ভাটৌ–অনুৰূপ মহন্ত
মই প্ৰথম শ্ৰেণীত পঢ়ি থকা সময়ৰ কথা।
গাঁৱৰ ৰজহুৱা নামঘৰত ভাওনাৰ আখৰা চলিছে। আমিবোৰে আখৰা চাবলৈ নামঘৰত ভিৰ কৰিছোগৈহক। লগতে আমাকো কিবা কিবি এটা ভাও দিবলৈ কণ ককাইদেউক খাতিৰ কৰিছো।
উপায় নাপাই কণ ককাইদেৱে আমাক ক’লে,
– “ভাও দিবলৈ নাপালেও তহঁতক ভাওনাত ভাল কাম এটা দিম, আৰু ভালকৈ কৰিলে অহা বছৰ তহঁতক ভাও দিম।”
আমাৰো মনত তামাম ফূৰ্তি। মই মনতে ভাবিলো যিয়েই কৰিবলৈ নিদিয়ক লাগে মই সকলোতকৈ বেলেগ কৰিম (ভাল ভাও পোৱাৰ আশাত)।
যথাসময়ত ভাওনা আৰম্ভ হ’ল। আমাৰ পোৱালি কেইটাক কাম দিলে যে, শিশু কৃষ্ণ ৰাতিপুৱা শুই উঠাৰ লগে লগে ভিতৰৰ পৰা মাইকত বিভিন্ন চৰাই-চিৰিকটিৰ মাত দিয়া। সময় হোৱাত কণ ককাইদেৱে আমাক আৰম্ভ কৰিবলৈ ক’লে। লগে লগে আতাই মখাই চিঞৰিবলৈ ধৰিলে। কাউৰী, কুলি, কুকুৰা, আৰু বিভিন্ন মাতেৰে কেউফালে ৰজনজনাই গৈছে। ইফালে মই ভাবি আছিলো মই কিহৰ মাত দিলে মোক সকলোৱে ভাল পাব আৰু অহা বছৰ ভাল ভাও ল’বলৈ দিব। হঠাৎ মাইকটো কাঢ়ি লৈ মইও চিঞৰিবলৈ ধৰিলো,
– “মই ভকত, মই ভকত, মই ভকত।”
ভাওনাত হাঁহিৰ ৰোল উঠিল। মইও চিঞৰিয়ে আছো। তেনেতে কণ ককাইদেউ সোমাই আহি,
– “উঃ! এনে ভকত ওলাবলৈ আহিছে”
বুলি মোক কাণত ধৰি চোঁচৰাই বাহিৰলৈ লৈ গ’ল। মইও একো বুজিব নোৱাৰি ফেকুৰি ফেকুৰি মাৰ কাষত বহি থাকিলোগৈ। (আমাৰ ভাটৌ টোৱে এনেকৈয়ে মাতিছিল চোন!) সেইদিন ধৰি এই অভাজনে ভাওনাৰ ভাও লোৱাৰ সাহস কৰি নাপালো। আৰু যেতিয়াই গাঁৱৰ নামঘৰত ভাওনাৰ আয়োজন চলে, মোৰ কাণখন বিষাবলৈ ধৰে।
★★★★
9:12 pm
এইটো মজা 😀
12:45 pm
Vall lagill
11:26 am
Mojjjaaaa