ফটাঢোল

প্ৰেম কিচিম কিচিম – দেৱজিত শইকীয়া

বেজবৰুৱা দেৱৰ পিছতেই অমুকাই ড° লীলা গগৈ ছাৰৰ ‘বিয়েৰিং চিঠি’ নামৰ কিতাপখনত লিখিত প্ৰেম আৰু ইয়াৰ প্ৰকাৰ সমূহৰ প্ৰতি আকৃষ্ট হয় আৰু তেখেতে উল্লেখ কৰা ‘শালিকী প্ৰেম, চাকৈচকোৱা প্ৰেম, শামুকীয়া প্ৰেম’ ইত্যাদি তাহানিতে কৰি যোৱা প্ৰেমৰ প্ৰকাৰসমূহৰ দৰে আজি অমুকায়ো সচৰাচৰ চৌপাশে দেখি থকা বিভিন্ন প্ৰকাৰৰ প্ৰেমক ‘বৰ্গীকৰণ, নামাকৰণ আৰু শ্ৰেণীবিভাজনৰ’ পিতৃ কেৰলাছ লিনিয়াচৰ চৰণ চিন্তি নামাকৰণ কৰিবলৈ বুলি আগবাঢ়িছোঁ৷

প্ৰেম শ্বাস্বত, প্ৰেম সত্য, প্ৰেম এক অনুভৱ, প্ৰেম জীৱনী শক্তি প্ৰদান কৰা অমোঘ মন্ত্ৰ, প্ৰেম সুন্দৰ, প্ৰেমহীন জীৱন কাৰো কাম্য নহয়৷ আনন্দ চন্দ্ৰ আগৰৱালা দেৱৰ সুখ কবিতাটো যদি সুখৰ পৰিবৰ্তে প্ৰেম বুলি ভাবি পঢ়া যায় তাতেই সুখ আৰু প্ৰেমৰ মূল উৎস বিচাৰি পোৱা যায়৷

“প্ৰেম প্ৰেম বুলি মানুহ বলিয়া
নেদেখে প্ৰেমৰ মুখ;
প্ৰেম বিচাৰোঁতে পায় সংসাৰত
দুখৰ উপৰি দুখ৷
দেখিও নেদেখা কিয় দিন-কণা
প্ৰেম যে হাততে আছে;
যিটে’ দিব পাৰে স্বাৰ্থ-বলিদান,
প্ৰেম ফুৰে পাছে পাছে৷”

যি কি নহওক প্ৰেমেই এনে এটা বিষয় যাক জীৱন কালত না পঢ়ি শেষ কৰিব পাৰি না লিখি শেষ কৰিব পাৰি৷ পৃথিৱী থকামানে এই প্ৰেম থাকিব আৰু প্ৰেম থকালৈকেহে পৃথিৱী থাকিব৷ যি কি নহওক প্ৰেম সম্পৰ্কে ইয়াতে সামৰি সুতৰি থ’লোঁ আৰু ফটাঢোলত ফটা প্ৰেম কেইবিধ মানৰ নামকৰণ কৰিলোঁ৷

বৰশি টুপুৱা প্ৰেম: এই বিধ প্ৰেম খাঁটি সৰিয়হৰ তেল বুলি ভেজাল তেল বিকা ধৰণৰ৷ ইয়াত প্ৰেমিক বা প্ৰেমিকাই একে সময়তে বহু ঠাইত একেই টোপ দি বৰশি পেলাই থয় আৰু ভাল মাছে খুটিলেই চিপ মাৰে৷ আজি কালি ফেচবুক পুখুৰি’তো ভাল ৰৌ বৰালীৰ সন্ধানত এনে বৰশিবোৱাত পাকৈতসকলক বৰশি টুপুৱা দেখা যায়৷

চাইনিজ প্ৰেম: এই বিধ প্ৰেম চাইনিজ সামগ্ৰীৰ দৰেই৷ চলিলে চলি থাকিল নচলিলে চাৰ্ভিচিং কৰাতকৈ নতুন কিনাই ভালৰ দৰে৷ চাইনিজ ভাষা বুজি নোপোৱাৰ দৰেই এইবিধ প্ৰেমেই নে আন কিবা বুজি পোৱাটো কঠিন৷

চাকনৈয়া প্ৰেম: এইবিধ প্ৰেমত প্ৰথমে বহু দিনলৈকে ইজনে সিজনৰ জানটো, সোনটো হৈ থাকিলেও পিছলৈ লাহে লাহে যেতিয়া ‘ডিচিচন ভুল’ যেন অনুভৱ কৰে আৰু পৰিত্ৰানো পাবলৈও সক্ষম নহয় তেনে প্ৰেম প্ৰেমনদীৰ গভীৰতা নজনাকৈ সাঁতুৰিবলৈ গৈ চাকনৈয়াত পৰাৰ দৰে হোৱাৰ বাবে ইয়াক চাকনৈয়া প্ৰেম বোলা হয়৷ চাকনৈয়াত পৰি “বচা ঐ, মোক বচা ঐ” বুলি চিঞৰি থাকিলেও বচাবলৈ কোনো আগবাঢ়ি নাহে আৰু শেষত হয় টেটুলৈকে ঢোকাঢোকে পানী খোৱাৰ পিছত কোনোবা নতুন প্ৰেমিক বা প্ৰেমিকাৰ সন্ধান কৰি চুলিত ধৰি পাৰলৈ আহে বা উপাই নাপায় বিয়া পাতি নিজকে নদীত জাহ যাবলৈ দিয়ে৷

চিটিকাত পৰা প্ৰেম: আগ পিছ নুগুনি চলাহী কথাত ভুল গৈ কাৰোবাক দেহে মনে ভাল পাই “প্যাৰ অন্ধা হে” বুলি চলি অহা আপ্ত বাক্য শাৰীৰ সত্যতাক প্ৰতিপন্ন কৰা প্ৰেমক চিটিকাত পৰা প্ৰেম বোলে৷

দাম্পত্য জীৱনতো বিভিন্ন প্ৰকাৰৰ প্ৰেম দেখা পোৱা যায় তাৰে কেইবিধমানৰ নামকৰণ কৰা হ’ল৷

ঢেকীথোৰা প্ৰেম: হালোৱা এচাৰিৰে ভালকৈ খুন্দন দিয়াৰ পিছতো “অ’ ৰমিলিৰ মাক মোৰ আন্দাৰটো কত হয়ে” বা “বোলো শুনিছে গৰম পানী অকন দিছোঁ সাউতকৈ খাই লওকহি” বুলি মাতষাৰ দিলেই গৰম চাহত মেৰিগল্ড বিস্কুট ডুবাই দিলেই পমি যোৱাৰ দৰে পমি গৈ সকলো পাহৰি আকৌ প্ৰেমালাপত মগন হোৱা এনে যোৰাক ঢেকীথোৰা প্ৰেম বোলা হয়৷ হাজাৰ খুন্দন খায়ো সম্বন্ধ নাভাঙি একেলগে থকা এই ঢেকীথোৰা প্ৰেম ঘৰে ঘৰে ঢেকী নোহোৱা হোৱাৰে পৰাই বিলুপ্তি পাবলৈ ধৰিলে৷

ফুটা কলহৰ প্ৰেম: এগোহালী সন্তান জন্ম দিয়াৰ পিছতো যি গৰাকী মহিলাই লগৰজনীৰ ওচৰত “বুজিছ, মালতি জীৱনত সঁচা মৰম নাপোলোঁঁ” বুলি হুমুনিয়াহ কাঢ়ে সেইগৰাকীক আৰু যিজন পুৰুষক এগৰাকী পত্নীয়ে সকলো উজাৰি দিয়াৰ ওপৰিও তেখেতৰ প্ৰতিটো কথা শিলৰ ৰেখা বুলি কায়বাক্য মনে পালন কৰাৰ পিছতো পত্নীৰ মৰম দেখা নাপায় সেই পুৰুষৰ প্ৰেমক ফুটা কলহত পানী ঢলা প্ৰেম বোলা হয়৷

ওৰণি তলৰ প্ৰেম: ওৰণি বাৰনি লৈ যি গৰাকী পত্নীয়ে গিৰিয়েকলৈ কাহানিও মূৰ দাঙি বা চকুত চকু থৈ একো নোকোৱাকৈ থাকে আৰু পতি পত্নী দুয়োৱে বিশেষ কিবা ক’বলগিয়া থাকিলেও পুতেক জীয়েকৰ মাধ্যমৰে কথাৰ আদান প্ৰদান কৰে তেনে প্ৰেমক ওৰণি তলৰ প্ৰেম বোলা হয়৷ এইবিধ প্ৰেমো ঢেকী-থোৰাৰ দৰেই ওৰণি বাৰনি লোৱাটো নোহোৱাৰে পৰা লুপ্ত পালে৷

যুৱলী বন্ধা প্ৰেম: বিয়া নামৰ যুৱলীডালত বান্ধখোৱাৰ বাবেই হাজাৰ অমিল থকা স্বত্বেও গিৰিয়েক ঘৈনিয়েক হিচাপে খোজত খোজ মিলাই একেলগে জীৱনটো পাৰ কৰিবলৈ সৃষ্টিহোৱা প্ৰেমক যুৱলীত বন্ধা প্ৰেম বোলা হয়৷

গোনামহৰ প্ৰেম: একে লগে চৰি থাকে পিচে কিবা লাগিলে শিং নভঙা লৈকে যুঁজ লাগি পুনৰ আকৌ একে লগে চৰি থকা মহৰ দৰে সম্বন্ধৰে আজীৱন একেলগে থকা পতিপত্নীৰ প্ৰেমক গোনামহৰ প্ৰেম নামকৰণ কৰা হয়৷

কলকলনি প্ৰেম: এইবিধ প্ৰেম সাধাৰণতে দূৰৈত থকা পতি-পত্নী বা প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত দেখাপোৱা যায়৷ আগতে ‘মমতাৰ চিঠি’ৰ দৰে চিঠি পত্ৰৰে প্ৰেম নিবেদন কৰিছিল টেলি সংযোগ ব্যৱস্থাৰ অগ্ৰগতিৰ লগে লগে প্ৰথমতে এচ এম এচ, মিছ কল আদিৰ দ্বাৰা আৰু তাৰ পিছত ‘আমদানি’ বাবাৰ কৃপাত ‘জিঅ’ জি ভৰ কে’ বিনামূলীয়া সেৱা গ্ৰহণ কৰি মবাইলত কলকলাই থাকি প্ৰেম নিবেদন কৰাৰ বাবে এইবিধ প্ৰেমক কলকলনি প্ৰেম নামাকৰণ কৰা হয়৷

চেটেলাইট প্ৰেম: এইবিধ প্ৰেম সাংঘাটিক, ইয়াত পতি বা পত্নীয়ে চেটেলাইটৰ দৰে সকলো গতি বিধি লক্ষ্য কৰি থকাৰ ওপৰিও সংযোগ সীমাৰ আঁতৰ হ’লেই চেটেলাইট যোগে বাতৰি সংগ্ৰহ কৰিবলৈ মিনিটে মিনিটে ফোনৰ ওপৰি ফোন কৰি খা-খবৰলৈ প্ৰেম নিবেদন কৰে৷

মেকুৰী প্ৰেম: ঘৰত জোপোকা মাৰি নেগুৰ পেলাই শান্ত পোহনীয়া মেকুৰীৰ দৰে থাকি চেলেকা চেলেকি কৰি থকা প্ৰেমক মেকুৰী প্ৰেম বোলা হয়৷ পিছে অতি ভক্তি চোৰৰ লক্ষণৰ দৰে এনে প্ৰেমত সুবিধা পালে ঘৰৰ মেকুৰীয়ে আনৰ ঘৰৰ ভজামাছ চোৰ কৰি খোৱাৰো সম্ভাৱনা থাকে৷

কঁঠাল এঠিয়া প্ৰেম: এইবিধ প্ৰেম মজি যোৱা প্ৰেম৷ এটাই আনজনক এক মুহূৰ্তও এৰি থাকিব নোৱাৰে৷ য’লৈকে যাওক দেখিব একেলগে, য’তে বহক দেখিব একে লগে৷ মুঠতে এবাৰ এইহালক যোৰা পাতি দিয়াৰ পিছত স্বয়ং ঈশ্বৰেও ইচ্ছা কৰিলেও যোৰা ভাঙিব নোৱাৰা বিধৰ৷

এই কেইবিধ প্ৰেমৰ বাহিৰেও আৰু বহুকেইবিধ প্ৰেম পোৱা যায় কিন্তু লেখাটো অত্যাধিক দীঘলীয়া কৰাৰ পৰা বিৰত থাকি পিছলৈ পুনৰ শ্ৰেনীবিভাগ কৰিবলৈ চেষ্টা কৰিম বুলি আজিলৈ সামৰিলোঁ৷
☆★☆★☆

2 Comments

  • কমল তালুকদাৰ

    ?আই লাইক ধেকীথোৰা প্ৰেম !

    হলেও মজ্জা লাগিল প্ৰেমৰ কিচ্চিম কিচ্চিম

    Reply
  • Chandan Gogoi

    ভাল লাগিল বিশ্লেষণ কিছু কৰিছে কিন্তু

    Reply

Leave a Reply to কমল তালুকদাৰ Cancel reply

Your email address will not be published. Required fields are marked *