ফটাঢোল

দেশপ্ৰেম – পৰীস্মিতা দাস

(১)

দেশ বুলিলেই নালাগে আদেশ, উদ্বাত্ত্ব কণ্ঠে কয়

দেশৰ বাবেই মাৰিম মৰিম, নকৰোঁ কালৈকো ভয়

লাভৰ অংক কৰে

আবেগ দেখুৱাই ফুৰে

দেশপ্ৰেমিকৰ ভাও ধৰিয়েই লভিব খোজে জয় ৷

 

(২)

প্ৰাণতকৈও প্ৰিয় আমাৰ জাতি-মাটি-ভেটি

জাতি-মাটি-ভেটি গ’লেই দেশৰ বৃহৎ ক্ষতি

মাতে শ্লোগান তেজোদ্দ্বীপ্ত

আচল কথা থাকে গুপ্ত

জাতি-মাটি-ভেটিৰ শ্লোগান মানেই দলৰ প্ৰগতি ৷

 

(৩)

মোৰ বাবে ৰাইজেই ৰজা, ৰাইজৰ বাবেই মই

মোক ভোট দিয়ক, কাম কৰিম ৰাইজৰেই হৈ

কণ্ঠত মধু সানে

প্ৰতিশ্ৰুতিৰ বান আনে

তেৱোঁ দেখোন ৰাৱণ হয় লংকালৈ গৈ ৷

☆★☆★☆

2 Comments

  • নীলাঞ্জনা

    ভাল লাগিল দেই???

    Reply
  • নীলাক্ষি দেৱী ডেকা

    প্ৰতিবাৰৰ দৰেই সুন্দৰ পৰিস্মীতা। বহুত ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *