ফটাঢোল

হিচাপ নিকাছ (মূল : তছলিমা নাচৰিন) – অনুবাদ : মনালিছা

কিমান মৰম দিলোঁ,
কিমান গোলাপৰ থোপা দিলোঁ,
কিমান সময় দিলোঁ,
কিমান সাগৰ দিলোঁ,
কিমান নিদ্রাহীন ৰাতি দিলোঁ
চকুক কিমান টোপাল যে চকুলো দিলোঁ।

যিদিনা বৰ ভাবুক হৈ এইবোৰ
তুমি মোক শুনাই আছিলা,
এইটো বুজাবলৈ চেষ্টা কৰিছিলা
তুমি মোক বহুত ভাল পোৱা।
মই বুজি উঠিলোঁ,
এতিয়া তুমি মোক অলপো ভাল নোপোৱা!
যেতিয়া প্ৰেম শেষ হৈ যায়,
তেতিয়াহে মানুহে হিচাপ কৰিবলৈ ধৰে।
এতিয়া তুমিও কৰিবলৈ ধৰিলা হিচাপ নিকাছ!

প্ৰেম তেতিয়ালৈকে প্ৰেম হৈ থাকে,
যেতিয়ালৈকে অন্ধ আৰু বোবা হৈ থাকে।
যেতিয়ালৈকে বেহিচাপী হৈ থাকে।

☆★☆★☆

One comment

  • নীলাক্ষি দেৱী ডেকা

    প্ৰেম স্বতঃস্ফূৰ্ত। হিচাপ নচলে তাত।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *