নাদুৰি ফুৰিব।

৪) তবিবৰ ৰহমান : মহিলাসকলৰ যদি দাঢ়ি থাকিলহেঁতেন, দিনটোত কিমানবাৰ দাঢ়ি খুড়ালেহেঁতেন?

উত্তৰ : আপুনি যেইবাৰ ‍‍ক্ষুৰাই, সিমান বাৰেই ক্ষুৰালেহেঁতেন।

৫) নিৰ্মালী বৰমুদৈ : খোজকাঢ়িলে বোলে খীনাই যায়, তেন্তে হাতী কিয় নিখিনায়?

উত্তৰ : হাতীৰ দৰে লয়লাসে খোজকাঢ়িলে মানুহো নিখিনাই, খিনাবলে হ’লে হেৰিয়াত জুই লগাৰ দৰে খোজকাঢ়িব লাগিব।

৬) সদানন্দ ভূঞা : ‘মিঞা কবিতা’ৰ স্ৰষ্টাসকলক কি পুৰস্কাৰেৰে পুৰস্কৃত কৰিলে অসম ধন্য হ’ব?

উত্তৰ : ভূঞা বঁটা, নাম দুটা বৰ ধুনীয়াকৈ মিলি পৰিব যে৷

৭) হেমন্ত কাকতি : ফটহু কাই, হঠাৎ যদি স্মাৰ্টফোনবোৰ বন্ধ হৈ যায়, আমাৰ মানুহমখাৰ কি হ’ব? বিশেষকৈ ফেচবুকত থকা বিতৰ্কপ্ৰেমী ৰাইজে ক’ত টাইম পাচ কৰিব?

উত্তৰ : সাংঘাতিক ঘটনা হ’ব, মানুহবোৰে মুখামুখিকৈ আন মানুহৰ সৈতে কথা পাতিব লাগিব, কাৰোবাৰ গুড মৰ্ণিং দিবলৈ হ’লে মানুহজনক লগ কৰিবগৈ লাগিব, সৰু ল’ৰা-ছোৱালীবোৰে টাইম পাছ কৰিবলৈ খেলা ধূলা, বাহিৰা কিতাপ পঢ়া আদিৰ দৰে কাম কৰিব লাগিব, আৰু বিতৰ্ক কৰিবলৈ সিংহৰ দৰে চাৰি আলিলৈ ওলাই যাব লাগিব। মুঠতে তেনেই সৰ্বনাশ হ’ব।

৮) ৰঞ্জিত কুমাৰ শৰ্মা : আমাৰ হাত-ভৰিবোৰ যদি খুলি থ’ব পাৰিলোঁ হয় কি সুবিধা হ’লহেঁতেন?

উত্তৰ : বহুতে দেখোন আজিকালি মূৰটো খুলি থোৱা যেনেই লাগে।

৯) কমলা দাস : পুৰষসকলে চখতো দাঢ়ি ৰাখে দুখতো দাঢ়ি ৰাখে, দাঢ়ি নাথাকিলে কি কৰিলেহেঁতেন।

উত্তৰ : দাড়ি নেৰাখিলেহেঁতেন, সুখতো, দুখতো।

১০) নমি গগৈ : জীৱন কচুপাতৰ পানী বুলি যে কয়, ফুটুকলা ফুলৰ পানী বুলি কিয় নকয় ?

উত্তৰ : যিজনে এই প্ৰৱচন ফাকি উলিয়াইছিল, তেওঁৰ ঘৰটো কচুৱনীত আছিল চাগে, ফুটুকানিত নহয়।

১১) ব্ৰজেন বৰদলৈ : সাবধানৰ মৰণ নাই। এশ গৰু মাৰিলে বাঘৰ মৰণ। বাঘে সাবধানে এশ গৰু মাৰিলে মৰণ হ’বনে?

উত্তৰ : ফৰ্মুলা মতে নহ’ব লাগে। কিন্তু সেইটো আচল কথা নহয়, কথা হ’ল বাঘটোৰ ওপৰমহলৰ সৈতে হাত বাট আছে নে নাই। যদি থাকে তেনে সাবধান নহ’লেও- ডেয়াৰিং কৰিলেও মৰণ নহয়, এশ কি এহেজাৰ গৰু মাৰি মালা পিন্ধি ঘূৰি ফুৰা বাঘ অমুকাই নিজেই দেখিছে।

১২) গীতিমল্লিকা গগৈ : ফটাঢোলত কেৱল ‘ফটা প্ৰশ্ন’ৰহে উত্তৰ দিয়ে যে কিয়? মোৰ প্ৰশ্নটো যদি ডি এম চি সূতাৰে মনিচিলাই বা কাশ্মীৰী চিলাই মাৰি ফটাডোখৰ জোৰা লগাই দিওঁ উত্তৰ পাম নে বাৰু ?

উত্তৰ : নিয়মমতে নেপায়। কিন্তু ফটহুক চাহ-পানীৰ খৰচাটো দিলে, ফটহুৱে কিবা এটা উপায় উলিয়াব বুলি নিশ্চিত থাকক।

১৩) অঞ্জন সাধনিদাৰ : ডাঙৰ কাম এটা কৰাৰ আগতে আৰু মন্দিৰলৈ সোমোৱাৰ আগতে সদায় নাৰিকল এটা ভঙা দেখা যায়৷ ইয়াৰ কাৰণ কি?

উত্তৰ : হেঃ হেঃ! কোনে বা এই বেকাৰ নিয়মটো উলিয়ালে! এটা কথা কওকচোন, আপুনিও বাৰু মই ভবাৰ দৰেই ভাবিছে নেকি? এৰা নিয়মটো সলাই নাৰিকলৰ সলনি বটল ভঙা কৰিব পাৰিলে ভাল আছিল।

১৪) অনিমা দাস : ফটহু কাই এজন মানুহে যেতিয়া বহুতৰে কামত সহায় কৰি দিব লগা হয় তেতিয়া মানুহজনে নিজৰ বন্ধুবৰ্গৰ আগত “মোৰ মূৰতেই চবেই কঁঠাল ভাঙে” বুলি কয়। কঁঠাল ভঙা বুলি নকৈ আম বা আনাৰস ভঙা বুলি কিয় নকয়?

উত্তৰ : কঁঠালটোৰ আকাৰ ডাঙৰ যে, মানে মানুহজনে বুজাব খোজে, তেওঁক বৰ ডাঙৰ শাস্তি দিয়া হ’ল৷ আম বা আনাৰৰ দৰে সৰু নহয়, কঁঠালৰ দৰে ডাঙৰ।

১৫) পৰিস্মিতা বৰদলৈ : মিচকল এটা দি দিলেই যেনেকৈ আমাৰ মবাইলটো ক’ত আছে বিচাৰি পাওঁ, তেনেকৈ চচমা, ঘড়ী, গাড়ীৰ চাবি, ৰঙা চুৰ্নি আৰু ক’লা কুৰ্তাটোৰ ক্ষেত্ৰটো মিচকলৰ ব্যৱস্থা কৰিব নোৱাৰিনে?

উত্তৰ : মানে কৰিব লাগেই আচলতে। আমি ফটাঢোলৰ ফালৰ পৰা অনতি পলমে চৰকাৰলৈ এখন দৰ্খাস্ত দিব লাগে।

১৬) জয়নুল হক : মতা মানুহৰ চুলি নাথাকিলে ‘টপা’ বুলি কয়। মাইকী মানুহৰ চুলি নাথাকিলে কি বুলি কয়?

উত্তৰ : চুলি নথকা মাইকী মানুহ নায়েই পৃথিৱীত। যদি কাৰোবাৰ নায়ো এনেকে নকল চুলিৰে ভৰপুৰ হৈ থাকে, আপোনাৰ ভাষাবিদ সকলে টপাৰ স্ত্ৰীলিংগ ৰূপটোৰ প্ৰয়োজন আছে বুলি ভাবিবই পৰা নাই আজিলৈকে।

১৭) অৰবিন্দ গোস্বামী : কিছু কিছু ব্যক্তিয়ে অলপ জ্ঞান প্ৰাপ্ত কৰিব পাৰিলেই নিজকে লাহে লাহে মহাপণ্ডিত বুলি গণ্য কৰিবলৈ আৰম্ভ কৰে। এই ব্যক্তিসকল আচলতে মোৰ দৰে মহা মহা পণ্ডিতৰ পাল্লাত নপৰা বাবে নিজে নিজকে মহাপণ্ডিত বুলি এক ভ্ৰমত কালাতিপাত কৰে। আজি মই আপোনালৈ/আপোনালোকলৈ এনে কেইটিমান প্ৰশ্ন আগবঢ়াইছোঁ যাৰ উত্তৰ সম্পৰ্কে চিন্তা কৰিলেই আপোনালোকে নিজৰ জ্ঞানৰ তৰলতা সম্পৰ্কে জ্ঞাত হ’ব। তেন্তে চেষ্টা কৰক মোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ….

