প্ৰেম ফটাৰ সময়ত – জ্ঞান বৰদলৈ
আমাৰ খগেন ডেকাৰ কথা। ডেকাই নতুন গাৰ্লফ্ৰেণ্ডক লগ কৰিবলৈ নলবাৰী টাউনলৈ আহিছে। নিজৰ বাইক নাই বাবে বন্ধু মোৰেই বাইকখন লৈ আহিছে। গাৰ্লফ্ৰেণ্ড ৰেষ্টুৰেণ্টৰ সন্মুখত ৰৈ আছে। ডেকাই গাৰ্লফ্ৰেণ্ডক দেখি ইম্প্ৰেছ কৰিবলৈ এটা অদ্ভুত চালত বাইকৰ পৰা নামিবলৈ চেষ্টা কৰিলে, কিন্তু দুৰ্ভাগ্যবশত তেওঁ হামখুৰি খাই পৰিল। লগে লগে গাৰ্লফ্ৰেণ্ডে ওচৰলৈ আহি চিঞৰি উঠিল, হে ভগৱান তুমি কতো দুখ পোৱা নাইতো? আমাৰ স্মাৰ্ট ডেকাই পৰি থকাৰ পৰায়েই কৈ উঠিল, “Don’t worry Baby মই সদায় বাইকৰ পৰা এনেকৈয়ে নামো।”
দুয়ো ৰেষ্টুৰেণ্টত পিজ্জা, চিকেন ম’ম, বাৰ্গাৰ, আদি বহু কিবা কিবি খাই প্ৰেমালাপ কৰি আছে। হঠাৎ প্ৰেয়সী ৰোমাণ্টিক হৈ উঠিল, আৰু ডেকাক ক’লে তুমিতো লিখক মানুহ, ফটাঢোলত বহু কিবা কিবি লিখা। এনেকুৱা কিবা এটা কোৱাচোন যাতে মোৰ হৃদয় জুৰাই যায়।
স্মাৰ্ট ডেকাই কৈ উঠিল বেই.. বী, অথনি বাইকৰ পৰা পৰোঁতে মোৰ মণিবেগটোও পৰি আহিল আৰু মোৰ হাতত এতিয়া পইচা নাই।
☆★☆★☆