ৰোমন্থন – চিত্ৰলেখা দেৱী
শৈশৱৰ হাঁহি-কান্দোন, তিতা-মিঠা সোঁৱৰণীয়ে আজিও মনত দোলা দি থাকে। আমি বাই-ভনী তিনিজনীৰ সৈতে সমুখৰ ঘৰৰ বুধিন দাদা ও একেলগে খেলা-ধূলা কৰি ডাঙৰ দীঘল হৈছিলোঁ। সি আমাতকৈ ডাঙৰ বাবে বেছি কথা জানে বুলি ভাবিছিলোঁ। সিও এই সুযোগ লৈ আমাক নানানটা অলীক কথা কৈ আভুৱা ভাৰিছিল। এবাৰ সিহঁতৰ ঘৰৰ পাছফালে এটা ডাঙৰ পুখুৰী খন্দাইছিল।মাটি কটা ‘নুনিয়া’বোৰ যোৱাৰ পাছত আধা খন্দা পুখুৰীতো আমাৰ খেলাৰ প্ৰধান ঠাই হৈ পৰে। গধূলি সময়ত আমাৰ আইতাই গৈ আমাক মাতি ননালৈকে আমি তাতে থাকোঁ। বুধিন দাদাৰ বায়েক কল্পনা বাইদেউ ও আহে মাৰ্বল খেলিবলৈ কেতিয়াবা। আমি কিন্তু তেতিয়া বৰ ভাল নাপাইছিলোঁ। কল্পনা বাইদেউ বৰ চিক্-চাক। আমাৰ কাৰোবাৰ হাতত ধূলি-বালি আদি লাগিলে হাত ভৰি ধুবলৈ পঠিয়াই দিছিল তেওঁলোকৰ ঘৰৰ টিউবেলৰ কাষলৈ। বোকা-বালি অকণমান যদি নালাগে সেয়া আৰু খেল হ’লনে?
এদিন হ’ল কি –আমাৰ কোনোবা এটাৰ ভৰি লাগি পুখুৰীৰ তলিৰ মাটি এলদা কেনেবাকৈ উফৰি পৰিল। নাচি-বাগি ভাল পোৱা আমাৰ টুটমণিয়ে সেইখিনিতে পাক এটা মাৰোঁতেই ঊ ঊ বুলি ভৰি এটাত ধৰি বহি পৰিল। আমি আটাইকেইটা তাইৰ ওচৰলৈ দৌৰি গলোঁ আৰু দেখিলোঁ তাই কিবা এটাত উজুটি খালে। অনুসন্ধান কৰি পালোঁ, তাই উজুটি খোৱা বস্তুটো হৈছে মাটিত পোত খাই থকা মাটিৰ টেকেলি এটাৰ কাণখন।এইটো আকৌ ইয়ালৈ ক’ৰ পৰা আহিল? আমি কেউটা তাৰ ওপৰত উবুৰি খাই পৰিলোঁ। কিছুপৰ চিন্তা কৰি বুধিন দাই ক’লে -“এইটো ৰজা দিনৰ ধনৰ কলহ।আগতে নিশ্চয় কোনোবাই ইয়াত পুতিলে আৰু উলিয়াবলৈ পাহৰিলে। এতিয়া আমিয়ে উলিয়াই পেলাওঁ আহ।” কথা মতে কাম। আমি ওচৰৰ জেওৰাখনৰ পৰা খুঁটি দুটা উঘালি আনি টেকেলিটোৰ কাষে কাষে ভাগিব নোৱাৰাকৈ সাৱধানে মাটি খান্দিবলৈ ধৰিলোঁ।
বেছ কিছু পৰ আমাৰ মাতবোল নুশুনি কল্পনা বাইদেউৱে ঘৰৰ পৰা ওলাই আমাক চিঞৰিলে -“ঐ,তহঁতি তাত ইমান দেৰি কি কৰিছ মনে মনে।”
আমি প্ৰমাদ গণিলোঁ। তেওঁ ওলালেহি হ’ল আৰু! ক’ত আমাক মাটি খান্দিবলৈ দিব; হূলস্থুল লগাব।
আমাৰ ত্ৰাণকৰ্তা বুধিন দাই বুদ্ধি এটা পাঙিলে আৰু আমাৰ নিবুকী বুমণিক ভালকৈ হাত-ভৰি ধুই কল্পনা বাইদেউৰ ওচৰত ‘নেইল পলিছ’ লগাবলৈ পঠিয়াই দিলে। তাই এনেইয়ো একো কৰিব নোৱাৰে। এতিয়া তেওঁ কল্পনা বাইদেউক ঘৰতে টাইম পাছ কৰাব পাৰিব। আমাক তেওঁ মাজে সময়ে ধুনীয়াকৈ নেইল পলিছ লগাই দিছিল।
বুমণি যোৱাৰ পাছত আমি আকৌ কামত লাগিলোঁ আৰু এটা সময়ত গোটেই টেকেলিটো ওলাই আহিল। আমাৰ আনন্দ চাই কোনে? আমি একলহ ধনৰ গৰাকী হলোঁ। আমাক সকলোৱে প্ৰশংসা কৰিব; সাংবাদিকে ফটো তুলিব; চৰকাৰে পুৰস্কাৰ দিব—এইবোৰ ভাবি আমি আনন্দত আত্মহাৰা হৈ পৰিলোঁ। ওচৰতে পৰি থকা ৰছী এডাল লৈ বুধিন দাই টেকেলিৰ কাণত বান্ধি জেওৰা খুঁটি এদালৰ আগত ওলোমাই খুঁটিটো কান্ধত লৈ ঘৰলৈ বুকু ফিন্দাই আগবাঢ়িল। তাৰ পাছে পাছে মহা উদ্যমেৰে টুটমণি আৰু মই। তাহাঁতৰ ঘৰৰ চোতাল পাই দেখিলোঁ, বাৰান্দাত আমাৰ আইতা বহি আছে তামোল খুন্দি খুন্দি। আমাৰ সমদলটো এনেকৈ দেখি আটাহ পাৰি উঠিল—“ঐ, তহঁতে কি বুটলি আনিছ ঠিক নাই। পেলা পেলা তাতে; ঘৰ নোসোমুৱাবি সেইবোৰ ”
আমি সমস্বৰে ক’লোঁ ‘ধনৰ কলহ’
আইতাই ক’লে, ‘মাটিত থ’। বুধিন দাই টেকেলিটো মাটিত থ’লত আইতাই হাতত থকা লাখুটিডালেৰে মাৰি দিলে আৰু টেকেলিটো ভাগি থাকিল। আমি একো টলকিবই নোৱাৰিলোঁ। ভগা টেকেলিৰ পৰা কেইটামান কেঁচু পিল্ পিল্ কৈ ওলাই আহিল। আইতাই ক’লে –“সেইবোৰ ৰজা দিনৰ অলংকাৰ; সবেই এডাল এডালকৈ পিন্ধি ল।”
☆★☆★☆