যাদু (মূল মুন্সী : প্ৰেমচন্দৰ) – অনুবাদ – মিতালী নাৰায়ণি
নীলা : তই তালৈ কিয় লিখিলি?
মীনা : কালৈ?
তালৈ
মই বুজা নাই!
: ভালকৈ বুজি পাইছ৷ যিজন মানুহে মোৰ অপমান কৰিলে, অলিয়ে-গলিয়ে মোৰ ৰতনা ৰতি ফুৰিলে, তই তাৰ লগত ইমানকৈ লেনিয়াই থাক যে! এয়া উচিত হৈছেনে?
: তোমাৰ ভুল হৈছে!
: তই তালৈ চিঠি লিখা নাই?
: কেতিয়াও লিখা নাই৷
: তেন্তে মোৰ ভুল হৈছে, মোক ক্ষমা কৰ৷ যদি তই মোৰ ভনী নহ’লিহেঁতেন, তেন্তে তোক এই প্ৰশ্ন কেতিয়াও নকৰিলোঁহেঁতেন!
: মই কালৈকো চিঠি লিখা নাই৷
: শুনি ভাল পালোঁ৷
: তুমি কিয় মিচিক-মাচাককৈ হাঁহি আছা?
: মই!
:
হয়, তুমি৷
: মই দেখোন অলপো হঁহা নাই৷
: তেন্তে মই অন্ধ নেকি?
: তইহে দেখোন সেইবুলি কৈছ৷
: তুমি কিয় মিচিকিয়াই আছা?
: সঁচাকৈ কৈছোঁ, মই লেশমানো মিচিকিয়াই থকা নাই৷
: মই নিজ চকুৰে দেখিছোঁ৷
: এতিয়া মইনো তোক কি বুলি পতিয়ন নিয়াওঁ?
: তুমি চকুত ধূলি মাৰি আছা৷
: বাৰু, মিচিকিয়াই হাঁহিছোঁ বাৰু! হ’লনে, নে সুধি সুধি মোক জীয়াই থাকিব নোৱাৰা কৰি দিবি?
: কাৰোবাৰ ওপৰত হাঁহিবলৈ তোমাৰ কি অধিকাৰ?
: তোৰ ভৰিত ধৰিছোঁ নীলা, মোক এৰি দে৷ মই তিলমানো হঁহা নাই৷
: মই বুৰ্বক নহওঁ৷
: সেইটো মই জানো৷
: তুমি সদায় মোক মিছলীয়া বুলি ভাবি থাকা৷
: তই আজি কাৰ মুখ চাই উঠিছিলি অ?
: তোমাৰ৷
: তেন্তে মোক অকণমান বিহ আনি নিদিয়নো কিয়?
: অ, মইতো হত্যাকাৰীয়ে হওঁ৷
: মইতো কোৱা নাই৷
: আৰুনো কেনেকৈ ক’বা, ঢোল কোবাই ক’বা? মই হত্যাকাৰী, উন্মত্ত, চঞ্চল; তুমি সৰ্বগুণসম্পন্না, সীতা, সাবিত্ৰী৷ এতিয়া সুখী নে? অ, কওঁ শুনা, মই তেওঁলৈ চিঠি লিখিছোঁ৷ তাতে তোমাৰ কি হ’ল? মোক জাবাবদিহি কৰিবলৈ তুমি কোনহে?
: ভাল কৰিলি৷ সঁচাকৈ মোৰেই মূৰ্খামি হ’ল যে আহি তোক সুধিলোঁ৷
: মোৰ ইচ্ছা, যালৈ মন যায় চিঠি লিখিম, যাৰ লগত মন যায় কথা পাতিম৷ বাধা দিবলৈ তুমিনো কোন? তোমাকতো মই সুধিবলৈ যোৱা নাই; যদিও তোমাকো প্ৰতিদিনে জাপ জাপকৈ চিঠি লিখি থকা দেখোঁ!
: তই লাজ-চৰম সব ধুই খাইছই যেতিয়া যা যি মন যায় তাকে কৰি থাকগৈ৷ তোৰ অধিকাৰ আছে, স্বাধীনতা আছে৷
: পিচে তুমিনো কেতিয়াৰ পৰা ইমান লজ্জাৱতী হ’লা? আইক কৈ দিওঁগৈ বুলি ভাবিছা চাগৈ! পিচে সেই পন্থা অৱলম্বন কৰি ইয়াত লাভ নহ’ব৷ মই তেওঁলৈ চিঠিও লিখিছোঁ, তেওঁক পাৰ্কত লগো ধৰিছোঁ, কথা-বতৰাও পাতিছোঁ৷ আৰু তাৰপাছত গৈ আইক, ককাইদেউক আৰু গোটেই চুবুৰীটোতে কৈছোঁ৷
: যিয়ে যেনে কাম কৰে, নিজে তাৰে পৰিণাম ভুগিব! মই কিয় বা কাৰোবাক ক’বলৈ যাম?
: বাঃ বাঃ, বৰ ধৈৰ্যশীলাজনী! তাতকৈ আঙুৰ টেঙা বুলি নোকোৱানো কিয়?
: তই যি কৈছ, সেয়াই ঠিক৷
: মনে মনে জ্বলি মৰিছা চাগৈ!
: মোৰ আপদবোৰেই জ্বলি যাওক!
: অকণমান কান্দিয়ে লোৱা৷
: তই নিজে কান্দি থাক, মোৰ বুঢ়া আঙুলিয়েও কান্দিবলৈ নাযায়৷
: তেওঁ মোক এটা হাতঘড়ী উপাহাৰ দিছে, দেখাম নেকি?
: বৰ ভাল কথা! পিচে তাৰ পৰা মোৰ ভাগ্যদশাৰ শনি দূৰ নহয়৷
: মই সুধিছোঁ, তুমি কিয় ইমানকৈ জ্বলি মৰা?
: যদি মই তোৰ বাবে জ্বলিছোঁ, তেন্তে মোৰ চকু ভস্ম হৈ যাওক!
: তুমি যিমানে জ্বলিবা, মই সিমানে জ্বলাম৷
: মই নজ্বলোঁৱে৷
: দেখা দেখিকৈ জ্বলি মৰিছা৷
: কেতিয়া খবৰ আহিব?
: জ্বলি-পুৰি মৰি থাকা৷
:
আগতে তোৰ ভোমোৰাকেইটাকতো চাই লওঁ৷
: ভোমোৰাবোৰ তোমাৰেই আশে-পাশে ঘূৰি থাকে৷
: হয়নে! তেন্তে ভোমোৰা নোহোৱাকৈ বিয়া হ’ব নেকি?
: এইবোৰ ঠগামিৰ ব্যাপাৰ তুমিয়ে কৰি থাকা, মোৰ বাবে প্ৰেমেই যথেষ্ট৷
: তেন্তে তই কি সঁচাকৈয়ে…
:মই কাকো ভয় নকৰোঁ৷
: কথা তাৰমানে ইমানলৈ আগবাঢ়িছে? আৰু তই ইফালে কৈ আছিলি – মই তেওঁলৈ চিঠি লিখা নাই আৰু তোৰ এই কথাত বিশ্বাস নিয়াবলৈ শপতো খাই আছিলি!
: মোৰ মনৰ অৱস্থাৰ কথা কিয় আনক ক’বলৈ যাম?
: মইতো তোক সোধাও নাছিলোঁ, কিন্তু তইহে নিজে নিজে বকি পেলালি৷
: তুমি কিয় মিচিকিয়াইছিলা?
: কাৰণ সেই চয়তানটোৱে তোৰ লগতো তাকে কৰিব, যিটো সি মোৰ লগত কৰিলে আৰু তাৰপাছত তোৰ বিষয়েও একেধৰণৰ কথাবোৰ কৈ ফুৰিব আৰু পাছত তই মোৰ দৰে তাৰ বাবে কান্দি থাকিবি৷
: তোমালৈ তেওঁৰ প্ৰেম নাছিল?
: মোলৈ! মোৰ ভৰিত পৰি পৰি কান্দিছিল আৰু কৈছিল – মই বিহ খাই মৰি যাম৷
: সঁচাকৈ কৈছা?
: একেবাৰে সঁচা৷
: এইবোৰ কথাতো তেওঁ মোকো কৈছিল৷
: সঁচা?
: তোমাৰ মূৰত ধৰি শপত খাইছোঁ৷
: আৰু মই বুজি পাইছিলোঁ, সি বৰশীৰ টোপ পেলাই আছে৷
: তেওঁ! সঁচাকৈয়েনে?
: পাকৈত খেলুৱৈ৷
মীনাই মূৰে-কপালে হাত দি চিন্তাত ডুবি গ’ল৷
☆★☆★☆
4:09 pm
বহুত ভাল লাগিল।
6:57 pm
মূল গল্পটো পঢ়িছোঁ, অনুবাদ ভাল লাগিল।
7:51 pm
সুন্দৰ অনুবাদ। পঢ়ি ভাল লাগিল।।
7:34 am
ভাল লাগিল পঢ়ি।
12:22 pm
মিতালী বা বহুত ভাল লাগিল পঢ়ি