ফটাঢোল

দেহাজানৰ প্ৰেমকাহিনী– দ্বিজেন তামুলী

জান: তুমি মোক কিমান ভাল পোৱা দেহা?
দেহা: সৌ আকাশত যিমান তৰা আছে, সাগৰত যিমান পানী থাকে….!!
তুমিনো মোক কিমান ভাল পোৱা জান?
জান: সৌ গছ জোপাত যিমান পাত আছে..(কেকটাছ এজোপালৈ আঙুলিয়াই)
তোমাৰ মূৰত যিমান ওকণি আছে…(আবেগতে দেহাই বুজিয়েই পোৱা নাই)
দেহা: এফাকি গান শুনাবা জান?
জান: অঁ ৰ’বা তোমাক লৈ এটা বঢ়িয়া গান লিখিছো ৰ’বা
দেহা: গোৱানা…
জান: শুনা তেন্তে হিন্দী গীতৰ সুৰত

ৰূপ তোমাৰ ফাফৰে ধৰা
প্ৰেম আমাৰ মামৰে ধৰা
হৈ যাব পাৰে চেপতিক আমাৰে এ এ
তেৰেন তেন তেনন
তোমাৰো বডী টো লেৰেলা পৰা
গোটেই মুখনী শালমনেৰে ভৰা
এ এ এ
পুৰা বেঙেনা ৰ দৰে চেহেৰা তোমাৰে
এ এ এ

জানে ঘূৰি চাই দেখে দেহাই গৈ বহু দূৰ পালে কান্দি কাটি।
সিদিনাৰ পৰা দুয়ো লগ হোৱা দেখা নাই কোনেও।

★★★★

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *