লিমাৰিক – ৰাজীৱ শৰ্মা
(১)
কেওফালে বানপানী উটি গ’ল পঁজা
খেনোৰ আনন্দ হ’ব পাৰিবই ৰজা
নিমখো এৰা নাই
দমকলে বিনাই
শগুনৰ বাবে সঁচা মৰাশই মজা
(২)
পুৱাতে ওলাল ৰাইজ দানপাত্ৰ হাতে
বন্যাৰ্তৰ দুৰ্দশাই হাতবাউলি মাতে
খেনোৰ বানান ভুল
খেনোৰ সহায় মূল
খেনো খ্যাতিমন্ত হ’ব নেপকিনৰ ছাঁতে
(৩)
নিৰৱ সাধক আজি পৰি থাকে চুকে
নামাতে-নিচিনে কেও কুকুৰেও ভুকে
দানতহে পৰম সুখ
প্ৰচাৰ বুলিলে বিমুখ
তিৰ্যক চাৱনিয়ে আঘাত কৰে বুকে (বুকুত)
(৪)
পাপক ঘিনাবা ঘোৰ কদাপিও নহয় পাপীক
প্ৰফাইল ফটোত সুন্দৰী দেখি সকলো আপিক
দেখি সুন্দৰী অতি
ডেকা গৈছিল পতি
দিনৌ দুঘণ্টা ঘঁহা-পিহাত ইযে নিয়ম মাফিক
(৫)
বছৰজুৰি কৰোঁ আমি হাড়ভগা পৰিশ্ৰম
আবতৰে কৰে কেতিয়াবা মাথোন পণ্ড শ্ৰম
বন্ধকত থাকে ভেটি
ভাতো খাওঁ আধাপেটি
খেতি-খোলা এৰি খোলোঁ এখন বাবাৰ আশ্ৰম
☆★☆★☆
5:15 pm
বৰ সুন্দৰ লিখনি। বৰ্তমান সমাজৰ প্ৰকৃত ছবিখন প্ৰকাশ পাইছে। ভাল লাগিল।