সময়ৰ টিকনি বিচাৰি – ৰেখা ডেকা
প্ৰতিখোজে ৰৈ ৰৈ পিছফালে চাওঁ
বোলো টিকনিডাল ক’ত..
প্ৰতিখোজত প্ৰতিছেকেণ্ডৰ হিচাপ লৈ
সময় আগবাঢ়ে
কিন্তু টিকনি আগফালে উৰি নাথাকে..
সেয়ে চাওঁ পিছফালে
কিজানি চুচৰি চুচৰি আহিছেই
ওৰে ৰাস্তা..
কওঁতাই কৈছিল
লিখোঁতাই লিখিছিল
কিন্তু বিচাৰিলেহে নোপোৱা
এই টিকনিৰ অপূৰ্ব গাথা..
টিকনি বিচাৰি আগবাঢ়ি
খাই হাবাথুৰি
বহু পিছ পৰিলোঁ
পিঠিখনতে ঢকিয়াই গতিয়াই
মানুহবোৰ গৈ কিবা পালে ঐ
মইহে ক’ৰবাত পৰি ৰ’লোঁ গৈ..
পানীৰ সোঁতত তচনচ হৈ উটি ভাঁহি যায়
টিকনি বিচাৰি লগাই হেতা-ওপৰা
টিকনিৰ মূল্যাংকণে ভাও লয় গৈ মঞ্চৰ বহুৱাৰ..
বছৰৰ পিছত বছৰ বাট বুলি গ’লোঁ
গমি পিতি চাওঁতে চাওঁতে
দাঁত সৰালোঁ
চুলি পকালোঁ
তথাপি নাপালোঁ বিচাৰি
সময়ৰ টিকনি
না আগফালে না পিছফালে..
☆★☆★☆
3:41 pm
ভাল লাগিল