উত্তৰ : আজি ফটহুৰ মন ভাল, এনেকৈ নিজৰ ফটাঢোল কোবাই ফুৰা তেওঁৰ নিজৰ দৰে মহাজ্ঞানী এজনে এনেকৈ চেলেঞ্জ দিয়াৰ বাবে ফটহু সুখী, যুঁজিলে নিজৰ সমকক্ষৰ সৈতে যুঁজিব লাগে। ঠিক আছে তেনে, হৈ ‍যাওক আজি জ্ঞানযুদ্ধ। ইতিহাস সাক্ষী হওক আজিৰ দিনটোৰ।

(১)“হস্তীৰো পিচলে পাৱ, সজ্জনৰো বুৰে নাও” বুলি অসমীয়াত কথা এষাৰ আছে। এতিয়া দিগ্বজ অসমীয়া ভাষাৰ সাহিত্যিকসকলে জনাওক যে পিচল খোৱা হাতীটোৰ নাম কি আছিল আৰু সেইজন সজ্জন যি নাও বুৰি মৰিছিল তেওঁৰ কোন চনত জন্ম হৈছিল?

উত্তৰ : হাতীটোৰ নাম আছিল ঐৰাৱত আৰু সজ্জনজনৰ জন্মৰ হৈছিল আঠাইশ ভাদ ১৭৯১ চনত।

(২)আজিকালি বহুতে অসমীয়া ভাষাৰ মাজে মাজে ইংৰাজী শব্দ কিছুমান কৈ নিজকে ইংৰাজীৰ লগতে অসমীয়াৰো ভূ ভূ পণ্ডিত বুলি প্ৰতিপন্ন কৰিব বিচাৰে।হে ইংৰাজী তথা অসমীয়া ভাষাৰ পণ্ডিতগণ আপোনালোকে মোক কৃপা কৰি এটা প্ৰশ্নৰ উত্তৰ কওক। চি.ইউ.পি. ‘চুপ’ নে ‘চাপ’। যদি ‘চুপ’ তেন্তে মনে মনে থাকিবলৈ কৈছে নেকি? আৰু যদি ‘চাপ’ তেন্তে ই কোনটো চাপৰ কথা কৈছে? বিজ্ঞানৰ ‘চাপ’ৰ কথা কৈছেনে?

উত্তৰ : প্ৰচণ্ড চাপত পৰিলে চুপ থাকিবলৈ কোৱা হৈছে৷

(৩) তিনিজন ককাই-ভাইৰ মাজত এশ টকা ভাগ কৰি দিব লাগে। তেন্তে গণিতমতে প্ৰত্যেকৰে ভাগত ৩৩.৩৩টকাকৈ পৰে। এই হিচাপত ৩৩.৩৩ টকাক তিনিৰে পূৰণ কৰিলে ৯৯.৯৯ টকা হয়গৈ। ০.০১ টকা ক’লৈ গ’ল? তিনি ভাইৰ মাজত দুৰ্বাদল কাজিয়া নহ’বনে? গণিতৰ এই ভুল নিয়ম প্ৰৱৰ্ত্তন কৰা গণিতজ্ঞজন কোন?

উত্তৰ : ঋষি গণিতানন্দ! সংস্কৃত ভাষাত তেওঁ প্ৰণয়ন কৰা গণিত পুথিখনৰ নাম “তিনি ভাই সংহিতা”

(৪) বুৰঞ্জীৰ কোনো কোনো কিতাপত মহাৰাজ কণিষ্কৰ ফটো পোৱা যায়? সেই ফটোত কণিষ্কৰ মূৰটো নুঠিল।এতিয়া প্ৰশ্ন হ’ল সেইখন ফটো তোলা কেমেৰাটোৰ নাম কি?

উত্তৰ : য়াছিকা, মডেল ৪২০

(৫) সন্মুখত আপেলটো পৰি যাওঁতে নিউটনৰ মনত প্ৰশ্ন উদয় হ’ল যে আপেলটো তললৈ সৰি পৰাৰ কাৰণ কি? এই কথা ভাবি ভাবি তেওঁ আপেলটো কাটি খাই পেলাইছিল। প্ৰশ্ন হ’ল তেওঁ বাকলি গুচাইছিল নে নাই?

উত্তৰ : নাই বাকলি নুগুচোৱাকৈয়ে খাইছিল, নিউটনে জানিছিল যে আপেলৰ বাকলিত বহুত ভিটামিন থাকে, সেইখিনি ভিটামিন খালেহে তেওঁৰ মগজে আপেল তললৈ সৰি পৰাৰ ৰহস্য উদ্ঘাটন কৰিব পাৰিব।

(৬) “লাজ লাজ …
লাজ ভণ্টি নকৰিবা আমালৈ লাজ।
লাজ নকৰা ভণ্টিজনীৰ নাম কি আছিল আৰু তাই কোন শ্ৰেণীত পঢ়িছিল?

উত্তৰ : ভণ্টিজনীৰ নাম প্ৰিয়ংকা পাডুকণ আৰু তাই গানটো লিখাৰ সময়ত ডিগ্ৰী ফাৰ্ষ্ট য়েৰত আছিল; মেজৰ আছিল পলিটিকেল চাইন্স।

(৭) কোনজন ঈশ্বৰে ভক্তৰ কাপোৰ ধোৱে, ভাত বনাই খুৱায় আৰু ভক্তৰ গোৱাল-গালি খায়ো চুপ থাকে?

উত্তৰ : পতি পৰমেশ্বৰ

(৮) বস্ত্ৰসমস্যা সমাধান হোৱাৰ কোনো আশা নথকা সমাজৰ শ্ৰেণীটোৰ নাম কি?

উত্তৰ : নকৈ ওপজা শিশু

(৯) সকলো ধৰণৰ ভয়, বিপদ, চিন্তা, শংকাৰপৰা মুক্তি দিব পৰা টনিকবিধৰ নাম কি?

উত্তৰ : ডেমকেয়াৰ টনিক

(১০) “কবুতৰ যা..যা..যা…”
সেই চিঠি লৈ যোৱাটো পাৰ নহৈ গাহৰি হোৱাহ’লে চলমান খানে কি কৰিলেহেঁতেন?

উত্তৰ : চুৱৰ কা বাচ্ছা যা যা যা …….

(১১) গোপালে কি গতি কৈলে
গোবিন্দ কি মতি দিলে….
এই গোপাল আৰু গোবিন্দক কোনে মাতি অনাৰ বাবে তেওঁলোকে ক’লৈ গতি কৰিছিল। সেই গতি অগতি নে অধোগতি আছিল?

উত্তৰ : গোপাল আৰু গোৱিন্দক গণেশে মাতিছিল আৰু সেইবাবেই তেওঁলোক চাৰি আলিৰ মূৰলৈ গতি কৰিছিল। সেই গতি অগতিও নাছিল, অধোগতিও নাছিল, দূৰ্গতিহে আছিল, কাৰণ সেইদিনা চাৰি আলিৰ মূৰত বিড়ি টানি থাকোঁতে তেওঁলোক হেডমাষ্টৰ ছাৰৰ আগত ধৰা পৰিছিল।

(১২) “মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে”, গম পোৱাজনে ছোৱালীজনীক ডেটল লগাই নিদি চিঞৰ-বাখৰ কৰাৰ কাৰণ কি? চিঞৰ-বাখৰ কৰি কিবা লাভ হৈছিল জানো?

উত্তৰ : ডেটল লগোৱা নাছিল কাৰণ পৰা ছোৱালীজনীয়ে মোচোকাহে খাইছিল, তেজ ওলোৱা নাছিল। সেয়ে তেওঁ ভলিনি স্প্ৰে’ লগাই দিছিল। কিন্তু চিঞৰ-বাখৰ কৰি একো লাভ নাই হোৱা, ছোৱালীজনী পিছদিনাই বেলেগ এটালৈ পলাই গ’ল।

ফটহুৰ গিয়ানৰ বৰপেৰাত আৰু বহুত উত্তৰ আছে, কিন্তু ফটহুৱে সেই উত্তৰবোৰ শুদ্ধ বুলি প্ৰমাণ কৰিবলৈ নেযায়। পাৰে যদি আনে তেওঁক ভুল বুলি প্ৰমাণ কৰক।

১৮) কমল তালুকদাৰ : সৰু ল’ৰা ছোৱালীবোৰে বৰকৈ খুট-খাট, উপদ্ৰৱ, অঘাইতং কৰি থাকিলে আমি যে কওঁ, “ই/এই বৰ বিহৰ গুটি ঔ!” আচলতে বিহৰ গুটিবোৰ তেনেকুৱা নেকি মানে অঘাইতং?

