পঞ্চপদী – হেমেন ডেকা
(১)
কোনো পালনামৰ ভকত
কোনো মৰে ধনৰ লোভত
কিছু দেখিছোঁ বেপাৰ
কথাৰ চমৎকাৰ
কতই নাচে সেই তালত৷
(২)
ভণ্ড স্বদেশপ্ৰেমীৰ চালাকী অপাৰ
আত্মবিস্মিত নৰৰ জীৱন অসাৰ
নিমাত-নিটাল জনতা
নিজকেই নিচিনা নেতা
বুদ্ধিবেপাৰীয়ে কৰে জাতি ছাৰখাৰ৷
(৩)
অবিৰাম কত ঘাট-প্ৰতিঘাট
অলীক স্বপ্নৰ বুলে তেওঁ বাট
অৰ্থহীন যত আশা
অদ্ভুত অন্তিম দশা
অঁকৰালিত হেৰাই গ’ল মাত৷
(৪)
মহাপণ্ডিতক দেখি বাকৰুদ্ধ
মাতাল ৰেহ-ৰূপত মন্ত্ৰমুগ্ধ
মন যাৰ বেপেৰুৱা
মাত বাৰেবঙলুৱা
মাতৃভাষাৰ পাতে সেয়েহে শ্ৰাদ্ধ৷
(৫)
গীতৰ দৰে জীৱন গতিশীল
সময়ো হৈ পৰে হঠাতে জটিল
অসাৰ দেখোঁ সকলো
আদৰ কিম্বা চকুলো
সুহৃদেই বুকুত মাৰে ঔকিল৷
(৬)
শগুণৰ দৰে স্বভাৱ
সলাজ উদাসীন ভাব
খোজ বৰ লাহী
খায় ঢাঁহি-মুহি
সংগীৰো নাই অভাৱ৷
(৭)
চলে তাত জংঘলৰাজ
নিষাদেও পায় বৰ লাজ
কতৰ ৰুদ্ধ চেতনা
লোভত অন্ধ-উন্মনা
সাপৰ দৰে নেতাৰ কিনো ভাজ!
☆★☆★☆
5:12 pm
আপোনাৰ পঞ্চপদীয়ে সদায়েই মুগ্ধ কৰে দাদা। বহুত ভাল লাগিল।