উত্তৰ : আৰুনো কি? কণিবিহ বুলি এবিধ আছে, অঘাইতঙৰ শেষ।

১৯) ৰাজশ্ৰী শৰ্মা : আমি যে খং উঠিলে গালি দিওঁ, এই গালিবোৰৰ আৱিষ্কাৰ কোনে কৰিছিল বাৰু?

উত্তৰ : এইটো প্ৰশ্নৰ উত্তৰ ‘নেজানানে’ বুলি কিতাপখনত আছে, সেইখন আকৌ এতিয়ালৈকে প্ৰকাশেই হোৱা নাই নহয়।

২০) পূৰ্ণময়ী মেধি : আমি ভাত খালানে সুধিলে যে মানুহে কয় “খালু চাইটামান” (নামনি)। উজনিত “খালোঁ দে এগৰাহ৷” খাই একাঁহী কিন্তু কিয় কওঁতে তেনেকৈ কয়?

উত্তৰ : নিজৰখিনি কম দেখা, নিজৰজনী বেয়া দেখা, মানুহৰ জন্মগত স্বভাৱ।

২১) জ্ঞান বৰদলৈ : ফটহু ককাই, নিচিন্ত মনে চিন্তা কৰি পাইছেনে কেতিয়াবা?

উত্তৰ : পাইছোঁ, ফটাপ্ৰশ্নৰ উত্তৰ দি থকা সময়খিনিত।

২২) (ক) ৰিতন বৰুৱা : ক্ৰম বিবৰ্তনৰ ফলত মানুহৰ কিছুমান অংগ নাইকিয়া হৈ গ’ল, কিন্তু আমাৰ হাত-ভৰিৰ নখকেইটাৰ এতিয়া সিমান প্ৰয়োজন নাই যদিও কিয় থাকি গ’ল?

উত্তৰ : কিয় প্ৰয়োজন নাই হে? নখ নেথাকিলে নেইল পলিচ ক’ত লগালেহেঁতেন? ইমানবোৰ নেইল পলিচ, পলিচ ৰিমুভাৰ বনোৱা কোম্পানী, তাত চাকৰি কৰা মানুহবোৰ, মেনিকিউৰ, পেডিকিউৰ কৰা বিউটি পাৰ্লাৰবোৰ, সেইবোৰৰ কি হ’লহেঁতেন? গতিকে ভগৱানে নখকেইটা ৰাখি দিছ।

(খ) ফটহু কাই, তোমাক যদি টাইম মেচিনটো দিয়া হয় তেনে তুমি কোন দিশে যাবা, ভৱিষ্যত নে অতীত?

উত্তৰ : ফটহুৰ এতিয়া যিটো বয়স, এতিয়া ভৱিষ্যতলৈ গ’লে ঘূৰি অহাৰ আশা নাই, গতিকে ফটহু অতীতৰ ফালেই যাব। বিশেষকৈ ফুটুকীক অনাৰ আগৰ দিনকেইটালৈ।

☆★☆★☆

6 Comments

  • Kamal talukdar

    অৰবিন্দ গোস্বামীৰ ১০ নং প্ৰশ্ন উত্তৰ টো ••• তামাম ?

    Reply
  • Moon Moon Sarkar Saikia

    হাঁহি হাঁহি মৰিছো।

    Reply
  • উত্তৰ শুনি প্ৰসন্ন ভৈল

    Reply
  • জিতা ফুকন

    ফটহুকাই উত্তৰৰ বাবে অশেষ ধন্যবাদ

    Reply
  • হেমন্ত কাকতি

    মোৰটো পালো দেই৷ থেংক ইউ ফটহু

    Reply
  • Gyan Bordoloi

    উত্তৰৰ বাবে ধন্যবাদ ফটহু ককাই

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *